Class 9 Science MCQ Chapter 10 মহাকর্ষণ

Class 9 Science MCQ Chapter 10 মহাকর্ষণ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 10 মহাকর্ষণ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 10 মহাকর্ষণ

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 10 মহাকর্ষণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 10 মহাকর্ষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহাকর্ষণ

Chapter – 10

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ— 

(a) অপকেন্দ্রীক বল।

(b) অভিকেন্দ্রীক বল।

(c) বিকর্ষণ বল।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) অভিকেন্দ্ৰীক বল। 

2. বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰা বলক বোলা হয়

(a) মাধ্যকর্ষণ।

(b) আকর্ষণ।

(c) মহাকর্ষণ।

(d) বিকর্ষণ।

উত্তৰঃ (c) মহাকর্ষণ।

3. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ মান—

(a) 6.673 × 10¹¹Nm²/kg⁻²

(b) 66.73 ×10⁻¹¹ Nm²kg⁻²

 (c) 66.73 × 10⁻¹¹ Nm²kg⁻²

(d) 6.673 × 10⁻¹¹ Nm²kg⁻²

উত্তৰঃ  (d) 6.673 × 10⁻¹¹ Nm²kg⁻² 

4. 10kg ভৰৰ বস্তু এটাৰ পৃথিৱীত ওজন—

(a) 9.8 N

(b) 980 N

(c) 98 N

(d) 0.98 N

উত্তৰঃ (c) 0.98 N

5. ভূ-পৃষ্ঠত 10 N ওজনৰ বস্তু এটাৰ চন্দ্ৰ পৃষ্ঠাত ওজন হ’ব—

(a) 1.67N

(b) 16.7 N

(c) 167 N 

(d) 0.167 N

উত্তৰঃ (a) 1.67 N

6. চাপৰ এচ আই একক হ’ল—

(a) Nm

(b) পাস্কেল

(c) Nm⁻¹

(d) N

উত্তৰঃ (b) পাস্কেল। 

7. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ—

(a) 1 / 3 অংশ।

(b) 1 / 4  অংশ ।

(c) 1 / 5 অংশ।

(d) 1 / 6 অংশ।

উত্তৰঃ (d) 1 অংশ।

8. পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষনিক ত্বৰণৰ মান হ’ব—

(a) শূন্য।

(b) সর্বাধিক।

(c) অসীম।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) শূন্য।

9. যিকোনো এটা বস্তুক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলৰে আকৰ্ষণ কৰে সেই বলক বস্তুটোৰ _____বোলে

(a) ভৰ।

(b) মহাকর্ষণ।

(c) ওজন। 

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (c) ওজন। 

10. ঘনত্বৰ এচ. আই একক কি?

(a) Kgm⁻³

(b) Kgm⁻²

(c) Kgm

(d) Kg

উত্তৰঃ (a) Kgm⁻³

11. তলৰ কোনটো ওজনৰ এচ. আই. একক?

(a) মিটাৰ।

(b) নিউটন।

(c) কিলোগ্রাম।

(d) পাস্কেল।

উত্তৰঃ (b) নিউটন।

12. পৃথিৱীত 30kgভৰৰ বস্তু এটাৰ চন্দ্ৰত ভৰ হ’ব—

(a) 5kg

(b) 30kg

(c) 15kg

(d) 60kg

উত্তৰঃ (b) 30kg

13. মাধ্যাকৰ্ষনিক ত্বৰনৰ মান মেৰু অঞ্চলত হয়।

(a) কম।

(b) সর্বাধিক।

(c) আধা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) সর্বাধিক।

14. বৃত্তৰ এডাল স্পৰ্শকে বৃত্তটোৰ মিলিত হয় কেৱল—

(a) দুটা বিন্দুত। 

(b) তিনিটা বিন্দুত।

(c) চাৰিটা বিন্দুত। 

(d) এটা বিন্দুত।

উত্তৰঃ (d) এটা বিন্দুত।

15. পৃথিৱীৰ মহাকৰ্ষনিক বলেই হৈছে বস্তুৰ—

(a) ভৰ।

(b) ত্বৰণ।

(c) ওজন।

(d) দ্রুত।

উত্তৰঃ (c) ওজন।

16. যিবিলাক বস্তুৰ ঘনত্ব সিহতক নিমজ্জিত কৰা তৰলৰ ঘনত্বতকৈ কম,সেইবিলাক তৰলৰ পৃষ্ঠত—

(a) ডুবে।

(b) ওপঙে।

(c) (a) আৰু (b) দুয়োটাই।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) ওপঙে।

17. মহাকৰ্ষনৰ বিশ্বজনীন ধ্ৰুৱকৰ মান নিৰ্ণয় কৰা বিজ্ঞানী জন হ’ল—

(a) আইজাক নিউটন।

(b) আৰ্কিমিডিছ।

(c) হেনৰি কেভেণ্ডিজ। 

(d) গেলিলিও।

উত্তৰঃ (c) হেনৰি কেভেণ্ডিচ।

18. মাধ্যাকর্ষনিক ত্বৰণৰ SI একক হ’ল—

(a) ms⁻¹

(b) ms⁻²

(c) ms⁻¹

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) ms²

19. মাধ্যাকৰ্ষনিক ত্বৰণৰ মান হ’ল—

(a) 9.8ms²

(b) 98ms²

(c) 9.8ms⁻¹

(d) 98m

উত্তৰঃ (a) 9.8ms²

20. মহাকৰ্ষনৰ বিশ্বজনীন সূত্ৰৰ গাণিতীক প্রকাশ ৰাশি হ’ল—

(a) F = G M / d²

(b) F = G m / d²

(c) F = G Mn / d²

(d) F = Mm / d²

উত্তৰঃ (c) F = G Mn / d²

অতি চমু প্রশ্ন উত্তৰ:

1. অভিকেন্দ্রিক বল কাক বোলে?

উত্তৰঃ যিটো বলে এটা ত্বৰণৰ সৃষ্টি কৰে আৰু বস্তুটো বৃত্তাকাৰ পথত ঘুৰাই ৰাখে সেইটো বল কেন্দ্ৰৰ দিশত ক্রিয়াশীল। এই বলক অভিকেন্দ্রিক বল বোলে।

2. বৃত্তৰ স্পৰ্শক কাক বোল? 

উত্তৰঃ বস্তু এটাৰ কেৱল এটা বিন্দুত স্পৰ্শ কৰা সৰলৰেখা ডালক স্পর্শক বোলে। 

3. অভিকেন্দ্ৰিক বলৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ অভিকেন্দ্রিক বল। 

4. মহাকর্ষণ বল কাক বোলে?

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুৱেই ইটোৱে সিটোক আকৰ্ষণ কৰে। বস্তুৰ মাজৰ এই আকর্ষণ বলকে মহাকর্ষণ বল বোলে। 

5. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকর্ষণ কৰে, এই আকর্ষণী বল বস্তু দুটাৰ ভৰৰ পুৰ্ণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ সুৰত্বৰ ব্যস্তানুপাতিক।

6. দুটা বস্তুৰ ভৰ ক্ৰমে M আৰু m আৰু ইহঁতৰ মাজৰ দূৰত্ব d, আৰু আকর্ষণ বল F হ’লে ইহঁতৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ  F = G M × m / d²  [G → ধ্ৰুৱক ] 

7. বিশ্বজনীন মহাকৰ্ষণ সূত্ৰৰ গাণিতিক ৰূপটো লিখা।

উত্তৰঃ F = G M × m / d² 

8. বিশ্বজনীন মহাকৰ্ষণীয় ধ্রুৱক বুলিলে কি বুজা? 

উত্তৰঃ বিশ্বজনীন মহাকৰ্ষণীয় সূত্ৰৰ সমানুপাতিক ধ্রুৱকটোক G ৰে লিখা হয়। এই একক বিশ্বজনীন মহাকর্ষণীয় ধ্রুৱক বোলে।

9. বিশ্বজনীন মহাকৰ্ষণীয় ধ্রুৱকৰ S.I এককটো লিখা।

উত্তৰঃ SI এককটো হ’ল– Nm² kg⁻²

10. বিশ্বজনীন মহাকর্ষণীয় ধ্ৰুৱকৰ মানটো লিখা।

উত্তৰঃ  G = 6.673 × 10⁻¹¹ Nm² Kg⁻²

11. মহাকর্ষণীয় আকর্ষণ বলৰ মান (F) কি হ’ব যেতিয়া বস্তু দুটাৰ দূৰত্ব (d) 6 গুণ বাড়ে?

উত্তৰঃ 1 / 36 গুণে সৰু হ’ব। 

12. সমুদ্র পৃষ্ঠ উঠা জোৱাৰ কিহৰ প্ৰভাৱত হয়? 

উত্তৰঃ মহাকৰ্ষণৰ প্ৰভাৱত।

13. মধ্যকর্ষণিক ত্বৰণ বুলিলে কি বুজা? 

উত্তৰঃ  পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে হোৱা ত্বৰণক মধ্যকর্ষণিক ত্বৰণ বোলে।

14. মাধ্যকর্ষণিক ত্বৰণক কি আখৰেৰে সূচিত কৰা হয়?

উত্তৰঃ g

15. মাধ্যকর্ষণিক ত্বৰণৰ SI একক কি?

উত্তৰঃ ms⁻²

16. মাধ্যকর্ষণিক ত্বৰণৰ মান কিমান?

উত্তৰঃ  9.8 ms⁻²

17. পৃথিৱীৰ ভৰ কিমান?

উত্তৰঃ  6 × 10²⁴ Kg.

18. পৃথিৱীৰ ব্যাসার্ধ Rৰ মান কিমান?

উত্তৰঃ  R = 6.4 × 10⁶ m.

19. মাধ্যকর্ষণিক ত্বৰণ g, বিশ্বজনীন মহাকর্ষণীয় ধ্ৰুৱক G, পৃথিৱীৰ ভৰ M আৰু পৃথিৱীৰ ব্যাসার্ধ Rৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ g = GM / R²

 20. ভৰ কি?

উত্তৰঃ বস্তু এটাৰ ভৰ ধ্ৰুৱক ৰাশি। স্থানৰ পৰিবৰ্তন হ’লেও বস্তুৰ ভৰৰ পৰিবৰ্তন নহয়।

21. ওজন কাক বোলে?

উত্তৰঃ কোনো বস্তু যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকেই বস্তুৰ ওজন বোলে।

22. বস্তুৰ ওজনক কি প্রতীকেৰে সূচোৱা হয়?

উত্তৰঃ w 

23. ওজন w, ভৰ m, আৰু মাধ্যকর্ষণিক ত্বৰণ g হ’লে, ইহঁতৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ  w = mg

24. ওজন আৰু ভৰৰ পাৰ্থক্য লিখা।

উত্তৰঃ  ভৰ সকলো অৱস্থানত একে থাকে কিন্তু ঠাই ভেদে ওজন বেলেগ বেলেগ হয়।

25. ওজনৰ SI একক কি?

উত্তৰঃ  নিউটন।

26. ভূ-পৃষ্ঠত বস্তু এটাৰ ওজন 6N। চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কি হ’ব?

উত্তৰঃ 1N

27. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন 2N পৃথিৱী পৃষ্ঠত ইয়াৰ ওজন কি হ’ব?

উত্তৰঃ 12 N

28. চন্দ্ৰৰ ভৰ কিমান?

উত্তৰঃ 7.36 × 10²² Kg.

29. চন্দ্ৰৰ ব্যাসার্ধ কিমান?

উত্তৰঃ 1.74 × 10⁶m.

30. হেচা কাক বোলে?

উত্তৰঃ বস্তুৰ পৃষ্ঠত লম্বভাৱে ক্ৰিয়া কৰা বলৰ মানেই হেচা।

31. হেচাৰ S.I একক কি?

উত্তৰঃ পাস্কেল।

32. পাস্কেলক কি প্ৰতীতকেৰে সহায়ত লিখা হয়?

উত্তৰঃ Pa

33. পাস্কেলৰ মানটো লিখা।

উত্তৰঃ পাস্কেল = NM² = N / m²

34. তৰল কাক বোলে?

উত্তৰঃ সকলো জুলীয়া আৰু গেছীয় পদার্থকে তৰল বোলে।

35. প্লাবিতা কাক বোলে?

উত্তৰঃ তৰলত থকা যিকোনো বস্তুকে এক উর্ধমুখী হেচা দিয়ে। এই হেচাকেই প্লাবিতা বোলে। 

36. আৰ্কিমিডিচৰ সূত্ৰটো লিখা।

উত্তৰঃ বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই উর্ধমুখী বল এটা অনুভৱ কৰে, যাৰ মান  বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

37. ইউৰেকা মানে কি?

উত্তৰঃ ম‍ই বিচাৰি পালো।

38. কপিকল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ আৰ্কিমিডেচে।

39. আৰ্কিমিডিচৰ সূত্ৰৰ এটা ব্যৱহাৰ লিখা ৷

উত্তৰঃ জাহাজৰ নক্সা তৈয়াৰ কৰোতে এই সূত্ৰ ব্যৱহাৰ কৰা হয়।

40. গাখীৰৰ শুদ্ধতা নির্ণয় কৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ দুগ্ধমেতা।

41. জুলীয়া বস্তুৰ ঘনত্ব নির্ণয় কৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ জলমেতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top