Class 5 Environment Chapter 6 বতৰ

Class 5 Environment Chapter 6 বতৰ, SEBA Chapter 6 বতৰ Class 5 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 5 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

বতৰ

Chapter – 6

পৰিৱেশ অধ্যয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা –

(ক) ৰতৰ বুলিলে কি বুজা ?

উত্তৰঃ বিভিন্ন সময়ত বায়ুমণ্ডলৰ অৱস্থাৰ সাল-সলনি হয়। বায়ুমণ্ডলৰ একোটা বিশেষ সময়ত একোটা বিশেষ পৰিস্থিতিক সেই সময়ৰ বতৰ বোলে। যেনে— ফৰকাল বতৰ, ডাৱৰীয়া বতৰ ইত্যাদি।

(খ) ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ বছৰৰ ঋতু ছয়টা। সেইকেইটা হ’ল—গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(গ) বতৰৰ আগজাননী মানে কি ?

উত্তৰঃ বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা বতৰৰ আগলি বতৰা বোলে।

(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম লিখা। 

উত্তৰঃ থাৰ্ম’মিটাৰ, হাইগ্ৰ ‘মিটাৰ, ৰেইনগজ।

(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে ?

উত্তৰঃ চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে৷

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ‘খ’ অংশ
বায়ুৰ উষ্ণতা
 বাষ্পৰ পৰিমাণ
 বৰষুণৰ পৰিমাণ
বায়ুৰ গতিবেগ
ৰেইনগঞ্জ
থাৰ্ম ‘মিটাৰ
এনিম ‘মিটাৰ
হাইগ্ৰ ‘মিটাৰ

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
বায়ুৰ উষ্ণতা 
বাষ্পৰ পৰিমাণ
বৰষুণৰ পৰিমাণ
বায়ুৰ গতিবেগ
থাৰ্ম’মিটাৰ 
হাইগ্ৰ’মিটাৰ
ৰেইনগজ
এনিম ‘মিটাৰ

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :

(ক) গৰম দিনত পাতল ___কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

(খ) বতাহৰ দিশ জুখিবলৈ ___নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

(গ) বায়ু মোজা বতাহৰ ___ জানিবলৈ ব্যৱহাৰ কৰা হয়।

(ঘ) ধুমুহা আহিলে আকাশত ___মাৰে আৰু মেঘেও গাজে ?

(ঙ) ইণ্টাৰনেট সংযোগ থকা ___জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰো।

উত্তৰঃ (ক) গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। 

(খ) বতাহৰ দিশ জুখিবলৈ বায়ু দিক্‌-দৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

(গ) বায়ু মোজা বতাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা হয়।

(ঘ) ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে আৰু মেঘেও গাজে ? 

(ঙ) ইন্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰো।

প্রশ্ন ৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয় ?

উত্তৰঃ ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশৰ বাবে বতৰৰ আগজাননী দিয়ে। ৰেডিঅ’, দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে আগতীয়াকৈ জাননী দিয়া হয়।

প্রশ্ন ৫। চমুটোকা লিখা :

(ক) ৰেইন গজ। 

(খ) কৃত্রিম উপগ্রহ। 

(গ) বতৰ বিজ্ঞান কেন্দ্ৰ।

উত্তৰঃ (ক) ৰেইনগজ : এইবিধ সঁজুলি বৰষুণৰ পৰিমাণ জুখিবলৈ ব্যৱহাৰ কৰা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয়, যাতে বৰষুণ সঠিক পৰিমাণে জুখিব পাৰি।

(খ) কৃত্রিম উপগ্রহ : পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা যিবোৰ পদাৰ্থ গোটে কোনো ইন্ধন ব্যৱহাৰ নকৰাকৈ নিৰ্দিষ্ট কক্ষপথত পৃথিৱীক প্রদক্ষিণ কৰি আছে, সেইবোৰকে কৃত্রিম উপগ্রহ বোলে। মহাকাশত কক্ষপথত স্থাপন কৰা কৃত্রিম উপগ্রহবোৰে মানৱ কল্যাণৰ নিমিত্তে বহুতো উপযোগী কাৰ্য সমাধা কৰে। উন্নত যোগাযোগ ব্যৱস্থা, বতৰৰ আগজাননী দিয়া, প্রাকৃতিক সম্পদ অনুসন্ধান, বহির্বিশ্বৰ পর্যবেক্ষণ আদি কার্য সমাধা কৰাই মূল উদ্দেশ্য।

উল্লেখযোগ্য যে কৃত্রিম উপগ্ৰহবোৰত কেমেৰা সংযোগ কৰা থাকে। কৃত্রিম উপগ্রহই পৃথিৱীৰ চাৰিওফালে ঘুৰি থকা অৱস্থাত এইবোৰত লগাই যোৱা কেমেৰাই বায়ুমণ্ডলৰ ডাৱৰৰ আৱৰণ, বতাহৰ দিশ আৰু বেগৰ পৰিমাণ আদিৰ স্পষ্ট ছবি তুলি বতৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই দিয়ে। এই কৃত্রিম উপগ্ৰহবোৰে অৰণ্য, মৰুভূমি, তুষাৰবৃত অঞ্চলৰ দৰে দুর্গম ঠাইৰ বতৰো পৰ্যবেক্ষণ কৰিব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰত এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰা হয়।

(ঘ) বতৰ বিজ্ঞান কেন্দ্ৰ : বতৰ বিজ্ঞান কেন্দ্ৰ ভাৰত চৰকাৰৰ এটা বিভাগ। ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে। আনহাতে কৃত্রিম উপগ্রহই সংগ্ৰহ কৰি অনা বতৰ সম্পৰ্কীয় তথ্যবোৰ অধ্যয়ন কৰি বতৰ কেন্দ্ৰই বতৰৰ আগজাননী প্রস্তুত কৰে।

প্রশ্ন ৬। তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে পাঁচশাৰী বাক্য লিখা।

উত্তৰঃ মই ফৰকাল বতৰ ভাল পাওঁ। ফৰকাল বতৰত আকাশত ডাৱৰ নাথাকে। গৰম বেছি হয়। সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ উজ্জ্বল দেখি। ফৰকাল বতৰত বৰষুণ নহয়।

প্রশ্ন ৭। বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনে ধৰণৰ হ’ব লাগে লিখা।

উত্তৰঃ বতৰৰ লগত মিলাই সাজপাৰ পৰিধান কৰিব লাগে। গৰমৰ দিনত পাতল কপাহী পৰিধান কৰিব লাগে। তেনে কাপোৰ আৰামদায়ক। কৃত্রিম সূতাৰে তৈয়াৰ কৰা কাপোৰ গৰমৰ দিনত পিন্ধিব নালাগে। খুব বেছি বৰষুণ দিলে বা বতাহ দিলে আমাৰ ঠাণ্ডা লাগে। তেনেকুৱা বতৰত ডাঠ কাপোৰ পিন্ধাটো ভাল। শীতকালত গৰম কাপোৰ পিন্ধিব লাগে। তেতিয়াহে শীতৰ পৰা হাত সাৰিব পাৰি।

প্রশ্ন ৮। শীতকালত পাত সৰি পৰা তিনিধি উদ্ভিদৰ নাম লিখা।

উত্তৰঃ শীতকালত শাল, চেগুন, কঁঠাল আদি উদ্ভিদৰ গছৰ পাত সৰি পৰে। 

প্রশ্ন ৯। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে ?

উত্তৰঃ বতৰৰ আগজাননীয়ে জাহাজৰ নাৱিক, সাগৰত মাছধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰীক বিশেষভাৱে সহায় কৰে। তদুপৰি বতৰৰ আগজাননীয়ে খেতিয়কসকলকো বিশেষভাবে সহায় কৰে। বতৰৰ আগজাননীয়ে সাম্ভাব্য প্রাকৃতিক দুৰ্যোগৰ পৰা প্ৰতিৰক্ষামূলক ব্যৱস্থা লোৱাটো সহায় কৰিব পাৰে। 

প্রশ্ন ১০। বতৰৰ উপাদানকেইটাৰ নাম কি কি ?

উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতা, বতাৰহ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুৰ জলীয় বাষ্প আদি হ’ল বতৰৰ উপাদান।

প্রশ্ন ১১। মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে ? 

উত্তৰঃ মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৰ ফলত মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কমিছে। বিশেষকৈ সেই অঞ্চলত মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ-গছনি কটাৰ ফলত আগৰ তুলনাত বৰষুণৰ পৰিমাণ চেৰাপুঞ্জী আৰু মৌছিনৰাম অঞ্চলত কমি গৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। বায়ুমণ্ডল বুলিলে কি বুজা ?

উত্তৰঃ আমাৰ চাৰিওফালে বায়ুয়ে আৱৰি আছে। বায়ুৰ এই আৱৰণটোকে বায়ুমণ্ডল বোলে। 

প্রশ্ন ২। বায়ুমণ্ডলত কি কি উপাদান থাকে ? 

উত্তৰঃ বায়ুমণ্ডলত নাইট্ৰ’জেন, অক্সিজেন, কার্বন-ডাই-অক্সাইড আদি গেছ থকাৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণা আদি থাকে। 

প্রশ্ন ৩। বিভিন্ন প্ৰকাৰৰ বতৰৰ নাম লিখা

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ বতৰবোৰ হ’ল— ডাৱৰীয়া বতৰ, ফৰকাল বতৰ, বৰষুণ বতৰ, শুকান বতৰ, ধুমুহা ইত্যাদি।

প্রশ্ন ৪। ফৰকাল বতৰ আৰু ডাৱৰীয়া বতৰৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ ফৰকাল বতৰত আকাশত ডাৱৰ নাথাকে, কিন্তু ডাৱৰীয়া বতৰত আকাশখন সাধাৰণতে ডাৱৰেৰে ঢাক খাই থাকে। ফৰকাল বতৰত বস্তুবোৰ উজ্জ্বল দেখি কিন্তু ডাৱৰীয়া বতৰত বস্তুবোৰ নিস্তেজ দেখি।

প্রশ্ন ৫। ফৰকাল বতৰৰ লক্ষণসমূহ লিখা। 

উত্তৰঃ ফৰকাল বতৰত গৰম বেছি হয়। সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ উজ্জ্বল দেখি।আকাশ ফৰকাল থাকে।

প্রশ্ন ৬। ডাৱৰীয়া বতৰৰ লক্ষণসমূহ লিখা।

উত্তৰঃ আকাশ ডাৱৰেৰে ঢাক খাই থাকে। বস্তুবোৰ নিস্তেজ দেখি।

প্রশ্ন ৭। বৰষুণ বতৰৰ লক্ষণ লিখা। 

উত্তৰঃ বৰষুণ বতৰ সাধাৰণতে ঠাণ্ডা। বৰষুণ পাতলীয়া বা ডাঙৰ হ’ব পাৰে।

প্রশ্ন ৮। কি পৰিস্থিতিত শুকান বতৰ হয় ? 

উত্তৰঃ বহু দিন বৰষুণ নহ’লে বতৰ শুকান হয়।

প্রশ্ন ৯। ধুমুহা বুলিলে কি বুজা ?

উত্তৰঃ বতাহ যোৰেৰে বলি ঘৰ-দুৱাৰ, গছ-গছনিৰ অনিষ্ট সাধন হ’লে তাক ধুমুহা বুলি কওঁ। ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে আৰু মেঘেও গাজে। 

প্রশ্ন ১০৷ তলত বতৰৰ অৱস্থা চাই বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে লিখা।

বতৰৰ অৱস্থাবতৰৰ উপাদান
আজি বৰ ৰ’দ দিছে_______
বতৰটো ডাৱৰীয়া হৈছে_______
ধুমুহা আহিছে_______
নদীবোৰ পানীৰে উপচি পৰিছে_______

উত্তৰঃ

বতৰৰ অৱস্থাবতৰৰ উপাদান
আজি বৰ ৰ’দ দিছেবায়ুমণ্ডলৰ উষ্ণতা
বতৰটো ডাৱৰীয়া হৈছেমেঘৰ উপস্থিতি
ধুমুহা আহিছেবতাহৰ বেগ
নদীবোৰ পানীৰে উপচি পৰিছেবৰষুণ পৰিমাণ

প্রশ্ন ১১। ঋঋতুৰ পৰিৱৰ্তনৰ লগে লগে বতৰৰ কেনেদৰে পৰিবৰ্তন হয় লিখা। 

উত্তৰঃ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে বতৰৰ পৰিৱৰ্তন হয়। গ্রীষ্মকালত বতৰ গৰম হয়। বর্ষা ঋতুত বৰষুণ বেছি হয়। শৰৎকালত বতৰ ফৰকাল হয়। এই সময়ছোৱাত খুব বেছি গৰমো নহয়, ঠাণ্ডাও নহয়। হেমন্ত ঋতুত অলপ ঠাণ্ডাৰ অনুভৱ হয়। শীতকালত শীতৰ প্ৰকোপ বেছি হয়। বসন্তকালত শীত কমি আহে। বতৰ গৰমৰ ফালে ঢাল খায়।

প্রশ্ন ১২। এৰী কাপোৰ কোন সময়ত ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ এৰী কাপোৰ শীত কালত ব্যৱহাৰ কৰা হয়।

প্রশ্ন ১৩। তলৰ যন্ত্ৰবোৰৰ চিত্ৰ আঁকা।

(ক) থাম’মিটাৰ 

(খ) হাইগ্ল’মিটাৰ 

(গ) বেইনগজ 

(ঘ) এনিম ‘মিটাৰ 

(ঙ) বায়ু মোজা 

(চ) বায়ুৰ দিকদর্শীসূচক

উত্তৰঃ

প্রশ্ন ১৪। বতাহৰ দিশ জুখিবলৈ ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ বায়ু দিক-দর্শীসূচক আৰু বায়ু মোজা।

প্রশ্ন ১৫। এনিম মিটাৰৰ আন এটা নাম কি ? 

উত্তৰঃ এনিম’মিটাৰ আন এটা নাম হ’ল বায়ু বেগমান যন্ত্র।

প্রশ্ন ১৬। বায়ু বেগমান যন্ত্ৰৰ কাৰ্যপ্রণালী বর্ণনা কৰা।

উত্তৰঃ বায়ু বেগমান যন্ত্র বা এনিম ‘মিটাৰটোত কেইটামান বাটি থাকে। বাটি কেইটাত বতাহ লাগিলে মাজৰ শলাডাল বেগেৰে ঘূৰে। শলাডালৰ ঘূর্ণন জুখিবলৈ এডাল সূচক সংযোগ কৰা থাকে। সূচকডাল এখন ডায়েলৰ ওপৰত ঘূৰি থাকে। ডায়েলখনত দাগ কটা থাকে বাবে তাৰ পৰা বতাহৰ বেগ জুখিব পাৰি। শলাডালৰ ঘূর্ণন জুখি বতাহৰ বেগ জানিব পাৰি।

প্রশ্ন ১৭। অসমত কোনটো ঋতুত দুর্গাপূজা উদযাপন কৰে ?

উত্তৰঃ শৰৎকালত অসমত দুর্গাপূজা উদযাপন কৰে।

প্রশ্ন ১৮। কোনটো ঋতুত ডালিয়া, নার্জি, জিনিয়া ফুল বেছিকৈ ফুলে ?

উত্তৰঃ শীতকালত এনেজাতীয় ফুল বেছিকৈ ফুলে।

প্রশ্ন ১৯। কোনটো ঋতুত কুলিয়ে মাতে ?

উত্তৰঃ সাধাৰণতে বসন্ত কালত কুলিয়ে মাতে।

প্রশ্ন ২০। কোনটো ঋতুত কপৌফুল ফুলে ?

উত্তৰঃ বসন্ত কালত কপৌফুল ফুলে।

প্রশ্ন ২১। অসমত কোনটো ঋতুত বহাগ বিহু পালন কৰা হয় ? 

উত্তৰঃ বসন্ত কালত অসমত বহাগ বিহু পালন কৰা হয়।

প্রশ্ন ২২। ধুমুহাৰ দুটা কুফল উল্লেখ কৰা।

উত্তৰঃ ধুমুহাই ঘৰ-দুৱাৰ ভাঙে, বিজুলী সংযোগ বিচ্ছিন্ন কৰে।

প্রশ্ন ২৩। শীতকালত ফুলনিত কিয় পানী দিব লাগে ? 

উত্তৰঃ শীতকালত বৰষুণ কম হোৱাৰ ফলত মাটি শুকাই যায়। সেয়ে ফুলনিত পানী দিব লাগে।

প্রশ্ন ২৪। কোনটো ঋভূত সাধাৰণতে গছে নতুন পাত সলায় ?

উত্তৰঃ সাধাৰণতে বসন্তকালত গছত নতুন পাত সলায়।

প্রশ্ন ২৫। তলত দিয়াবোৰৰ চিত্ৰ আঁকা।

(ক) পৰ্বত আৰোহণ 

(খ) পানীজাহাজ 

(গ) এৰোপ্লেন 

(ঘ) নাৱেৰে মাছধৰা

উত্তৰঃ

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising