Class 6 Science Chapter 1 বিজ্ঞানৰ বিচিত্র জগতখন

Class 6 Science Chapter 1 বিজ্ঞানৰ বিচিত্র জগতখন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 1 বিজ্ঞানৰ বিচিত্র জগতখন Question Answer and select need one. Class 6 Science in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.

Class 6 Science Chapter 1 বিজ্ঞানৰ বিচিত্র জগতখন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.

Chapter: 1

অনুশীলনী

1. খালী ঠাই পূৰ কৰা-

(a) বিজ্ঞান হ’ল ___________  আৰু ______________ ৰ জৰিয়তে লাভ কৰা জ্ঞান।

উত্তৰঃ বিজ্ঞান হ’ল পর্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান।

(b) পর্যৱেক্ষণ, ___________ আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।

উত্তৰঃ পর্যৱেক্ষণ,আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(c) ___________ ৰ বাবে আমি খাদ্য খাওঁ।

উত্তৰঃ জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ।

(d) পঞ্জাবত মানুহে প্রধানকৈ __________  খায়।

উত্তৰঃ পঞ্জাবত মানুহে প্রধানকৈ ৰুটি খায়।

(e) কম্পাছত __________  থাকে।

উত্তৰঃ কম্পাছত চুম্বক থাকে।

2. শুদ্ধ উক্তিটোত (✔) চিন দিয়া-

(a) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে।

উত্তৰঃ শুদ্ধ।

(b) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো।

উত্তৰঃ অশুদ্ধ।

(c) বৰষুণ হিচাপে পানী আকাশৰপৰা মাটিত পৰে।

উত্তৰঃ শুদ্ধ।

(d) ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা-পশ্চিমা হৈ থাকে।

উত্তৰঃ অশুদ্ধ।

(e) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।

উত্তৰঃ শুদ্ধ।

3. চমু উত্তৰ দিয়া-

(a) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?

উত্তৰঃ মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখে।

(b) কম্পাছৰ মূলবস্তু কি?

উত্তৰঃ কম্পাছৰ মূলবস্তু হ’ল- চুম্বক।

(c) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?

উত্তৰঃ ওলোমাই ৰখা চুম্বক এডাল উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।

(d) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নির্ণয় কৰে?

উত্তৰঃ নাৱিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নির্ণয় কৰে।

(e) বিজ্ঞানসম্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি?

উত্তৰঃ বিজ্ঞানসম্মত পদ্ধতিৰ পৰ্যায়কেইটা হ’ল-  

(i) পর্যবেক্ষণ।

(ii) আনুমানিক সিদ্ধান্ত।

(iii) পৰীক্ষা।

4. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-

(i) উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল?

(a) উৰাজাহাজ।

(b) ছাবমেৰিন।

(c) ৰেল’গাড়ী।

(d) মটৰগাড়ী।

উত্তৰঃ (a) উৰাজাহাজ।

(ii) তলৰ কোনটো কামত কম্পাছ যন্ত্র ব্যৱহাৰ কৰা হয়?

(a) দিশ নিৰ্ণয়ৰ কামত।

(b) গধুৰ বস্তু দাঙোতে।

(c) বস্তুৰ ওজন জুখিবৰ বাবে।

(d) বতাহৰ গতি জুখিবৰ বাবে।

উত্তৰঃ (a) দিশ নিৰ্ণয়ৰ কামত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top