Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা

Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা Question Answer can be of great value to excel in the examination.

Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা

Join Telegram channel

Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা Notes cover all the exercise questions in UGC Syllabus. Environmental Geography Unit 4 ক্রান্তীয়, নাতিশীতোষ্ণ আৰু মেৰু পৰিস্থিতিতন্ত্ৰত পাৰিপাৰ্শ্বিক সমস্যা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১৯। পৰিৰৱশত জলমণ্ডলৰ প্ৰভাৱ কেনেধৰণৰ চমুকৈ লিখা। (Write briefly the effects of the atmosphere on the environment.)

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ সমগ্ৰ পানীকেই একেলগে অসমণ্ডল বুলি কোৱা হয়। এই পানীয়ে এটা পৰিৱেশক বাৰুকৈয়ে প্রভাবিত করে। পানীয়েই জীৱৰ খাপ। পানী পৃথিৱীত কোনো জীব জীয়াই থাকিব নোৱাৰে। প্ৰাণী আৰু উদ্ভিদৰ জীৱন ধাৰণ, পৰিপুষ্টি সাধন আৰু বংশবৃদ্ধিৰ বাবে পানীৰ প্ৰয়োজন অপরিহার্য। পানীয়ে মাটি জীপাল কৰি ৰাখে, পৰিৱেশ সজীৱ কৰি ৰাখে আৰু জীৱকূল সতেজ কৰি ৰাগে। পানী এবিধ যৌগিক জুলীয়া পদার্থ। ইহাইড্ৰ’জেন আৰু অক্সিজেনৰ অণু ২:১ অনুপাতত লগ লাগি গঠিত হৈছে। পৃথিবীর বিভিন্ন উৎসত পানী পোৱা যায়। খাল, বিল, টা, হ্রদ, জান-জুৰি, নদ-নদী, সাগৰ মহাসাগৰ আদিয়েই পানীৰ উৎস। পানী প্ৰধানকৈ সাগৰ আৰু মহাসাগৰত জমা হৈ থাকে। প্রাণীয়ে জিন প্রয়োজনীয় পানী বিভিন্ন উৎসৰ পৰা আহৰণ কৰি লয়। আনহাতে উদ্ভিদে মাটির তলব না শিপাৰে পানী শুহি লয়। নেক অঞ্চলতো বৰফ হিচাপে গোট মাৰি থকা অৱস্থাত পানী পোৱা যায়। 

ভূ-গর্ভতো পানী পোৱা যায়। এই পানীভাগ মানুহে কুঁৱা খাদি, দমকল বাহ বা গভীৰ নলীনাদ খান্দি বিদ্যুৎ চালিত পাম্পৰ সহায়ত নিষ্কাশন কৰি লয়। পৃষ্ঠৰ পানীৰ পৰিমাণ দুই- তৃতীয়াংশ হ’লেও তাবে মাত্র এক শতাংশহে জীবকুলে ঢুকি পোৱা অৱস্থাত আছে। বাকীখিনি পানী সাগৰ-মহাসাগৰত লুণীয়া পানী হিচাপে আৰু কুমেক মহাদেশ, গ্রীনলেণ্ড, হিমালয় আদিত বৰফৰ আকাৰে আছে। নৈ-বিল, জান-জুৰিয়ে কঢ়িয়াই নিয়া আৱৰ্জনা সাগৰৰ পানীত পৰাৰ কাৰণে সাগৰৰ পানী লুণীয়া। সাগৰ-মহাসাগৰৰ পানীত ছ’ডিয়াম, মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম আদি লবণ মিহলি হৈ লুগীয়া হৈছে। সাগৰৰ পানীত প্রায় ৭৮% ছডিয়াম ক্ল’ৰাইড আৰু ১১% মেগনেছিয়াম ক্ল’ৰাইড পোৱা যায়। কিছুমান খনি আৰু ধাতব পদার্থও সাগৰৰ পানীৰ লগত মিহলি হৈ থকা দেখা গৈছে। বৰষুণৰ পানীয়ে কঢ়িয়াই নিয়া শিল, বালি আদি আবর্জনা কঢ়িয়াই নি সাগৰ-মহাসাগৰত পেলোৱাৰ ফলত পানীৰ দুষিত আবর্জনাৰে সাগৰীয় জলবাশি প্রদুষিত হয়।

২০। জীবমণ্ডল কাক বোলে ? পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ কি ? (What is the biosphere ? What is its impact on the environment ?) 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন পৰিৱেশত জীৱন ধাৰণ কৰা জীৱৰ সমষ্টিকে জীৱমণ্ডল বুলি কোৱা হয়। পৃথিৱীৰ পৰিৱেশৰ লগত জীৱনণ্ডলৰ সম্পৰ্ক নিবিড়। পৰিবৱশৰ ভিন্নতাভেদে জীৱৰ আকৃতি, প্ৰকৃতি আৰু জীৱন ধাৰণৰ প্ৰণালীও ভিন্‌ ভিন্‌। পৃথিৱীত পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে জীৱৰো সৃষ্টি হৈছে। পৃথিৱীৰ জীৱমণ্ডলত একেবাৰে ক্ষুদ্ৰ আণুবীক্ষনিক জীৱৰ পৰা বৃহৎ আকাৰৰ হাতীলৈকে বহুতো জীৱ বাস কৰে। ইহঁতৰ প্ৰত্যেকেই জীৱন ধাৰণ তথা বংশবৃদ্ধি বাবে প্ৰয়োজনীয় পৰিবেশ ৰচনা কৰি লয়। আকৃতি-প্রকৃতি তথা জীৱন ধাৰণৰ ভিন্নতা থকা,সত্বেও উদ্ভিদ, জীব-জন্তু আদিয়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবৰ উপযোগী পৰিৱেশ ৰচনা কৰি লয় ।

জলচৰ প্ৰাণী আৰু উদ্ভিদে পানীৰ তলতে নিজৰ খাদ্য আৰু অক্সিজেন সংগ্ৰহ কৰি লয় কুমেৰু মহাদেশৰ বৰফৰ মাজতো কেতবোৰ জীৱ-জন্তুই নিজৰ প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰি জীয়াই আছে। সেইদৰে উটে মৰৰ মাজতে জীয়াই থকাৰ পৰিৱেশ সৃষ্টি কৰি লয়। যদিও জীয়াই থাকিবৰ বাবে নিজৰ পৰিবেশ সৃষ্টি কৰি লয় তথাপি কেতবোৰ প্ৰতিকূল পরিবেশ আৰু প্ৰাকৃতিক কাৰণত জীবন অৱলুপ্তি ঘটে। 

জীৱমণ্ডলত কেতবোৰ জীৱৰ বিলুপ্তি ঘটিলে আকৌ এচাম নতুন জীৱৰ আৱিৰ্ভাৱ হৈ তাৰ ঠাই পূৰণ কৰে। এনেদৰে জীৱৰ ক্ৰমবিবর্তন সম্ভৱ হৈছে। জীৱৰ বিৱৰ্তন প্রক্রিয়া পৰিৱেশৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। প্রতিকূল পৰিৱেশৰ বাবে পৃথিৱীৰ পৰা ডাইনোছৰ জাতীয় বৃহৎ আকাৰৰ জীৱ অৱলুপ্ত হৈছে। কেতবোৰ চৰাই জাতীয় জীব, কেতবোৰ সৰীসৃপ জাতীয় জীব জীৱমণ্ডলৰ পৰা লুপ্ত হৈছে। তেনেদৰে কেতবোৰ উদ্ভিদ জীৱমণ্ডলৰ পৰা লুপ্ত হৈ গৈছে। আকৌ নতুন জীৱই লুপ্ত পোৱা জীৱবোৰৰ ঠাই পূৰণ কৰিছে। এইদৰে জীৱমণ্ডলে স্বাভাবিক প্ৰক্ৰিয়া অটুট ৰাখি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিছে। বিৱৰ্তনৰ ফলস্বৰূপে পৃথিৱীত আমূল পৰিবৰ্তন ঘটিছে। মানুহৰ মগজুৰ বিকাশ তথা উচ্চাকাংক্ষাৰ বাবে প্ৰকৃতিৰ ৰাজ্যত বিস্তৰ ক্ষতি হৈছে। 

মানুহে নিজৰ প্ৰয়োজনৰ বাবে গছ-বন কাটি বনাঞ্চল ধ্বংস কৰিছে। ফলস্বৰূপে অৰণ্য ধ্বংস হোৱাৰ লগতে বিভিন্ন চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ বাসস্থান তথা খাদ্যৰ নাটনি হৈছে। মানুহৰ কু-কার্যই বায়ুমণ্ডল, জলমণ্ডল, স্থলমণ্ডল সকলোতে বিৰূপ প্ৰভাৱ পেলাইছে। মানুহৰ কৃত কৰ্মৰ দ্বাৰাই পৃথিৱীৰ পৰিৱেশত প্ৰদূষণৰ হেঁচা পৰিছে। পৰিবৱশৰ ভাৰসাম্য অটুট ৰাখিব নোৱাৰিলে জীৱকূল সমুলঞ্চে ধ্বংস হোৱাটো অৱশ্যম্ভাৱী। সেয়েহে বর্তমান যুগত সমগ্ৰ বিশ্বতে পৰিবেশ সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

২১। মাটিৰ ক্ষয়ীভৱন বুলিলে কি বুজা ? ক্ষয়ীভৱনৰ ফলত সৃষ্টি হোৱা অসুবিধাবোৰ কি কি ? ইয়াৰ প্ৰতিৰোধৰ বিষয়ে চমুকৈ লিখা। (What do you mean by soil erosion ? What are the disadvantages of soil erosion ? Write briefly about its prevention.) 

উত্তৰঃ মাটি বুলি ক’লে সাধাৰণতে আমি সকলোধৰণৰ কোমল, অন্ত, গুড়ি জাতীয় পদার্থকে বুজো। বৰষুণ, হিমবাহ, বতাহ, ধুমুহা, নদীৰ গতি ইত্যাদিৰ নানা কাৰণত উৰ্বৰ, উর্ধস্থ মাটিৰ স্থান পৰিৱৰ্তন হোৱাকে মাটিৰ ক্ষয়ীভবন বোলা হয়। 

মাটিৰ ক্ষয়ীভবনৰ প্ৰধান কাৰণসমূহ হ’ল—

(ক) বতাহ।

(খ) বৰষুণ্ণ। 

(গ) বানপানী।

(ঘ) খেতি নকৰি মাটি ছন পেলাই থোৱা। 

(ঙ) গছ-গছনি থকা বনাঞ্চল হ্রাস।

(চ) অনুপযুক্ত কৃষি পদ্ধতি।

মাটিৰ ক্ষয়ীভৱনৰ ফলত হোৱা অসুবিধাসমূহ এনেধৰণৰ – মাটির ক্ষমীভবনে আর্থ-সামাজিক ইক পৰিবেশৰ ওপৰত বিৰূপ প্রভাৱ পেলায়।

(ক) মাটিৰ ক্ষয়ীভৱনৰ ফলত পাহাৰ অঞ্চলত শিলাময় খণ্ডবিলাক দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলত ভূমিস্খলন হয়। ভূমিস্খলনৰ ফলত বহুতো ধন, জন, সম্পত্তিৰ ক্ষতি সাধন হয়। 

(খ) মাটিৰ ক্ষয়ীভৱনৰ ফলত হোৱা এটা প্ৰধান বিপর্যয় হ’ল আকস্মিক বানপানী। গছ গছনিয়ে পানীৰ এক বুজন অংশ শোষণ কৰি লয়। কিন্তু ক্ষয়ীভবনৰ দ্বাৰা বনাঞ্চলবিলাক বিলুপ্ত হ’লে অনাবৃত মাটিয়ে পানী শোষণ কৰিব নোৱাৰা হয়। তেতিয়াই আকস্মিক বান আহি বহুতো ক্ষতি কৰে।

(গ) ক্ষয়ীভৱনৰ ফলত সেউজীয়া বনাঞ্চলসমূহ কমি গৈ মৰুভূমিৰ সৃষ্টি হ’ব পাৰে। এইদৰে উৰ্বৰ মাটি খেতি-বাতিৰ বাবে অনুপযোগী হৈ পৰে।

(ঘ) মাটিৰ ক্ষয়ীভৱনে পৰিৱেশ নষ্ট কৰে আৰু প্ৰাকৃতিক ভাৰসাম্য ও বিনষ্ট কৰে। মাটিৰ ক্ষয়ীভৱন প্ৰতিৰোধৰ কিছুমান উপায় অবলম্বন কৰি সুফল পাব পাৰি। যেনে—

(১) প্রয়োজন সাপেক্ষে গছ-গছনি কাটিলেও তাৰ ঠাইত নতুন গছ ৰোপণ কৰাটো প্রয়োজনীয়। ইয়াৰ ফলত ক্ষয়ীভবন ৰোধ কৰাৰ লগতে পৰিৱেশৰ ভাৰসাম্যতাও অটুট থাকে।

(২) বানপানীৰ সময়ত কাষৰ পথাৰবোৰত মাটিৰ ক্ষয়ীভবন প্ৰতিৰোধ কৰিবলৈ নদীৰ দুয়োকাষে শক্তিশালী বান্ধ নিৰ্মাণ কৰা উচিত। 

(৩) মাটি এটুকুৰাত অধিক শস্য ৰোপণ কৰি সুফল পোৱা যায়। ইয়াৰ ফলত মাটি ছন পৰি থাকে আৰু ক্ষয়ীভৱনো হ্রাস পায়। 

(৪) পাহাৰীয়া অঞ্চলসমূহত ঝুম খেতিৰ দ্বাৰা মাটিৰ ক্ষয়ীভৱন কিছু পৰিমাণে ৰোধ কৰি পাৰি। 

২২। বায়ু প্ৰদূষণ কৰা গেছ কি কি ? অ’জন স্তৰত ইয়াৰ ক্ষতি সম্পর্কে লিখা। (What are the gases that pollute the air ? Write about the loss of the ozone layer ?) 

উত্তৰঃ বায়ু প্ৰদূষণ কৰা প্ৰধান গেছবোৰ হ’ল 

(ক) কার্বন-ডাই-অক্সাইড। 

(খ) কার্বন মন ক্সাইড। 

(গ) ছালফার-ডাই-অক্সাইড।

(ঘ) নাইট্ৰ’জেন অক্সাইড। 

(ঙ) হাইড্ৰ’জেন ছালফাইড। 

(চ) নাইট্রিক অক্সাইড।

বায়ুমণ্ডলত থকা অ’জন স্তবে সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেগুনীয়া ৰশ্মিক পৃথিবী পৃষ্ঠত পোনে পোনে পৰাত বাধা দি আছে। সৌৰশক্তিত তিনিধৰণৰ অতি বেঙুনী ৰশ্মি আছে-গ, খ,আৰু ক। অতি বেঙুনীয়া ৰশ্মিৰ ‘গ’ অংশটো অতি মাৰাত্মক। অ’জনস্তৰে এই অংশটে সম্পূৰ্ণৰূপে শুহি লয়। খ অংশটো তুলনামূলকভাৱে কম মাৰাত্মক যদিও ইয়ো প্রাণী আৰু উদ্ভিদৰ বাবে বিপদজনক। অজন স্তৰে এই অংশটোও শুহি লয়। অ’জন স্তৰে ক অংশকহে পৃথিৱীলৈ আহিবলৈ দিয়ে। এই অংশটো জীৱৰ বাবে ক্ষতিকাৰক নহয়। বর্তমান যুগত দ্রুত উদ্যোগীকৰণৰ বাবে ক্ল’ৰ ‘ফ্ল’ৰ’ আৰু নাইট্ৰাছ গেছ বায়ুমণ্ডলত প্ৰৱেশ কৰি অ’জন স্তৰত হেঁচা ক্ল’ৰ ফ্ল’ৰ’ কাৰ্বনৰ ক্ল’ৰিণ অণুৱে অ’জন অণুৰ লগত বিক্ৰিয়া কৰি ক্ল’ৰিণ মনোক্সাইড উৎপন্নকৰে। ক্ল’ৰিণ অণুৱে অৰ্জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম ছিদ্র হয়। ইয়াকে অ’জুন বিন্ধা বোলে। এই ছিদ্ৰবোৰ ডাঙৰ হ’লে অতি বেঙুনীয়া ৰশ্মিৰ মাৰাত্মক অংশ পৃথিৱীলৈ সৰকি আহিব পাৰে। তেতিয়া পৃথিৱীৰ প্ৰাণীমণ্ডল আৰু উদ্ভিদজগতৰ সাংঘাতিক বিপদ হ’ব। এন্টার্কটিকাৰ ওপৰত এনে ছিদ্ৰ হোৱা বুলি অনুমান কৰা হৈছে। অ’জন ভ ক্ষতিয়ে পৃথিৱীৰ পৰিৱেশত সাংঘাতিক প্ৰভাৱ পেলাব আৰু  সন্মুখীন হ’ব। 

২৩। কার্বন মন’ক্সাইডৰ প্ৰদূষণ সম্পৰ্কে লিখা। (Write about carbon monoxide pollution.) 

উত্তৰঃ বায়ুত কাৰ্বন মন’ক্সাইড প্রায় ০.১% থাকে। বায়ুত এইবিধ গেছৰ পৰিমাণ অধিক হ’লে বায়ু প্ৰদূষিত হয়। সাধাৰণতে কল-কাৰখানাৰ পৰা চিনিৰে ওলোৱা ধোঁৱাৰ সৈতে। 

কার্বন মন’ক্সাইড বায়ুমণ্ডললৈ উৰি যায়। মটৰ গাড়ী, বেল গাড়ী আৰু উৰাজাহাজৰ ইঞ্জিনত ইন্ধন দহনৰ সময়ত কার্বন-মন ক্সাইড গেছ নির্গত হয় আৰু ই বায়ুতকৈ পাতল বাবে সহজে বায়ুমণ্ডলত প্ৰৱেশ কৰে। ঔদ্যোগিক অঞ্চলৰ বায়ুমণ্ডলত এই গেছৰ পৰিমাণ অধিক মাত্ৰাত পোৱা যায়। কার্বন মন’ক্সাইডৰ পৰিমাণ হ্ৰাস কৰাৰ কাৰণে চি. এ. জি. চালিত ইঞ্জিনযুক্ত বাছ আৰু টেক্সিৰ ব্যৱহাৰ উপযোগী। কাৰখানাসমূহত আঠ ঘণ্টাতকৈ বেছি কাম কৰা শ্ৰমিকৰ | দেহত (কার্বন মন অক্সাইড বাবে) বিভিন্ন বেমাৰৰ উপসর্গহ দেখা দিয়ে। মানুহৰ তেজৰ হিমগ্লবিনৰ সৈতে বিক্ৰিয়া কৰি ই কাৰ্বক্সিহিম’গ্ল ‘বিন (Carboxyhemoglobin) গঠন কৰ | আৰু তেতিয়া তেজত অক্সিজেন পৰিবহণ কৰা হিম’ম’বিনৰ সংখ্যা হ্রাস পায়। ফলস্বৰূপে মূৰৰ বিষ, মূৰ ঘূৰণি আদি লক্ষণ দেখা যায়। বায়ুমণ্ডলত কার্বন মন ক্সাইডৰ পৰিমাণ নিয়ন্ত্রণ | কৰি ৰাখিব পাৰিলেহে বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায় ।

২৪। ছালফাৰ ডাই-অক্সাইডৰ প্ৰদূষণ সম্পর্কে চমুকৈ লিখা।  (Write briefly about sulfur dioxide pollution.) 

উত্তৰঃ কয়লা, পেট্রল, ডিজেল, উৰাজাহাজৰ ইন্ধন আদি দহনত ছালফাৰ ডাই-অক্সাইড গেছ নির্গত হয় আৰু চাৰিওফালে বিয়পি পৰে। ছালফাৰ -ডাই-অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি হালফিউৰিক এচিড উৎপন্ন কৰে আৰু এইবোৰ এচিড বৰষুণৰ লগত মিহলি হৈ পৃথিবীপৃষ্ঠত পৰে। ইয়াৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰ, টেলিফোনৰ তাঁৰ আদিৰ ক্ষয়ীভবন ঘটে। ছালফাৰ ডাই-অক্সাইড বিক্ৰিয়াৰ ফলত পুৰণি ভাস্কৰ্য আৰু স্মৃতিস্তম্ভৰ ক্ষতি হয়, মাৰ্বলৰ মসৃণতা হ্রাস হয়। মথুৰা তেল শোধনাগাৰ আৰু আগ্ৰাৰ দাঁতি কাষৰ লো-তীখাৰ কাৰখানাৰ পৰা বায়ুমণ্ডলত প্ৰৱেশ কৰা ছালফাৰ ডাই-অক্সাইডে আগ্রাৰ বিশ্ববিখ্যাত তাজমহলৰ মাৰ্বলৰ ৰং সলনি কৰিছে। সেইদৰে গ্ৰীছৰ এথেন্সত থকা এক্রোপলিছ পাহাৰৰ মাৰ্বলৰ স্তম্ভ আৰু এথেনাৰ ভাস্কৰ্যৰ ক্ষতি সাধন কৰিছে ছালফাৰ -ডাই-অক্সাইড, ছালফিউৰাছ আৰু ছালফিউৰিক এচিডে। এই গেছৰ পৰিমাণ বৃদ্ধি হ’লে ঔদ্যোগিক অঞ্চলৰ গছ-গছনি ধ্বংস হয়।

২৫। পৰিৱেশ প্ৰদূষণ বুলিলে কি বুজা ? প্ৰদূষণৰ প্ৰকাৰবোৰ কি কি আলোচনা কৰা। (What do you mean by environmental pollution ? Discuss the types of pollution.) 

উত্তৰঃ মানুহে যি পৰিৱেশতে বসবাস নকৰক কিয় সেই পৰিৱেশৰ লগত এটা সংকুলিত বাতাবৰণ সৃষ্টি কৰি লোৱাটো নিতান্তই আৱশ্যক। কিন্তু বৰ্তমান বিশ্বত দ্রুতগতিত জনসংখ্যাৰ যি বৃদ্ধি পাইছে সেই বর্ধিত জনসংখ্যাৰ অভাৱ-অনাটন পৰিপূৰ্ণ কৰিবলৈ যাওঁতে পৰিৱেশৰ এই সঙ্কলিত অৱস্থা ব্যাহত হবলৈ লাগিছে। মানুহৰ দ্বাৰা মানুহ আৰু পৰিৱেশৰ মাজৰ এই স্তুলিত অৱস্থা নিশেষ কৰা কাৰ্যকে পৰিৱেশ দূষিতকৰণ বুলি কোৱা হয়। বিশেষকৈ জধে  মধে গছ-গছনি কটা, খনিজ পদার্থ উদ্ঘাটন আৰু ব্যৱহাৰ কৰা, উদ্যোগ কেন্দ্ৰ স্থাপন, যান বাহনৰ সংখ্যা বৃদ্ধি, অবিজ্ঞান  সন্মতভাৱে ৰাস্তা-ঘাট, ঘৰ-দুৱাৰ নিৰ্মাণ কৰা, নগৰ-চহৰৰ সংখ্যা বৃদ্ধি হোৱা, কাঁটানুনাশক দৰৱ-পাতি ব্যৱহাৰ কৰা আদি নানা ধৰণৰ কাৰ্যৰ জৰিয়তে পৰিৱেশ দুষিত হয়। পৰিৱেশ দুষিত হোৱাকে পৰিৱেশ প্ৰদূষণ হোৱা বুলি জনা যায়। 

এইদৰে পৰিৱেশ প্ৰদূষণে প্রাকৃতিক পৰিৱেশৰ সন্তুলিত অৱস্থা ধ্বংস হোৱাৰ ফলত মানুহ তথা নানা প্ৰকাৰৰ জীৱ-জন্তুৰ জীৱনলৈ নানা ধৰণৰ বিপৰ্যয় আহি পৰিছে। সেইবাবেই সামাজিক, ৰাজনৈতিক। আৰু অর্থনৈতিক নীতি-নিয়মৰ পৰিপ্ৰেক্ষিততহে পৰিবেশ উপভোগ কৰিব লাগে। ব্যক্তিগত সুখ-সুবিধাৰ খাতিৰত পৰিবেশ উপভোগ কৰিবলৈ ললে ই সহজে দূষিত হয়। প্ৰদূষণৰ শ্ৰেণীবিভাগ কৰাটো এটা অতিকৈ জটিল বিষয়। কিয়নো প্রকৃষকবোৰ অৰ্থাৎ যিবোৰ কাৰবাৰৰ দ্বাৰা পৰিৱেশ প্ৰদূষিত হয় আৰু যিবোৰ মাধ্যমৰ মাজেৰে এইবোৰ সংঘটিত হয়। আৰু বিয়পি পৰে, যেনে— 

পানী, মাটি, শব্দ আদি সকলোবোৰ এটাৰ লগত আনটো সংশ্লিষ্ট হৈ আছে। এনেবোৰ অসুবিধা থকা সত্ত্বেও বিভিন্ন কাৰকৰ ভিত্তি প্ৰদূষণক কেইবাধৰণেও শ্ৰেণী বিভাজন কৰা হৈছে। তলত এই ভাগবোৰ চমুকৈ আলোচনা কৰা হ’ল। পৰিৱেশ প্ৰদুষণৰ প্ৰকৃতি অনুসৰি ইয়াক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি। 

এই দুই প্ৰকাৰৰ প্ৰদূষিত হ’ল – 

(ক) প্রাকৃতিক প্ৰদূষণ (Natural pollution) 

(খ) সামাজিক প্ৰদূষণ (Social pollution) 

প্রাকৃতিক প্ৰদূষণ: প্রাকৃতিক প্ৰদূষণৰ অৰ্থ হ’ল পৰিৱেশ নানা প্ৰকাৰৰ প্ৰাকৃতিক কাৰকবোৰ যেনে – মাটি, পানী, বায়ু, প্রাকৃতিক উদ্ভিদ, অৰণ্যবোৰ মানুহে কৰা কাৰ্য বা প্রকৃতিয়ে সংঘটিত কাৰ্যৰ ফলত এইবোৰৰ গুণাগুণৰ অৱনতি ঘটে। প্রকৃতিয়ে সংঘটিত কৰা (যেনে ভূমিকম্প, আগ্নেয়গিৰি, বানপানী, ঘূর্ণিবতাহ, ভূমিস্খলন আদি) নানা প্ৰকাৰৰ ঘটনা আৰু মানুহে কৰা কাৰ্যৰ ফলত পৰিবেশৰ প্ৰাকৃতিক কাৰকবোৰৰ অৱনতি ঘটা কার্যকে প্রাকৃতিক প্রদূষণ বোলে। সেইবাবে প্রাকৃতিক প্ৰদূষণক আকৌ বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, জল প্ৰদূষণ, মৃত্তিকা প্রদূষণ আদি ভাগত ভাগ কৰা হৈছে। 

সামাজিক প্রদূষণ: সামাজিক প্ৰদূষণৰ মূল কাৰক হ’ল মানুহ। মানুহে বিভিন্ন কৰ্ম-কাৰ্যৰ দ্বাৰা সমাজত সংঘটিত হোৱা অৱনতিমূলক কামৰ দ্বাৰাও পৰিবেশ প্ৰদূষিত হয়। এই ধৰণে হোৱ প্রদূষণকে সামাজিক প্ৰদুষণ বোলে। যিহেতু সামাজিক প্ৰদূষণৰ মূল কাৰক মানুহ সেইবাবে এইবিধ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও মানুহৰ হাততে সামাজিক প্ৰদূষণক আকৌ আর্থিক প্রদূষণ, ধার্মিক প্রদূষণ, (সামাজিক সংঘর্ষ), ৰাজনৈতিক প্ৰদূষণ (যুদ্ধ-বিগ্রহ), জাতিগত প্ৰদূষণ (জাতিগত সংঘর্ষ), সামাজিক প্ৰদূষণ (নানা প্ৰকাৰৰ অপৰাধ, চোৰ, ডকাইতি, ধর্ষণ, প্রবন্ধক আদি) ভাগত বিভক্ত কৰিব পাৰি। 

প্ৰদূষণৰ মাধ্যম অনুসৰি অৰ্থাৎ যিবোৰ মাধ্যমৰ জৰিয়তে প্ৰদূষকবোৰ বিয়পি পৰে বা প্রবাহিত হয়, সেই মাধ্যমৰ ভিত্তিত প্ৰদূষণক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। যেনে- – মৃত্তিকা প্রদূষণ, জল প্রদূষণ, বায়ু প্ৰদূষণ, ধ্বনি প্রদূষণ আদি অন্যতম। তেনেদৰে প্ৰদূষণৰ স্থান আৰু তাৰ উৎসৰ ওপৰত ভিত্তি কৰিও প্ৰদূষণক চাৰিটা ভাগত ভাগ কৰিব পাৰি নগৰীয়া প্রদূষণ, গ্রাম্য প্রদূষণ, ঔদ্যোগিক প্ৰদূষণ, কৃষিজ প্রদূষণ।

২৬। সেউজগৃহ প্ৰভাৱ কি ? বুজাই লিখা। (Explain the greenhouse effect.) 

উত্তৰঃ সেউজগৃহ প্ৰভাৱ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে হোৱা এক পৰিঘটনা। উদ্ভিদৰ ধ্বংস ক্ষমতা ও বিভিন্ন গাড়ী, মটৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা CO2, ৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি হৈছে, যাৰ ফলত এই CO2, পৃথিৱীৰ উপৰিভাগত এক আৱৰণৰ তৰপে আগুৰি আছে। সূৰ্যৰ তাপ এই CO2,ৰ আৱৰণ ভেদ কৰি পৃথিৱীত পৰাৰ পিছত পৃথিৱীয়ে এৰি দিয়া তাপখিনি CO2, ৰ আৱৰণৰ বাবে পুনৰ বায়ুমণ্ডললৈ যাব নোৱাৰে। যাৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই পৰিঘটনাকে সেউজগৃহ পৰিণতি বোলা হয়। অর্থাৎ CO2, গেছ সূৰ্যৰ পৰা অহা পোহৰ তৰংগৰ বাবে স্বচ্ছ, কিন্তু মাটিৰ পৰা এৰি দিয়া অৱহেলিত তৰংগৰ তাপ শোষণ কৰি লয় বাবে উত্তপ্ত হৈ উঠে। ফলত এই তাপ মহাকাশলৈ ওলাই যাব নোৱাৰে বাবে বায়ুমণ্ডল উত্তপ্ত হৈ পৰে।

গ্রীণ হাউছ এফেক্টত CO2, গেছে উষ্ণতাৰ তাৰতম্যৰ ক্ষেত্ৰত শতকৰা ৫৫ ভাগ, ক্ল’ৰফৰ’ কার্বনে শতকৰা ২৫ ভাগ, মিথেনে শতকৰা ১৫ ভাগ আৰু নাইট্ৰাছ অক্সাইডে শতকৰা ৫ ভাগ প্রভাৱ পেলায়। অ’জন গেছৰ প্ৰভাৱ কিমান এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। সূৰ্যৰ পৰা বিকিৰিত হোৱা সৌৰশক্তি বায়ুমণ্ডলত প্ৰৱেশ কৰোতে শতকৰা ২৬ ভাগ মেঘ আৰু অন্যান্য পদাৰ্থ কণিকাৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা মেঘ, জলীয়ভাপ আৰু ক্ষুদ্র পদার্থ কণিকাই শতকৰা ১৯ ভাগ শক্তি শুহি লয়, শতকৰা চাৰি ভাগ ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ সৌৰজগতলৈ ঘূৰি যায়। বাকী প্ৰায় শতকৰা ৫১ ভাগ পৃথিৱী উষ্ম কৰাত, কুমেক মহাদেশৰ বৰফ গলোৱাত, সাগৰ-মহাসাগৰৰ পানী বাষ্পীভৱনত আৰু উদ্ভিদ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত খৰচ হয়। সূৰ্যৰ পৰা বিকিৰিত হোৱা অতি বেঙুনীয়া ৰশ্মি সেউজ গৃহত থকা গেছসমূহে শুহি লৈ পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি আছে। কিন্তু বৰ্তমান যুগত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আৰু কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আদিৰ ফলত ত পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় শতকরা ২৫ ভাগ বৃদ্ধি হৈছে। 

তেনেদৰে ক্ল’ৰফ্ল’ৰ’ কাৰ্বন, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছৰ পৰিমাণো বৃদ্ধি হৈছে। ফলস্বৰূপে সেউজগৃহ প্রভাৱত বিসঙ্গতিয়ে দেখা দিছে। সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হৈছে আৰু এনেদার উষ্ণতা বৃদ্ধি হৈ থাকিলে অহা পঞ্চাশ বছৰৰ ভিতৰত বায়ুমণ্ডলৰ গড় উষ্ণতা একৰ পৰা চলি ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বায়ুমণ্ডলৰ এনে উষ্ণতা বৃদ্ধিক ভূ-উম্মীক (Global Warming) বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। গোলকীয় উষ্ণতাই পৰিস্থিতি তন্ত্র অসঞ্চালিত কৰি তুলিব। সেউজ গৃহ প্ৰক্ৰিয়াৰ পৰিৱৰ্তনৰ ফলত কুমেক মহাদেশৰ ক গলি পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটাব। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱান ফলত পৰিস্থিতিতন্ত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। 

২৭। বিশ্ব উত্তাপন কি ? ই কিদৰে পৰিৱেশ বা জলবায়ুৰ পৰিৱৰ্তন আনিছে? (What is global warming ? How has it changed the environment and climate.) 

উত্তৰঃ বিশ্ব উত্তাপন হ’ল পৃথিৱীৰ উত্তাপৰ এক গড় বৃদ্ধি, যিটো জীৱমণ্ডলৰ বাবে ক্ষতিকাৰক। এই পৰিঘটনাৰ বাবে দায়ী হ’ল হৰিগৃহ গেছসমূহ। হৰিগৃহ গেছসমূহৰ বাবে পৃথিৱীৰ উত্তাপ আছে, অন্যথা পৃথিৱীখন সম্পূর্ণ বৰফখণ্ড হৈ পৰিলেহেঁতেন। জলীয়বাষ্প, কার্বন ডাই-অক্সাইড, মিথেন, অজ’ন, নাইট্ৰাছ অক্সাইড আৰু ক্ল’ৰফ’ৰ কাৰ্বন আদি হবিগৃহ গেছ সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া বিকিৰণ পৃথিৱীয়ে শুহি লয়। পিছত পৃথিৱীয়ে বায়ুৰ মাজেৰ পুনৰ বিকিৰত করে। হৰিগৃহ গেছসমূহে এই বিকিৰিত ৰশ্মিৰ কিছু সংখ্যক শুহি ৰাখে। ৰথিৱীৰ উত্তাপৰ মাত্ৰা ভাৰসাম্য অৱস্থাত ৰাখিবলৈ শক্তি শোষণ আৰু নির্গমন একে পৰিমাণঃ থাকিব লাগিব। 

কিন্তু বর্তমান যুগৰ অসংখ্য যান-বাহন বা উদ্যোগৰ পৰা ওলোৱা কাৰ্বন-ডাই-অক্সাইড গেই বেক্রিজাতে ব্যবহৃত ক্ল’ৰ’ৰ কাৰ্বন গেছৰ বাবে বায়ু প্ৰদূষিত হৈছে। বিস্তভাৱে হোৱা ফ বিনাশৰ বাবে উদ্ভিদে গ্ৰহণ কৰিবলগীয়া পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰিব পৰা নাই ফলত হৰিগৃহ গেছৰ পৰিমাণ বাঢ়ি গৈ আছে। ফলত বায়ুমণ্ডলৰ উত্তাপ ক্রমান্বয়ে গেছে। এই পৰিঘটনাটোক হৰিৎগৃহ ক্রিয়া বোলা হয়। 

সমগ্ৰ ধৰা পৃষ্ঠ জুৰি হোৱা বাবে ইয়াৰ বিশ্ব উত্তাপন বোলা হয়। যোৱা শতিকাত ধাপৃষ্ঠৰ উত্তাপ প্রায় 1° ফাৰহেনহাইট বাঢ়িছে। বিশ্ব উত্তাপনৰ ফলত নানাধৰণে পৰিৱেশ সলনি হৈছে—

(ক) ধৰাপৃষ্ঠৰ সংলগ্ন বায়ুমণ্ডলৰ উত্তাপ বঢ়াৰ ফলত বহুতো প্ৰজাতি আৰু প্ৰাণীৰ অস্তিত্ব বিপন্ন হৈছে।

(খ)মেৰু,অঞ্চলত থকা চিৰয়াৰ অঞ্চলবোৰৰ বৰফ লাহে লাহে গলিব ধৰিছে। ফলত । বিপন্ন হৈছে । উপকূলৱর্তী অঞ্চলসমূহ ডুব যাব ধৰিছে।

(গ) বায়ুত নাইট্ৰাছ অক্সাইড, নাইট্ৰ’জেন-ডাই-অক্সাইড, আদিৰ বৃদ্ধিৰ বাবে বায়ু ধোৱা বৰণীয়া হছে। বায়ুত অম্লজ পদাৰ্থৰ এই বৃদ্ধিৰ বাবে অঞ্চলভেদে এচিড বৰষুণৰ সৃষ্টি হৈছে।

(ঘ) বিশ্ব উত্তাপনৰ বাবে পৰিৱেশৰ যথেষ্ট তাৰতম্যতা দেখিবলৈ পোৱা গৈছে।

২৮। প্রাকৃতিক দুৰ্যোগসমূহৰ বিষয়ে লিখা। (Write about natural disasters.) 

উত্তৰঃ যিবোৰ প্ৰাকৃতিক দুর্যোগে মানুহ আৰু পৰিৱেশৰ ক্ষতিগ্ৰস্থ কৰে তাকে প্রাকৃতিক দুর্যোগ বোলে। প্রধান প্রাকৃতিক দুৰ্যোগসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল —

(ক) ভূমিকম্প: কেতিয়াবা ভূ-গৰ্ভৰ অন্তৰভাগত সৃষ্টি হোৱা কম্পন ধৰা পৃষ্ঠৰ চাৰিওফালে বিয়পি যায়, তাক ভূমিকম্প বোলে। এই কম্পন ভূমিকম্পৰ কেন্দ্ৰত উৎপত্তি হৈ চাৰিওদিশে বিয়পি যায়। ভূমিকম্পত সৃষ্টি হোৱা ঢৌ বা তৰংগ তিনিপ্ৰকাৰৰ প্ৰাথমিক টৌ, P. টৌ, S ঢৌ আৰু L ঢৌ বা তৰংগ। ভূমিকম্প একপ্ৰকাৰৰ অতি দুর্যোগপূর্ণ পৰিঘটনা। ই যথেষ্ট ধ্বংস মাতি আনে, ভূমিকম্পৰ ফলত মানুহৰ সম্পত্তি, ঘৰ, ৰাস্তা-ঘাট, যান-বাহন আদিব যথেষ্ট ক্ষতি হোৱাৰ উপৰিও সাগৰত ভূমিকম্প হলে ছুনামিৰ দৰে দুৰ্যোগৰ সৃষ্টি হয়। ফলত বহুতো কৰ প্রাণহানি হোৱাৰ লগতে সম্পত্তিও ধ্বংস হয়।

কেতিয়াবা ভূমিকম্পৰ ফলত ওখ ঠাই বহি সাগৰৰ সৃষ্টি হয় আৰু সাগৰ ওপৰলৈ উঠি পৰ্বত বা সমভূমিৰ সৃষ্টি হয়।

(খ) ভূমিষ্ফলন: ভূমিম্ফলন প্রাকৃতিকভাৱে আৰু মানুহৰ কৰ্মৰ ফলত সৃষ্টি হোৱা এবিধ প্রাকৃতিক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ই-খণ্ড তললৈ খহি পৰাকে ভূমিস্থলন বোলে । বৰ্তমান জনসংখ্য বৃদ্ধি হোৱাৰ বাবে মানুহে পৰ্বত-পাহাৰৰ গছ-বন কাটি ঘৰ-দুৱাৰ সাজিছে। ফলত কেতিয়াবা অলপ বৰষুণতে পাহাৰৰ মাটি খহি পৰি ৰাস্তা-পথ বন্ধ কৰি দিলে। বহুতো লোকৰ ঘৰ-বাৰীও নষ্ট হয়। ভূমিলনৰ ঞ্চলত কোনো এখন ঠাই পলকতে পোত যাব পাৰে। পাহাৰ সংৰক্ষণ, বনানীকৰণৰ জৰিয়তে ভূমিষ্ফলন বহু পৰিমাণে হ্ৰাস কৰিব পাৰি ।

(গ) বানপানী: আন এবিধ গুৰুত্বপূর্ণ পাৰিৱেশিক সমস্যা হ’ল বানপানী। অতিপাত বৃষ্টিপাত চলিত বা অইন কাৰণত নদীত অহা অতিমাত্ৰা পানীয়ে ইয়াৰ কাষৰীয়া ঠাইৰ লগতে এক বিস্তৰ এলেকাৰ ক্ষতিসাধন কৰা দেখা তেতিয়াই বানী পানী অহা বুলি কোৱা হয়। বল পানীয়ে নানা ধৰণে ক্ষতিসাধন কৰে– 

১) কৃষিক্ষেত্ৰৰ বিস্তৰ ক্ষতিসাধন কৰে। শস্যপথাৰ ডুবাই শস্য নষ্ট কৰি পেলায়। 

(২) বানপানীৰ ফলত ৰাস্তা-ঘাট দলং আদি নষ্ট হোৱাৰ উপৰিও ৰেলপথৰ যথেষ্ট ক্ষতি কৰে। ইয়াৰ বাবে পৰিবহন ব্যৱস্থা ব্যাহত হয়। 

(৩) বানপানীৰ সময়ত বহুতো লোক মৃত্যুমুখত পৰাৰ লগতে জন্তুও মৃত্যুমুখত পৰে।

(৪) বানপানীৰ পিছত অঞ্চলটোত কলেৰা, মেলেৰীয়া আদি মহামাৰী ৰোগসমূহে দেখ দিয়ে। অঞ্চলটোত খাদ্য সমস্যাই দেখা দিয়ে।

(৫) বানপানীৰ ফলত ভুক্তভোগী লোকসকল অর্থনৈতিকভাৱে দুৰ্বল হৈ পৰে। 

(৬) বানপানীৰ ফলত মানুহৰ জীৱন-নিৰ্বাহৰ পদ্ধতি নিম্নস্তৰলৈ পৰ্যৱসিত হয়। মানুহ জন্তু একেলগে বাস কৰে।

(ঘ) খৰাং: খৰাং সমস্যা আন এবিধ গুৰুত্বপূৰ্ণ পৰিৱেশিক সমস্যা। কোনো এখন ঠাই দীর্ঘসময় ধৰি জলসংকটত ভুগিলে ঠাইখনত খৰাং হোৱা বুলি কোৱা হয়। অঞ্চল এটাত বৰষুণৰ পৰিমাণ অতিপাত কমি যোৱাৰ বাবে খৰাং সমস্যাৰ সৃষ্টি হয়। এই সমস্যাই ঠাইখনৰ পৰিস্থিতিতন্ত্ৰ আৰু উদ্ভিদ জগতৰ ওপৰত প্ৰভাৱ পেলায়। খৰাং বহুদিনলৈ চলি থকা সমস্যা। খৰাণ্ডে অর্থনীতি ধ্বংস কৰাৰ লগতে ক্ষতিসাধন কৰে। খৰাং সমস্যাৰ বাবে কোনো এখন ঠাইত দুৰ্ভিক্ষৰ দৰে সমস্যাৰ উদ্ভৱ হয়। 

খাং প্ৰতিৰোধ কৰিব পৰা কিছুমান কাৰ্যাৱলী হ’ল- 

(১) খৰাঙৰ সময়ছোৱাত বন্ধ থকা নদীৰ পৰা পীড়িত অঞ্চললৈ অত্যাধিক পানী যোগান দি।

(২) খাং পীড়িত অঞ্চলসমূহত পানীৰ ওপৰত কম নিৰ্ভৰশীল কৃষি খেতি কৰে।

২৯। গোলকীয় উত্তাপনৰ বিষয়ে চমুকৈ লিখা। (Write about global warming.) 

উত্তৰঃ সেউজ গৃহ প্ৰভাৱৰ বাবে ভূ-পৃষ্ঠৰ গড় উষ্ণতা প্রায় ১৫° ছেন্টিগ্রেড হৈ আছে আৰু এই উষ্ণতাত পৃথিৱীখন বিভিন্ন ধৰণৰ জীৱৰ বাবে অনুকুল। কিন্তু যদিহে সেউজগৃহ গেছ সমূহে এই কাম নকৰে তেতে পৃথিৱীৰ অধিক পৰিমাণৰ তাপ পুনৰ আঁতৰি যাব। ইয়াৰ ফলত পৃথিৱীখন শীতল হৈ পৰিব (প্রায় ১৮° ছেন্টিগ্রেড) আৰু ইয়াৰ পৰিৱেশত জীৱ জীয়াই থাকিব নোৱাৰা হ’ব। বায়ুমণ্ডলত থকা সেউজগৃহ গেছসমূহে আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখা বাবে ইয়াত মানুহ আৰু অন্যান্য জীৱসমূহে বৰ্তি থাকিব পাৰিছে। কিন্তু মানুহৰ কাৰ্য-কলাপৰ লগতে বিভিন্ন প্রাকৃতিক কাৰণত যোৱা দশককেইটাও সেউজগৃহ গেছৰ গাঢ়তা বৃদ্ধি পাইছে। বিজ্ঞানীসকলে নিৰ্ণয় কৰিছে যে যোৱা শতিকাৰ প্ৰথম ভাগৰ পৰা এতিয়ালৈকে পৃথিৱীৰ গড় উষ্ণতা ০.৩-০.৬.২ ছেন্টিগ্রেড বৃদ্ধি পাইছে। 

১৫০ বছৰ পূৰ্বে আৰম্ভ হোৱা উদ্যোগিক বিপ্লৱৰ পৰা মানুহৰ বিভিন্ন কার্যকলাপে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। ১৭৫০-২০০০ চনৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তা যথাক্রমে ৩.১%, ১৭১% আৰু ১৭% বৃদ্ধি পাইছ (আই. পি. চি.চি., ২০০১)। সেউজগৃহ গেছসমূহে এখন আৱৰণৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোকেই গোলকীয় উষ্ণায়ণ বা উষ্ণতা বৃদ্ধি বুলি কোৱা হৈছে। 

৩০। অ’জন স্তৰৰ ক্ষয় কি ? ইয়াৰ প্ৰভাৱ সম্পর্কে লিখা। (What is the depletion of the ozone layer ? Write about its effects.) 

উত্তৰঃ অ’জন হৈছে এবিধ শেতা নীলা বৰণৰ গেছ। এই গেছ ষ্ট্রেট স্ফিয়েৰ স্তৰত অধিকভাৱে থাকে। পৃথিৱীৰ ভূ-পৃষ্ঠৰ পৰা ৫০ কিঃমিঃ উচ্চতালৈকে অজ’ন বিয়পি থাকে। সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া (UV) বিকিৰণৰ এটা ডাঙৰ অংশ অ’জন গেছে শোষণ কৰি লয় আৰু ইয়াৰ দ্বাৰা সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীৰ জীৱকুলক ৰক্ষা কৰে। অৱশ্যে অতি বেঙুনীয়া ৰশ্মিৰ এটা ক্ষুদ্র অংশ আহি পৃথিৱীৰ নিম্নস্তৰ পায়হি। পৃথিৱীৰ ভূ-পৃষ্ঠৰ পৰা ২৫-৩০ কিঃমিঃ উচ্চতা ষ্ট্ৰেট স্ফিয়েৰত অ’জনৰ গাঢ়তা সৰ্বাধিক প্রায় ১০ পি.পি. এম হয়। সম্প্রতি অ’জন স্তৰ ক্ষয়প্রাপ্ত হোৱা বিষয়টোক লৈ যথেষ্ট সমালোচনা হৈছে আৰু এই সমস্যাটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰিছে। অ’জন ক্ষয়প্রাপ্ত হোৱা সমস্যাটো আৰু ইয়াৰ ক্ষতিকৰ প্ৰভাৱে পৃথিৱীৰ জীৱকুললৈ অস্তিত্বৰ ভাবুকি কঢ়িয়াই আনিছে। মাৰাত্মক আৰু ক্ষতিকৰ অতি বেঙুনীয়া ৰশ্মি পৰিবলৈ নিদিয়াকৈ জীৱমণ্ডলীয় পৰিস্থিতিতন্ত্ৰৰ ওপৰত এখন আৱৰণৰ দৰে কাম কৰা বাবে অ’জনৰ ভূমিকা অতি মহত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ। 

এই স্তৰ নাথাকিলে সূৰ্যৰ সকলো অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ ওপৰপৃষ্ঠ পাবহি আৰু ইয়াৰ ফলত বায়ুমণ্ডলৰ নিম্নস্তৰৰ উষ্ণতা এনেদৰে বৃদ্ধি পাব যে এই উষ্ণতাত কোনো জীৱই পৃথিৱীত জীয়াই থকাটো সম্ভৱ নহয়। 

অ’জন স্তৰৰ ক্ষয়ৰ প্ৰভাৱত গোলকীয় উত্তাপ ক্রমাৎ বাঢ়িবলৈ ধৰিছে। 

৩১। পাৰিস্থিতিক ভাৰসাম্য মানে কি ? এটা পৰিৱেশনিকায় হিচাপে ক্ৰান্তীয় তৃণভূমিৰ বিষয়ে আলোচনা কৰা। (What do you mean by Ecological balance ? Discuss the tropical grassland as an ecosystem ?) 

উত্তৰঃ পাৰিস্থিতিক ভাৰসাম্য জীৱ-ভূগোলৰ এক অপৰিহাৰ্য বিষয়। পৰিৱেশতন্ত্র বা সানিবেশনিকায় (Eco-system) সুস্থিৰ অৱস্থাকে পাৰিস্থিতিক ভাৰসাম্য বা Ecological Balance বুলি কোৱা হয়। কোনো এক পৰিৱেশতন্ত্ৰৰ প্ৰাকৃতিক তথা আৰ্থ-সামাজিক কাৰকবোৰৰ অনুপাতিক উপস্থিতিৰ পৰিপ্ৰেক্ষিতহে জীৱবোৰে সেই পৰিৱেশত অতিকৈ সুস্থিৰ অৱস্থাত বসবাস কৰিব পাৰে। সেইবোবে একো একোটা অঞ্চলৰ বা পৰিৱেশৰ সৰ্বাত্ম উন্নতি নিৰ্ভৰ কৰে সেই অঞ্চলটোৰ পাৰিস্থিতিক ভাৰসাম্যতাৰ ওপৰত। পাৰিস্থিতিক ভাৰসাম্যতা অবিহনে সেই অঞ্চলটোৰ অন্তৰ্গত কোনো কাৰকেই সুস্থিৰ অৱস্থাত জীৱন ধাৰণ কৰিব নোৱাৰে। 

বর্তমান অৱস্থাত মানুহে ব্যক্তিগত লাভালাভৰ আশাৰে পাৰিস্থিতিক ভাৰসাম্যতাৰ কথ একেবাৰেই পাহৰি পেলায়। ফলস্বৰূপে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। 

পাৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰাৰ গুৰু দায়িত্ব অৱশ্যে মানৱ জাতিৰ ওপৰত সীমাবদ্ধ। সেয়েছে ধৰাৰ বুকুত মানৱে যি কাৰ্যকে নকৰক কিয় তাৰ বাবে সৰ্বপ্ৰথমে দৃষ্টি নিক্ষেপ কৰিব লাগি পাৰিস্থিতিক ভাৰসাম্যতাৰ ওপৰত। তেতিয়াহে মানৱৰ এই কাম প্ৰকৃততে মংগলময় কাম বুলি বিবেচিত হ’ব। 

ধাপৃষ্ঠৰ বিভিন্ন পৰিৱেশত বিভিন্ন ধৰণৰ উদ্ভিদ, প্রাণী বা অণুজীৱই বাস কৰি আহিছে। একে একোটা পৰিৱেশত একে লগে বা এক সমষ্টি হিচাপে বাস কৰা নানা প্ৰকাৰৰ উদ্ভিদ, প্রাণী আৰু অণুজীৱৰ সমষ্টিবোৰকে আমি পৰিৱেশনিকায় বা ‘Eco-system’ বুলি কওঁ। একে একোটা পৰিৱেশনিকায়ত থকা এই উদ্ভিদ, প্রাণী আৰু অণুজীৱবিলাককে পৰিৱেশ নিকায় উপাংশ হিচাপে লৈ এইবোৰক অজৈৱিক পদার্থ, উৎপাদক, উপভোক্তা আৰু বিয়োজক বুলি কোৱা হয়। 

সাধাৰণতে একো একোটা পৰিৱেশ নিকায়ৰ উদ্ভিদবোৰক উৎপাদক, প্ৰাণীবোৰক উপভোক্তা, অণুজীৱবোৰ বিয়োজক আৰু পৰিৱেশত থকা পানী, মাটি, বতাহ, বায়ু আৰু নানা প্ৰকাৰৰ মৌলিক পদার্থসমূহ হ’ল অজৈৱিক পদার্থ । ধৰা পৃষ্ঠৰ সকলোবিলাক পৰিৱেশনিকায়তে উ এই উপাংশবোৰৰ অস্তিত্ব আছে। তলত ধাপৃষ্ঠৰ ক্ৰান্তীয় তৃণভূমি নামেৰেও এটা পৰিৱেশনিকা আছে। এই নিকায়টোৰ পাৰিৱেশিক উপাংশবোৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।

ক্রান্তীয় অঞ্চল বুলিলে সাধাৰণতে কৰ্কটক্রান্তি আৰু মকৰক্ৰান্তি ৰেখাৰ আশে-পাশে অৱস্থিত ঠাইবোৰকে বুজায়। অৱশ্যে এই অঞ্চলবোৰৰ সকলোবিলাক ঠাইৰ প্ৰাকৃতিক পৰিৱেশ এবে ধৰণৰ নহয়। ক্রান্তীয় অঞ্চলৰ সকলোবিলাক ঠাইৰ উষ্ণতা অৱশ্যে সদায়ে কিছু বেছি। কিন্তু বাৰ্ষিক বৃষ্টিপাত পৰিমাণ একে সমান নহয়। সাধাৰণতে ক্রান্তীয় অঞ্চলৰ যিবোৰ ঠাইৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ ১০০ ছেঃমিঃতকৈ কম সেইবোৰ ঠাইৰ জলবায়ু তুলনামূলকভাবে শুকান হোৱা দেখা যায়। সেইবাবে এনেকুৱা ঠাইবোৰত ওখ আৰু ডাঙৰ-দীঘল বৃক্ষ জাতীয় গছ-গছনিতকৈ ঘাঁহজাতীয় উদ্ভিদহে বেছিকৈ গজে। ক্রান্তীয় অঞ্চলৰ ঘাঁহনিৰে পৰিপূৰ্ণ হৈ থকা অঞ্চলবিলাককে ক্রান্তীয় তৃণভূমি বুলি জনা যায়। নানা প্ৰকাৰৰ ঘাঁহনিবোৰৰ মাজে মাজে বিচৰণ কৰে হৰিণ, ম’হ, ঘোঁৰা, হাতী আদি নানা প্ৰকাৰৰ বনৰীয়া জীৱ-জন্তু। এনেকুৱা 

তৃণভূমিবোৰত চৰি ফুৰা হৰিণ বা ম’হৰ পিঠিত উঠি থকা দেখা যায় নানা তৰহৰ চৰাই চিৰিকটি। এই চৰাই চিৰিকটিবিলাকে জীৱ-জন্তুৰ দেহত পৰজীৱীৰূপে বাস কৰা নানা প্ৰকাৰৰ চিকৰা-মহ মাখি আদি খোৱাৰ উপৰিও হৰিণ বা অন্য জীৱ-জন্তুবোৰক সম্ভাব্য বিপদৰো আগজাননী দিয়ে । এতিয়া দেখা গ’ল ক্ৰান্তীয় তৃণভূমিৰ মৃত্তিকাত বিবিধ পোষক দ্ৰব্য আৰু বায়ুমণ্ডলৰ পৰা প্রয়োজনীয় মৌলবোৰৰ সহায়ত ঘাঁহবোৰ গজি উঠে। চৰণীয়া প্ৰাণীবোৰে শাহবোৰ খায়। পৰজীৱীবোৰে হৰিণৰ পৰা খাদ্য আৰু আশ্ৰয় আহৰণ কৰে আৰু এই পৰজীৱীবোৰক খাদ্য হিচাপে ব্যৱহাৰ কৰি সেই নিকায়ত বাস কৰিছে নানা প্ৰকাৰৰ চৰাই। চৰাইবোৰেই পৰোক্ষভাৱে হৰিণক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিও আহিছে। গতিকে দেখা যায় পৰিৱেশনিকায়টো সকলোবিলাক জীবই বা অজৈৱিক পদার্থই এটাই আনটোক পাৰস্পৰিক সহায় সহযোগিতা দেখুৱাই আহিছে। 

অন্যহাতে চৰণীয়া পশুৰ গাত থকা চিকৰাৰ নিচিনাকৈ ঘাঁহ-বনবোৰৰ পাতটোত নানা প্ৰকাৰৰ কীট-পতংগই বাস কৰে। এইবোৰক খাদ্য হিচাপে ব্যৱহাৰ কৰে পৰিৱেশনিকায়ৰ ভেকুলী, বেং, জেঠী, মকৰা আদি অন্য কেতবোৰ সৰু সৰু জীবই। ভালেমান চিকাৰী চৰাই আকৌ এই সৰু সৰু জীৱৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তি থাকে। পৰিৱেশনিকায়ত থকা নানা প্ৰকাৰৰ ভেঁকুৰ, বেক্টেৰিয়াই উদ্ভিদ বা প্ৰাণীৰ মৰি সৰি যোৱা অংশবোৰ বিয়োজন ঘটাই মাটিৰ উৰ্বৰতাও বঢ়াই আহিছে। আকৌ অন্যান্য মৌলিক পদার্থ অক্সিজেন, নাইট্ৰ’জেন, কার্বন-ডাই-অক্সাইড, পটাছ, কেলছিয়াম আদিয়ে ঘাঁহনিবোৰ আৰু জীৱবোৰৰ উৎপত্তি আৰু বৃদ্ধিত সহায় কৰিছে। গতিকে দেখা যায় যে এই সকলোবিলাক উপাংশৰ সহযোগিতাৰ ফলতহে ক্ৰান্তীয় তৃণভূমি নামৰ পৰিৱেশনিকায়টোৰ পূৰ্ণ বিকাশ ঘটিবলৈ। সক্ষম হৈছে। এই উপাংশবোৰৰ যিকোনো এটাৰ অভাৱ হ’লেই পৰিৱেশনিকায়ৰ ভাৰসাম্যতা বিন্যস্ত হ’ব আৰু তেতিয়া সমস্ত নিকায়টোত নানা প্রকাৰৰ বিশৃংখল বা বিঘিনীয়ে গা-কবি উঠিবলৈ সক্ষম হ’ব।

৩২। জীৱীয় অঞ্চল বুলিলে কি বুজা ? ধৰাপৃষ্ঠত দেখিবলৈ পোৱা মুখ্য জীৱীয় অঞ্চলবোৰ কি কি ? তুদ্ৰা জীৱীয় অঞ্চলৰ বিষয়ে চমুকৈ আলোচনা কৰা। (What do you mean by biotic region ? What are the main biotic regions we can see on the surface? Discuss briefly about tundra biotic region.)

উত্তৰঃ আমি ভালদৰে জানো যে, জীৱমণ্ডলৰ বিভিন্ন পৰিৱেশত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্রাণীসমূহ দেখা যায়। ধৰাপৃষ্ঠৰ সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীৰ বাবে যিদৰে ভিন্ন ভিন্‌ প্ৰকাৰৰ উত্তাপৰ প্ৰয়োজন তেনেদৰে ভিন্ন ভিন্ন জলবায়ু বা প্রাকৃতিক পৰিৱেশৰো আৱশ্যক। জলবায়ু আৰু অন্যান্য ‘কেতবোৰ কাৰবাৰ পৰিপ্ৰেক্ষিতত ধৰাপৃষ্ঠৰ ভিন্‌ ভিন্‌ অঞ্চলত ভিন্‌ ভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীয়ে বিচৰণ কৰা দেখা যায়। কিন্তু একো একোটা নিৰ্দিষ্ট পৰিৱেশত একো ধৰণৰ উদ্ভিদ আৰু একে প্রকৃতিৰ প্ৰাণীয়ে বসবাস কৰাও পৰিলক্ষিত হয়। প্ৰাণীবোৰে প্রাকৃতিক পৰিৱেশৰ লগত দৈহিক গঠন প্ৰণালীৰ বিশেষ পৰিৱৰ্তন নোহোৱাকৈ সহজে নিজকে খাপ খুৱাই ল’ব পাৰে, কিন্তু উদ্ভিদসমূহে পৰিৱেশৰ লগত খাপ খোৱাকৈ সিহঁতৰ দৈহিক গঠন প্রণালীও পৰিৱেশভেদে বেলেগ বেলেগ কৰি ল’বলৈ সক্ষম। সাধাৰণতে একেধৰণৰ উদ্ভিদ আৰু একেধৰণৰ প্ৰাণী বসবাস কৰা অঞ্চলবোৰক লৈ সমগ্ৰ ধৰাপৃষ্ঠক আমি কেইটামান অঞ্চলত ভাগ কৰিব পাৰো। 

একে প্ৰকৃতিৰ উদ্ভিদ আৰু একে প্ৰকাৰৰ প্ৰাণীৰ সমষ্টিৰে গঠিত এই অঞ্চলবিলাককে জীৱীয় অঞ্চল বা বায়’ম (Biotic region or Biome) বুলি কোৱা হয়। একো একোটা জীৱীয় অঞ্চলত যিদৰে একে উত্তাপ, বৃষ্টিপাত, দৈনিক আৰু ঋতুজনিত পৰিৱৰ্তন পৰিলক্ষিত হয় তেনেদৰে একোটা জীৱীয় অঞ্চলত এক নির্দিষ্ট শ্ৰেণীৰ উদ্ভিদহে জন্মে আৰু এইবোৰে এক নিৰ্দিষ্ট বা বিশেষ শ্ৰেণীৰ প্ৰাণীকহে আশ্রয় দিয়ে। 

ধাপৃষ্ঠত বাস কৰা নানা প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰৰ বিতৰণৰ ওপৰত লক্ষ্য কৰিছে দেখা যায় যে একো একোটা নির্দিষ্ট অঞ্চলত কেতবোৰ একেধৰণৰ গছ-গছনি বা ঘাঁহ-ক গজে আৰু এইবোৰক আশ্ৰয় কৰি সেইবোৰ অঞ্চলত কেতবোৰ বিশেষ প্ৰকাৰৰ প্ৰাণীহে বাস কৰে। সেয়েহে ধৰাৰ বুকুত বিচৰণ কৰা নানা তৰহৰ প্ৰাণী আৰু উদ্ভিদক লৈ সৰ্বমুঠ এঘাৰটা 

(১১) জীৱীয় অঞ্চল চিনাক্তকৰণ কৰা হৈছে। 

এই জীৱীয় অঞ্চল বা বায় ‘মবোৰ হ’ল—

(ক) তুদ্ৰা জীৱীয় মণ্ডল (Tundra Biotic Region)

(খ) টাইগা জীৱীয় মণ্ডল (Taiga Biotic Region) 

(গ) নাতিশীতোষ্ণ পৰ্ণপাতী গছৰ অৰণ্য অঞ্চল (Temperate deciduous Forest Biotic Region) –

(ঘ) নাতিশীতোষ্ণ তৃণভূমি (Temperate grassland Biotic Region) 

(৩) ভূমধ্যসাগৰীয় অঞ্চল (Mediterranean Biotic Region)

(চ) মৰুভূমি অঞ্চল (Desert Biotic Region) 

(ছ) ক্রান্তীয় তৃণভূমি অঞ্চল (Tropical Grassland Biotic Region) 

(জ) ক্রান্তীয় পৰ্ণপাতী অবশ্য অঞ্চল (Tropical deciduous Biotic Region)

(ঝ) ক্রান্তীয় গুল্মভূমি (Tropical Savannah Biotic Region)

(ঞ) ক্রান্তীয় বৃষ্টিসিক অৰণ্য অঞ্চল (Tropical Rainforest Biotic Region)

(ট) পার্বত্য অঞ্চল (Mountainous Biotic Region)। 

তলত এইবোৰৰ ভিতৰত তৃজা জীৱীয় অঞ্চলৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল— 

তুন্দ্ৰা জীৱীয় অঞ্চল: অৱস্থানৰ ক্ষেত্ৰত এই জীৱীয় অঞ্চলটো দুয়ো গোলার্ধতে বিশেষকৈ মেৰুৰ নিকটৱৰ্তী অঞ্চলত দেখা যায়। উত্তৰ গোলাৰ্ধত এই অঞ্চলটো সুমেক বৃত্তৰ উত্তৰে অবিচ্ছিন্নভাবে আছে। তেনেদৰে দক্ষিণ গোলাৰ্ধৰ টিয়েবা ডেলফি’ নামৰ সৰু দ্বীপ কেইটামানৰ বাহিৰে অন্যত ইয়াৰ অৱস্থিতি দেখা নাযায়। উত্তৰ গোলাৰ্ধত এই অঞ্চল অলঙ্কাৰ পৰা লাত্ৰাডাৰ আৰু গ্ৰীণলেণ্ডৰ দক্ষিণ সীমাৰে ছাইব্ৰেৰীয়াৰ পুত্ৰ সীমালৈ বিয়পি আছে। এই অঞ্চলটো বছৰৰ সৰহ ভাগ সময় ফাবৃত হৈ থাকে। ইয়াত বাৰ্ষিক উত্তাপ ১৫.৫° ছেলচিয়াছৰ ওপৰলৈ কোনো সময়তে নুঠে, তেনেদৰে বাৰ্ষিক বৃষ্টিপাত পৰিমাণো ২৫৪ মিলিমিটাৰতকৈ কম। ইয়াৰ মাটি বা মৃত্তিকাও তেনেই অনুৰ্বৰ আৰু বৰফাবৃত।

বছৰৰ সকলো সময়তে উত্তাপ একেবাৰে কম আৰু বৰষুণৰ মাত্ৰা তেনেই সীমিত হোৱা হেতুকে তুন্দ্রা অঞ্চলত একে বাবে নিম্নখাপৰ শেলুৱৈ আৰু গুল্ম জাতীয় উদ্ভিদৰ বাহিৰে অন্য একো নাই। গ্রীষ্মকাল তেনেই খন্তেকীয়া। গ্ৰীষ্মৰ সময়ত অঞ্চলটো নানা প্ৰকাৰৰ শেলুৱৈ জাতীয় ফুলেৰে সুশোভিত হৈ পৰে। উদ্ভিদবোৰৰ জীৱনকাল অতিকৈ চুটি। শীতৰ প্ৰচণ্ড ঠাণ্ডাত ঠাইবোৰ বৰফাবৃত হোৱা হেতুকে উদ্ভিদবোৰ মৰহি যায়। এই অঞ্চলত দেখিবলৈ ধ পোৱা প্ৰাণীবোৰৰ ভিতৰত ঠাই সলাই ফুৰা চৰাই, বগা ভালুক, বগা শিয়াল, বন্ধা হৰিণ, কস্তুৰী মৃগ, কুকুৰনেচীয়া বাঘ, তুদ্ৰা কুকুৰৰ লগতে ইয়াৰ জলভাগত ছিল, তিমি, সিন্ধুঘোটক আদি নানা প্ৰকাৰৰ সামুদ্রিক প্রাণী আৰু মাছ-কাছ দেখা যায়। প্রচণ্ড শীতৰ বাবে তুলা ভূমিত সম্ভৱতঃ কোনোবিধৰ সৰীসৃপে বাস নকৰে। তৃণভোজী ভালেমান প্রাণীয়ে শীতকালত ওচৰৰ টাইগা অৰণ্যলৈ প্ৰব্ৰজন কৰি শীত আৰু খাদ্যৰ অভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম । তুন্দ্ৰাৰ প্ৰাণীবোৰৰ দেহটো নানা প্ৰকাৰৰ নোমেৰে ঢাকখোৱা হেতুকে ঠাণ্ডাৰ পৰা কিছু সকাহ পায়। আকালি এই অঞ্চলৰ চৰাইবিলাকো বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰে। সৰু আকৃতিৰ ভালেমান স্তন্যপায়ী প্রাণী যেনে- শহাপহু, শিয়াল, কুকুৰনেচীয়া বাঘ, লেমিং আদিয়ে জাৰকালি বৰফৰ তলত সোমাই শীতৰ প্ৰকোপৰ পৰা নিজকে ৰক্ষা কৰে। 

তুলা অঞ্চলৰ নোমযুক্ত জন্তুৰ ছাল অতিকৈ মূল্যবান সামগ্ৰী বুলি গণ্য কৰে। এইবোৰ বিক্ৰী কৰি বহুতো তুন্দ্ৰাবাসীয়ে জীবিকা। নিৰ্বাহ কৰিবলৈকেও সক্ষম হৈছে। তুন্দ্ৰা অঞ্চলৰ অধিবাসীবোৰৰ কোনো স্থায়ী ঘৰ নাই। এই অঞ্চলৰ অধিবাসীবোৰৰ ভিতৰৰ এক্সিম’, লেপ, ফিন, ছামোরেদ আদি অন্যতম। চিকাৰেই এওঁলোকৰ মুখ্য আৰু একমাত্ৰ জীৱিকা। চিকাৰ কৰা জন্তু আৰু মাছ তুদ্ৰাৰ লোকৰ মুখ্য খাদ্য। ছালেৰে সজা তম্বুৰ ঘৰত বাস কৰে। ঠায়ে ঠায়ে ঈগলু’ নামৰ বৰফৰ ঘৰতো এইলোকে বসবাস কৰে। ‘কায়ক’ নামৰ নাও আৰু বৰফৰ ওপৰত কুকুৰেৰে টনা শ্লেজগাড়ীয়েই পৰিবহনৰ মুখ্য সামগ্রী বা বাহন। মুঠতে তুন্দ্ৰাৰ অধিবাসীবোৰৰ জীৱন সংগ্রাম অতিকৈ কঠিন প্রকৃতিৰ। 

৩৩। নিৰক্ষীয় বৃষ্টিসিক্ত অৰণ্য অঞ্চল আৰু ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ মাজত দেখিবলৈ পোৱা প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা। (Discuss the main features that can be seen between obscura Forests and tropical grasslands.) 

উত্তৰঃ ধাপৃষ্ঠত শ্ৰেণীবিভাজন কৰি স্থিৰ কৰা জীৱীয় অঞ্চল কেইটাৰ ভিতৰত দুটা প্ৰধান বায়’ম বা জীৱীয় অঞ্চল হ’ল – নিৰক্ষীয় বৃষ্টিসিত অৰণ্য অঞ্চল আৰু ক্ৰান্তীয় তৃণভূমি অঞ্চল। এই অঞ্চল দুটাত দেখিবলৈ পোৱা মুখ্য বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল। 

নিৰক্ষীয় বৃষ্টিসিক্ত অৰণ্য অঞ্চলৰ বৈশিষ্ট্য: এই অঞ্চলটো বিষুৱৰেখাৰ পৰা ১০ উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। বছৰৰ প্ৰতিদিনেই ইয়াত গ্ৰীষ্ম জলবায়ু অনুভৱ হয়। ঋতুৰ পৰিৱৰ্তন নঘটে। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২৫-২৭ °C। পৰিচলন প্ৰক্ৰিয়াবে প্রতিদিনে ইয়াত বৰষুণ হয়। বৰষুণৰ গড় পৰিমাণ ২০৩ ছেঃ মিটাৰ। এই অঞ্চল প্ৰধানকৈ আমাজান অৱবাহিকা, কংগো অৱবাহিকা, ইণ্ডোনেছিয়া, মালয় উপদ্বীপ, নিউগিনি আবা ফিলিপাইনৰ অন্তৰ্গত। গৰম আৰু আৰ্দ্ৰ জলবায়ু হোৱা হেতুকে নিৰক্ষীয় বৃষ্টি সিক্ত অঞ্চলটো উদ্ভিদৰ বৃদ্ধিৰ বাবে অতিকৈ অনুকূল। সেইবাবে এই অঞ্চলটো বৃহৎ বৃহৎ পাতযুক্ত চিৰসেউজীয়া গছৰ নিবিড় অৰণ্যেৰে আৱৰা। বছৰৰ কোনো সময়তে গছৰ পাতবোৰ সৰি উদং হৈ নপৰে। জলবায়ু চিৰদিন উষ্ণ আৰু আৰ্দ্ৰ অৱস্থাতে থকা বাবে এই অঞ্চলটোৰ প্ৰায়ভাগ ঠাই নানা প্ৰকাৰৰ গছ-গছনিৰে পৰিপূৰ্ণ। এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে এই অৰণ্য অঞ্চলত প্রায় ১,০০,০০০ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰা হৈছে। এই অঞ্চলত দেখ উদ্ভিদবোৰৰ তিনিটা মুখ্য বৈশিষ্ট্য আছে। এইকেইটা হ’ল- 

(ক) গছ-গছনিবোৰ নানা তৰহৰ একেজাতীয়বোৰ বহুদূৰ জুৰি সিঁচৰতি হৈ থাকে। 

(খ) উদ্ভিদবোৰৰ উচ্চতা ভিন্‌ ভিন্‌। একে উচ্চতাৰ উদ্ভিদবিলাকে অৰণ্য অঞ্চলত একো একোটা আকাশী ৰেখা সৃষ্টি কৰে। 

(গ) এই অৰণ্যত অসংখ্য শ্ৰেণীৰ বিভিন্ন ৰোহিনী লতা, পৰাশ্রয়ী উদ্ভিদ, কাষ্ঠল লতা, শেলাই আৰু ঢেঁকীয়াজাতীয় উদ্ভিদো দেখা যায়। এই অঞ্চলৰ অৰণ্যবোৰ ইমানে ঘন যে এইবোৰৰ পাত আৰু ডালবোৰে উপৰিভাগ এনেকৈ ঢাকি ৰাখে যে সূৰ্যৰ পোহৰ নিম্নাংশৰ মাটিত পৰিব নোৱাৰে।

নিৰক্ষীয় অঞ্চলৰ এই দুর্গম অৰণ্য অঞ্চলে প্ৰাণীৰ কাৰ্যকলাপ আৰু বসবাসৰ বাবে এটা জটিল পৰিবেশৰ সৃষ্টি কৰিছে। গছ-গছনিবোৰৰ খলপীয়া অৱস্থাৰ লগত খাপ খোৱাকৈ ইয়াৰ প্ৰাণীসমূহ বিতৰণো পৰিলক্ষিত হয়। এই অঞ্চলৰ নিম্নাংশৰ সেমেকা অঞ্চলত সৰীসৃপ আৰু উভস বৰ্গৰ প্ৰাণীবোৰৰ বাহিৰে বৃহৎ দেহৰ কোনো স্তন্যপায়ী প্রাণী দেখা নাযায় । এই দুর্গম অৰণ্যত কোনো প্ৰকাৰৰ পদাচাৰী প্ৰাণী বাস নকৰে। গছ-গছনিবোৰ মূলতঃ সপুষ্পক হোৱা হেতুকে ফল আৰু ফুলৰ ওপৰত আশ্ৰয় কৰি বাস কৰা জীৱ-জন্তুৰ সংখ্যা যথেষ্ট। সাধাৰণতে নান প্ৰকাৰৰ পক্ষী আৰু গছ বগাই ফুৰিব পৰা বান্দৰ, কেৰ্কেটুৱা জাতীয় স্তন্যপায়ী প্ৰাণীৰ পৰিমাণ সর্বাধিক। সীমান্তৱৰ্তী অঞ্চল তুলনামূলকভাৱে পাতল অৰণ্যত বাঘ, সিংহ, ভালুক, হাতী, গ আদিও কিছু পৰিমাণে দেখা যায়। 

সমগ্ৰ অঞ্চল অটব্য অৰণ্যৰ দ্বাৰা আবৃত হোৱা হেতুকে আৰু জলবায়ুও উপযোগী নোহো বাবে এই অঞ্চলত মানুহৰ বসতি তেনেই পাতল। কৃষিৰ অনুপযোগী হোৱা বাবে জীৱ-জন্তু চিকাৰেই অধিবাসীবোৰৰ প্ৰাথমিক জীৱিকা। অৱশ্যে বৰ্তমান অৱস্থাত ঠাই বিশেষে ৰবৰ, কুঁহিয়াৰ, কলগছ, কফি আদিৰ বাগিচা পতাও দেখা যায়।

ক্রান্তীয় তৃণভূমিৰ বৈশিষ্ট্য: ক্রান্তীয় তৃণভূমিবোৰ মূলতঃ কৰ্কটক্রান্তি আৰু মকরক্রান্তি ৰেখাৰ নিকটৱৰ্তী অঞ্চলত দেখা যায়। সাধাৰণতে এই অঞ্চলৰ যিবোৰ ঠাইত বৰষুণৰ পৰিমাণ সীমিত সেইবোৰ ঠাই গছ-গছনিৰ বাহিৰে ঘাঁহনিৰে পৰিপূৰ্ণ হৈ থাকে। ক্রান্তীয় অঞ্চলৰ এই তৃণভূমিবোৰকে ক্রান্তীয় তৃণভূমি বা চাভানা নামেৰে জনা যায়। এই অঞ্চলত বাৰ্ষিক উত্তাপৰ পৰিমাণ ২০°-২১°C আৰু বৰষুণৰ মাত্ৰা ১০০ ছেঃ মিটাৰৰ ভিতৰতে থাকে। ইয়াত ঋতুৰ পৰিৱৰ্তন ঘটে। এই অঞ্চলবোৰ সাধাৰণতে নিৰক্ষীয় অৰণ্য ভূমি আৰু ক্ৰান্তীয় মরুভূমিবোৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত। বিশেষকৈ দক্ষিণ আমেৰিকাৰ দক্ষিণ অংশত, মধ্য আৰু দক্ষিণ আফ্ৰিকাত আৰু অষ্ট্ৰেলিয়াৰ বিশাল অঞ্চলত এই শ্ৰেণীৰ তৃণভূমি আছে। ঠাইভেদে এই তৃণভূমিবোৰক স্থানীয় নামেৰেও নামকৰণ কৰা হৈছে। সেইবাবে দক্ষিণ আমেৰিকাত ইয়াক ‘কেম্পচ’ আৰু ‘লানোজ’ আফ্ৰিকাত ‘চাভানা’ আৰু অষ্ট্ৰেলিয়াত ‘ডাউনচ্’নাম ৰখা হৈছে। 

ক্রান্তীয় তৃণভূমিবোৰ প্ৰধানকৈ নানা প্ৰকাৰৰ ঘাঁহনিৰে পৰিপূৰ্ণ। ঘাঁহনিবোৰ ওখ আৰু এইবোৰৰ উচ্চতা ডেৰমিটাৰৰ পৰা পাঁচমিটাৰ পৰ্যন্ত হোৱা দেখা যায়। উল্লেখযোগ্য যে চাভানা তৃণভূমি অঞ্চলত ঘাঁহনিবোৰৰ মাজে মাজে কেতবোৰ ছুটি-চাপৰ গুল্মও দেখা যায়। এই অঞ্চলৰ তৃণভূমিবোৰ কেবাতৰপীয়া নহয়। অঞ্চলটোত ঋতু পৰিৱৰ্তন হোৱা হেতুকে শীতকালত ঘাঁহনিবোৰ শুকাই একেবাৰে তৰ-তৃণহীন হৈ পৰে। তেতিয়া এই অঞ্চলৰ প্ৰাণীবোৰ দাঁতিকাষৰীয়া অঞ্চললৈ প্ৰব্ৰজন ঘটে। চাভানা তৃণভূমিবোৰত মূলতঃ নল, খাগৰি, ইকৰা জাতীয় ওখ শ্ৰেণীৰ ঘাঁহ গজে। এই তৃণভূমিবোৰক আশ্ৰয় কৰি এইবোৰত হৰিণ, জিৰাফ, ছাগলী, ভেঁড়া, জেব্রা, গঁড় আদি বিবিধ তৃণভোজী প্রাণীয়ে চৰি ফুৰে। আনহাতে এই ঘাঁহনিবোৰত চৰি ফুৰা জীৱ জন্তুক খাদ্য হিচাপে পোৱা আশাত ক্রান্তীয় তৃণভূমিবোৰত বাঘ, সিংহ, ভালুক, ঘোং আদি মাংসহাৰী কেতবোৰ প্রাণীও বিচৰণ কৰে। তৃণভোজী আৰু মাংসহাৰী প্ৰাণীৰ উপৰিও ক্রান্তীয় তৃণভূমিবোৰত নানা তৰহৰ চৰাই, কীট-পতংগও উৰি ফুৰা দেখা যায়। এইবোৰে তৃণভূমিত চৰিফুৰা প্ৰাণীবোৰৰ দেহত পৰজীৱী হিচাপে বাস কৰা চিকৰা, মাখি, মহ আদি খাই জীয়াই থাকে।

ক্রান্তীয় তৃণভূমিবোৰ পশুপালনৰ বাবে উপযোগী। সেইবাবে পশুপালনেই চাভানা তৃণভূমিৰ অধিবাসীসকলৰ মুখ্য জীৱিকা। কোনো কোনো অঞ্চলত চিকাৰী বৃত্তিধাৰীও দেখা যায়। আজিকালি ভালেমান তৃণভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষিকাৰ্যৰ ব্যৱস্থা কৰা হৈছে। বহুতো ঠাইত বাণিজ্যিক ভিত্তিত পশুপালনো কৰা দেখা গৈছে। 

৩৪। প্রাণী-ভূগোলীয় পৰিমণ্ডল মানে কি বুজা ? আধুনিক ভূগোল বিজ্ঞানীসকলে স্থিৰ কৰা প্ৰাণী- ভূগোলীয় পৰিমণ্ডলবোৰৰ নাম লিখা। চিত্ৰৰ সহায়ত এইবোৰৰ বিতৰণ দেখুওৱা। (What do you mean by animal geography ? Write the names of the geographical regions of animals determined by modern geographers.Show the distribution of these with the help of diagrams.) 

উত্তৰঃ ধাপৃষ্ঠৰ বিবিধ প্রাকৃতিক পৰিৱেশত, বিবিধ ধৰণৰ উদ্ভিদ আৰু প্ৰাণীসমূহ বিতৰণ দেখা যায়। উল্লেখযোগ্য যে যিহেতু উদ্ভিদ সমূহে নিজ ইচ্ছা অনুসৰি এঠাইৰ পৰা অইন। এঠাইলৈ চলা-ফুৰা কৰিব নোৱাৰে সেইবাবে উদ্ভিদৰ প্ৰকৃতি অনুসৰি শ্ৰেণীবিভাজন কৰাৰ যথেষ্ট সুবিধা। কিন্তু প্রাণীবোৰে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন কাৰণত এখন ঠাইৰ পৰা অইন এখন ঠাইলে নিজে নিজে চলা-ফুৰা কৰি থাকে। সেইবাবে প্ৰাণীবোৰ বহুত কম মাত্ৰাত উদ্ভিদতকৈ প্রাকৃতিক পৰিৱেশৰ দ্বাৰা নিয়ন্ত্রিত হয়। খাদ্য বস্তু অনুসৰি কিছুমান উদ্ভিদ আৰু প্ৰাণীৰ সমাবেশ দেখা যায়। প্রাণী এবিধ তৃণভোজী নে মাংসভোজী তাৰ ভিত্তিত উদ্ভিদৰ লগত ইয়াৰ সম্বন্ধ পৰোক্ষ নে প্ৰত্যক্ষ সেইটো নিৰ্ভৰ কৰে। সাধাৰণতে অৰণ্য, চাভানা, তৃণভূমি আৰু মৰুভূমিত একে জাতীয় প্ৰাণীৰ সমাবেশ থাকিলেও ইটো অঞ্চলৰ প্ৰাণীক সিটো অঞ্চলত দেখিবলৈ পোৱা যায়। আনহাতে উচ্চ স্তৰৰ প্ৰাণীবোৰ ভ্ৰাম্যমান আৰু প্ৰতিকূল পৰিৱেশতো খাপ খাই থাকিব পাৰে বাবে উদ্ভিদৰ দৰে ইহঁতে সমাৱেশ স্থাপন নকৰে। 

সেইবাবে উদ্ভিদৰ দৰে প্ৰাণীবোৰ বিতৰণৰ ভিত্তিত ধৰাপৃষ্ঠক কেইটামান প্রাণীমণ্ডলত ভাগ কৰিবলৈ যথেষ্ট অসুবিধা হয়। তথাপিও বর্তমান জীৱবিজ্ঞানী আৰু ভূগোলবিজ্ঞানীসকলে একো একোটা অঞ্চলত সাধাৰণতে দেখিবলৈ পোৱা প্ৰাণী কেতবোৰৰ সমাবেশৰ ভিত্তিত ভূ-পৃষ্ঠক কেতবোৰ অঞ্চলত ভাগ কৰিবলৈ প্ৰয়াস কৰিছে। প্ৰাণীবোৰৰ সমাবেশৰ ওপৰত নিৰ্ভৰ কৰি ধৰা পৃষ্ঠক ভাগ কৰা এই অঞ্চলবিলাকে প্রাণী ভূগোলীয় পৰিমণ্ডলৰ বা Zoo-geographical Region বুলি কোৱা হয়। এইক্ষেত্ৰত বিভিন্ন প্রাণীবোৰৰ সমাবেশৰ মাজত সীমাৰেখা টনাত ভূ-প্রকৃতি, জলভাগ, পানীৰ লৱণতা, উদ্ভিদ, চৰম উত্তাপ, সূৰ্যৰ পোহৰ, খাদ্য সামগ্ৰী আদি প্রাকৃতিক, জলবায়রিক আৰু জৈৱিক কাৰক কিছুমানে সহায় কৰিছে।

ধৰা পৃষ্ঠক প্ৰাণীৰ সমাৱেশৰ ভিত্তিত ভাগ কৰাটো প্ৰকৃততে এক দুৰূহ কার্য। 

তথাপিও বিভিন্ন সময়ত বিভিন্ন গৰাকী বিজ্ঞানীয়ে সমগ্ৰ পৃথিৱীত বিচৰণ কৰা প্ৰাণীবোৰৰ বাসস্থানৰ ভিত্তিত পৃথিৱীখনক ভাগ ভাগ কৰিবলৈ লৈছে। এই ক্ষেত্ৰত ‘চাৰ্লচ ডাৰউইন’ৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱবিজ্ঞানী আৰু ভূগোলবিজ্ঞানীসকলে বিভিন্ন সময়ত কৰা এনেকুৱা ভাগবোৰৰ ভিতৰত ১৯৫৪ চনত কেনডেই (Kendeigh) নামৰ বিজ্ঞানী গৰাকীয়ে একেধৰণৰ লক্ষণ বিশিষ্ট প্ৰাণীৰ বাসস্থানৰ ভিত্তিত স্থলভাগক যি মূল আৰু কেতবোৰ উপপ্রাণী ভূগোলীয় পৰিমণ্ডলত ভাগ কৰিছে তাক সকলোৰে গ্ৰহণযোগ্য বুলি জানিব পৰা গৈছে। আধুনিক ভূগোল  বিজ্ঞানীসকলেও কেনডেইযৰ এই ভাগবোৰক যুক্তি সংগত বুলি মানি লৈছে। 

আধুনিক ভূগোল বিজ্ঞানীসকলে স্থিৰ কৰা এই প্রাণী-ভূগোলীয় পৰিমণ্ডলবোৰৰ নাম তলত উল্লেখ কৰা হ’ল—

(ক)আর্ক’জিয়া বা উত্তৰ ভূ-ভাগ (Arctica or Northern land) আর্ন্ত জিয়াক আকৌ তিনিটা উপভাগত ভাগ কৰা হৈছে।

এই তিনিটা হ’ল —-

(১) পূর্ণ সুমেৰু অঞ্চল (Holaretic) 

(i) পূবৰ প্রাচীন সুমেৰু অঞ্চল (Palearctic) 

(ii) পশ্চিমৰ নব্য সুমেৰু অঞ্চল (Nearetic)

(২) ইথিয়’পীয় অঞ্চল (Ethiopian)

(৩)প্রাচ্য অঞ্চল (Oriental)

(খ) নিয় জিয়া বা নতুন ভূ-ভাগ (Neogea or New land)

(গ) নট’ জিয়া বা দক্ষিণৰ ভূ-ভাগ (Notogea or Southern land) নট’ জিয়াৰো দুটা উপভাগ আছে। এই ভাগ দুটা হ’ল –

(i) অষ্ট্ৰেলীয় অঞ্চল (Australian 

(ii) পলিনেছীয় হাৱাই অঞ্চল (Polynesian-Hawaiian)

তলত এই মুখ্য প্রাণী-ভূগোলীয় পৰিমণ্ডলকেইটাৰ বিতৰণ সম্পর্কে তথ্য দেখাবলৈ মানচিত্ৰখন অংকন কৰা হ’ল- 

৩৫। প্ৰাণী-ভূগোলীয় পৰিমণ্ডল আৰু জীৱীয় অঞ্চলৰ মাজত পাৰ্থক্য কি ? এ. আৰ. বালেছে ভাগ কৰা প্ৰাণী-ভূগোলীয় পৰিমণ্ডলবোৰ কি কি? মানচিত্ৰত এই পৰিমণ্ডল কেইটাৰ অৱস্থান দেখুওৱা। (What is the difference between an animal’s geography and a biological region ? What are the geographical zones divided by A. R. Wallace ? Show the location of these circles on the map.)

উত্তৰঃ আমি জানো যে ধাপৃষ্ঠৰ ভিন্‌ ভিন্‌ অঞ্চলত ভিন্‌ ভিন্‌ প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হৈছে। এই ভিন্ন ভিন্ন প্রাকৃতিক পৰিবেশত ভিন্ন ভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীসমূহে বাসস্থান পাতিছে। সেইবাবে ধৰাপৃষ্ঠৰ বিভিন্ন অঞ্চলত সমাবেশ ঘটা উদ্ভিদ তথা প্রাণীবোৰৰ বিষয়ে পূৰ্ণজ্ঞান আহৰণৰ বাবে এইবোৰৰ শ্ৰেণীবিভাজন অতিকৈ প্ৰয়োজন। প্রাণী-ভূগোলীয় পৰিমণ্ডল আৰু জীৱীয় অঞ্চল হ’ল তেনেকুৱা দুই প্ৰকৃতিৰ দুই প্ৰকাৰৰ ধৰাপৃষ্ঠৰ কেতবোৰ অঞ্চল। প্রাণী-ভূগোলীয় পৰিমণ্ডল হ’ল ধাপৃষ্ঠৰ বিভিন্ন প্রাকৃতিক পৰিবেশত সমাবেশ ঘটা প্ৰাণীবোৰৰ ওপৰত ভিত্তি কৰি কৰা ধৰাপৃষ্ঠৰ কেতবোৰ অঞ্চল। 

প্রাণী-ভূগোলীয় পৰিমণ্ডলত অকল প্ৰাণীবোৰৰ বসতি বা সমাৱেশৰ কথাহে চিন্তা কৰা হয়। আনহাতে ধৰা পৃষ্ঠৰ একো একোটা প্রাকৃতিক অঞ্চলত একে প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ সমাৱেশ ঘটা দেখা যায়। প্রাণী আৰু উদ্ভিদ দুয়োৰো সমাৱেশৰ ভিত্তিত ধৰাৰ বুকুত সৃষ্টি হোৱা অঞ্চল বিলাককে জীৱীয় অঞ্চল বা Biotic Region বা বায়’ম বোলে। অর্থাৎ জীৱীয় অঞ্চলত একো একোটা প্রাকৃতিক পৰিৱেশত সহবাস কৰা প্ৰাণীবোৰৰ আৰু উদ্ভিদবোৰৰ কথা চিন্তা কৰা হয়। উল্লেখযোগ্য যে জীবীয় অঞ্চলৰ শ্ৰেণী বিভাজনৰ তুলনা প্রাণী-ভূগোলীয় পৰিমণ্ডলবোৰৰ শ্ৰেণী বিভাজন যথেষ্ট কষ্টসাধ্য আৰু দুৰূহ কার্য। কিয়নো প্রাণীবিলাকে নিজৰ ইচ্ছা অনুসৰি, আৱশ্যক অনুসৰি এঠাইৰ পৰা অইন এঠাইলৈ চলন-ফুৰণ কৰিব পাৰে। কিন্তু উদ্ভিদবিলাকে নিজে নিজে চলাচল কৰিব নোৱাৰে। প্ৰাণী-ভূগোলীয় পরিমণ্ডল আৰু জীৱীয় অঞ্চলৰ বিতৰণৰ ক্ষেত্ৰত দেখা যায় যে জীৱীয় অঞ্চলবোৰ মূলতঃ ধাপৃষ্ঠৰ উত্তাপ আৰু বৃষ্টিপাতৰ ভিত্তিতে কৰা হয় কিন্তু প্রাণী-ভূগোলীয় পৰিমণ্ডলবোৰ বিভিন্ন প্রাকৃতিক, জলবায়ৱিক আৰু জৈৱিক কাৰকৰ ভিত্তিত কৰা হয়। ধৰা পৃষ্ঠত সৰ্বমুঠ এঘাৰটা জীৱীয় অঞ্চল চিনাক্ত কৰা হৈছে কিন্তু পৃথিৱীখনক মূলতঃ তিনিটা প্ৰাণী-ভূগোলীয় পৰিমণ্ডলতহে ভাগ কৰা হৈছে। 

ধৰাপৃষ্ঠৰ ঠাইবিশেষে একেধৰণৰ প্ৰাণীৰ সমাৱেশৰ ভিত্তিত যিবোৰ ভাগ কৰা হৈছে সেই ভাগবোৰক প্ৰাণী-ভূগোলীয় পৰিমণ্ডল নামে নামকৰণ কৰা হৈছে। ধাপৃষ্ঠক প্রাণী-ভূগোলীয়। পৰিমণ্ডলত ভাগ কৰিবলৈ ভালেমান জীৱবিজ্ঞানী আৰু ভূগোল বিজ্ঞানীয়ে বিভিন্ন ধৰণে প্ৰয়াস কৰি আহিছে। তেনেকুৱা এগৰাকী বিজ্ঞানী হৈছে এ. আৰ. ৱালেছ। ৱালেছৰ পূৰ্বে P.l.

Selater নামৰ আন এগৰাকী জীববিজ্ঞানীয়ে পোন প্ৰথমবাৰৰ বাবে ১৮৫৭ চনত পৃথিৱীখনক ৬টা পক্ষীমণ্ডলত শ্ৰেণী বিভাজন কৰিছিল। কিন্তু এই ভাগবোৰত অন্যান্য বিজ্ঞানীসকলে সম্পূর্ণভাবে একমত হ’ব পৰা নাছিল। ইয়াৰ ৯ বছৰ পিচত চাৰ্লছ ডাৰউইনৰ সহযোগত এ. আৰ, বালেছে, লেটাৰৰ পক্ষীমণ্ডল সমূহৰে কিছু পৰিবৰ্তন কৰি পক্ষীমণ্ডলৰ সলনি প্রাণী ভূগোলীয় অঞ্চললৈ উন্নত কৰে। এই ভাগ ছয়টাকে বালেছৰ প্ৰাণী-ভূগোলীয় পৰিমণ্ডল নামে জনা যায়। 

ৱালেছে কৰা এই প্রাণী-ভূগোলীয় পরিমণ্ডল ছটা হ’ল —-

(ক) প্রাচীন সুমেৰু অঞ্চল (Palearctic Region) 

(খ) নৱ্য সুমেক অঞ্চল (Nearctic Region) 

(গ) নৱ ক্রান্তীয় অঞ্চল (Neotropical Region) 

(ঘ) ইথিয়’পীয় অঞ্চল (Ethiopian Region) 

(ঙ) প্রাচ্য অঞ্চল (Oriental Region)

(চ) অস্ট্রেলীয় অঞ্চল (Australian Region)

তলৰ মানচিত্ৰত বালেছে ভাগ কৰা এই প্রাণী-ভূগোলীয় পৰিমণ্ডলকেইটাৰ অৱস্থান দেখুওৱা হৈছে—

(ক) প্রাচীন সুমেৰু অঞ্চল: এই অঞ্চল সমগ্ৰ ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু এছিয়া মহাদেশৰ দক্ষিণ আৰু দক্ষিণ-পূৱৰ অংশৰ বাহিৰে সমগ্ৰ অঞ্চলক লৈ গঠিত।

(খ) নৱ্য সুমেৰু অঞ্চল: উত্তৰ আমেৰিকা, গ্রীনলেণ্ড আৰু আইচলেণ্ড এই অঞ্চলৰ অন্তর্গত। 

(গ) নৱক্ৰান্তীয় অঞ্চল: মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ঠাইবোৰ এই অঞ্চলৰ অন্তর্গত।

(ঘ) ইথিয়’পীয় অঞ্চল: মালাগাছি দ্বীপেৰে সৈতে ছাহাৰা মৰুভূমি অঞ্চল বাদে সমগ্র আফ্রিকা মহাদেশ উক্ত বলয়ৰ অন্তৰ্গত। 

(ঙ) প্ৰাচ্য অঞ্চল: দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ সমগ্ৰ ঠাইবোৰ এই অঞ্চলৰ ভিতৰৱা। 

(চ) অষ্ট্ৰেলীয় অঞ্চল: অস্ট্রেলিয়া, টাছমেনিয়া, নিউজিলেণ্ড আৰু নিউগিনি এই অঞ্চলৰ অন্তর্গত। 

৩৬। পৃথিৱীৰ মুখ্য প্রাণী-ভূগোলীয় পৰিমণ্ডল তিনিটা কি কি ? এইবোৰৰ প্ৰতিটো পৰিমণ্ডলৰ চমুকৈ আলোচনা কৰা। (What are the three main zoological ecosystems of the world? Briefly discuss each of these areas.) 

উত্তৰঃ একে প্ৰকৃতি বা প্ৰজাতিৰ প্ৰাণীৰ সমাৱেশৰ ভিত্তিত ধৰা পৃষ্ঠক যিবোৰ ভাগত ভাগ কৰা হৈছে সেই ভাগবোৰকে প্ৰাণী-ভূগোলীয় পৰিমণ্ডল বুলি জনা যায়। সমগ্ৰ পৃথিৱীখনৰ একে প্ৰজাতিৰ প্ৰাণীৰ সমাৱেশৰ ভিত্তিত ধাপৃষ্ঠক প্ৰধানকৈ তিনিটা প্ৰাণী-ভূগোলীয় পৰিমণ্ডলত ভাগ কৰা হৈছে। 

এই ভাগ তিনিটা হ’ল—-

(ক) আর্ক’জিয়া (Arctogea)

(খ) নিয় জিয়া (Neogea) 

(গ) নট জিয়া (Notogea) 

এই তিনিটা মুখ্য প্রাণী-ভূগোলীয় পৰিমণ্ডলৰ ভিতৰত আৰ্দ্ৰজিয়া আৰু নট জিয়া নামৰ পৰিমণ্ডল দুটাক আকৌ কেতবোৰ সৰু সৰু ভাগত বিভক্ত কৰাও হৈছে। তলত উপৰোক্ত প্ৰতিটো ভাগৰে চমুকৈ আলোচনা কৰা হ’ল। 

(ক) আর্ন্ত’জিয়া (Arctogea): সমগ্ৰ পৃথিৱীখনত যি তিনিটা মুখ্য প্রাণী-ভূগোলীয় পৰিমণ্ডলত ভাগ কৰা হৈছে এইবোৰৰ ভিতৰত আৰ্ট জিয়া পৰিমণ্ডলটোৱে হৈছে সবাতোকৈ  lবৃহত্তম পৰিমণ্ডল। এই অঞ্চলটো মূলতঃ উত্তৰ আমেৰিকা, গ্ৰীনলেণ্ড, ইউৰোপ, আফ্ৰিকা, এছিয়া মহাদেশক লৈ গঠিত। এই বিশাল পৰিমণ্ডলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ইয়াত মনট্ৰিমা গোটৰ কোনো প্রাণী দেখা নাযায়। এই বলয় বা পৰিমণ্ডলটোত খুৰাবাহী তৃণভোজী প্রাণী আৰু পতংগভোজীৰ প্ৰাণী সংখ্যা সৰহ। আক্ট জিয়া নামৰ পৰিমণ্ডলটো অতিকৈ বিস্তৃত। সেয়েহে অঞ্চলটো জলবায়ু, বন্ধুতা, ভূমিৰ পাৰ্থক্য থাকিলেও এইবোৰত বিচৰণ কৰা প্ৰাণীবোৰৰ মাজত তেনে কোনো বিশেষ ধৰণৰ পাৰ্থক্য দেখা নাযায়। এই পৰিমণ্ডলটোক আকৌ তিনিটা উপমণ্ডলত ভাগ কৰা হৈছে।

 এই উপমণ্ডল তিনিটা হৈছে –

 (১) পূর্ণ সুমেক অঞ্চল

 (২) ইথিপিয়া অঞ্চল। আৰু 

(৩) প্রাঁচা অঞ্চল নামেৰে নামকৰণ কৰা হৈছে। 

এই পৰিমণ্ডলটোত বৰ্তমান যিবোৰ প্ৰাকৃতিক প্রতিবন্ধক দেখা যায় সেইবোৰৰ সৃষ্টি ভূ তাত্ত্বিকভাৱে নতুন। এই পৰিমণ্ডলত নট জিয়া আৰু নিয় জিয়াৰ দৰে বিশেষ লক্ষণবিশিষ্ট কোনো প্রাণী দেখা নাযায়। ঠাই বিশেষে আন পৰিমণ্ডলত বিচৰণ কৰা প্ৰাণীও দুই এবিধ পোৱা যায়। 

(খ) নিয় জিয়া (Neogea): নিয় জিয়া নামৰ প্ৰাণী-ভূগোলীয় পৰিমণ্ডলটো আৰ্ট জিয়াৰ তুলনাত তেনেই কম বিস্তৃত। সমগ্র দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, মেক্সিকো, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জক লৈ এই পৰিমণ্ডলটো গঠিত। এই পৰিমণ্ডলৰ অন্তৰ্গত প্রায় ভাগ ঠায়েই বিষুৱীয় আৰু ক্ৰান্তীয় জলবায়ুৰ। অৱশ্যে দক্ষিণ আমেৰিকাৰ একেবাৰে দক্ষিণাংশত কিছু নাতিশীতোষ্ণ জলবায়ুৰ প্ৰভাৱ আছে। অঞ্চলটোত ভূ-প্ৰকৃতি আৰু জলবায়ুৰ ভিন্নতাও স্পষ্ট। আমাজান অৱবাহিকাত চিৰসেউজীয়া গছ-গছনিৰে ভৰা যদিও ব্রাজিল মালভূমি আৰু গিয়েনা মালভূমিত চাভানা তৃণভূমি আৰু এণ্ডিজ পার্বত্য অঞ্চলত বননি আৰু ঠাই বিশেষে মরুময় অঞ্চলো দেখা যায়। এই অঞ্চলত আদিম যুগৰ অতি সাধাৰণ লক্ষণবিশিষ্ট প্ৰাণীৰ পৰা অতি জটিল লক্ষণবিশিষ্ট প্রাণী কিছুমানো দেখা যায়। পূর্বতে দক্ষিণ আমেৰিকা উত্তৰৰ উত্তৰ আমেৰিকাৰ লগত সংলগ্ন আছিল বাবে এই দুই অঞ্চল প্ৰাণীৰ প্ৰব্ৰজনো ঘটিছিল। 

উত্তৰ ফালৰ পৰা দক্ষিণ আমেৰিকালৈ প্ৰব্ৰজন ঘটা প্ৰাণীবোৰৰ ভিতৰত হ’ল হৰিণ, মেকুৰী, ভালুক, উট, লামা, পিকেৰি, উইজেল, ভেকুলী, ছালামাণ্ডাৰ, সৰীসৃপ আৰু কাছবৰ্গৰ নানাবিধ প্রাণী। এইবোৰ প্ৰাণীৰ আগমনৰ বাবে সেই অঞ্চলৰ ভালেমান আদিম প্ৰাণীৰ বিলুপ্তিও ঘটিছিল। নিয় জিয়া অঞ্চলত তিনি প্ৰকাৰৰ থলুৱা অনগ্ৰদন্তী স্তন্যপায়ী প্রাণী দেখা যায়। এই তিনি প্ৰজাতিৰ প্ৰাণী হ’ল— এণ্টইটাৰ, ‘শ্ল’থ আৰু আৰ্মাডিল। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আছে যদিও এইবোৰৰ মধুৰ সংগীতময় কুঞ্জন নাই। এইবোৰৰ পৰিৱৰ্তে ইয়াৰ চৰাইবোৰে কৰ্ত আৰু হুতা মাত মাতে। সাপ, জেঠি, ঘৰিয়াল, আৰু কাছবৰ্গৰ যথেষ্ট সংখ্যক প্রাণী এই পৰিমণ্ডলত দেখা যায়।

(গ) নট’ জিয়া (Notorea): প্রাণী-ভূগোলীয় পৰিমণ্ডলত তৃতীয়টো মুখ্য পৰিমণ্ডল হ’ল নট জিয়া বা দক্ষিণৰ ভূ-ভাগ। এই অঞ্চলটোৰ সমগ্ৰ ভূ-ভাগ দক্ষিণ গোলাৰ্ধৰ অন্তৰ্গত বাবে ইয়াক দক্ষিণৰ ভূ-ভাগ বুলিও কোৱা হয়। এই পৰিমণ্ডলৰ বিশেষত্ব হ’ল আন কোনো পৰিমণ্ডলত নেদেখা ভালেমান প্রাণী ইয়াত দেখিবলৈ পোৱা যায়। অৱশ্যে এই পৰিমণ্ডলটোক ভূগোলবিদসকলে আকৌ দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা হ’ল – অষ্ট্ৰেলীয়া অঞ্চল আৰু পলিনেডীয় হারাই অঞ্চল। 

অষ্ট্ৰেলিয়া মহাদেশ আৰু ইয়াক নিকটৱৰ্তী নিউগিনি নিউজিলেণ্ড, টাছমেনিয়া আদি দ্বীপ-দ্বীপপুঞ্জ মিলি এই মণ্ডলটো গঠিত হৈছে। এই অঞ্চলত অপৰাকোষী স্তন্যপ্ৰাণীতকৈ মাৰচুমিয়েল গোত্ৰৰ প্ৰাণীহে সৰহকৈ দেখা যায়। অৱশ্যে মন ট্রিমতা গোৱৰ প্ৰাণী কিছুমানো এই অঞ্চ আছে। এই প্ৰাণীবোৰৰ দেহত নিম্ন আৰু উচ্চ দুয়োটা পৰ্যায়ৰ জীৱৰ লক্ষণ দেখা যায়। এই অঞ্চলত দেখিবলৈ পোৱা প্ৰাণীবোৰৰ ভিতৰত কাংগাৰু, বাপ্পাবি, কোৱালা, ওমবেট, ম বেণ্ডিকুট আদি মাইকী জন্তুবোৰৰ পেটত পোৱালি ৰাখিবলৈ চৰ্মীয় মোনা থাকে। 

সেইবাবে এই বৰ্গৰ প্ৰাণীবোৰক মাচুপিয়েল বোলে। এই অঞ্চলৰ হাঁহঠুটীয়া প্লেটিপাছ নামৰ এবিধ প্রাণী স্তন্যপায়ী যদিও সৰীসৃপৰ দৰে কণী পাৰে। শহা, এন্দুৰ, নিগনি, গৰু, ঘোঁৰা, ভেঁড়া আদি এই অঞ্চলৰ থলুৱা নহয়, এইবোৰ ইয়াৰ নৱ প্ৰব্ৰজনহে। ইয়াত অতি কমেও ১০ টা প্ৰজাতিৰ চৰাই পোৱা যায়। এমু নামৰ উৰিব নোৱাৰা এবিধ অতি ডাঙৰ বেগবান চৰাই ইয়াত আছে। বগা কাউৰী আৰু কলা ৰাজহাঁহ আদি অদ্ভুত ধৰণৰ প্ৰাণী এই মণ্ডলৰ বিশেষত্ব। এই মণ্ডলত অদ্ভুত ধৰণৰ প্ৰাণীৰ সমাৱেশ হোৱাৰ মূল কাৰণ হ’ল এই মহাদেশ বহুযুগৰ আগতেই পৃথিৱীৰ অন্যান্য অঞ্চলৰ পৰা পৃথক হৈ পৰিছিল আৰু ইয়াত জীৱন যুদ্ধৰ পৰিসৰো সীমিত। নট জিয়া পৰিমণ্ডলৰ আনটো শাখা প্রশান্ত মহাসাগৰীয় পৰিনেছিয়া আৰু হাৱাই দ্বীপপুঞ্জক লৈ গঠিত। মূলতঃ কিছুমান থলুৱা চৰাই আৰু স্থলজ খোলধাৰী প্ৰাণীৰ প্ৰাধান্যতাত এই মণ্ডলটো। এটা উপমণ্ডল হিচাপে চিনাক্তকৰণ কৰা হৈছে। এই মণ্ডলত অসংখ্য পৰিমাণে ফল খোৱা চৰাই আৰু সামুদ্রিক চৰাই দেখা যায়। কিন্তু চৰাইবোৰৰ উৰণ শক্তি তুলনামূলক ভাবে কম। বিবিধ চৰাইৰ লগতে ইয়াত ভালেমান সাগৰীয় স্তন্যপায়ী আৰু মাছবৰ্গৰ প্ৰাণীৰ প্ৰাধান্যতাও এই অঞ্চলত আছে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top