Health Benefits of Black Cumin | ক’লা জিৰাৰ  উপকাৰিতা

পৃথিৱীৰ ২,৫০,০০০  বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ  ওপৰতে প্ৰতিষ্ঠিত। এনে এবিধ ঔষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ হ’ল ক’লা জিৰা (Black Cumin)। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে ক’লা জীৰা বিভিন্ন ৰোগ নিৰাময়ৰ প্ৰতিৰোধক ৰূপে ব্যৱহাৰ হৈ আহিছে। এই প্ৰবন্ধটিত ক’লা জিৰাৰ  স্বাস্থ্য সম্পৰ্কীয় লাভালাভ Health Benefits of Black Cumin বিষয়ে আলোচনা আগবঢ়োৱা হৈছে। 

Health Benefits of Black Cumin | ক'লা জিৰাৰ  উপকাৰিতা
Join Telegram channel

Read also: Health Benefits of Mustard Oil | সৰিয়হ তেলৰ স্বাস্থ্যজনিত লাভালাভ 

ক’লা জিৰা কি ? | What is black Cumin?

ক’লা জিৰা (Black Cumin)হৈছে বনৌষধি গুণেৰে পৰিপুষ্ট এবিধ মছলা। অতীজৰে পৰা ই বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত  ব্যৱহাৰ হৈ আহিছে। ৰান্ধনি ঘৰতো মছলা হিচাপে ইয়াৰ প্ৰয়োগ অন্যতম। ক’লা  জিৰাৰ  গছ ২০/৬০ ছেণ্টিমিটাৰ (৮- ২৪ ইঞ্চি) ওখ হয়। ক’লা  জিৰাৰ পাতবোৰ বিভক্ত আৰু ৰৈখিক। ইয়াৰ ফুলবোৰ সুক্ষ্ম, পাঁচোটা পাহি যুক্ত শেঁতা নীলা আৰু বগা বৰণৰ। ইয়াৰ ফলবোৰ কেপচুল আকাৰৰ আৰু ইয়াৰ ভিতৰত অসংখ্য বীজ থাকে আৰু এই বীজ সমূহেই হৈছে ক’লা। ক’লা জিৰা  খুব কম বাৰ্ষিক হয়। অতীজৰে পৰা ক’লা জিৰাৰ উপকাৰিতা আৰু ব্যৱহাৰ সমূহ আয়ুৰ্বেদিক ঔষধ বনাবলৈ আৰু মছলাৰূপে দেখা গৈছে।

উৎপাদন | Production

ক’লা জিৰা  উদ্ভিদ দক্ষিণ – পশ্চিম এছিয়া (South-west Asia) আৰু ভূমধ্যসাগৰীয় (Mediterranean) আৰু আফ্ৰিকাৰ কিছু অংশ (Some parts of Africa)ত  পোৱা যায়। যʼত ইয়াৰ বিভিন্ন ৰন্ধন আৰু ঔষধি পৰম্পৰাত ব্যৱহাৰত এক দীঘলীয়া ইতিহাস আছে। ইয়াৰ বীজ বোৰ সাধাৰণতে পথাৰত শুকুৱাই মছলা হিচাপে তৈয়াৰ কৰা হয় ভাৰত (India), মধ্য প্ৰাচ্য (Middle East)  আৰু উত্তৰ আফ্ৰিকা কিছু অংশ (some parts of North Africa)ত।  বিশেষকৈ পৰম্পৰাগত ব্যঞ্জন, ভাত(Rice), ব্ৰেড(Bread) আৰু মিঠাই(Sweets)ৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়।

প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বৰ পৰা ভাৰতবৰ্ষতো ক’লা জিৰা (Black Cumin) ব্যৱহাৰ হৈ আহিছে। বিভিন্ন প্ৰকাৰৰ চৰ্ম  ৰোগ, শিশুৰ দৈহিক আৰু মানসিক বিকাশ, স্বাস্থ্য ভাল ৰাখিবলৈ, হজম সমস্যা, শৰীৰৰ উন্নতি, লীভাৰৰ সমস্যা, ভাইৰাছ, বেক্টেৰিয়া, যকৃতৰ ৰোগ আদিৰ বাবে ক’লা জিৰা প্ৰতিৰোধৰক। টিউমাৰ (Tumor) আৰু কেন্সাৰ (Cancer) ৰ প্ৰতিৰোধতো ক’লা জিৰায়ে বিশেষ ভূমিকা পালন কৰে। সৌন্দৰ্যবৰ্দ্ধন, অৱসন্নতা, দুৰ্বলতা -ষ্ক্ৰিয়তা, মগজুৰ শক্তি আৰু স্মৰণ শক্তি বঢ়োৱাৰ ক্ষেত্ৰতো ক’লা জিৰাৰ উপকাৰিতা বিশেষভাৱে মন কৰা যায়। পেটৰ ৰোগ সমূহ নিৰাময় কৰাতো ক’লা জিৰা উপকাৰী। হাত – ভৰি ফুলা, বাত বেমাৰৰ বিষৰ ক্ষেত্ৰতো ক’লা জিৰাৰ উপয়োগ অতি উপকাৰী।

পুষ্টিকৰ উপাদান | Nutritious elements

  • শৰ্কৰা (Sugar) : ৩৮% 
  • কেলোৰি (calories) : ৩৪৫
  • কলেষ্টৰল (cholesterol) : ০ মিলি গ্ৰাম ০% 
  • চডিয়াম (sodium) : ৪৪ মিলিগ্ৰাম ৩% 
  • পটেছিয়াম (potassium) : ১,৬৯৪ মিলিগ্ৰাম ৪৮% 
  • কৰ্বহাইড্ৰেত (carbohydrates) : ৫২ গ্ৰাম ১৭% 
  • আঁহ (dietary fiber) : ৮০ গ্ৰাম ১৬০%
  • প্ৰটিন (protein) : ১৬ গ্ৰাম ৩২ % 
  • ভিটামিন এ (vitamin A) : ২%
  • ভিটামিন চি (vitamin C) : ৩৫% 
  • কেলছিয়াম (calcium) : ১১৯%
  • আইৰণ (iron) : ১০২%
  • ভিটামিন ডি (vitamin D) : ০%
  • ভিটামিন বি-৬ (vitamin B-6) : ২৫% 
  • মেগনেচিয়াম (magnesium) : ৯৫ %  

লা জিৰাৰ  জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন  | Scientific classification of Black Cumin 


  • Kingdom : Plantae 
  • Clade: Tracheophytes
  • Clade: Angiosperms 
  • Clade: Endicotts 
  • Order: Ranunculales 
  • Family: Ranunculaceae 
  • Genus: Nigella 
  • Species: N. Sativa 

লা জিৰাৰ উপকাৰিতা | Health Benefits of Black Cumin

১. শৰীৰৰ বিষ (body pain) সমূহৰ নিৰাময়ৰ বাবে ক’লা জিৰা প্ৰতিৰোধক হিচাপে কাৰ্য কৰে। বিষ হোৱা ঠাইত ক’লা জিৰাৰ তেল (black cumin oil)  সানি মালিচ  কৰিলে বিষৰ পৰা সকাহ পাব পাৰি।

২. উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ ( In Blood Pressure Control) বাবেও ক’লা জিৰাৰ উপকাৰিতা দেখা যায়। ক’লা  জিৰাই তেজৰ কলেষ্টৰল (cholesterol) পৰিমাণ হ্ৰাস কৰি স্বাভাৱিক ৰূপত আনি কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়হে উচ্চ ৰক্তচাপ (blood pressure) নিয়ন্ত্ৰণ কৰি ৰখাত ক’লা জিৰা উপকাৰী। 

৩. নিয়মিত ক’লা জিৰা সেৱনে আমাৰ মগজুৰ শক্তি (brain power), স্মৃতি শক্তি (memory power) বৃদ্ধিত সহায় কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪ . নিয়মিত ক’লা জিৰা (Black Cumin) সেৱনে শৰীৰৰ অংগ সমূহ সতেজ আৰু কাৰ্য্যক্ষম কৰি ৰাখিব পাৰে।

৫. যৌন ক্ষমতা বৃদ্ধি (Increased Sexual Potency) কৰা আৰু শুক্ৰ উৎপাদন বঢ়োৱা (Sperm Production) ৰ ক্ষেত্ৰতো উপকাৰী। ইয়াৰ উপৰি মহিলাৰ গৰ্ভধাৰণ (Conceiving) ক্ষমতা বঢ়াৰ ক্ষেত্ৰতো ক’লা জিৰা উপকাৰী।

৬. হৃদৰোগ (Heart Disease) নিয়ন্ত্ৰণৰ বাবে ক’লা জিৰাৰ  উপকাৰিতা আছে।  ক’লা জিৰাই কলেষ্টৰল (cholesterol)  নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে সেয়হে ই হৃদৰোগ  (heart disease) নিৰাময়ৰ  বাবে উপকাৰী।

৭. চৰ্দি – কাঁহ (Cold – cough)  ৰোগৰ বাবে ক’লা জিৰাৰ উপকাৰিতা আৰু ব্যৱহাৰ সমাজত জনপ্ৰিয়। দুই বা তিনি চামুচ মৌ ৰস, দুই চামুচ তুলসী পাতৰ ৰস ক’লা জিৰাৰ সৈতে মিহলাই দৈনিক এবাৰ খালে এই ৰোগৰ পৰা নিৰাময় পাব পাৰি।

৮. মহিলাৰ ঋতুস্ৰাৱজনিত ৰোগ (Menstrual Problems in women) ক্ষেত্ৰতো ক’লা জিৰাৰ বিশেষ  উপকাৰিতা আছে। এনেবোৰ সমস্যাৰ বাবে  ক’লা জিৰা পিচি সেৱন কৰিলে ৰোগ সমূহৰ পৰা উপশম পোৱা যায়।

৯. কৃমি নাশ কৰাৰ ক্ষেত্ৰতো ক’লা জিৰা  উপকাৰী। 

১০. শৰীৰত হোৱা ফোঁহা ৰ বাবে ক’লা জিৰা উপকাৰী। তিল তেলৰ সৈতে ক’লা জিৰাৰ পিচি বা ক’লা জিৰাৰ তেল মিহলাই ফোঁহাত লগালে সকাহ পোৱা যায়।

১১. মূৰ বিষ নিৰাময়ৰ বাবেও ক’লা জিৰা উপকাৰী। 

১২. বাত বিষ (Arthritis) ৰ বাবে ক’লা জিৰা উপকাৰী। বিষ হোৱা ঠাইত  ক’লা জিৰাৰ তেল  সানি মালিচ কৰিলে বিষ কমে। 

১৩. আমাশয় ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ক’লা জিৰা ব্যৱহাৰ অতি পৌৰাণিক । এক চাহ চামুচ ক’লা জিৰাৰ তেলৰ (black cumin oil) সমপৰিমাণতে মৌ ৰস সৈতে দৈনিক তিনিবাৰকৈ দুই – তিনি সপ্তাহ খালে উপশম হয় । 

১৪. মহিলা সকলৰ স্তনৰ দুগ্ধৰ পৰিমাণ বৃদ্ধি (Increases Breast Milk Production ) কৰাৰ বাবে ক’লা জিৰা উপকাৰী।

১৫. ক’লা জিৰাই চুলি সৰা সমস্যা দূৰ কৰে। দৈনিক নিয়মিত ক’লা জিৰা সেৱন কৰাৰ লগতে ক’লা জিৰাৰ তেল (black cumin oil) চুলিৰ গুৰিত লগালে চুলি সৰা (hair fall) বন্ধ হয়।

১৬. ক’লা জিৰাই দাঁতৰ ৰোগ সমূহ দূৰ কৰে। দাঁতৰ বিষ (toothache), দাঁতৰ পৰা তেজ ওলোৱা, দাঁতৰ আলু ফুলা আদি সমস্যা নিৰাময় কৰে । 

১৭.  হাঁপানি (Asthma), শ্বাস – প্ৰশ্বাস জনিত ৰোগ (Respiratory disease) নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ক’লা জিৰা উপকাৰী। 

১৮. শৰীৰত হোৱা খজুৱতি (itching) ৰোগৰ বাবে ক’লা জিৰা উপকাৰী। গা – ধুৱাৰ পিছত ক’লা জিৰাৰ তেল (black cumin oil) শৰীৰত সানিলে  এই ৰোগ নিৰাময় হয়।

১৯. ক’লা জিৰাৰ সেৱনে আহাৰ ভালদৰে হজম কৰাত সহায় কৰে। 

২০. লিভাৰ (liver)  আৰু  কেন্সাৰ (cancer) ৰোগৰ বাবেও ক’লা জিৰা উপকাৰী। লিভাৰৰ কেন্সাৰৰ বাবে দায়ী আফলাটক্সিন  (Aflatoxins)। ক’লা জিৰাই  এই আফলাটক্সিনৰ (Aflatoxins) বিষক্ৰিয়া নাশ কৰে। লিভাৰ (liver) আৰু কেন্সাৰ (কেন্সাৰ)  ৰোগীসকলৰ বাবে ক’লা জিৰা বিশেষ উপকাৰী।

ক’লা জিৰা  কিদৰে ব্যৱহাৰ কৰিব | How to use Black Cumin 

  • ক’লা জিৰা তেল সামান্য পৰিমাণত গৰম কৰি শৰীৰত বিষ হোৱা অংশত সানি ব্যৱহাৰ কৰিলে শৰীৰৰ বিষ (body pain), বাত বিষ (Arthritis) ভাল হয়।
  • এক চামুচ গৰম কৰা ক’লা জিৰা  সৈতে এক চামুচ মৌ ৰস মিহলাই পুৱা খোৱাৰ পূৰ্বে আৰু আবেলি খোৱাৰ পূৰ্বে তিনি – চাৰিদিন খালে গেষ্ট্ৰিক ৰোগ ভাল হয়। 
  • ক’লা জিৰা  তেল মূৰ বিষ (Headache) হ’লে কপালত সনিলে বিষ কমে। 
  • দুই বা তিনি চামুচ মৌ ৰস, দুই চামুচ তুলসী পাতৰ ৰস সৈতে ক’লা জিৰা  মিহলাই দৈনিক এবাৰকৈ খালে চৰ্দি – কাঁহ (cold – cough) ভাল হয়।
  • এক চামুচ ক’লা জিৰা গৰম কৰি তাত এক বা দুই টোপাল অলিভ অইল  (olive oil) মিহলাই কাণত দি তিনি – চাৰিদিন দিনে দুবাৰকৈ ব্যৱহাৰ কৰিলে কাণ বিষৰ পৰা সকাহ পাব পাৰি। 
  • ডায়েৰিয়া ৰোগৰ বাবে এচামুচ ক’লা জিৰাৰ তেল একাপ গৰু গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ তিনি – চাৰিদিন খালে উপকাৰ হয়।
  • দৈনিক নিয়মিত ক’লা জিৰা খালে শৰীৰৰ ৰক্ত সঞ্চালন ঠিকমতে হয় আৰু মগজুৰ শক্তি (brain power) স্মৃতি শক্তি (memory power) বিকাশ কৰে। 
  • ক’ লা জিৰাৰ  তেলে ডায়েবেটিছ (Diabetes) নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। দৈনিক একাপ চাহৰ লগত এচামুচ ক’লা জিৰা তেল মিহলাই সেৱন কৰিব লাগে। 
  • নেমুৰ ৰসৰ সৈতে ক’লা জিৰা  তেল মিহলাই দৈনিক দুবাৰকৈ লগালে মুখৰ দাগ সমূহ দূৰ হয়। 
  • তিল তেলৰ সৈতে ক’লা জিৰা (Black Cumin)  পিচি বা ক’লা জিৰাৰ তেল মিহলাই ফোঁহাত (boil) লগালে ফোঁহাৰ উপশম  হয়।
  • এক চামুচ কফিৰ সৈতে এক বা দুই চামুচ ক’লা জিৰাৰ তেল  মিহলাই দিনে দুবাৰকৈ পাঁচদিন খালে  শুকান কাঁহ (dry cough) উপশম হয়। 
  • গলব্লাডাৰ (Gallbladder) ত পাথৰ আৰু কিডনী পাথৰ (kidney stones) নিৰাময় বাবে ডাঙৰ এখন চামুচত ক’লা জিৰাৰ তেল আৰু এচামুচ মৌ ৰস মিহলাই পুৱা খালি পেটত এবাৰকৈ একসপ্তাহ  দৈনিক খালে উপশম হয়। 
  • দুই চামুচ মৌ ৰসৰ সৈতে দুই চামুচ গৰম কৰা ক’লা জিৰাৰ লগত মিহলাই দৈনিক তিনিবাৰকৈ পোন্ধৰ – বিছ দিন ব্যৱহাৰ কৰিলে স্মৃতি শক্তি (memory) বৃদ্ধি হয়। এনে কৰিলে ক’লা জিৰাৰ ঔষধীয় উপকাৰিতা দেহত দেখা যায়।
  • পেট বিষ হ’লে  একচামুচ মৌ ৰসৰ সৈতে দুইচামুচ ভজা ক’লা জিৰা  মিহলাই তাত ভাতৰ মাৰ আধাকাপ পৰিমাণত মিহলাই খালে পেট বিষ (stomach pain)ভাল হয়।
  • এক চামুচ ভিনেগাৰ লগত এক চামুচ ক’লা জিৰা  মিহলাই পানীত উতলাই কুহুমীয়া কৰি মুখত ভৰাই এদিনত দুই – তিনিবাৰ কুলি কৰিলে দাঁত বিষ (toothache) কম হয়।
  • উচ্চ ৰক্তচাপ (blood pressure) নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক বা দুইচামুচ ক’লা জিৰাৰ তেল অলপ গৰম পানী মিহলাই সেৱন কৰিব লাগে। 
  • ডিঙি আৰু নাকৰ কণ্ঠত ক্ষত হ’লে ক’লা জিৰাৰ তেল  একচামুচ সৈতে একচামুচ নেমু ৰস মিহলাই নাকেৰে দৈনিক দুই – তিনিবাৰ শুঙিলে উপশম হয়।

লা জিৰাৰ অপকাৰিতা | Side effects of Black Cumin

ক’লা জিৰা  উপকাৰিতাৰ লগতে কিছু অপকাৰিতাও আছে – 

  • গৰ্ভৱতী মহিলাই ক’লা জিৰাৰ ( black cumin ) খাব নালাগে কিয়নো বেছি মাত্ৰাত  ক’লা জিৰা খালে গৰ্ভপতন হোৱাৰ সম্ভৱনীয়তা থাকে । 
  • কিছু লোকৰ ক’লা জিৰা হজম নহয় তেওঁলোকে ক’লা জিৰা নুখুৱাই  স্বাস্থ্যৰ বাবে ভাল নহ’লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। 
  • দুই বছৰতকৈ সৰু ল’ৰা – ছোৱালীক ক’লা জিৰা খাব দিব নালাগে। 

ৰোগ সমূহৰ নিৰাময় ওপৰত ভিত্তি কৰি সঠিক মাত্ৰাত ইয়াক ব্যৱহাৰ কৰিলেহে  ক’লা জিৰাৰ উপকাৰিতা অৰ্জন কৰিব পৰা যাব।

সামৰণি | Conclusion

উক্ত প্ৰবন্ধটিৰ দ্বাৰা আপোনি ক’লা জিৰা ৰ এক সাধাৰণ পৰিচয়ৰ পৰা আৰম্ভ কৰি কʼলা জিৰাৰ উপকাৰিতা Health Benefits of Black Cumin আৰু অপকাৰিতাৰ লগতেই মছলাবিধৰ বৈজ্ঞানিক নাম, ইয়াত নিহিত হৈ থকা পুষ্টিকৰ উপাদান, ইয়াৰ ব্যবহাৰ আদিৰ বিষয়ে জানিব পাৰিলে। আশা কৰো এই প্ৰবন্ধটিয়ে আপোনাক বিভিন্ন ধৰণে উপকাৰ সাধিব। ধন্যবাদ!

Read also; Health Benefits of Herbal Tea | ভেষজ চাহৰ উপকাৰিতা

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top