Class 6 Science Chapter 3 সুস্বাস্থ্যৰ বাবে খাদ্য

Class 6 Science Chapter 3 সুস্বাস্থ্যৰ বাবে খাদ্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Science Chapter 3 সুস্বাস্থ্যৰ বাবে খাদ্য Question Answer and select need one. Class 6 Science Solutions in Assamese Medium Download PDF. SCERT Class 6 General Science New Textbook Solutions Assamese Medium.

Class 6 Science Chapter 3 সুস্বাস্থ্যৰ বাবে খাদ্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science Textual Question Answer in Assamese are part of All Subject Solutions. Here we have given Class 6 Science Question and Answer, SEBA Science New Texbook Solutions for All Chapters, You can practice these here.

Chapter: 3

অনুশীলনী

1. তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দর্শোৱা।

(a) জোৱাৰ,বজ্‌ৰা, ৰাগি আৰু বুট।

উত্তৰঃ অমিল বস্তু– বুট।

কাৰণ: জোৱাৰ, বজ্‌ৰা আৰু ৰাগি হৈছে শস্য জাতীয় (অন্ন), যাক শস্য শ্ৰেণীত ৰখা হয়; কিন্তু বুট এবিধ ডালশস্য।

(b) ৰাজমাহ, বুট, ছয়াবিন আৰু চাউল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অমিল বস্তু– চাউল।

কাৰণ: ৰাজমাহ, বুট আৰু ছয়াবিন ডালশস্য, কিন্তু চাউল হ’ল ধান জাতীয় শস্য, ডাল নহয়।

2. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্রণালীৰ তুলনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্রণালীৰ তুলনা তলত কৰা হৈছে-

(i) ভাৰতবৰ্ষৰ পুৰণি ৰন্ধন প্ৰণালী: মাটি বা পিতলৰ পাত্ৰত শিল-পটা আৰু ঢেঁকী ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিছিল। কিন্তু সময় বেছি লাগিছিল।

(ii) ভাৰতবৰ্ষৰ আধুনিক ৰন্ধন প্ৰণালী: গেছষ্টোভ, এয়াৰ ফ্ৰাইয়াৰ, প্ৰেছাৰ কুকাৰ আৰু বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত আৰু সুবিধাজনকভাৱে ৰন্ধন কৰা হয়।

3. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদ যুক্ত নহয়। আলোচনা কৰা।

উত্তৰঃ সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। আজিকালিৰ সময়ত যি খাদ্যবোৰ খাই আমি সোৱাদ পাওঁ তাত তেল বা মছলা আদি বেছিকৈ দিয়া থাকে, যি স্বাস্থ্যৰ বাবে ক্ষতিকৰ হ’ব পাৰে। আনহাতে, পুষ্টিকৰ খাদ্য যেনে শাক-পাচলি, ফল-মূল, দুধ আদি স্বাস্থ্যৰ বাবে উপকাৰী হলেওঁ কিছু লোকৰ বাবে নহবও পাৰে। সেয়ে, স্বাস্থ্য সুৰক্ষাৰ বাবে পুষ্টিকৰ খাদ্য বেছিকৈ গ্ৰহণ কৰা উচিত যদিও সেইবোৰ সদায় সোৱাদযুক্ত নোহোৱাৰ সম্ভাৱনা থাকে।

4. তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্রীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা?

(a) বটলত থকা ফলৰ ৰস।

(b) সতেজ ফলৰ ৰস।

(c) সতেজ ফল।

উত্তৰঃ মই সতেজ ফল খাব বিচাৰিম, কাৰণ সতেজ ফলত ভিটামিন, খনিজ পদার্থ আৰু আঁহ থাকে, যি শৰীৰৰ বাবে বহু পুষ্টিকৰ। ইয়াত কোনো প্ৰকাৰৰ সংৰক্ষক ৰাসায়নিক বা চিনি যোগ কৰা নাথাকে, যি বটলৰ ফলৰ ৰসত সাধাৰণতে থাকে। সতেজ ফলৰ ৰসো ভাল, কিন্তু সেয়া খাই থকাৰ সময়ত পুষ্টি কিছু হ্ৰাস পায়, আৰু আঁহ নাই। সেয়ে, সম্পূৰ্ণ পুষ্টিৰ বাবে সতেজ ফল খোৱা বহুতেই ভাল।

5. চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়’ডিন মিলালে নীলা-ক’লা বৰণৰ নহয়। ইয়াৰ সমর্থনত কাৰণ দর্শোৱা।

উত্তৰঃ চেনিত ষ্টাৰ্চ নথকাৰ বাবে আয়’ডিন লগালে নীলা-ক’লা বৰণৰ নহয়। আয়’ডিন কেৱল ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰি সেই বৰণৰ সৃষ্টি কৰে, কিন্তু চেনি ছুক্ৰোজ যি দ্বিসাৰ, তাত এই বিক্ৰিয়া নহয়।

6. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাব গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা।

উত্তৰঃ মিলেটবোৰ (যেনে ৰাগী, বাজৰা, জোৱাৰ) পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়, কাৰণ তাত আঁহ, লৌহ, প্ৰ’টিন আৰু ভিটামিন B সমূহ থাকে। কিন্তু আমি কেৱল মিলেট খালেহে শৰীৰৰ সকলো পুষ্টি উপাদান— যেনে ভিটামিন A, C, কেলচিয়াম বা সকলো এমিনো এছিড—পোৱা নাযায়।

সেয়ে সম্পূৰ্ণৰূপে পুষ্টিৰ বাবে মিলেটৰ সৈতে আন আন পুষ্টিকৰ খাদ্য যেনে শাক-পাচলি, ফল-মূল, দুগ্ধজাত খাদ্য আৰু প্ৰ’টিনযুক্ত খাদ্য একেলগে খোৱাৰ প্ৰয়োজন।

7. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-

(i) তলত দিয়া কোনটো ভিটামিন Dৰ অভাৱত হয়?

(a) দৃষ্টিশক্তি কমি যোৱা।

(b) বেৰি বেৰি।

(c) স্কার্ভি।

(d) ৰিকেট।

উত্তৰঃ (d) ৰিকেট।

(ii) তলত দিয়া কোনটো ৰোগ ভিটামিন Cৰ অভাৱত হয়?

(a) দৃষ্টিশক্তি কমি যোৱা।

(b) স্কার্ভি।

(c) ৰিকেট।

(d) ৰক্তহীনতা।

উত্তৰঃ (b) স্কার্ভি।

(iii) তলত দিয়া কোনটো ভিটামিন A ৰ অভাৱত হয়?

(a) দৃষ্টিশক্তি কমি যোৱা।

(b) হাড় আৰু দাঁত ক্ষয় যোৱা।

(c) বেৰি বেৰি।

(d) স্কার্ভি।

উত্তৰঃ (a) দৃষ্টিশক্তি কমি যোৱা।

(iv) তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয়?

(a) ৰক্তহীনতা।

(b) দৃষ্টিশক্তি কমি যোৱা।

(c) বেৰি বেৰি।

(d) স্কার্ভি।

উত্তৰঃ (a) ৰক্তহীনতা।

8. তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।

(a) স্নেহপদার্থ।

উত্তৰঃ আখৰোট আৰু চিনাবাদাম।

(b) শ্বেতসাৰ।

উত্তৰঃ আলু আৰু ভাত।

(c) আঁহজাতীয় খাদ্য।

উত্তৰঃ গোটা শস্য আৰু সেউজীয়া শাক-পাচলি।

(d) প্র’টিন।

উত্তৰঃ মটৰ আৰু বাদাম।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top