Class 4 Assamese Chapter 8 বীৰাংগনা মূলাগাভৰু

Class 4 Assamese Chapter 8 বীৰাংগনা মূলাগাভৰু, SEBA Chapter 8 বীৰাংগনা মূলাগাভৰু Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

বীৰাংগনা মূলাগাভৰু

Chapter – 8

অংকুৰণ

ASSAMESE

লিখকৰ পৰিচয় :

অতুল চন্দ্ৰ হাজৰিকা :- অতুল চন্দ্ৰ হাজৰিকা দেৱৰ ১৯০৩ চনত জন্ম হয়। তেখেতৰ ঘৰ বৰ্তমান গুৱাহাটীৰ উজান বজাৰত। হাজৰিকাৰ পিতৃৰ নাম ৰমাকান্ত হাজৰিকা। কলেজীয়া ছাত্ৰ অৱস্থাৰ পৰাই অতুলচন্দ্ৰ হাজৰিকাই সাহিত্য চৰ্চা কৰিছিল। কটন কলেজিয়েট, কটন কলেজ, আর্ল ল’ কলেজ আদিত তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। অতুল চন্দ্ৰ হাজৰিকাই কটন কলেজত অধ্যাপনা কৰি অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অতুল চন্দ্ৰ হাজৰিকা একেধাৰে এগৰাকী কবি, নাট্যকাৰ, মঞ্চৰ বুৰঞ্জী লেখক আৰু শিশু গল্পকাৰ। তেখেতৰ প্ৰায় চাৰিকুৰিৰো অধিক গ্রন্থ প্রকাশ পাইছে। তেখেত ছত্রপতি শিৱাজী, নৰকাসুৰ, কনৌজ কুঁৱৰী, টিকেন্দ্ৰজিৎ, কুৰুক্ষেত্ৰ আদি কৰি প্ৰায় কুৰিখন নাটক প্ৰকাশ পাইছে। কথা-দশম, কথা কীৰ্ত্তন, দিগ্বিজয়ী, ল’ৰাৰ জাতক, ঈছপৰ সাধু, ৰুণুক-জুনুক, অপেশ্বৰীৰ দেশ, ৰাণী হিমানী, গ্ৰীমৰ সাধু আদি কৰি একুৰিৰো অধিক শিশু সাহিত্য, দীপালী, তপোবন, মুকুতা মালা, মণিমালা, পাঞ্চজন্য, মাণিকি মাধুৰী আৰু ৰুণুক-জুনুক আদি খণ্ড কবিতাৰ পুথি প্ৰকাশ পাইছে। ‘‘মঞ্চলেখা’ তেখেতৰ স্বৰূপ ৰচিত মঞ্চৰ বুৰঞ্জী বিষয়ক এখনি উল্লেখযোগ্য গ্রন্থ। জাতীয় ভাব উদ্ৰেক কৰিব পৰা আৰু বৰ্ণনা মূলক কবিতাত হাজৰিকাদেৱৰ বিশেষ পাৰদৰ্শিতা দেখা যায়। তেখেতৰ অসাধাৰণ সাহিত্য প্ৰতিভাৰ ফলস্বৰূপে তেখেতক সাহিত্যাচাৰ্য উপাধিৰে বিভূষিত কৰা হয়। সাহিত্যাচাৰ্য্য অতুলচন্দ্ৰ হাজৰিকাৰ ১৯৮৬ চনত গুৱাহাটীত মৃত্যু হয়। 

☆ শব্দ অর্থ লিখা।

উত্তৰঃ

শব্দঅর্থ
উদাৰমহৎ, সৰল, বহল আৰু উচ্চমনা।
কষ্ট সহিষ্ণুদুখ বা কষ্ট সহিৰ পৰা।
বীৰত্ববীৰৰ গুণ, শক্তি বা স্বভাৱ, বল আৰু সাহস।
অতুলনীয়তুলনাহীন, যাক তুলনা কৰিব নোৱাৰি
অলেখলেখ দিব নোৱাৰা, গনিব নোৱাৰা।
আক্রমণযুঁজ দিয়া, হিংসা সাধনৰ কাৰণে আনৰ ওপৰত কৰা বল প্রয়োগ।
জোৰ পুৰি হাত পোৱাপ্রায় শেষ অৱস্থাত উপনিত হোৱা, শেষ হওঁ হওঁ অৱস্থা।
থৈয়া-নথৈয়াতুমুল, ভয়ংকৰ, ভয়ানক।
প্ৰমুখ্যেআদি কৰি, মুখ্য কৰি
চিন্তিতচিন্তাযুক্ত, চিন্তাকুল, উদ্বিগ্ন।
প্রতিহতবাধাপ্রাপ্ত।
স্বৰ্গদেউআহোম ৰজা সকলক সম্বোধন কৰি মতা শব্দ।
বীৰাংগনাযুঁজাৰু তিৰোতা, সাহসী তিৰোতা।
স্বদেশ প্রেমনিজৰ দেশৰ প্ৰতি ভালপোৱা ভাব।
আকোৱালিসাবটি ধৰা কাৰ্য।
বঙহৰদেইআহোম ভার্যাই স্বামীক কৰা সম্বোধন।
দৃঢ় প্রতিজ্ঞানিজৰ কথাত লৰচৰ নোহোৱা, কথাত স্থিৰ হৈ থকা।
বিস্ময়আচৰিত, তথা লগা অৱস্থা, আশ্চর্যবোধ।
বিমোৰতবিবুধি, কি কৰা উচিত বুজিব নোৱাৰা।
ঘটুৱাহৰুৱা, পৰাস্ত কৰ।
যাত্রাযেৱো কাৰ্য, গমন, গতি ভ্রমণ, ভাওনা,অভিনয়।
থৈয়া নথৈয়াতুমুল, ভয়ংকৰ, ভয়ানক।
প্রাণটাকিপ্ৰাণ পনে, দেহৰ কষ্ট লৈ আওকান কৰি।
বিচলিতলৰচৰ হোৱা, এফলীয়া হোৱা।
সঙ্গলগ, বন্ধু।
নেতৃত্বগুৰি ধৰা বা চলোৱা কাৰ্য, কোনো কাৰ্যৰ গুৰিয়াল।

ক-পাঠভিত্তিক

☆ উত্তৰ দিয়া –

1. মূলা গাভৰু কোন আছিল ?

উত্তৰঃ মূলা গাভৰু হ’ল ফ্ৰাচেংমুং বৰ গোহাঁইৰ পত্নী। এই তুৰ্বকৰ লগত নিজে যুঁজ দি প্রাণ বিসর্জন দিছিল।

2. তেওঁৰ স্বামীৰ নাম কি ?

উত্তৰঃ তেওঁৰ স্বামীৰ নাম ফ্রাচেংমুং। 

3. স্বামীৰ মৃত্যুত বিচলিত নহৈ তেওঁ কি প্ৰতিজ্ঞা কৰিছিল ? 

উত্তৰঃ স্বামীৰ মৃত্যুত বিচলিত নহৈ তেওঁ পতিহন্তা শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ প্ৰতিজ্ঞা কৰিছিল।

4. কাৰ অস্ত্ৰাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল ? 

উত্তৰঃ তুৰ্বৰ্কৰ অস্ত্রাঘাতত মূলা গাভৰুৰ মৃত্যু হৈছিল।

5. তুর্বক কোন আছিল ?

উত্তৰঃ তুৰ্বক আছিল মুছলমান সকলৰ প্ৰধান সেনাপতি। 

6. তেওঁ অসমলৈ কিয় আহিছিল ? 

উত্তৰঃ তেওঁ অসম আক্ৰমণ কৰি নিজৰ তলতীয়া দেশ হিচাপে ৰাখিবলৈ অসমলৈ আহিছিল।

7. যুদ্ধক্ষেত্ৰত কি দেখি তুর্বকবাহিনী বিস্মিত হৈছিল ?

উত্তৰঃ যুদ্ধ ক্ষেত্ৰত মূলা গাভৰুৱে অসীম বীৰত্বৰে যুঁজি তুৰ্বকৰ বহুতো সৈন্য নিপাত কৰিছিল। তেওঁৰ সাহস আৰু বীৰত্ব দেখি তুর্বক বাহিনী বিস্মিত হৈছিল। 

8. কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ?

উত্তৰঃ কলিয়াবৰৰ ৰণত তুৰ্বক কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত পৰাস্ত হৈছিল।

9. কলিয়াবৰণ ৰণ কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ কলিয়াবৰৰ ৰণ আহোম আৰু পশ্চিমৰ মুছলমান সকলৰ (তুৱকৰ) মাজত হৈছিল। 

10. কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ?

উত্তৰঃ কলিয়াবৰতে তুৰ্বকৰ সৈতে আহোমৰ সেনাৰ মাজত থৈয়া নথৈয়া বণ লাগে। এই ৰণক ‘কলিয়াবৰৰ ৰণ’ বা ‘কপিলী-গঙ্গা ৰণ’ নামেৰেও জনা যায়।

11. কৰচ কাপোৰ কি ?

উত্তৰঃ এটা ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাজিকাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা কাপোৰেই হ’ল কৱচ কাপোৰ। এনে ধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ’লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম সকলে বিশ্বাস কৰিছিল।

12. ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় ?

উত্তৰঃ এই কাপোৰ ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাঁজি কাটি, সূতা তৈয়াৰ কৰি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিয়াই । 

13. মূলা গাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল ?

উত্তৰঃ ৰাতিৰ ভিতৰতে মূলা গাভৰুৱে তেওঁৰ স্বামীক যুদ্ধৰ বাবে কৱচ কাপোৰ তৈয়াৰ কৰি দিব নোৱাৰাৰ বাবে মৃত্যু বৰণ কৰা ভাৱিছিল।

14. কোনজন আহোম ৰজাৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল ?

উত্তৰঃ তুৰ্বকে অসম আক্ৰমণ কৰাৰ সময়ত আহোমৰ ৰজা আছিল স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গ নাৰায়ণ।

15. সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায় ? 

উত্তৰঃ সেইজন স্বৰ্গদেউক স্বৰ্গনাৰায়ণ নামেৰে জনা যায়।

16. তুৰ্বকৰ হাতত আঠজন প্রধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল ?

উত্তৰঃ তুৰ্বকৰ হাতত আঠজন প্রধান যোদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে ফ্রাচেংমুং বৰগোহাঁইক ৰণলৈ পঠাইছিল। 

17. পাঠটোত মূলা গাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে ?

উত্তৰঃ পাঠটোত থকা বীৰাংগনাৰ নাম কেইটা হ’ল – ঝান্সী ৰাণী লক্ষ্মীবাই, চুলতানা ৰেজিয়া।

18. কোনে, কেতিয়া আৰু কিয় কৈছিল কোৱা।

(ক) মই আৰু পলম কৰিব নোৱাৰোঁ। ৰণলৈ সকলো আহিলা-পাতি সাজু হৈছে। কৰচ কাপোৰ নোহোৱাকৈয়ে মই তুৰ্বকক ঘটুৱাব পাৰিম।’

উত্তৰঃ এই কথাষাৰ ফ্ৰাচেংমুং বৰগোহাইয়ে ঘৈণীয়েক মূলা গাভৰক কৈছিল। মন্ত্রী বুনগোহাইপ্ৰমুখ্যে আঠজন আহোম যোদ্ধা ৰণত পৰিছিল। মন্ত্ৰী সকলে আলোচনা কৰি ফ্ৰাচেংমুং বৰগোহাঁইক সেনাপতি পাতি তুর্বকক প্রতিহত কৰিবলৈ আদেশ দিছিল। যুদ্ধলৈ যাবলৈ সাজু হোৱাত ফ্ৰাচেংমুঙে বিমোৰত পৰিছিল কাৰণ তেতিয়া আৰু তেওঁ কৱচ কাপোৰ পিন্ধাই গিৰীয়েকক যুদ্ধলৈ পঠাব নোৱাৰিব। সেইবাবে তেওঁ গিৰীয়েকক যুদ্ধলৈ যাব দিব বিচৰা নাছিল। তেতিয়া গিৰীয়েকে কৈছিল যে তেওঁ আৰু যুদ্ধলৈ যোৱাৰ বাবে পলম কৰিব নোৱাৰে। কাৰণ যুদ্ধৰ সকলো আহিলা পাতি সাজু কৰা হৈছিল। কবচ কাপোৰ নোহোৱাকৈয়ে তেওঁ তুর্বকক ঘটুৱাব পাৰিব বুলি বিশ্বাস কৰিছিল। এইজনা বীৰৰ আত্মবল, বাহুবলৰ অভাৱ হোৱা নাছিল।

(খ) ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ কাটি দিব নোৱৰাৰ বাবেহে মোৰ বঙহৰদেউৰ এনে দশা হ’ল।’

উত্তৰঃ এই কথাষাৰ মূলা গাভৰুৱে কৈছিল। যেতিয়া তুৰ্বকৰ লগত ফ্ৰাচেংমুংৰ যুদ্ধ হৈছিল। সেই যুদ্ধ হঠাতে সংঘটিত হোৱাত তেওঁ দেশ ৰক্ষাৰ হেতু যুদ্ধ ক্ষেত্ৰলৈ যাব লগীয়া হৈছিল। সেই সময়ত মূলা গাভৰুৰ হাতত সময়ত নাছিল বাবে গিৰীয়েকক যুদ্ধ ক্ষেত্ৰলৈ নাযাবলৈ কাকৃতি কৰিছিল। ঘৈণীয়েকৰ বাধা নামানি ফ্রাচেংমুং গ’ল। কিন্তু ৰণত ঘাটি তুৰ্বকে তেওঁৰ প্ৰাণ নাশ কৰিলে। তেতিয়া মূলা গাভৰুৱে তেওঁ কৱচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবে গিৰীয়েকৰ ৮ মৃত্যু হোৱা বুলি ভাবি এইদৰে দুখ প্ৰকাশ কৰিছিল।

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

☆ তলৰ বাক্যকেইটা পঢ়া আৰু সৰ্বনাম পদবোৰ বাছি উলিয়াই লিখা। লগতে কোনটো বিশেষ্য পদৰ সলনি ব্যৱহাৰ হৈছে কাষত উল্লেখ কৰা। 

পৰিধিৰ ঘৰ নামশালা গাঁৱত। তাই সেই গাঁৱৰে পাঠশালাত পঢ়ে। তাইৰ ককাক গাঁওখনৰ গাঁওবুঢ়া। গাঁওবাসীয়ে তেখেতক সমীহ কৰি চলে। গাঁওবুঢ়ায়ো তেওঁলোকৰ সুখ-দুখৰ খবৰ ৰাখে।

সর্বনাম পদকোনটো বিশেষ্য পদৰ সলনি বহিছে
তাইপৰিধি
সেই

উত্তৰঃ

সর্বনাম পদকোনটো বিশেষ্য পদৰ সলনি বহিছে
তাইপৰিধি
সেইনামশালা
ককাক পৰিধিৰ ককাকৰ নাম
গাওঁখনৰ নামশালাৰ
গাওঁবাসীয়ে নামশালাত বাসকৰা লোকসকলৰ
তেখেতক গাওঁবুঢ়া জনক
তেওঁলোকৰনামশালাত বাস কৰা মানুহবোৰ

☆ তোমালোকে পাঠটোত ‘নাৰী’ আৰু ‘স্ত্রী’ এই শব্দ দুটা পাইছা। প্ৰয়োজনত পার্থক্য থাকিলেও এই শব্দ দুটাৰ একে অৰ্থ প্ৰকাশ কৰা আৰু শব্দ আছে। যেনে–

নাৰী – স্ত্ৰী, তিৰোতা, মহিলা, ৰমণী, অংগনা

স্বামী – পতি, গৰাকী, নাথ, গিৰিহঁত, গিৰী, পৈ, বঙহৰদেউ 

☆ এতিয়া তলৰ শব্দকেইটিৰ সমার্থক শব্দ লিখোঁ আহা –

বঙহৰদেউ ……………………………………………

পত্নী ……………………………………………………

ৰণ ……………………………………………………

শোক …………………………………………………

নদী ……………………………………………………

উত্তৰঃ বঙহৰদেউ ― পতি, গৰাকী, নাথ, গিৰিহঁত, গিৰী, পৈ, স্বামী।

পত্নী ― স্ত্ৰী, তিৰোতা, ৰমণী, অংগনা

ৰণ ― যুদ্ধ, সমৰ, যুঁজ, যুদ্ধ-বিগ্রহ

শোক ― দুখ, বেদনা, বেজাৰ, অসন্তোষ, মনস্তাপ 

নদী ― নৈ, তটিনী, সৰিৎ, প্ৰবাহিনী, তৰঙ্গিনী

☆ বাক্য ৰচনা কৰা ।

থৈয়া-নথৈয়া ,প্রাণটাকি ,দৃঢ়প্রতিজ্ঞা ,মহীয়ান ,তুমুল ,চিৰস্মৰণীয় ,

ভেটা-ভেটি

উত্তৰঃ থৈয়া-নথৈয়া :- (ভয়ঙ্কৰ) ৰাম-ৰাৱণৰ মাজত থৈয়া-নথৈয়া ৰণ লাগিছিল। 

প্রাণটাকি :- (প্রাণপণে) কুকুৰৰ ভয়তে পলাশে প্রাণটাকি দৌৰিছে। 

দৃঢ়প্রতিজ্ঞা :- (স্থিৰ/কথা লৰচৰ নকৰা) ভীষ্মৰ দৃঢ় প্রতিজ্ঞাৰ গুণে আজিও আমাক অনুপ্ৰেৰণা দিয়ে।

মহীয়ান :- ভালগুণ/মহত্ব) অমলপ্ৰভাৰ মহীয়ান গুণে সকলোৰে অন্তৰ জয় কৰিছিল।

তুমুল :- (ভয়ানক) দুই বন্ধুৰ মাজত এটা সৰু কথাৰ বাবে তুমুল কাজিয়া লাগিছে।

চিৰস্মৰণীয় :- (সদায় মনত ৰখা) ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজিয়ে আমাৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিছে।

ভেটা-ভেটি :- (চাৰিআলিটোত দ্বিজেন আৰু মোৰ ভেটাভেটি হৈছিল।

গ-জ্ঞান সম্প্ৰসাৰণ

☆ কলিয়াবৰ ৰণত কনচেং বৰপাত্ৰগোহাঁয়ে তুৰ্বকক পৰাস্ত কৰি কৰতোয়া নদীলৈকে খেদি পঠিয়াইছিল। কিয়নো সেই সময়ত কৰতোয়ালৈ অসমৰ পৰিসীমা আছিল।

উত্তৰঃ নাগালেণ্ডৰ মাজেৰে বৈ গৈছে।

☆ মোগলৰ হাতৰ পৰা অসমক ৰক্ষা কৰিবলৈ মূলা গাভৰুৱে প্ৰাণটাকি যুঁজি মৃত্যুক আবোৱালি লৈছিল। সেইদৰে ইংৰাজৰ হাতৰ পৰা আমাৰ দেশ উদ্ধাৰ কৰিবলৈ আমাৰ ৰাজ্যৰ কোন কোন বীৰাঙ্গনাই স্বাধীনতা সংগ্ৰামত প্রাণ আহুতি দি ছহিদ হৈছিল কোৱা।

উত্তৰঃ ১। কনকলতা বৰুৱা

২। ভোগেশ্বৰী ফুকননী।

৩। নুমলী নাথ। 

৪। ঠগী সুত।

☆ দলত আলোচনা কৰি উত্তৰ দিয়া।

1. ‘কপিলী গঙ্গা বণ’লগা কলিয়াবৰ বৰ্তমান কোন জিলাত অৱস্থিত ?

উত্তৰঃ নগাওঁ জিলাত অৱস্থিত।

2. সেইখন জিলাৰ মেপত কপিলী নদী আৰু আকাশীগঙ্গা চিনাক্ত কৰা।

উত্তৰঃ (ছাত্র-ছাত্রী নিজে চিনাক্ত কৰা।)

3. কপিলী আৰু আকাশীগঙ্গা কি কি কাৰণত বিখ্যাত ? 

উত্তৰঃ কপিলীনগাওঁ জিলাত অৱস্থিত এটা উপনদী। এই নদীত বান্ধ দি জলবিদ্যুৎ প্রকল্প স্থাপন কৰা হৈছে। ইয়াত উৎপাদিত বিদ্যুতেই অলপ হ’লেও আর্থিক ক্ষেত্ৰত অৰিহণা যোগাইছে।

আকাশীগঙ্গা বৰদোৱা সত্ৰৰ কাষতে খন্দা এটা ডাঙৰ পুখুৰী। আকাশীগঙ্গাৰ পানী স্পৰ্শ কৰিলে পূণ্য সঞ্চয় হয় বুলি লোকে বিশ্বাস কৰে। 

4. তুৰ্বকৰ বাহিৰেও মীৰাজুমলা, ৰামসিংহ আদিয়েও অসম আক্ৰমণ কৰিছিল। মহা পৰাক্ৰমী মোগল সেনাপতি ৰামসিংহকবীৰ লাচিতেশৰাইঘাটৰ ৰণত পৰাস্ত কৰিছিল। সেইজনা অসমীয়া বীৰৰ বিষয়ে লিখা।

উত্তৰঃ লাচিত বৰফুকন :- মোমাই তামুলী বৰবৰুৱা পুতেক আছিল লাচিত বৰফুকন। সেই সময়ত আহোমৰ স্বৰ্গদেউ আছিল চক্ৰধ্বজ সিংহ। এওঁ এজন স্বাধীনতা প্রিয় লোক আছিল। তেওঁ ৰজা হৈয়েই মোগলক অসমৰ পৰা খেদি পথাবলৈ মন কৰে। সেই উদ্দেশ্য ঠায়ে ঠায়ে গড় বন্ধালে আৰু সৈন্য গোটালে। স্বৰ্গদেৱে মোগলক দিব লগা কৰ বন্ধ কৰি যুদ্ধ কৰিবলৈ প্ৰস্তুত হ’ল। তেওঁ লাচিত নামৰ বীৰ পুৰুষ এজনক বৰফুকন পাতি গুৱাহাটী আৰু কামৰূপ ল’বলৈ পঠিয়াই দিলে।

লাচিত আছিল এজন সুনিপুণ যোদ্ধা। গুৱাহাটীৰ পৰা কিছু দূৰতে মোগলক বাধা দিবলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এক বিৰাট গড় একে ৰাতিৰ ভিতৰতে সাজি উলিয়াব লগা হৈছিল। লাচিতে সেই গড় বন্ধাৰ দায়িত্ব দিছিল নিজৰ মোমায়েকৰ ওপৰত। শেষ ৰাতি লাচিতে গড়ৰ কাম চাবলৈ আহি দেখেনে গড়ৰ কাম শেষ হ’বলে তেতিয়াও বহুত বাকী। লাচিতে মোমায়েকক তাৰ কাৰণ সুধিছিল। মোমায়েকৰ উত্তৰ শুনি লাচিতৰ খং দুগুণে চৰিল আৰু হাতত থকা তৰোৱালখনেৰে মোমায়েকক কাটি দুছেৱ কৰিলে। সেই দৃশ্য দেখি বনুৱা বোৰে ৰাতি নৌপুৱাওতে গড়ৰ কাম শেষ কৰিলে।

পাণ্ডুৰ ওচৰত শৰাইঘাট নামৰ ঠাইত আহোম সেনাপতি লাচিত বৰফুকন আৰু মোগল সেনাপতি ৰামসিংহৰ মাজত ভীষণ যুদ্ধ হয়। যুদ্ধ মোগল সেনা হাৰিল। আহোমৰ হাতত হাৰি ৰামসিংহই মানাহলৈ গোটেই ৰাজখণ্ড আহোমৰ এৰি দিবলৈ বাধ্য হ’ল। মানাহ নদী আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰিত হয়।

ঘ-প্রকল্প

☆ অসময়ত আহোম ৰাজ্যৰ ৰাজধানী গড়গাও আছিল। এতিয়াও তাত আহোম ৰাজত্ব কালৰ অনেক কীৰ্ত্তি চিহ্ন আছে। সেইবোৰৰ বিষয়ে পুথি-পাজি চাই বা বিজ্ঞজনক সোধ-পোছ কৰি তথ্য সংগ্ৰহ কৰি টোকা বহীত লিখা। 

উত্তৰঃ আহোম সকলৰ ৰাজধানী আছিল গড়গাওঁ৷ স্বৰ্গদেউ চুক্লেনমুঙে ১৫৩৯ চনত দিখৌ নৈৰ পাৰত গড়গাওঁ নিৰ্মাণ কৰে। ইয়াৰ পিছত ৰুদ্ৰসিংহই মেটেকাত ৰংপুৰ নগৰ স্থাপন কৰে। ইয়াৰ পিছত ৰুদ্ৰসিংহই মেটেকাত ৰংপুৰ নগৰ স্থাপন কৰে। স্বৰ্গদেউ প্রমত্ত সিংহই ৰংপুৰ নগৰত ৰংঘৰ আৰু গড়গাওঁত সিংহ দুৱাৰ সজাইছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰংপুৰ নগৰত তলাতল ঘৰ আৰু গড় গাঁৱত কাৰেংঘৰ নিৰ্মাণ কৰিছিল। হোলোংঘৰ, ৰাজ কাৰেং আৰু গড়গাওঁ নগৰৰ ভিতৰৰ চাৰিও দিশ বৰ বিতোপন আৰু সুৰক্ষিত আছিল।

শিৱসাগৰত থকা অন্যান্য পুখুৰী সমূহৰ ভিতৰত জয়সাগৰ পুখুৰী অন্যতম। এই পুখুৰীতো ৰুদ্ৰ সিংহই মাক সতী জয়মতীৰ সোঁৱৰণত জেবেড়া পথাৰত ১৬৯৭ চনত এই পুখুৰী খন্দায়। এই পুখুৰীটোত পাৰেৰে সৈতে ২১১ বিঘা মাটি আছে। এই পুখুৰীৰ পাৰত পাঁচটা দ’ল আছে। তাৰে ডাঙৰটো দ’ল হ’ল জয়দ’ল।

শিৱদ’লৰ পাৰতে শিৱসাগৰ পুখুৰী। এই পুখুৰীটো ১৬৫৫ শকত আহোম স্বৰ্গদেউ শিৱ সিংহৰ দ্বিতীয় পত্নী অম্বিকা কুঁৱৰীয়ে খন্দায়। ইয়াৰ পাৰত ক্ৰমে শিৱদ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল নিৰ্মাণ কৰে।

☆ তোমালোকৰ অঞ্চলত কিবা বুৰঞ্জী প্ৰসিদ্ধ ঘটনা নাইবা ৰজাদিনীয়া দ’ল দেৱালয়, পুখুৰী, শিলালিপি আদি আছে নেকি ? যদি আছে সেইবোৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি চমু টোকা লিখা। 

উত্তৰঃ আমাৰ অঞ্চলত থকা বুৰঞ্জী প্ৰসিদ্ধ দ’ল-বিলেশ্বৰ দেৱালয়।

এই দেৱালয়ত প্রাচীন কালৰে পৰা পূজা অৰ্চনা কৰা হয়। বিশেষকৈ শাৰদীয় দুর্গা পূজা মহা ধুম ধামেৰে পালন কৰে। আহোম ৰজাসকলে এই দেৱালয় নিৰ্মাণ কৰি মাটি বৃত্তি দান কৰিছিল। এই দেৱালয়ত তিথি গণনা কাৰ্য আৰু ৰজাৰ সকলো মংগল চোৱাৰ বাবেই নীগাক্ষ ৰজাই কন্যা কুমাৰীৰ নৱ-দ্বীপৰ পৰা ব্ৰাহ্মণ আনি ওচৰতে থকা গন্ধিয়া গাৱত বসবাস কৰাৰ বাবে ৬০ বিঘা মাটি দান পত্ৰ হিচাপে দিয়া তাম্ৰফলিও আছে।

বিলেশ্বৰ দেৱালয়ত প্ৰতিবছৰে দুৰ্গা পূজাত ম’হ বলি দিয়া হয়। ইয়াত সেই সময়ত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising