Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam কাৰ্বিসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান and select needs one.

Join Telegram channel

Class 9 Boichitramoi Assam কাৰ্বিসকল – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

 [ ( গ ) কাৰ্বিসকল ] 

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল ? 

উত্তৰঃ কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি বিষ্ণু ৰাভাই কৈছিল । 

প্রশ্ন ২। কাৰ্বিসকলৰ পৰম্পৰাগত সাজ – পাৰৰ বিষয়ে লিখা । 

উত্তৰঃ কাৰ্বিসকলৰ পুৰুষ আৰু নাৰীৰ পােচাক পৃথক । পুৰুষৰ আঠুমূৰীয়া পে চেলেং , চই হংথৰ , চই ইক , চইলক ( কাৰ্বি জেকেট ) , পই আদিয়েই প্রধান । চই হংথৰ আজিকালি কাৰ্বি জেকেট বুলি পৰিচিত । পই ( কাৰ্বি মাফ্লাৰ ) ৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় ৫ ৰ পৰা ৬ ফুট দীঘল । ইয়াৰ দুয়ােমূৰে ফুল তুলি দিয়া হয় । 

চেপাল আবু :- প্রায় ৩ ইঞ্চি বহল আৰু দীঘলে প্রায় ৬ ফুট । দুয়ােৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া ক’লা কাপােৰ । ইয়াক ডেকা ল’ৰা সকলে ব্যৱহাৰ কৰে । 

নাৰীসকলৰ সাজ – পাৰ হ’ল পিনি , পেকক আৰু ৱানকক । তদুপৰি পে চেলেং , পে খনজাৰি , পে ছাৰপি আদিয়ে প্রধান । 

পিবা :- ডেৰফুটৰ পৰা দুই ফুট বহল আৰু ৬ ফুট দীঘল । দুয়ােমূৰে বিভিন্ন ৰঙৰ ফুল  তুলি কড়িৰে সম্বলিত বিশেষ চচকীয়া কলা কাপােৰ । ইয়াক মহিলা , সকলে নিজৰ কেঁচুৱাটিক বােকোচাত লবৰ বাবে ব্যৱহাৰ কৰে । 

প্রশ্ন ৩। কাৰ্বিসকলৰ উৎসৱ পার্বণ সম্পর্কে লিখা ।

উত্তৰঃ কাৰ্বিসকলৰ উৎসৱ পেং হেমফু , ৰংকেৰ , চজুন আদিয়েই প্রধান । পেং হেমফু হ’ল ঘৰুৱা উৎসৱ । এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে ; ৰিং আংলং , বুইচম আৰু পেং । এই তিনিটা পূজা বছৰৰ আৰম্ভণিতে কৰা হয় যাতে বছৰটোত অপায় অমংগল নহয় । 

চজুন উৎসৱ ( Family festival ) :- এই উৎসৱ প্রতি বছৰে উদ্যাপন কৰা নহয় । ৪,৫ , বা ৯ বছৰৰ মূৰে মূৰে কৰা হয় । 

ৰংকেৰ উৎসৱ ( Community festival ) :- ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয় । এই উৎসৱাে বছৰৰ আৰম্ভণিতে উদ্যাপন কৰা হয় । পূজাৰ মূল বেদীত চৰাই , ছাগলী , কণী আদি উছৰ্গা কৰি পূজা কৰা হয় । 

প্রশ্ন ৪। কাৰ্বিসকলৰ মূল ফৈদ কেইটা কি কি ? 

উত্তৰঃ কাৰ্বিসকলৰ মূল ফৈদ পাঁচটা —১ । টিমুং , ২। টেৰণ , ৩। তেৰাং ৪। ইংহি । ৫। ইংতি ।

প্রশ্ন ৫। কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ – পাৰ আৰু আ – অলংকাৰৰ নাম লিখা । 

উত্তৰঃ কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা সাজ – পাৰ আৰু আ – অলংকাৰৰ নাম হ’ল — সাজ – পাৰ পিনি , পেকক , ৱানকক , পে চেলেং , পে – খনজাৰি , পে ছাৰপি , পিবা আদি । 

আ-অলংকাৰঃ লেক হিকি , নথেং পী , ন’লাংপং , নজাংছাই , লেকৰূৱে , লেক পাংখাৰা , লাং আৱ , ৰই পাংখাৰা , ৰই পাহু আদি । 

প্রশ্ন ৬। চমুটোকা লিখা — 

( ক ) ছেমছনছিং ইংতি ( খ ) ছামছিং হাঞ্চে, ( গ ) বংলং তেৰাং ( ঘ ) লংকাম তেৰণ । 

( ক ) ছেমছনছিং ইংতি :

উত্তৰঃ ছেমছনছিং ইংতি :- তেওঁ হ’ল কাৰ্বি আংলঙৰ স্বপ্নদ্রষ্টা আৰু ৰূপকাৰ । ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্ম গ্রহণ কৰিছিল । পিতাকৰ নাম থেংকুৰছিং ইংতি আৰু মাকৰ নাম ৰুথ মাধৱী ( কাজিৰ তিমুংপী ) । ১৯১৬ চনত গােলাঘাট মিছন স্কুলত শিক্ষাৰ পাতনি মেলে আৰু ১৯২৮ চনত গােলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয় । উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত অধ্যয়ন কৰে যদিও সেইসময়ত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অধ্যয়ন আধৰুৱা হয় । পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কাৰ্বি জাতিৰ প্ৰথম স্নাতক ৰূপে সুখ্যাতি অর্জন কৰে । তেওঁ স্নাতক ডিগ্রী গ্ৰহণ কৰাৰ পাছত গােলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল । ১৯৩৩ চনত মিকিৰ হিলচ ট্রেক গঠন হোৱাত  চৰকাৰে তেওঁক মাতি আনি ১৯৩৪ চনত নগাঁও জিলাৰ শিক্ষা বিভাগত উপ – পৰিদৰ্শক পদত নিযুক্তি দিয়ে । তেওঁ নিজেই কেইবাখনাে কাবি ভাষাৰ পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত অতিৰিক্ত পাঠ্যপুথি হিচাপে পাঠদান কৰায় । তেওঁ লিখা পুথিকেইখন হ’ল ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’,  ‘তেমপুৰু আৰু ৱপী ।

( খ ) ছামছিং হাঞ্চে :

উত্তৰঃ  ছামছিং হাঞ্চে :- ছামছিং হাঞ্চে এজন লেখক , কবি , গীতিকাৰ , ঔপন্যাসিক , কথাছবি প্রযােজক , ৰাজনীতিক , সাহিত্যপ্রেমী ব্যক্তি । নগাঁও জিলাৰ সৰুবাট মৌজাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্রিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয় । পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰণপী । বাল্যকালতে পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্রাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি কৰে । হংক্রাম প্রাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয় । পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য বিদ্যালয়ত শিক্ষা গ্রহণ কৰে । ডিফু চৰকাৰী বালক বিদ্যালয়ত ভর্তি হয় যদিও প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হব নােৱৰাত সেনাবাহিনীৰ চাকৰি কৰে । তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীর্ণ হয় । ১৯৭৩ চনত স্নাতক ডিগ্রী লাভ কৰে । 

ভাষা – সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনাে পুথি কাবি আৰু অসমীয়া ভাষাত প্রণয়ন কৰি প্ৰকাশ কৰিছিল । সেইবােৰৰ ‘ভিতৰত নাম তাই হাঈমু’, ‘কাৰ্বি প্রণয়ী গীত’,  ‘ছবিন আলুন’ ( কাৰ্বি ৰামায়ণ ) ‘কুমলীন’, ‘ৰোমীৰ এমুঠি কাৰ্বি কবিতা’ ( অনুবাদ ) আৰু ‘ছেৰ হনজেং’ নামৰ গ্ৰন্থ উল্লেখযােগ্য । ১৯৮৩-৮৪ চনত কাৰ্বি লামেত আমেইৰ ( কাবি সাহিত্য সভা ) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত সভাপতিৰ আসন অলংকৃত কৰে ।

 ( গ ) বংলং তেৰাং :

উত্তৰঃ বংলং তেৰাং :- কাৰ্বি সাহিত্যৰ পুৰােধা ব্যক্তি বংলং তেৰাঙৰ জন্ম হয় ১৯০৯ চনৰ অক্টোবৰ মাহৰ ১০ তাৰিখে ডিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত । তেৱেঁই কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদান কৰে । দেউতাকৰ নাম ছাৰ তেৰাং আৰু মাকৰ নাম কাৰেং তিচ্ছপী । তেওঁ ১৩ বছৰ বয়সৰ পৰা সাহিত্য ৰচনা আৰম্ভ কৰিছিল । তেওঁ লিখা বিভিন্ন কিতাপসমূহ হ’ল- ‘Word Book’  ‘আদাম আছাৰ’ ( বিবাহ নিয়ম ) ‘ৰূকাছেন’,  ‘হাঈমু’,  ‘ছেৰ হংথম’,  ‘কাৰ্বি কপুছন’, ‘ কাৰ্বি  চ ৰংজে’, ‘আৰণ আতেং’, ‘ৰংলিন’,  ‘ছাৰ আলুন’, আৰু ‘ছাৰ লামছাম’ । 

১৯৭৩ চনত কাৰ্বি সাহিত্য সভাৰ তৰফৰ পৰা কাৰ্বি সাহিত্যৰ পুৰােধা ব্যক্তি পুৰস্কাৰ প্ৰদান কৰা হয় । অসম চৰকাৰৰ তৰফৰ পৰা এককালীন মাননী প্ৰদান কৰাৰ লগতে সাহিত্যিক পেঞ্চন প্রদান কৰে । এইজনা পুৰােধা ব্যক্তিয়ে সকলােকে এৰি ২০০১ চনৰ জুলাই মাহৰ ১৭ তাৰিখে ইহলীলা সম্বৰণ কৰে ।

( ঘ ) লংকাম তেৰণ :

উত্তৰঃ লংকাম তেৰণ :- সু – সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত । তেওঁৰ দেউতাকৰ নাম ডিপ্লো তেৰণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী । ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিবাহ হয় । ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পর্কৰক্ষী বিষয়া পদত মনােনীত হয় । তেওঁ কাৰ্বি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল । কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ – সভাপতি পদতো কার্যনির্বাহ কৰিছিল । ৰচিত , সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১ – খন । তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহহ’ল ‘ৰং কেছেং’, ‘টামাহিদি’,  ‘কিতাপ কিমি’,  ‘কাৰ্বি লামকুৰু’,  ‘কাৰ্বি জনগােষ্ঠী’, ‘কাৰ্বি লামকুৰু – লামছেং’,  ‘কাবি ভাষা পৰিচয়’, ‘কাৰ্বি লামতাছাম’ আদি ।

[ ( ঘ ) কোচ – ৰাজবংশী ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। কোচ – ৰাজবংশীসকল কোন ধৰ্মৰ লােক ? 

উত্তৰঃ কোচ – ৰাজবংশীসকল হিন্দু ধৰ্মৰ লােক । 

প্রশ্ন২। কোচ – ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ কোচ ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ , সর্বনাম , নিজস্ব ক্রিয়াৰূপ , শব্দৰূপ , মৌখিক আৰু লিখিত সাহিত্য , উচ্চাৰণ ভঙ্গী , নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে । সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা । 

কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জল চমকপ্রদ সংস্কৃতি পাওঁ । ভাৰতবৰ্ষত আসকলে সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূর্ণ পৃথক । সময়ৰ সোঁতত তেওঁলােকে এই ব্যৱস্থাৰ আওতালৈ আহিলেও আর্যক্ষত্রিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলােকৰ কোনাে মিল নাই । বর্ণ হিন্দুৰ আচাৰ – নীতি গ্রহণ কৰিলেও কোচ – ৰাজবংশীসকলৰ নিজস্ব আচাৰ – সংস্কাৰ , পূজা – পার্বণ , ধর্মীয় বিশ্বাস , খাদ্য – সম্ভাৰ , পােছাক – পৰিচ্ছদ , আ-অলংকাৰ, গীত – মাত আদি বিদ্যমান । এই সকলােবােৰ স্বকীয় মহিমাৰে সমুজ্জ্বল । 

কোচ ৰাজবংশীসকলৰ জন্ম – মৃত্যু , বিয়াৰ নিজস্ব আচাৰ – নীতি , মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস , মৃতকৰ প্রতি শ্রদ্ধা , নানা ঐন্দ্রজালিক ক্রিয়া , তন্ত্র – মন্ত্রাদি বিশ্বাস , প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা , বট গছক পূজা , টোটেমৰ প্রতি শ্রদ্ধা , জীৱ – জন্তুৰ পূজা , মানুহৰ ৰােগ – ব্যাধি আৰু বেয়া ঘটনাবােৰ অপশক্তি বা ভূত – প্রেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস । নানা ধৰণৰ বাধা – নিষেধ বা অনুশাসন , খােৱা , বেষমা বা বিষুৱা , পুযুণা , কাতিগজা , হােলি , চড়ক পূজা , গাজন , মনসা , বিষহৰি , শীতলা , মাসান , কালী আদি পূজাবােৰত অর্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান । ৰাজহুৱা কামত চাউল , কল , কলৰ গছ , নাৰিকল , তামােল – পাণ , পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয় । ধর্ম পালনৰ বেলিকা বর্ণ হিন্দুৰ দেৱ – দেৱীক পূজা – অর্চনা , ভক্তি শ্রদ্ধা কৰাৰ লগতে তেওঁলােকৰ নিজস্ব বিধিৰে , বুঢ়াবুঢ়ী , তিস্তাবুঢ়ী , হুদুম পূজা , গ্রাম পূজা , ধামপূজা , মাশান , যখা , সােণাৰায় , কাতি , ষাইটল আদি পূজা কৰে । 

প্ৰশ্ন৩। কোচ-ৰাজবংশী সকলৰ খাদ্য আৰু সংস্কৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ খাদ্য – সম্ভাৰৰ ভিতৰত তেওঁলােকৰ ছেকা , পেক্কা , ভেল্কা , সিদল , সুটকা , টোপলাভাতৰ স্বকীয় বৈশিষ্ট্য সম্পন্ন । 

সজ-পােছাক – পৰিচ্ছদৰ ভিতৰত – মহিলাসকলৰ পাটানী , বুকুনী , ফোতা , ছেউটা ; আ – অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু , চুৰ , শাখা , বাজু ; গলৰ সূর্যহৰ , চন্দ্ৰহাৰ , সিক্কাহাৰ কাণত মাকিৰি , অন্তি ; নাকত নােলােক , ফুল ; ভৰিত ভােলা খাৰু , ফেলা খাৰু আদি বিখ্যাত ।

প্ৰশ্ন৪। কোচ-ৰাজবংশী সকলৰ গীত-মাত সমূহ কি কি ?

উত্তৰঃ গীত – মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাওয়াইয়া গান , বিভিন্ন পূজাৰ গান , ৰাবাণ গান , কুশান গান , দোতােৰা গান , বিষহৰি পূজাৰ গান , মাৰৈ পূজাৰ গান , তুকখা গান , লাহাংকাৰী গান , নটুয়া , শাঙী ঢাকৰ গান , ডাকনাম , জাগ গান আদি স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন । এইদৰে সামগ্রিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলােকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ , শৈৱ , শাক্ত , প্রভাৱৰ উপৰি বৰ্ণ হিদুৰ প্রতি আকৃষ্ট হােৱাৰ ফলত পৌৰাণিক প্রভাৱ , শঙ্কৰী বৈষ্ণৱ আৰু গৌড়ীয় প্রভাবাে পৰিছে । তথাপি , এওঁলােকৰ সংস্কৃতিত প্রাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায় ।

৫। চমুটোকা লিখা :

( ক ) জননেতা শৰচন্দ্র সিংহ ( খ ) অম্বিকাচৰণ চৌধুৰী ( গ ) অৰুণ কুমাৰ ৰায় ( ঘ ) ৰুক্মিণী কান্ত ৰায় ( ঙ ) ‘দুৰন্ত তৰুণ ’ পানীৰাম দাস

উত্তৰঃ জননেতা শৰচন্দ্র সিংহ :- শৰৎচন্দ্র সিংহৰ জন্ম হৈছিল ১৯১৪ চনৰ ১ জানুৱাৰীত । পিতৃৰ নাম লালসিং সিংহ আৰু মাতৃৰ নাম আছিল আয়াচিনি সিংহ । শৰৎচন্দ্র সিংহদেৱ স্বাধীনতাৰ উত্তৰকালৰ অসমৰ ৰাজনীতিত এজন শ্রেষ্ঠ ব্যক্তি আছিল । তেওঁ আছিল প্রকৃত জনতাৰ নেতা । সেয়ে তেওঁক জননেতা বিশেষণেৰে বিভূষিত কৰা হয় । তেওঁ হাড়ে – হিমজুৱে গান্ধীৰ আদৰ্শত চলা এগৰাকী ব্যক্তি আছিল । তেওঁ বহুমুখী প্রতিভাসম্পন্ন এগৰাকী ব্যক্তি আছিল । জনসাধাৰণক সেৱা কৰাটোৱে তেওঁৰ জীৱনৰ সংকল্প আছিল । দুর্নীতিমুক্ত ৰাজ্য হিচাপে অসম গঢ়াৰ যি সপােন দেখিছিল তাক বাস্তৱ ৰূপ দিবলৈ জীৱনৰ অন্তিম সময়লৈকে তেওঁ চেষ্টা কৰিছিল । তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কার্য নির্বাহকৰিছিল । তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫২ চনলৈ , ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ , ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ আৰু ১৯৭৮ চনৰ পৰা ১৯৮২ চনলৈ অসম বিধান সভাৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল । তেওঁ অসমৰ মুখ্যমন্ত্রী থকা কালত বহুতে উন্নয়নমূলক কাম কৰিছিল । তেওঁ কৃষি উৎপাদন বৃদ্ধি , কৃষক উন্নয়ন , দৰিদ্ৰতা আৰু দুর্নীতি দূৰীকৰণ , গ্রাম অর্থনীতিৰ উন্নতি আৰু সম্প্রসাৰণৰ আদৰ্শ আগত ৰাখি কিছুমান উল্লেখযােগ্য আঁচনি হাতত লৈছিল । তেওঁৰ উল্লেখযােগ্য আঁচনিসমূহ আছিল এনে ধৰণৰ ( ১ ) জৰুৰীকালীন ৰবিশস্য আঁচনি , ( ২ ) গাঁও পঞ্চায়ত সমবায় সমিতি ( ৩ ) কৃষি নিগম ( ৪ ) আকলন পত্ৰ আঁচনি ( ৫ ) তদাৰক কোষ আঁচনি ( ৬ ) পঞ্চায়তীৰাজ ( ৭ ) চিলঙৰ পৰা দিছপুৰলৈ অস্থায়ী ৰাজধানী স্থানান্তৰকৰণ ( ৮ ) খাদ্যশস্যৰ চৰকাৰী ব্যৱসায় আৰু ( ৯ ) শিক্ষানুষ্ঠান সংস্কাৰ আঁচনি ।

জননেতাগৰাকীয়ে ২০০৫ চনৰ ২৪ ডিচেম্বৰৰ মাজ নিশা ৯৩ বছ বয়সত স্বর্গগামী হয় ।

( খ ) অম্বিকাচৰণ চৌধুৰী :

উত্তৰঃ  অম্বিকাচৰণ চৌধুৰী :- ১৯৩০ চনৰ ১৬ আগষ্টৰ দিনা বঙাইগাঁও জিলাৰ অন্তৰ্গত , বৰপাৰা নামৰ গাঁৱত অম্বিকাচৰণ চৌধুৰীদেৱৰ জন্ম হৈছিল । তেওঁৰ পিতাকৰ নাম আছিল নৰেশ্বৰ চৌধুৰী আৰু মাকৰ নাম আছিল কাশীশ্বৰী চৌধুৰী । মেধাবী চৌধুৰীদেৱে সৰু কালৰ পৰাই আর্থিক অনাটনৰ মাজেদি বঙাইগাঁৱৰ পৰা প্ৰাথমিক আৰু উচ্চ বিদ্যালয়ৰ শিক্ষা লাভ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা ১৯৫৫ চনত দর্শন বিভাগত অনার্চসহ স্নাতক ডিগ্রী লয় । পৰৱৰ্তী কালত চিলঙত চাকৰি কৰি থকা অৱস্থাত তেওঁ বি . টি . পাছ কৰে । এম.এ. আৰু বি.এল . ( বর্তমান এল . এল . বি ) পঢ়াৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগালেও আর্থিক অনাটনৰ কাৰণে চাকৰি কৰিবলগীয়া হােৱাত উক্ত ডিগ্রী পাঠ্যক্রম তেওঁ সম্পূর্ণ কৰিব পৰা নাছিল । 

 ছাত্ৰ অৱস্থাৰ পৰাই অম্বিকাচৰণ চৌধুৰীদেৱ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল ১৯৫৩-৫৪ চনত কটন কলেজৰ সমাজসেৱা বিভাগৰ সক্রিয় সদস্য হৈ থাকোতে পলাশবাৰী , মির্জা অঞ্চলৰ বানপানী আৰু গঢ়াখহনীয়াত ক্ষতিগ্রস্তসকলক সহায়ৰ হাত আগবঢ়োৱাত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৰ পৰা প্রশংসা লাভ কৰিছিল ।

( গ ) অৰুণ কুমাৰ ৰায় :

উত্তৰঃ অৰুণ কুমাৰ ৰায় :- অৰুণ কুমাৰ ৰায়ৰ জন্ম হয় ১৯২৫ চনৰ ৮ অক্টোবৰত । তেওঁৰ বাসস্থান আছিল বঙাইগাঁৱৰ ছিপন ছিলা গাঁৱত । তেওঁৰ পিতৃৰ নাম আছিল প্রকাশ চন্দ্র ৰায় আৰু মাকৰ নাম আছিল অভয়েশ্বৰী ৰায় । চিৰাং জিলাৰ বেংতল প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা লাভ কৰি বহলপুৰৰ উচ্চ মাধ্যমিক স্কুলত নাম লগায় । তাৰ পৰা আকৌ বঙাইগাঁও বীৰঝৰা উচ্চ মাধ্যমিক স্কুলত এণ্ট্ৰেন্সলৈকে পঢ়ি তাৰ পিছত কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্যলৈ আহি আৰ চি পি আইত যােগদান কৰে । বামপন্থী মতাদর্শ প্রচাৰৰ বাবে তেওঁ কাৰাবৰণ খাতিবলগীয়া হয় । 

 ( ঘ ) ৰুক্মিণী কান্ত ৰায় :

উত্তৰঃ ৰুক্মিণী কান্ত ৰায় :- কোচ – ৰাজবংশী সম্প্রদায়ৰ পশ্চিম অসমৰ এজন খ্যাতনামা বুদ্ধিজীৱী , শিক্ষাবিদ , ৰাজনীতিবিদ সমাজসেৱী আৰু হাস্যৰসিক ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায়ৰ নাম প্রসিদ্ধ । তেওঁ সাধাৰণ নিম্নবিত্ত পৰিয়ালত জন্ম গ্রহণ কৰি , বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা লাভ কৰি জীৱনত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ শৈক্ষিক , সামাজিক – সাংস্কৃতিক , ৰাজনৈতিক , ধর্মীয় আদি জীৱনৰ কেওটা ভাগেই সমাজৰ বাবে আদর্শ স্বৰূপ । সাধাৰণ ছাত্ৰৰ দৰে গাঁৱৰ এখনি স্কুলত জীৱন আৰম্ভ কৰি নিজৰ মেধাৰ বলত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ শ্ৰেণীত অর্থনীতি বিভাগত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি অসমৰ এজন মেধাবী ছাত্র বুলি সকলােৰে চকুত পৰিছিল । নিজ সম্প্রদায়ৰ আৰু পশ্চিম অসমৰ এজন মেধাবী বুদ্ধিমান ব্যক্তি হিচাপে ৰুক্মিণী কান্ত ৰায় বিখ্যাত আছিল । সামাজিক আৰু সাংস্কৃতিক জীৱনত তেখেতে তেওঁৰ মাতৃভাষা ৰাজবংশী ভাষাক ব্যৱহাৰ কৰি ভাল পাইছিল । তেওঁ বেছিভাগ বক্তৃতাই মাতৃভাষাত দি সকলােৰে মন জয় কৰিছিল ।

( ঙ ) ‘দুৰন্ত তৰুণ ’ পানীৰাম দাস :

উত্তৰঃ ‘দুৰন্ত তৰুণ ’ পানীৰাম দাস :- আজীৱন শুভ্র খদ্দৰৰ ধুতী কুর্তা পৰিধান কৰা , সময়ৰ বালিত হেৰাই নােযােৱা খােজবােৰৰ অধিকাৰী , ত্যাগ , দেশ প্ৰেমৰ আদৰ্শৰে আপােচহীন অবিৰত সংগ্রাম চলাই যােৱা , সমাজকর্মী , মুক্তিযুজাৰু পানীৰাম দাসৰ জন্ম হয় ১৯১৭ চনৰ ৭ এপ্রিল তাৰিখে মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত জলজলী এটি সাধাৰণ কৃষক পৰিয়ালত । ১৯৩৪ চনত পাথৰিঘাট এম . ই . স্কুলৰ পৰা সুখ্যাতিৰে সপ্তম শ্রেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ মঙ্গলদৈ হাইস্কুলত নাম লগায় ।  পৰৱৰ্তী সময়ত ১৯৩৭ চনত কলিকতাৰ পৰা কৃতিত্বৰে প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত যােগ দিয়ে । ১৯৩৮ চনত কংগ্ৰেছত যােগদান কৰি ১৯৪১ চনত মহাত্মা গান্ধীৰ সত্যাগ্রহত জড়িত হৈ কাৰাবাস খাটে । তেওঁ নিজৰ দেশৰ বাবে অহােপুৰুষাৰ্থ কৰিছিল । ২০০৫ চনত ভাৰতৰ মহামান্য ৰাষ্ট্রপতি ড° এ.পি. জে.আব্দুল কালাম ডাঙৰীয়াই এইগৰাকী স্বাধীনতা সংগ্রামীক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছিল । উক্ত চনতে ভাৰতীয় সেনাবাহিনীত ঐতিহাসিক পথৰুঘাটত আয়ােজন কৰা কৃষক শ্বহীদ দিৱসত তেওঁক ‘খাদী পৰিহিত সেনাধ্যক্ষ ( The General in Khadi ) উপাধিৰে বিভূষিত কৰিছিল । 

২০১০ চনৰ ৩০ নবেম্বৰত এইজনা স্পষ্টবাদী দুৰন্ত তৰুণ স্বাধীনতা সংগ্রামীজনৰ মৃত্যু হয় । 

14 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top