Class 6 Science Chapter 2 জীৱ আৰু জৈৱ বৈচিত্র্য

Class 6 Science Chapter 2 জীৱ আৰু জৈৱ বৈচিত্র্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 2 জীৱ আৰু জৈৱ বৈচিত্র্য Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.

Class 6 Science Chapter 2 জীৱ আৰু জৈৱ বৈচিত্র্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.

Chapter: 2

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-

(i) উদ্ভিদৰ তলৰ কোনটো প্রক্রিয়াত পখিলাই উদ্ভিদক সহায় কৰে?

(a) অভিযোজন।

(b) খাদ্য প্রস্তুতকৰণ।

(c) প্রজনন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) শ্বাস-প্রশ্বাস।

উত্তৰঃ (c) প্রজনন।

(ii) ডালিম গছ এবিধ-

(a) বৃক্ষ।

(b) গুল্ম।

(c) তৃণ।

(d) আৰোহী লতা।

উত্তৰঃ (b) গুল্ম।

(iii) তলৰ কোনবিধ জলজ উদ্ভিদ নহয়?

(a) পদুম।

(b) খৰিকাজাঁই।

(c) পুনি।

(d) ভেঁট।

উত্তৰঃ (b) খৰিকাজাঁই।

(iv) চৰাইৰ ডেউকা হ’ল-

(a) পাখিৰ ৰূপান্তৰ।

(b) আগঠেঙৰ ৰূপান্তৰ।

(c) পিছঠেঙৰ ৰূপান্তৰ।

(d) (a) আৰু (b) দুয়োটাই।

উত্তৰঃ (b) আগঠেঙৰ ৰূপান্তৰ।

(v) ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি?

(a) ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে।

(b) ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে।

(c) ই দেহক শীতৰ প্রকোপৰ পৰা সুৰক্ষা দিয়ে।

(d) ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে।

উত্তৰঃ (c) ই দেহক শীতৰ প্রকোপৰ পৰা সুৰক্ষা দিয়ে।

2. খালী ঠাই পূৰ কৰা।

(i) বীজপত্র __________ৰ ভিতৰত থাকে।

উত্তৰঃ বীজপত্র বীজৰ ভিতৰত থাকে।

(ii) জালৰ দৰে সিৰাবিন্যাস __________ উদ্ভিদৰ চৰিত্ৰ।

উত্তৰঃ জালৰ দৰে সিৰাবিন্যাস দ্বিবীজপত্রী উদ্ভিদৰ চৰিত্ৰ।

(iii) উটৰ কুঁজটোত __________ জমা হৈ থাকে।

উত্তৰঃ উটৰ কুঁজটোত চর্বি জমা হৈ থাকে।

(iv) পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি _________ ৰ দৰে।

উত্তৰঃ পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে।

(v) ফোপোলা হাড় __________ৰ এক চৰিত্ৰ।

উত্তৰঃ ফোপোলা হাড় চৰাইৰ এক চৰিত্ৰ।

3. চমু উত্তৰ লিখা।

(i) আৱাসস্থল কাক বোলে?

উত্তৰঃ যি ঠাইত জীৱ-জন্তু আৰু উদ্ভিদ জীয়াই থাকে তাকে আৱাসস্থল বোলে।

(ii) জৈৱ বৈচিত্র্য মানে কি বুজা?

উত্তৰঃ জৈৱবৈচিত্র্য শব্দটো “জীৱ” আৰু “বিচিত্ৰতা”ৰ সংমিশ্ৰণ। ই পৃথিৱীৰ বিভিন্ন প্রকাৰৰ জীৱ প্ৰজাতি, উদ্ভিদ, অণুজীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ বৈচিত্র্যক প্ৰতিফলিত কৰে। কোনো ঠাইত জীৱ প্ৰজাতিৰ পৰিমাণ আৰু প্ৰকাৰৰ ভিন্নতাকেই জৈৱবৈচিত্র্য বুজোৱা হয়।

(iii) কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে?

উত্তৰঃ সাধাৰণতে মৰুভূমিৰ উদ্ভিদৰ পাত নাথাকে, থাকিলেও সৰু কাঁইটৰ ৰূপত থাকে। এই ব্যৱস্থাই প্ৰস্বেদনৰ জৰিয়তে পানীৰ ক্ষয় ৰোধ কৰাত সহায় কৰে। কেকটাছৰ ক্ষেত্ৰত দেখা পাত সদৃশ অংশবোৰ আচলতে কাণ্ডৰ পৰিৱৰ্তিত ৰূপ। এই কাণ্ডই সালোক-সংশ্লেষণ কৰে আৰু মমজাতীয় ডাঠ আৱৰণেৰে আবৃত হৈ পানী সংৰক্ষণত সহায় কৰে। কেকটাছৰ শিপা মাটিৰ বহু গভীৰ অংশলৈ সোমাই পানী শোষণ কৰে, যি মৰুভূমিৰ কঠিন পৰিৱেশত থাকে, ৰোৱাৰ বাবে অত্যন্ত প্রয়োজন।

(iv) জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা।

উত্তৰঃ জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য হ’ল-

(i) সকলো জীৱই জীয়াই থাকিবৰ বাবে খাদ্য গ্রহণ কৰে।

(ii) সকলো জীৱৰে বংশবৃদ্ধি হয়।

 (iii) সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ হয়।

(v) সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া।

উত্তৰঃ সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাতৰ নাম হ’ল-

ধান, ঘেঁহু আৰু মাকৈ।

(vi) জৈৱ বৈচিত্র্যব গুৰুত্ব লিখা।

উত্তৰঃ জৈৱ বৈচিত্র্য মানে হৈছে উদ্ভিদ, জন্তু, চৰাই, পোক-পতংগ আদি সকলো জীৱৰ বৈচিত্র্য। এইবোৰে পৰস্পৰে পৰস্পৰৰ সৈতে সম্পর্ক ৰাখে। যেনে, চৰায়ে পোক-পতঙ্গ খাই শস্যক ৰক্ষা কৰে, পখিলাই ফুলৰ পৰা মৌ খাই আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে। উদ্ভিদে প্ৰাণীক খাদ্য আৰু অক্সিজেন দিয়ে, আৰু প্ৰাণীয়ে উদ্ভিদক কার্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে। এইদৰে পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখে। সেয়ে জৈৱ বৈচিত্র্যৰ সংৰক্ষণ কৰি ৰখাটো অতি প্ৰয়োজনীয়।

(vii) ‘চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ’ -ব্যাখ্যা কৰা।

উত্তৰঃ চৰাইবোৰ পৰ্যাৱৰণৰ আৰু জৈৱ বৈচিত্র্যৰ বাবে অতি গুৰুত্বপূর্ণ। চৰাইবোৰে পথাৰত পোক-পতঙ্গ খাই কৃষকৰ সহায় কৰে আৰু শস্য ৰক্ষা কৰে। চৰায়ে ফুলৰ পৰা মধু খোৱাৰ সময়ত পৰাগ সঞ্চালন কৰে, যাৰ ফলত উদ্ভিদৰ বংশবৃদ্ধি হয়। ইয়াৰ উপৰি, চৰাইবোৰে ফল খায় আৰু গুটিসমূহ মাটিত ছটিয়াই দিয়ে, যাৰ ফলত নতুন গছ পুলি হয়। গছত বাহ সাজি থাকি চৰায়ে পোক-পতঙ্গৰ সংখ্যা নিয়ন্ত্ৰণ কৰি ৰাখে। এইদৰে চৰায়ে পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখে, সেইবাবে চৰাইবোৰ জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ।

4. শুদ্ধ নে অশুদ্ধ লিখা।

(i) সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী।

উত্তৰঃ অশুদ্ধ।

(ii) চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে।

উত্তৰঃ শুদ্ধ।

(iii) পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই।

উত্তৰঃ অশুদ্ধ।

(iv) জৈৱ বৈচিত্র্যৰ অৱক্ষয়ে পৰিৱেশত প্রভাৱ পেলায়।

উত্তৰঃ শুদ্ধ।

(v) অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।

উত্তৰঃ অশুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top