Class 4 Assamese Chapter 6 দীঘল – ঠেঙীয়া

Class 4 Assamese Chapter 6 দীঘল – ঠেঙীয়া, SEBA Chapter 6 দীঘল – ঠেঙীয়া Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

দীঘল – ঠেঙীয়া

Chapter – 6

অংকুৰণ

ASSAMESE

লিখকৰ পৰিচয়

লক্ষ্মীনাথ বেজবৰুৱা :- লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হয় ১৮৬৪ চনত। ব্ৰহ্মপুত্ৰৰ বুকুত আহঁতগুৰিৰ ওচৰত নাৱৰ কুণ্টিত। পিতৃৰ নাম দীননাথ বেজবৰুৱা। দেউতাকৰ চাকৰি বদলি হৈ থকা বাবে তেখেতে অসমৰ কেইবাখনো ঠাইত স্কুলীয়া শিক্ষা লৈ শেষত উচ্চ শিক্ষা কলিকতাৰ ৰিপন কলেজ এছেম্বলি কলেজৰ পৰা বি.এ পাছ কৰি এম.এ, বি এল পর্যন্ত পঢ়ে। বার্ড কোম্পানীৰ কাঠৰ ব্যৱসায় আৰু পাছত উৰিষ্যাৰ সম্বলপুৰত কাঠৰ নিজা ব্যৱসায় কৰে। তেওঁ জোনাকী কাকতৰ অন্যতম গুৰি ধৰোঁতা আৰু ‘বাঁহী’ কাকতৰ প্রতিষ্ঠাতা সম্পাদক হয়। তেখেতে ১৯২৪ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতিৰ পদ শুৱনি কৰিছিল।

তেখেতৰ ৰচনা ৰাজিৰ ভিতৰত নোমল, পাচনি, লিতিকাই, চিকৰপতি নিকৰপতি, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ, কদমকলি, পদুম কুৱৰী, সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা আদি প্ৰধান। লক্ষ্মীনাথ বেজবৰুৱা দেৱে বিখ্যাত ৰবীন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ প্ৰজ্ঞা সুন্দৰীক বিয়া কৰাইছিল। এখেতৰ উন্নত ৰচনা ৰাজিৰ কাৰণে সাহিত্য সভাই ‘ৰসৰাজ’ উপাধি দিছিল। এখেতৰ ১৯৩৮ চনত ডিব্ৰুগড় চহৰত মৃত্যু হয়।

ক – পাঠভিত্তিক

☆ সাধুটো পঢ়া আৰু নিজৰ কথাৰে কোৱা।

উত্তৰঃ এসময়ত এজনী বুঢ়ী আছিল। তেওঁ এজাক গৰু পুহি কোনোমতে টুকু টাক্‌কৈ খাই বৈ আছিল। তেওঁৰ ঘৰটোৰ খেৰবোৰ উৱলি যোৱা বাবে বৰষুণৰ পানী পৰে। এদিন ৰাতি খাই বৈ উঠি ভগৱানক দীঘল ঠেঙীয়াক নাপাবলৈ প্রার্থনা জনাই চাঙত হুলে।

সেইদিনাখন ৰাতি এটা চোৰে চুৰ কৰিবলৈ আহি গোহালিৰ কাষতে লুকাই বুঢ়ী শুৱালৈ বাট চাই থাকিল। সেই একে সময়তে এটা বাঘেও গুৰু খাবলৈ মন কৰি বুঢ়ীৰ গোহালিত সোমাই বুঢ়ী শোৱালৈ বাট চাই থাকিল। বুঢ়ীয়ে কোৱা সেই কথাষাৰ বাঘ আৰু চোৰ দুয়ো শুনিলে। কিন্তু দীঘল ঠেঙীয়া মানে কি সিঁহতে বুজিব নোৱাৰিলে।

বুঢ়ীৰ ভাত ঘুমটি অহাত চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল। কিন্তু তাৰ সমস্যা হ’ল গৰু ভাল বেয়াটো চিনি উলিয়াৰ। এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব।

ইয়াকে থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত সি হাত ফুৰাবলৈ ধৰিলে। এইদৰে হাত ফুৰাই থাকোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জঁপিয়াই উঠিল। চোৰে ভাবিলে, “এইটো বৰ বাটন গৰু, ইয়াকে নিব লাগিল। ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে এইটো বুঢ়ীয়ে কোৱা দীঘল- ঠেঙীয়াইহে তাক পালে।’ এই ভাবি সি আকৌ জাপ মাৰি উঠিল। চোৰে ভাবিলে যে সি নিশ্চয় কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিব। এই কথা ভাবি চোৰে জাঁপ মাৰি বাঘৰ পিঠিত উঠাত বাঘে তাক দীঘল ঠেঙীয়াই পোৱা বুলি ভাবি গোহালিৰ পৰা ওলাই ঢেঁকুৰি লৰ মাৰিলে। চোৰেও গৰুটোৰ কোমতালি দেখি বুজিলে সেইটো গৰু নহয় কিবা দীঘল-ঠেঙীয়াহে। গতিকে তাক দীঘল ঠেঙীয়াই পোৱা বুলি ভয়ত তৎমৎ হেৰাল।

চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোঁতেই চোৰে মৰোঁ জীওঁকৈ বাঘৰ গলধনটো মোকোটাই ধৰিলে। তেতিয়া বাঘে ভাবিছিল যে সেইটো দীঘল-ঠেঙীয়া নহয় সেইটো ঘাৰ-মোকোটোৱাহে। বাঘে ভয়ত আৰু বেগেৰে লৰ দিছিল। চোৰটোৱে ঘাৰ-মোকোটায়ো বাঘক ৰাখিব নোৱাৰি। শেহত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল। লৰৰ কোবত চোপটো বাঘৰ পিঠিৰ পৰা বাগৰি মাটিত পৰিল। কিন্তু বাঘৰ নেগুৰডাল ইয়াম জোৰে ধৰিছিল যে সেই ডাল চোৰৰ্জনৰ হাতত পেঁপাকাঢ়ি ৰৈছিল। বাঘে লৰ মাৰি হাবিৰ মাজলৈ দৌৰি সাৰিছিল যদিও সি ভাবিছিল যে তাক পেঁপা কঢ়াইহে পাইছিল। ইফালে চোৰজনে নেগুৰডাল ভালদৰে চাই ভাবিছিল যে সেইডাল বাঘৰহে নেজ। তেতিয়াহে তাৰ বৰ ভয় লাগিল। তেতিয়া ৰাতি ভালেমান হোৱাত চোৰজনে আম গছ এডালত বাকীডোখৰ ৰাতি কটাব বিছাৰিলে।

ইফালে বাঘটোৱে তাৰ লগৰীয়া সকলক তাক যে পেপাকঢ়াই পাইছিল সেই কথাটো ক’লৈ। সিহঁতে ভাবিলে যে পেপাকঢ়াই সিহঁতৰ বংশক পেঁপা কঢ়াই লঘু-লাঞ্ছনা কৰাটো উচিত হোৱা নাই। সিহঁততকৈ যদি আন কোনো বলী জন্তু হৈ ওলায় তেস্তে সিহঁত ৰজাৰ শাৰীৰ পৰা নামিব লাগিব। সেই দেখি সকলোবোৰ বাঘে মেল পাতি পেঁপা কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিলে। দুকুৰি মান বাঘে পেঁপা কঢ়াক বিচাৰি চলাথ কৰিলে। শেষত এটা বাঘৰ চকুত আমজোপাত উঠি থকা চোৰজনক পেঁপা কঢ়া বুলি আঙুলিয়াই দেখুৱালত আটাইবোৰ বাঘে একেলগে হাউৰি মাৰি উঠিল।

চোৰজনক অৰ্থাৎ পেঁপা কঢ়াক ধৰিবলৈ বুলি সিহঁতে এজন আন এজনৰ পিঠিত উঠি উঠি ওখ হৈ গ’ল। চোৰজনে সেই দৃশ্য দেখি ভাবিছিল যে তাৰ এতিয়া সর্বনাশ হ’ব। গতিকে সি ততালিকে বুধি এটা পাঙি গোটেই তলত থকা সেই নেগুৰ খৰা বাঘটো দেখি কৈছিল খৰা, চাবি চাবি চাবি। খৰা বাঘে ভাবিছিল যে পেঁপাকঢ়াই আনবোৰ বাঘক এৰি এতিয়া তাকহে ধৰিব। ইয়াকে ভাবি সি সুৰ্তি বুদ্ধি হেৰুৱাই হাবিৰফালে লৰ ধৰিলে। সি তেনে কৰিলত তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আন বাঘবোৰেও সিহঁতকে পেঁপা কঢ়াই পোৱা বুলি ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি ল’ৰি হাবিলৈ পলাই গুচি গ’ল।

চোৰে ৰাতিটো তাতে থাকি পুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল আৰু তেতিয়াৰে পৰা সি আৰু চুৰ নকৰে বুলি শপত খালে।

☆ সাধুটোত থকা তুমি বুজি নোপোৱা শব্দবোৰৰ তলত আঁচ টানা। শব্দ সম্ভাৰ আৰু অভিধান চাই অর্থ লিখা।

উত্তৰঃ

শব্দঅর্থ
টুক টুক টাক্‌ টাক্‌কৈনিচেই কম খৰচতে কোনো মতে।
উৱলিগেলি পচি।
উৰুখিচালেদি (বৰষুণৰ পানী) সৰকি।
চাংবাঁহৰ বিচনা।
ভাত-ঘুমটিৰাতি ভাত খোৱাৰ পাছতে ধৰা প্ৰথম ঘুমটি।
ঢাপলিবৰ বেগাই মৰা লৰ, ঢেঁকুৰ।
পেঁপা-কাঢ়িদুখ পাই কেঁকাই।
অসহনীয়অসহ‍্য।
শেহতশেষত, অন্তত।
হাউলিডাঙৰ লোকৰ টোল বা ঘৰ-বাৰী।
বিপাঙনিৰুপায় অৱস্থা, বিমোৰ হোৱা অৱস্থা।
ঠল্ ঠল্ঠলৰ ঠলৰ, সৰু গোটা বস্তু ওপৰৰ পৰা গছৰ পাত বা মাটি আদিত অগা পিছাকৈ পৰাৰ নিচিনা শব্দ।
টিকাপিঠিৰ তলৰ ওপৰ ভাগ, অলপ ওখ মাটি।
চেঙাতবজীয়া, ওচৰ চাপিব নিদিয়া, বৰ তপত।
কাটনচোকা, তীক্ষ্ণ।
চেঁকুৰিঢাপলি মেলি, লৰ মাৰি।
কোৰামতালিবল বা পৰাক্ৰম দেখুৱাই কৰা অহংকাৰ, শক্তি সম্বৰ আচৰণ বা স্বভাৱ।
তৎমৎচেতনা।
বজ্রলেপলেকেটা লাগি ধৰা, বৰ টানকৈ লাগি ধৰা, এৰুৱাব নোৱাৰা।
পিটিকি-জিটিকিপৰীক্ষা কৰি চাই।
লঘু-লাঞ্চনাঅপমান, অপদস্থ।
প্ৰতিকাৰপ্রতিবিধান, প্রতিফল, আপদৰ নিৰাপদ ব্যৱস্থা।
লৰলৰিতৎক্ষণাত, সোনকালে, তাৰাতাৰি, বেগতে।
ঢুকিভিতৰলৈ যোৱা, প্ৰৱেশ কৰ।
সুর্তি-বুদ্ধিতত্ আৰু বুদ্ধি বা ধৈৰ্য হেৰুওৱা কাৰ্য।
তৰা-নৰা-ছিঙিবৰকৈ বেগাই, পাচলৈ নেচাই।
শপতপ্রতিজ্ঞা, অঙ্গিকাৰ।

☆ উত্তৰ দিয়া-

(ক) “যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব।’ এই কথাষাৰ কোনে ভাবিছিল ?

উত্তৰঃ যিটো গৰুৱে গাত হাত দিলেই জপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব’ – এই কথাষাৰ চোৰটোৱে ভাবিছিল।

(খ)‘এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল’—এইদৰে কোনে ভাবিছিল ? 

উত্তৰঃ ‘এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব’ – এইদৰে চোৰজনে ভাৱিছিল।

(গ) ‘এ প্রভু, দীঘল-ঠেঙীয়াই নেপায় যেন।’— এই কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ ‘এ প্রভু দীঘল-ঠেঙীয়াই নেপায় যেন।’—এই কথাষাৰ বুঢ়ীয়ে কৈছিল।

(ঘ) ‘আমাকো পেঁপা-কঢ়াই পালে।’— কোনে, কেতিয়া কৈছিল ? 

উত্তৰঃ ‘আমাকো পেঁপা কঢ়াই পালে।’ – এই কথাষাৰ বাঘবোৰে কৈছিল। যেতিয়া পেঁপা কঢ়া ওৰফে চোৰজনে আমগছৰ ওপৰত আছিল। তেতিয়া বাঘবোৰে ইটোৰ পিঠিত সিটো উঠি চোৰজনক ধৰিবলৈ চেষ্টা কৰিছিল। চোৰজনে খৰা, চাবি, চাবি, চাবি বুলি চিঞৰিছিল তেতিয়া নেজখৰা বাঘটোৱে তাক আকৌ পেঁপা-কঢ়াই ধৰিব অহা বুলি ভাবি ভয় খাই আনবোৰক এৰি হাবিৰ ফালে লৰ ধৰিলে। বাকী বাঘবোৰে ঠলঠলকৈ মাটিক সৰি পৰিছিল। তেতিয়া সিহঁতকো পেঁপা কঢ়াই পোৱা বুলি ভাৱিছিল। 

☆ ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম। প্ৰকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা।

উত্তৰঃ প্ৰকৃততে বাঘৰ পিঠিত চোৰজনে উঠিব খুজিছিল। 

☆ বাঘে চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল। দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল ?

(ক) দীঘল-ঠেঙীয়া

(খ) …………….

(গ) …………….

উত্তৰঃ (ক) দীঘল-ঠেঙীয়া। 

(খ) ঘাৰ-মোকোটা।

(গ) পেঁপা কঢ়া।

☆ উত্তৰ দিয়া –

(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল ? 

উত্তৰঃ বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি বৰষুণক বুজাইছিল।

(খ) বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল ?

উত্তৰঃ গছৰ ওপৰত উঠি থকা চোৰ ওৰফে পেঁপা কঢ়াক ঢুকি পাবলৈ সিঁহতে এটাৰ পিঠিত এটা, আকৌ সেইবোৰ পিঠিত আন এটা উঠি সেইদৰে উঠি উঠি ওখ হৈ গৈছিল।

(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পালে ? 

উত্তৰঃ বাঘবোৰে এটাৰ পিঠিত আনটো উঠি ওখ হৈ গৈ চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া চোৰটোৱে কথা বিষম যেন দেখিলে। সি দেখিছিল যে নিচেই তলত পেঁপা কঢ়াই পোৱা সেই বাঘটো। সেই নেগুৰ খৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে খঁৰা চাবি চাবি চাবি বুলি কৈছিল৷ তেতিয়া খৰা বাঘটোৱে আন বাঘক এৰি আকৌ তাক ধৰিব বুলি ভাবি হাবিৰ ফালে সুৰ্তি বুদ্ধি হেৰুৱাই লৰ দিলে। সি তেনে কৰাত আন বাঘবোৰে ঠণ্ঠকৈ মাটিত সৰি পৰিছিল। তেনে কৰাতহে চোৰটোৱে বাঘ বোৰৰ পৰা হাত সাৰিব পাৰিছিল।

(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত ল’লে ? 

উত্তৰঃ চোৰটোৱে ঘৰলৈ আহি আৰু সি কেতিয়াও চুৰ নকৰে বুলি শপত খালে৷

☆ তলৰ শব্দসমূহৰ লগত অৰ্থৰ মিল থকা শব্দ বাকচৰ পৰা লৈ খালী ঘৰত লিখোঁ আহা –

চাং……….অসহনীয়……….
চেঙা……….গভীৰ……….
তৎমৎ……….কাটন……….
খঁৰা……….গলধন……….
তজবজীয়া       নেজছিগা               চেতনা  বাঁহৰ বিছনাসহিব নোৱাৰা  বহুত তললৈ বিস্তৃত  চোকা   ডিঙিৰ পাছফাল

উত্তৰঃ

চাংবাঁহৰ বিছনা
অসহনীয়সহিব নোৱাৰা
চেঙাতজবজীয়া
গভীৰবহুত তললৈ বিস্তৃত
তৎমৎচেতনা
কাটনচোকা
খঁৰানেজছিগা
গলধনডিঙিৰ পাছফাল

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

☆ যুক্তাক্ষৰ ভাঙি লিখোঁ আহা

উত্তৰঃ

☆ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

উত্তৰঃ

দীঘলচুটি
অসহায়সহায়
আন্ধাৰপোহৰ
বলীদুর্বলী
পুৰণিনতুন
ৰাতিদিন
গভীৰঅগভীৰ/বাম

☆ বাক্য ৰচন কৰা ৷

(ক) চেঙা [গাত হাত দিবলৈ নিদিয়া (জন্তু) অস্থিৰ, তজবজীয়া]

(খ) চেঙা (তপত, যেনে-চেঙা তেল)

(গ) চেঙা (এবিধ মাছ)

(ঘ) চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধৰ ফৰণি) 

(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক) 

উত্তৰঃ (ক) চেঙা :- গৰুটো বৰ চেঙা বাবে মঙলাই তাক বশ কৰিব পৰা নাই।

(খ) চেঙা :- চেঙা-তেল উৎপলাৰ হাতত পৰিছে। 

(গ) চেঙা :- চুকা শাকে চেঙা মাছেৰে জোল ৰান্ধিছে।

(ঘ) চেঙা লুটি :- বাপেকৰ চেকনিৰ কোবত জয়ন্তই চেঙা লুটি খাইছে।

(ঙ) চেঙা-হিলৈ :- যাদুঘৰত চেঙা হিলৈবোৰ সংৰক্ষিত কৰি ৰাখিছে।

গ-জ্ঞান সম্প্ৰসাৰণ

☆ বুঢ়ীয়ে গৰু পুহি জীৱিকা নির্বাহ কৰিছিল। এনেদৰে আন কি কি পোহনীয়া জীৱ-জন্তুৰে আমাৰ জীৱিকা নির্বাহত সহায় কৰে ? 

উত্তৰঃ আমাৰ জীৱিকা নির্বাহত সহায় কৰা জন্তুবোৰ হ’ল –(১) গৰু (২) ম’হ (৩) ছাগলী (৪) ঘোঁৰা (৫) হাতী। 

☆ দীঘল-ঠেঙীয়া সাধুটোত গৰু চুৰি কৰিবলৈ আহি চোৰটোৰ নণ্ডৰ নাগতি হোৱা তোমালোকে দেখিলা। বেয়া কামৰ পৰিণতি শুভ নহয়। তোমালোকে কোনবোৰ কামক বেয়া বুলি ভাবা ?

উত্তৰঃ আমি বুজি নোপোৱাকৈ কিছুমান বেয়া কামত লিপ্ত হ’বলগীয়া হয়। আমি কৰা বেয়া কামবোৰৰ ভিতৰত মিছা কথা কোৱা, চুৰ কৰা, যুদ্ধ কৰা, ডাঙৰৰ বাধা নামানি নিজৰ মতকে সত্য বুলি ভবা, মা-দেউতাই বাধা দিয়া ঠাইলৈ যোৱা, টোপনিৰ পৰা দেৰিকৈ উঠা, ভাই-ভনীৰ লগত অনাহকতে হাই-কাজিয়া কৰা আদি কামবোৰ বেয়া কামৰ ভিতৰতে পৰে।

☆ বৰ্তমান সময়ত বাঘৰ সংখ্যা কমি যোৱাৰ কাৰণ কি? তোমাৰ কথাৰে লিখা। 

উত্তৰঃ বনাঞ্চলত থকা জীৱ-জন্তুবোৰ ক্ৰমে হ্রাস পাই আহিছে। এই ক্ষেত্ৰত বাঘো অন্যতম। বাঘ কমি যোৱাৰ কাৰণ কেইটা হ’ল– 

(১) মানুহৰ অনিয়ন্ত্রিত চিকাৰ :- বাঘে সহজে মানুহ আক্রমণ নকৰে। ই নিজক ৰক্ষা কৰাটো বা তাক বধ কৰিব বুলি ধাৰণা কৰিহে মানুহক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। বাঘৰ ছালখনৰ সৌন্দৰ্যৰ বাবেও মানুহে ইয়াক চিকাৰ কৰে।

(২) জনবসতিৰ বিস্তাৰ :- পৃথিৱীত মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আহিছে। মানুহক সেইবাবে থকা ঠাইৰ প্ৰয়োজন বৃদ্ধি হৈছে।

(৩) অৰণ্য ধ্বংস :- মানুহে অৰণ্য ধ্বংস কৰাৰ ফলত বাঘৰ থকা ঠাইৰ নাটনি হৈছে। গভীৰ অৰণ্যৰ গছ-গছনি কাটি তহিলং কৰাত বাঘবোৰ মুকলি ঠাইলৈ আহিবলৈ লৈছে। ফলত এইবিধ প্ৰাণী মানুহৰ হাতত নিধন হ’বলগীয়া হৈছে। 

(৪) খাদ্যৰ অভাৱ :- হাবি জংঘলবোৰ কমি অহাত অৰণ্যত থকা জীৱ সমষ্টিও ক্রমে হ্রাস পাই আহিছে। খাদ্যৰ নাটনি হোৱাত মানুহৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। 

“এইবোৰ কাৰণতে বৰ্তমান সময়ত বাঘৰ সংখ্যা কমি গৈছে।

☆ বৰ্তমান বাঘৰ সংখ্যা ক্রমশ: হ্রাস পাই আহিছে। গতিকে আমি বাঘ সংৰক্ষণ কৰাৰ কাৰণে কি কৰা উচিত ?

উত্তৰঃ বাঘ সংৰক্ষণৰ বাবে তলত দিয়া ধৰণে কৰা উচিত –

(১) বিনা অনুমতিত বাঘ চিকাৰ নিষিদ্ধ কৰিব লাগিব।

(২) ব্যৱসায়িক ভিত্তিত গছকটা কাৰ্য বন্ধ কৰিব লাগিব। কাৰণ গছ-বন বা হাবি জংঘল নাথাকিলে বাধৰ আশ্ৰয় স্থল নোহোৱা হ’ব।

(৩) বাঘ ৰপ্তানি কৰা কাৰ্য বন্ধ কৰিব লাগিব। 

(৪) বাঘে যাতে খাদ্যৰ অভাৱ নাপায় তাৰ বাবে পর্যাপ্ত পৰিমাণে বাঘক খাদ্যৰ যোগান ধৰিব লাগিব।

☆ এতিয়া অৰণ্য এৰি বাঘে জন অৰণ্যত প্ৰৱেশ কৰা বা বাতৰি শুনিছা। অৰণ্য এৰি বাঘ জনবসতিপূর্ণ অঞ্চললৈ অহাৰ কাৰণবোৰ কি কি বুলি ভাবা ? এনেদৰে যদি তোমালোকৰ অঞ্চলত বাঘ বা আন বন্য প্রাণী ওলায়, তেতিয়া তুমি কি কৰিবা ?

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত অৰণ্য চাফা কৰি নতুন নতুন ঠাইৰ সৃষ্টি কৰিছে। ফলত বাঘৰ থকা ঠাইৰ অভাৱ বা বসবাসৰ উপযুক্ত পৰিবেশৰ অভাৱ ঘটিছে। সেইবাবে বাঘে মানুহৰ সমাজলৈ আহিবলৈ ধৰিছে।

খাদ্যৰ অভাৱৰ ফলতো বাঘে খাদ্য বিচাৰি আহি মানুহৰ সমাজ পায়হি। কিছুমান মানুহে আনন্দৰ বাবে চিকাৰ কৰে।

আধুনিক উদ্যোগ প্রযুক্তিয়ে মানুহৰ জীৱন ধাৰণৰ মান উন্নত পদার্থই পৰিবেশ দূষিত কৰিছে। ফলত দূষিত খাদ্য সেৱণ কৰা কাৰ্যই অকালতে এই বিধ প্ৰাণীক আক্রমণ কৰে আৰু মৃত্যুক আকোৱালি ল’ব লগা হয়।

আমাৰ অঞ্চলত বাঘ বা অন্য প্রাণী ওলালে প্রথমে বন বিভাগক খবৰ দিম নতুবা ৰাইজ এক গোট হৈ প্ৰাণী বিধক জীয়াই জীয়াই ধৰি চিৰিয়াখানাত গোটাই দিম।

(ছাত্রী-ছাত্রী নিজৰ নিজৰ মন্তব্য লিখিবা।)

☆ ‘তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খবি-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ।’ এইদৰে ভাৰ বোৱা অৰ্থাৎ “ভাৰী” শব্দ প্রয়োগ কৰি অন্য শব্দ কিছুমান লিখা।

দোলা ………………………

পাচলি ………………………

ডাঙৰি ………………………

মাছ ………………………

দৈ ………………………

উত্তৰঃ

দোলা-ভাৰী

পাচলি-ভাৰী

ডাঙৰি-ভাৰী

মাছ-ভাৰী

দৈ-ভাৰী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top