HSLC 2023 Social Science Question Paper Solved | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান

HSLC 2023 Social Science Question Paper Solved Assamese Medium | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 Social Science Question Paper Solved PDF Download, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান 2023 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board HSLC 2023 Social Science Previous Years Question Paper Solved can be of great value to excel in the examination.

HSLC 2023 Social Science Question Paper Solved

HSLC 2023 Social Science Question Paper Solved | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

HSLC Old Question Paper provided is as per the 2023 Assam Board Exam and covers all the questions from the SEBA HSLC 2023 Question Paper. Access the detailed SEBA Class 10 Social Science 2023 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the HSLC 2023 Social Science Old Question Paper Solved, Class X Social Science 2023 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সমাজ বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান

2023

SOCIAL SCIENCE OLD PAPER

ALL QUESTION ANSWER

SECTION – A ক শাখা

1. তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(i) কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল?

(ক) লৰ্ড কাৰ্জন।

(খ) লৰ্ড উইলিয়াম বেন্টিংক।

(গ) ৰবাৰ্ট ক্লাইব।

(ঘ) লৰ্ড ৱাৰেন হিষ্টংচ।

উত্তৰঃ (ক) লৰ্ড কাৰ্জন।

(ii) এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

(ক) শ্বাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত।

(খ) বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত।

(গ) শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত।

(ঘ) বাহাদুৰ শ্বাহ আৰু ৰবাৰ্ট ক্লাইবৰ মাজত।

উত্তৰঃ (গ) শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত।

(iii) ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল:

(ক) ১৯১৬ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯১৮ চনত।

(ঘ) ১৯১৯ চনত।

উত্তৰঃ (ঘ) ১৯১৯ চনত।

(iv) ১৯৬১ চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল:

(ক) টিকেন্দ্ৰজিতে।

(খ) শম্ভুধন কছাৰীয়ে।

(গ) উকিয়াং নংবাই।

(ঘ) পিয়লি ফুকনে।

উত্তৰঃ (গ) উকিয়াং নংবাই।

(v) উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ’ল:

(ক) ডিব্ৰুগড় বিশ্ববিদ্যালয়।

(খ) অসম বিশ্ববিদ্যালয়।

(গ) গুৱাহাটী বিশ্ববিদ্যালয়।

(ঘ) তেজপুৰ বিশ্ববিদ্যালয়।

উত্তৰঃ (গ) গুৱাহাটী বিশ্ববিদ্যালয়।

(vi) তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ’ল:

(ক) কথাকলি।

(খ) কুচিপুড়ী।

(গ) কথক।

(ঘ) ভাৰতনাট্যম।

উত্তৰঃ (ঘ) ভাৰতনাট্যম।

(vii) তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?

(ক) মাছধৰা।

(খ) বনজ সম্পদ আহৰণ।

(গ) শিল্পোৎপাদন প্ৰক্ৰিয়া।

(ঘ) কৃষিকৰ্ম।

উত্তৰঃ (গ) শিল্পোৎপাদন প্ৰক্ৰিয়া।

(viii) তলৰ কোনটো ‘সম্পদ’ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়?

(ক) হস্তান্তৰ কৰিব নোৱাৰি।

(খ) বজাৰ মূল্য নাই।

(গ) মানৱ জাতিৰ কল্যাণ হয়।

(ঘ) উপকাৰ, অপকাৰ দুয়োটা হ’ব পাৰে।

উত্তৰঃ (খ) বজাৰ মূল্য নাই।

(ix) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান?

(ক) ০.০০৩৫%

(খ) ০.০৩৫%

(গ) ০.৩৫%

(ঘ) ৩.৩৫%

উত্তৰঃ (খ) ০.০৩৫%

(x) তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰষুণৰ সৃষ্টি কৰে?

(ক) আৰ্গন।

(খ) কাৰ্বন মন’ক্সাইড।

(গ) নাইট্ৰ’জেন।

(ঘ) ছালফাৰ ডাই-অক্সাইড।

উত্তৰঃ (ঘ) ছালফাৰ ডাই-অক্সাইড।

2. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(i) ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে?

(ক) ২.৩৯%

(খ) ২.৭৯%

(গ) ২.৬০%

(ঘ) ৩.৬%

উত্তৰঃ (গ) ২.৬০%

(ii) অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল—

(ক) অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল।

(খ) তিব্বতীয়-বৰ্মন ভাষা কোৱা মংগোলীয় সকল।

(গ) আহোমগণ।

(ঘ) কোঁচ ৰাজবংশীয় লোকসকল।

উত্তৰঃ (ক) অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল।

(iii) ১৯৭৬ চনত সংবিধানৰ ৪২ নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানখনৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল। এই শব্দকেইটা হ’ল—

(ক) সাৰ্বভৌম, গণৰাজ্য, ঐক্য।

(খ) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য।

(গ) গণতান্ত্ৰিক, গণৰাজ্য, ঐক্য।

(ঘ) ধৰ্মনিৰপেক্ষ, সাৰ্বভৌম, ঐক্য।

উত্তৰঃ (খ) সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য।

(iv) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ’ল পাঁচ (৫)। তাৰে চাৰিখন সদস্য ৰাষ্ট্ৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চীন। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে—

(ক) ভাৰত।

(খ) ৰাছিয়া।

(গ) নেপাল।

(ঘ) পাকিস্তান।

উত্তৰঃ (খ) ৰাছিয়া।

(v) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে—

(i) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

(ii) সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল।

(a) (i) আৰু (ii) উভয়ে শুদ্ধ।

(b) (i) আৰু (ii) উভয়ে অশুদ্ধ।

(c ) কেৱল (i) শুদ্ধ।

(d) কেৱল (b) শুদ্ধ।

উত্তৰঃ (c ) কেৱল (i) শুদ্ধ।

(vi)  ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন:

(ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(খ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(গ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(ঘ) উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

উত্তৰঃ (গ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(vii) তলত উল্লেখ কৰা কোনটো বিত্তীয় প্ৰতিষ্ঠান ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগখণ্ডৰ আধুনিকীকৰণ, সম্প্ৰসাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে ১৯৯০ চনৰপৰা কাৰ্যকৰী কৰা হৈছিল?

(ক) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD)

(খ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI)

(গ) আঞ্চলিক গ্ৰাম্য বেংক (RRBs)

(ঘ) ভাৰতীয় জীৱন বীমা নিগম (LICI)

উত্তৰঃ (গ) আঞ্চলিক গ্ৰাম্য বেংক (RRBs)

(viii) মুদ্ৰাৰ ক্ৰমবিকাশৰ ধাৰা অনুসৰি পাঁচটা পৰ্যায় হ’ল:

(ক) মুদ্ৰা → ধাতু মুদ্ৰা → অমুদ্ৰিত ধাতুমান → জন্তুমান → বিনিময় প্ৰথা।

(খ) বিনিময় প্ৰথা → জন্তুৰ মান → অমুদ্ৰিত ধাতুমান → ধাতু মুদ্ৰা → কাগজী মুদ্ৰা।

(গ) বিনিময় প্ৰথা → কাগজী মুদ্ৰা → অমুদ্ৰিত ধাতুমান → জন্তুমান → ধাতুমুদ্ৰা।

(ঘ) জন্তুমান → অমুদ্ৰিত ধাতুমান → ধাতুমুদ্ৰা → বিনিময় প্ৰথা → কাগজী মুদ্ৰা।

উত্তৰঃ (খ) বিনিময় প্ৰথা → জন্তুৰ মান → অমুদ্ৰিত ধাতুমান → ধাতু মুদ্ৰা → কাগজী মুদ্ৰা।

(ix) ভাৰতবৰ্ষত এটা বিত্তীয় বর্ষই সামৰি লোৱা কালছোৱা হ’ল:

(ক) ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ।

(খ) ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ।

(গ) ১ মাৰ্ক্সৰ পৰা ২৮/২৯ ফেব্ৰুৱাৰীলৈ।

(ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ।

উত্তৰঃ (ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ।

(x) তলৰ বিকল্পবোৰৰ পৰা পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্য-সমূহ চিনাক্ত কৰা।

(ক) আৰ্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা।

(খ) আত্ম নিৰ্ভৰশীলতা অর্জন।

(গ) অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা।

(ঘ) দৰিদ্ৰতা নিৰ্মূল কৰা।

(a) (i), (ii), (iv)

(b) (i), (iii), (iv)

(c) (i), (ii), (iii), (iv)

(d) (i), (ii), (iii)

উত্তৰঃ (c) (i), (ii), (iii), (iv)

3. তলত দিয়া প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা:

(i) ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশ লোৱা কংগ্ৰেছৰ প্ৰতিনিধিজনৰ নাম লিখা।

উত্তৰঃ মহাত্মা গান্ধী।

(ii) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰঃ মণিৰাম দেৱান।

(iii) ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালা।

(iv) ‘অৰ্থশাস্ত্ৰ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ অৰ্থশাস্ত্ৰ কৌটিল্যই ৰচনা কৰিছিল।

(v) পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম লিখা।

উত্তৰঃ উত্তৰ মহাসাগৰ।

(vi) অসমৰ আটাইতকৈ সেৰেঙা বসতিৰ জিলাখনৰ নাম লিখা।

উত্তৰঃ ডিমা হাছাও জিলা।

(vii) অসমৰ কোনবিধ সূতা ‘সোনালী সূতা’ ৰূপে পৃথিৱী বিখ্যাত?

উত্তৰঃ মুগা সূতা।

(viii) ভাৰতবৰ্ষত সংবিধান প্ৰস্তুতকৰণৰ বাবে গঠন হোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ড° সচিদানন্দ।

(ix) চলিত আমানত কাক বোলে?

উত্তৰঃ চলিত আমানত হ’ল বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰা এটা ব্যৱস্থা। এই ব্যৱস্থাত জমাকাৰীয়ে তেওঁৰ যি সঞ্চয় বেংক জমা ৰাখে সেই সঞ্চয় জমাকাৰীয়ে যি কোনো সময়ত নিজৰ প্রয়োজনত চেকৰ দ্বাৰা ধন উলিয়াই নিয়াৰ ব্যৱস্থা থাকে।

(x) নিটি (NITI) আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

4. বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি খালী ঠাই পূৰ কৰা:

(i) পূৰ্ণ স্বৰাজৰ দাবী উপস্থাপন হৈছিল কংগ্ৰেছৰ _____________ অধিবেশনত।(কৰাচী / মাদ্ৰাজ / কলিকতা / লাহোৰ)

উত্তৰঃ লাহোৰ।

(ii) ফুলগুৰি ধাবা বিদ্রোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন আছিল__________________। (লেফটেনেন্ট ছিংগাৰ /মেককেবে /জে.ডি. এণ্ডাৰছন / হার্বার্ট স্কন্স)

উত্তৰঃ লেফটেনেন্ট ছিংগাৰ।

(iii) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ______________ তাৰিখে পালন কৰা হয়। (২১ জুন/৫ জুন / ২৭ জুন / ৩০ জুন)

উত্তৰঃ ২১ জুন।

(iv) বিশ্ব পৰিবেশ দিৱস ______________ তাৰিখে পালন কৰা হয়। (২২ মার্চ/২২ এপ্রিল/৫ জুন/৫ ছেপ্তেম্বৰ)

উত্তৰঃ ৫ জুন

(v) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্দ্ধাৰণ কৰিছে _________________। (লোহিত সাগৰে/ পানামা খালে/ ভূমধ্য সাগৰে/ ইউৰাল পৰ্বতে)

উত্তৰঃ পানামা খালে।

(vi) অসমৰ মুঠ মাটিকালি ________________ বর্গ কিঃমিঃ। (৭৮,৪৩৮ / ৭৮,৪২৮ / ৭৮,৪৫৮ / ৭৮,৪৪৮)

উত্তৰঃ ৭৮,৪৩৮ বর্গ কিঃমিঃ। 

(vii) ১৯৪৫ চনৰ অক্টোবৰৰ _______________ তাৰিখে ‘ৰাষ্ট্ৰসংঘ’ৰ জন্ম হৈছিল। (২১ / ২২ / ২৩ / ২৪)

উত্তৰঃ ২৪ অক্টোবৰ।

(viii) _________________ মুদ্ৰাৰ এটা বৈশিষ্ট্য নহয়। (সাধাৰণ গ্ৰহণযোগ্যতা / পূৰ্ণ সাদৃশ্যতা / তাৰল্য গুণ / সহজে নষ্ট হ’ব পৰা গুণ)

উত্তৰঃ সহজে নষ্ট হ’ব পৰা গুণ।

(ix) ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ সূচনা হৈছিল ______________ চনত। (১৯৪৮ / ১৯৪৯ / ১৯৫০ / ১৯৫১)

উত্তৰঃ ১৯৫১

(x) যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেই প্ৰক্ৰিয়াক _______________ বোলে। (বাণিজ্যিকীকৰণ / গোলকীকৰণ / বৃত্তীয় অন্তৰ্ভুক্তিকৰণ / উদাৰীকৰণ)

উত্তৰঃ বৃত্তীয় অন্তৰ্ভুক্তিকৰণ।

5. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা:

(i) গান্ধীৰ দাণ্ডি যাত্রাত অংশ লোৱা অসমীয়া ব্যক্তিগৰাকী হ’ল লীলাধৰ বৰুৱা।

উত্তৰঃ শুদ্ধ।

(ii) ‘হস্তীবিদ্যার্ণৱ’ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল।

উত্তৰঃ  অশুদ্ধ।

(iii) পৃথিৱীৰ দীর্ঘতম পর্বতশ্রেণীৰ নাম হ’ল এণ্ডিজ পর্বতমালা। 

উত্তৰঃ শুদ্ধ

(iv) CTBT-ৰ সম্পূৰ্ণ সম্প্ৰসাৰিত ৰূপটো হৈছে Comprehensive Test Block Treaty.

উত্তৰঃ অশুদ্ধ।

(v) দেশ এখনত কাগজী মুদ্রা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেতীয়া অধিকাৰ।

উত্তৰঃ শুদ্ধ।

SECTION – B / খ – শাখা

6. স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ স্বদেশী আন্দোলনে কেৱল বিদেশী পণ্য বৰ্জনৰ মাজত সীমাবদ্ধ নাথাকি জাতীয় শিক্ষালৈকো যথেষ্ট বৰঙণি আগবঢ়াইছিল। সতীশচন্দ্র মুখোপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্র মহলৰ মাজত দেশাত্মবোধ জাগ্রত কৰাত ব্ৰতী হৈছিল। এই ছ’চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন কার্লাইল জাননীৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ১৯০৫ চনৰ ৫ আগষ্ট তাৰিখে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দিছিল। পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয় খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মার্চ তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়। সেই বছৰৰ ১৫ আগষ্ট তাৰিখে বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে ১২ ডিচেম্বৰত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।

স্বদেশী আন্দোলনৰ সময়খিনিত সর্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অৰ্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত ‘সমৰ্থ বিদ্যালয়’ আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয়’ প্রতিষ্ঠা কৰা হৈছিল।

7. অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি আছিল?

উত্তৰঃ অসহযোগ আন্দোলনৰ ইতিবাচক দিশ হ’ল-

(১) অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁতবোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল।

(২) হিন্দুসকলৰ মাজত প্রচলিত অস্পৃশ্য দূৰীকৰণৰ প্রচেষ্টা, হিন্দু-মুছলমানৰ ঐক্য সাধন, মাদকদ্রব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকর্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান বুলি ক’ব পাৰি।

অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হ’ল-

(১) বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বর্জন কৰা। 

(২) ব্ৰিটিচ চৰকাৰৰ পৰা পোৱা নানা বঁটা-বাহন আৰু উপাধি পৰিত্যাগ কৰা।

নাইবা

জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ ১৯১৯ চনৰ ১০ এপ্ৰিলত কুখ্যাত ৰ’লাট আইনৰ অধীনত দুজন জাতীয়তাবাদী নেতা ড°চৈফুদ্দিন কিচ্চলিউ আৰু ড° সত্য পালক পঞ্জাৱত গ্ৰেপ্তাৰ কৰা হয়। ১৯১৯ চনৰ ১৩ এপ্ৰিলত অমৃতসৰৰ এখন সৰু উদ্যানত লোকসকল একত্ৰিত হৈছিল যাক জালিয়ানৱালাবাগ বুলি কোৱা হৈছিল, এই গ্ৰেপ্তাৰবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শান্তিপূৰ্ণ সমাৱেশত পুৰুষ, মহিলা আৰু শিশু উপস্থিত আছিল। জেনেৰেল ডায়েৰ নামৰ এজন ব্ৰিটিছ সামৰিক বিষয়াই উদ্যানখনৰ একমাত্ৰ প্ৰৱেশদ্বাৰত সৈনিকৰ এটা ৰেজিমেণ্ট স্থাপন কৰিছিল, সভাখন অবৈধ বুলি ঘোষণা কৰিছিল আৰু কোনো সতৰ্কতা অবিহনে তেওঁৰ সৈনিকসকলক গুলী চালনা কৰিবলৈ নিৰ্দেশ দিছিল। গুলীবৰ্ষণ দহ মিনিট ধৰি চলিছিল, যেতিয়ালৈকে সকলো গোলাবাৰুদ শেষ হোৱা নাছিল। এক হাজাৰৰো অধিক লোক নিহত হৈছিল আৰু সেই সংখ্যাৰ দুগুণতকৈও অধিক লোক আহত হৈছিল। এই গণহত্যাক গণহত্যা বুলি কোৱাৰ যোগ্য আছিল আৰু ই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল। ১৯১৯ চনৰ ৩০ মে তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ নাইটহুড ত্যাগ কৰে। গান্ধীয়ে বোৱেৰ যুদ্ধৰ সময়ত তেওঁৰ কামৰ বাবে তেওঁক দিয়া কাইজাৰ-ই-হিন্দ সোণৰ পদক ঘূৰাই দিছিল।

8. অসমত ১৮৫৯৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহ অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। যদিও এই বিদ্রোহ অসমৰ পৰা ব্ৰিটিছক বিতাড়িত কৰাৰ ক্ষেত্ৰত বিফল হৈছিল তথাপি এই বিদ্রোহে অসম আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত সুদূৰপ্ৰসাৰী প্রভাৱ পেলাইছিল। 

এই বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে তলত উল্লেখ কৰা হ’ল-

(ক) অসম জাতীয় আন্দোলনৰ অংশত পৰিণত হয়: ১৮৫৭ চনৰ বিদ্ৰোহৰ অসমৰ অংশগ্ৰহণৰ ঘটনাটো হৈছে প্রথমটো ঘটনা য’ত দেশৰ পৰা ব্ৰিটিছক বিতাড়িত কৰিবলৈ ভাৰতৰ অবশিষ্ট অংশৰ সৈতে অসমৰ জনসাধাৰণে যোগদান কৰিছিল আৰু এনেদৰে জাতীয় স্বাধীনতা আন্দোলনৰ অংশ হৈ পৰিছিল।

(খ) আদর্শগত উদাহৰণ: ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ ৰাজ্যৰ বিভিন্ন অংশত বহুতো কৃষক বিদ্রোহ সংঘটিত হৈছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ মৃত্যুবে জনসাধাৰণক অনুপ্রাণিত কৰিছিল। আৰু অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰতিক্রিয়া বুলি বহুতো ইতিহাসবিদে বিবেচনা কৰে।

(গ) হিন্দু মুছলমানৰ মাজত একতা স্থাপন: হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ৰ বিশিষ্ট ব্যক্তিসকলে বিদ্ৰোহৰ মুখ্য সংগঠকৰ ভূমিকা পালন কৰিছিল। এই একতাই জাতীয়তাবাদৰ উদ্যম বৃদ্ধি কৰাৰ লগতে ৰাজ্যত সাম্প্রদায়িক সম্প্রীতিৰ সূচনা কৰে।

(ঘ) অনুপ্ৰেৰণাৰ উৎস: মহাত্মা গান্ধীৰ নেতৃত্বত উত্থান হোবা জাতীয় আন্দোলনত সক্রিয়ভাবে অংশগ্রহণ কৰিবলৈ বিফল বিদ্রোহটোরে শ শ স্বাধীনতাপ্রিয় জনতাক অনুপ্রাণিত কৰিছিল।

9. ভাৰত ত্যাগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ সময়ছোৱাতে মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্যাত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল।’ জাতীয় আন্দোলনৰ অনুৰণন অসমতা হৈছিল।

ভাৰতৰ অন্যান্য অংশৰ দৰে অসমৰ কংগ্ৰেছ নেতাসকলেও ৰাজ্যখনত ভাৰত ত্যাগ আন্দোলন সংগঠিত কৰিছিল। অৱশ্যে অতি সোনকালে অধিকাংশ নেতাক গ্রেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপকৰা হয়।

অসম প্রদেশ কংগ্রেছকমিটি, সকলো জিলা কংগ্রেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ বুলি ঘোষণা হয়। বৃহৎ জনসমাবেশ, হতাল, প্রতিবাদী শোভাযাত্রা আদিৰ ৰূপত চৰকাৰ বিৰোধী যিকোনো বিক্ষোভ প্ৰদৰ্শনৰ পদক্ষেপ নিষিদ্ধ কৰা হয়।

অৱশ্যে, কিছুসময় অতিবাহিত হোৱাৰ পাছত আন্দোলনটো সামান্যভাৱে উগ্র হয়। জনসাধাৰণে চৰকাৰী ভৱন ধ্বংসাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ সৰহৰ বাট-পথসমূহৰ ক্ষতি সাধন কৰিছিল। এনে উগ্র বিক্ষোভৰ ঘটনা নগাঁও আৰু দৰং জিলাত সংঘটিত হৈছিল।

ৰে’ল বগৰোৱাৰ ঘটনা সংঘটিত হোৱা ঠাইসমূহ আছিল হাবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পাণবাৰী আৰু ৰঙিয়া আৰু শিৱসাগৰ জিলাৰ চাফ্রাই।

চৰকাৰে এই বিদ্রোহ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল। শ শ মানুহক গ্রেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হয়। বৰপথাৰত ৰে’লবগৰোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হয়। তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত মৃত্যুদণ্ডৰে দণ্ডিত হোৱা একমাত্ৰ ভাৰতীয়।

অসমৰ কেইবা ঠাইতো পুলিচৰ দ্বাৰা গুলীচালনাৰ ঘটনা সংঘটিত হয়। এনে এক গুলীচালনাৰ ঘটনাত গহপুৰৰ কনকলতা বৰুৱা নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে মৃত্যুবৰণ কৰে। আন্দোলনৰ প্ৰধান নেতাসকল কাৰাগাৰত থকাৰ পৰিপ্ৰেক্ষিতত কংগ্রেছ দলৰ আত্মগোপনকাৰী নেতাই অসমত আন্দোলন পৰিচালনা কৰিছিল।

শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্র নাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, গহন চন্দ্ৰ গোস্বামী, লক্ষ্মীপ্রসাদ গোস্বামী, ব্রজনাথ শর্মা আদিয়ে আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহনেৰে এই আন্দোলনৰ সময়ছোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। কেৱল বজালী অঞ্চলতে ৩২ টা গোপন স্বেচ্ছাসেৱী কেন্দ্র স্থাপন কৰা হৈছিল।

কামৰূপ, নগাঁও, দৰং আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অংশতে এনেকুৱা ভালেমান সংগঠন প্রতিষ্ঠা কৰা হৈছিল। এই আন্দোলনৰ এটা লক্ষ্যণীয় দিশ এয়ে যে এই আন্দোলনৰ সময়ছোৱাত গাঁওবাসী যথেষ্ট সক্রিয় হৈ পৰিছিল। বহুতো গাঁৱত সংগঠিত হোৱা সমান্তৰাল চৰকাৰে প্ৰশাসনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

বজালী, হাতীচোং, ঢকুৱাখানা, ৰহা, জামুগুৰি আৰু বাঁহজানিত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। বহুতো গাঁৱত ৰাজহ বিৰোধী পদক্ষেপ তীব্র হৈছিল। অন্যার্থত ব্ৰিটিছৰ বিৰুদ্ধে বিস্তৃতভাবে চেতনাৰ উন্মেষণ হৈছিল। এইক্ষেত্রত সন্দেহ নাই যে যদিও ভাৰত ত্যাগ আন্দোলন কঠোৰভাৱেদ মন কৰা হৈছিল।

নাইবা

যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কার্য‍্যৱলী সম্পৰ্কে লিখা।

উত্তৰঃ যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ আছিল—

(ক) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা।

(খ) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা।

 (গ) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। 

এই সভাই চৰকাৰী কূটনীতিৰ বিৰুদ্ধে সক্রিয়ভাৱে মাত মাতিছিল। 

এইক্ষেত্রত সভাই গ্রহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী হ’ল—

(ক) ১৮৮৬ চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ’ সাব্যস্ত কৰিছিল। 

(খ) ১৮৯২-৯৩ চনত সভাই কৃষকসমাজৰ লগত একেলগে বর্ধিত কৰৰ বিৰোধ কৰিছিল। 

(গ) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্র দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্রমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।

10. ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজৰ একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংস্কৃতিক অনৈক্যৰ মাজত ঐকৰ এক অভূতপূর্ব সংমিশ্রণ বুলিব পাৰি। 

ইয়াৰ তিনিটা কাৰক হ’ল-

(১) হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা।

(২) বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস। 

(৩) বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা।

নাইবা

অসমৰ বৈষ্ণৱী সাহিত্যৰ বিষয়ে এটি চমু টোকা লিখা।

 উত্তৰঃ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত অসমত বৈষ্ণৱ সাহিত্যৰ বিকাশ হৈছিল। এই ধর্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যত এক জোৱাৰৰ সৃষ্টি হৈ কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য সৃষ্টি হৈছিল। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ হিন্দুধৰ্মৰ তত্বকথা আদি। শংকৰদেৱৰ ‘কীৰ্ত্তন’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ৰ লগতে দুয়োজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয়। শংকৰদেৱে ৰচনা কৰা কালিয়দমন, পত্নী প্রসাদ, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয় আৰু মাধৱদেৱৰ চোৰধৰা পিম্পৰা গুচোৱা আদি অংকীয়া নাটে আজিও অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি ৰাখিছে। ভট্টদেৱ, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি সাহিত্যিকে বৈষ্ণৱ সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে। ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ আদি ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰিছিল।

11. অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখা উল্লেখ কৰা।

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কার্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহ হ’ল—

(i) ঔদ্যোগিক ভূগোল: এই অংশত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি ইয়াত অধ্যয়ন কৰা হয়।

(ii) কষি ভূগোল: কৃষি ভূগোলত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(iii) পৰিবহণ ভূগোল: ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন ইত্যাদি অধ্যয়ন কৰা হয়।

12. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? চাৰিটা উদাহৰণ দিয়া।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে নিম্নোল্লিখিত সম্ভাব্য সমস্যাসমূহ সৃষ্টি কৰিব পাৰে-

(i) বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি: প্রাক-ঔদ্যোগিক বিপ্লৱৰ যুগৰ পৰা বৰ্তমানলৈ ভূপৃষ্ঠৰ গড় উত্তাপ প্রায় ০.৭৬° চেলছিয়াছ বৃদ্ধি হৈছে আৰু ভৱিষ্যতে ৫.৮° চেলছিয়াছলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

(ii) মেৰুঅঞ্চলত বৰফৰ গলনঃ ২-৩ ডিগ্রী চেলছিয়াছ উত্তাপ বৃদ্ধি পালে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰিব।

(iii) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিঃ মেৰুদেশীয় বৰফৰ গলনে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব। সাগৰপৃষ্ঠত হোৱা এক মিটাৰ উচ্চতা বৃদ্ধিয়ে ৫ নিযুত বর্গ কিঃমিঃ উপকূলৱর্তী অঞ্চল, বহুততা জনবসতিপূর্ণ দ্বীপ, বদ্বীপ আৰু প্ৰৱাল দ্বীপ জলমগ্ন কৰিব। 

(iv) উদ্ভিদ আৰু জীৱ-জন্তুৰ বিতৰণ তথা বৃদ্ধিত পৰিৱৰ্তন ঘটাব।

13. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ মুঠ মাটিকালি প্রায় ৫১০ নিযুত বর্গ কিলোমিটাৰ। ইয়াৰে মাত্র ২৯% অর্থাৎ ১৪৯ নিযুত বর্গ কিঃমিঃ স্থলভাগে আগুৰি আছে। পৃথিৱীৰ এই স্থলভাগ এছিয়া, আফ্রিকা, উত্তৰ আমেৰিকা, ইউৰোপ, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টার্কটিকা মহাদেশেৰে গঠিত। আনহাতে পৃথিৱীৰ মুঠ মাটিকালিৰ ৭১%, অর্থাৎ ৩৬১ নিযুত বর্গ কিঃমিঃ জলভাগে আগুৰি আছে। এই জলভাগত আটলান্টিক মহাসাগৰ, প্রশান্ত মহাসাগৰ, উত্তৰ মহাসাগৰ, ভাৰত মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ অৱস্থিত।

নাইবা

এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ এছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ বৃহত্তম মহাদেশ। ই মূলতঃ উত্তৰ গোলার্ধত অৱস্থিত।

এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ গুৰুত্বপূর্ণ তথা অতুলনীয়। 

এই বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) পার্বত্য আৰু মালভূমি অঞ্চল: এই মহাদেশখন সুউচ্চ পর্বতশ্রেণী আৰু মালভূমিৰে আৱৰা। মহাদেশখনৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা। এই মহাদেশতে পৃথিৱীৰ আটাইতকৈ উচ্চতম পর্বতশ্রেণী হিমালয় অৱস্থিত। তদুপৰি, এই মহাদেশৰ কাৰাকোৰাম, টিয়েনচান, আৰাৱলী পর্বত বিশেষভাৱে উল্লেখযোগ্য। আনহাতে, এই মহাদেশতে পৃথিৱীৰ উচ্চতম, মালভূমি পামিৰৰ লগতে তিব্বত, দাক্ষিণাত্য, ছাইবেৰিয়া আদি মালভূমি অৱস্থিত।

(খ) শৃংগ: হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট আৰু পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ মাউন্ট গডউইন অষ্টিন (কাৰাকোৰাম পৰ্বতৰ অন্তৰ্গত) এই মহাদেশতে অৱস্থিত।

(গ) নদী আৰু নদী উপত্যকা: সিন্ধু, গংগা, ব্রহ্মপুত্র, ওবি, লেনা, হোৱাংহো আদি অসংখ্য সৰু-বৰ নদী এই মহাদেশতে আছে। তদুপৰি, গংগা, যমুনা, ব্রহ্মপুত্র উপত্যকাৰ দৰে পৃথিৱীৰ জনবহুল অঞ্চল এই মহাদেশতে অৱস্থিত।

(ঘ) সাগৰীয় দ্বীপ আৰু হ্রদঃ প্রশান্ত আৰু ভাৰত মহাসাগৰত অৱস্থিত জাপান, ফিলিপাইন, সুমাত্রা, জাভা আদি সাগৰীয় সৰু-বৰ দ্বীপ এই মহাদেশতে অৱস্থিত। তদুপৰি, পৃথিৱীৰ ভিতৰত বৃহত্তম কাস্পিয়ান হ্রদ আৰু আটাইতকৈ গভীৰ বৈকাল হ্রদ এই মহাদেশতে অৱস্থিত।

(ঙ) মৰুভূমি: এই এছিয়া মহাদেশতে ভাৰতবৰ্ষৰ বৃহত্তম থৰ মৰুভূমি, গোবি আৰু আৰৱৰ দৰে মৰুভূমিও অৱস্থিত।

14. অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।

উত্তৰঃ অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ হ’ল—

(i) অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰা গতভাৱে পুৰণি পদ্ধতিৰে চলি আছে ǀ

(ii) অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা ǀ

(iii) জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয় ǀ

(iv) অসম বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক ǀকিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই ǀ

(v) বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে ǀ ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ ২৫ শতাংশতকৈও অধিক মাটিৰ শস্য বছৰী বানপানীয়ে নষ্ট কৰে আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা মাটি নদীৰ বুকুত জাহ গৈছে ǀ

(vi) খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষিকাৰ্যৰ লগতে  কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ ǀ

(vii) শস্যৰ সুৰক্ষা ব্যৱস্হা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয় ǀ

(viii) শস্য বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত ǀ

(ix) কষকে উৎপন্ন কৰা শস্যৰ উচিত মূল্য কৃষকে প্ৰত্যক্ষভাৱে লাভ কৰিব পৰা ব্যৱস্হা নোহোৱাৰ ফলত কৃষকসকল আৰ্থিকভাৱে দুৰ্বল হৈ আছে ǀ

(x) কৃষকসকলে উন্নত মানৰ বীজ,প্ৰয়োজনীয় সাৰ,কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ।

নাইবা

অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।

 উত্তৰঃ ২০১১ বৰ্ষৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে ৩১ নিযুত আৰু ইয়াৰ জনসংখ্যা ঘনত্ব হ’ল প্রতি বর্গ কিঃমিঃত ৩৯৮ জন। এই জনসংখ্যা প্রায় ৮৫ শতাংশ লোকে ব্রহ্মপুত্র উপত্যকাত আৰু ১১ শতাংশ লোকে বৰাক উপত্যকা অঞ্চলত বাস কৰে।

আনহাতে ৰাজ্যখনৰ বাকী ৩.৭৫ শতাংশ লোকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনেৰে গঠিত পার্বত্য বা পাহাৰীয়া অঞ্চলটোত বাস কৰে। ৰাজ্যখনৰ অঞ্চলভেদে জনসংখ্যা ঘনত্বৰ মাজত যথেষ্ট তাৰতম্য দেখা যায়।

ব্রহ্মপুত্র উপত্যকাত জনসংখ্যা ঘনত্ব প্রতি বর্গ কিঃমিঃ ত ১৫০২ জন হোৱাৰ বিপৰীতে বৰাক উপত্যকাত হ’ল প্রতি বর্গ কিঃমিঃত ৫৪৫ জন আৰু পার্বত্য অঞ্চলত প্রতি বর্গ কিঃমিঃত ৬৮ জন। এইদৰে অসমৰ জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা দেখা পাওঁ। 

এই ভিন্নতাৰ বাবে দায়ী প্ৰধান কাৰকসমূহ হ’ল:

(ক) জলবায়ুৰ ক্ষেত্ৰত থকা ভিন্নতা।

(খ) ভূ-প্রাকৃতিক তাৰতম্যতা।

(গ) অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা।

(ঘ) পৰিবহণ তথা যোগাযোগ ব্যবস্থাৰ বিকাশৰ ক্ষেত্ৰত থকা ভিন্নতা।

(ঙ) বিভিন্ন সম্পদৰ উপলব্ধতাৰ ক্ষেত্ৰত থকা ভিন্নতা।

ব্রহ্মপুত্র উপত্যকাত সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকার্য আৰু যাতায়াত ব্যবস্থাৰ বাবে ইয়াত জনসংখ্যাৰ ঘনত্ব অধিক।

একে জনসংখ্যা ঘনত্ব অধিক হোবা দেখা যায়। ইয়াৰ বিপৰীতে কিন্তু অনুপযুক্ত ভূ-অৱয়ৱ তথা ভূ-প্রাকৃতিক অবস্থাৰ বাবে ডিমা হাছাও আৰু কার্বি আংলং জিলা দুখনেৰে গঠিত পার্বত্য অঞ্চলটোত জনবসতিৰ উপস্থিতি তেনেই সেৰেঙা হোৱা দেখা যায়।

২০১১ বৰ্ষৰ লোকপিয়লৰ তথ্যমতে কামৰূপ (মহানগৰ) জিলাত প্রতি বর্গ কিঃমিঃত ২,০১০ জনেৰে জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক হোবাৰ বিপৰীতে প্ৰতি বর্গ কিঃমিঃত মাত্র ৪৪ জন লোকেৰে ডিমা হাছাও জিলাত জনসংখ্যা ঘনত্ব আছিল সর্বনিম্ন, যিটোৱে দেখুৱায় যে উত্তম সা-সুবিধা আৰু সুযোগে অধিক লোকক আকৰ্ষণ কৰে আৰু প্ৰতিকূল ভূ-প্রাকৃতিক অৱস্থাৰ পিছপৰা অঞ্চলসমূহে মানৱ বসতি প্রতিৰোধ কৰে।

15. অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা:

(ক) ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ।

(খ) উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ মুখ্য কাৰ্য্যলয়।

(গ) এছিয়াৰ বৃহত্তম চাহ বাগিচা।

নাইবা

কেৱল দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে

অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসম জলসম্পদত চহকী ৰাজ্য। পৰ্যাপ্ত পৰিমাণে অসমত ভূ – তল জলসম্পদ আৰু পৃষ্ঠজল সম্পদ আছে। অসমৰ প্রধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু বৰাক। এই দুখন নদীত যথেষ্ট পৰিমাণৰ জলসম্পদ পােৱা যায়। দুয়ােখন নদী আৰু ইহঁতৰ উপনদীয়ে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যখনতে বহুতাে সৰু ডাঙৰ জলাহ আৰু পুখুৰী আছে। অসমত তিনি হাজাৰৰাে অধিক আর্দ্রভূমি আছে। এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ সম্পদ হোৱা দেখা যায়। এই নদ – নদীসমূহৰ জলৰাশি কৃষিকাৰ্যৰ লগতে ঘৰুৱা প্রয়ােজন আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই নদীসমূহক ৰাজ্যৰ জল পৰিবহণ ব্যৱস্থাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। ব্রহ্মপুত্র আৰু বৰাক উপত্যকাতাে ভূ – তলীয় জল প্ৰচুৰ পৰিমাণে পােৱা যায়। এই জলভাগ কৃষি , উদ্যোগ আৰু ঘৰুৱা প্ৰয়ােজনত ব্যৱহাৰ কৰা হয়। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে অসমত প্ৰচুৰ পৃষ্ঠ জলসম্পদ আৰু ভূতল জলসম্পদ আছে যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও হােৱা নাই।

16. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ’ল- 

(ক) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্রিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্মক হৈ আছে। সেয়েহে সংবিধান প্রণেতা পণ্ডিতসকলে ইয়াক ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্রিক’ বুলি অভিহিত কৰিছে। 

(খ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ নাই।

(গ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান আছে আৰু সেইখনেই হ’ল ভাৰতীয় সংবিধান।

(ঘ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ইয়াত এজন নাগৰিক কেৱল ভাৰতৰ নাগৰিক হিচাপেহে পৰিচিত। 

(ঙ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মূলতঃ কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।

(চ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে।

নাইবা

ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ দুটা পাৰ্থক্য উল্লেখ কৰা, যিটো সেইখন দেশৰ পৰা বেলেগ।

উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হয়।

(ক) ভাৰতত চৰকাৰ সংসদীয় ব্যৱস্থা মুখ্যতঃ ব্ৰিটিছ সংসদীয় ব্যৱস্থাৰ ওপৰত আধাৰিত। অৱশ্যে, ই কেতিয়াও ব্ৰিটিছ প্ৰণালীৰ প্ৰতিকৃতি হোৱা নাছিল আৰু কিছু ক্ষেত্ৰত পৃথক আছিল। 

(খ) ব্ৰিটিছ প্ৰণালী সংসদৰ সাৰ্বভৌমত্বৰ মতবাদৰ ওপৰত আধাৰিত, আনহাতে সংসদ ভাৰতত সৰ্বোচ্চ নহয় আৰু লিখিত সংবিধান, ফেডাৰেল ব্যৱস্থা, ন্যায়িক পৰ্যালোচনা আৰু মৌলিক অধিকাৰৰ বাবে সীমিত আৰু সীমিত ক্ষমতা লাভ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top