Class 4 Assamese Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, SEBA Chapter 3 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
Chapter – 3
অংকুৰণ
ASSAMESE
☆ পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
(ক) “বিলতে হালিছে ধুনীয়া পদুমী’…. গীতটি কাৰ ৰচনা ?
উত্তৰঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা।
(খ) বিষ্ণুপ্ৰসাদ ৰাভাই সৰুতে কাৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল ?
উত্তৰঃ বিষ্ণুপ্ৰসাদ ৰাভাই সৰুতে ঢাকাৰ ওস্তাদ কালাচান্দৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল।
(গ) তেখেতক নৃত্যৰ প্ৰেৰণা দিয়া নৃত্য পটিয়সীগৰাকীৰ নাম কি ?
উত্তৰঃ ৰাভা দেৱক বাছিয়াৰ বিশ্ব বিখ্যাত নৃত্য পটিয়সী আনা পালোভাৰ নৃত্যৰ প্ৰেৰণা পাইছিল।
(ঘ) বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল ?
উত্তৰঃ তাণ্ডৱ নৃত্যৰ বাবে সোণৰ পদক পাইছিল।
(ঙ) সোণৰ পদকটো তেখেতে কাৰ পৰা লাভ কৰিছিল ?
উত্তৰঃ ড° সৰ্বপল্লী ৰাধা কৃষ্ণণৰ পৰা তেখেতে সোণৰ পদক লাভ কৰিছিল।
(চ) তেখেতে কি কি উপাধি লাভ কৰিছিল ?
উত্তৰঃ (১) ভাৰত শ্রেষ্ঠ কলাবিদ উপাধি।
(২) কলাগুৰু।
(ছ) কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে কেইবিধ নৃত্য প্ৰদৰ্শন কৰিছিল ?
উত্তৰঃ ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল।
(জ) “বিষ্ণু ৰাভা দিৱস’ কোন তাৰিখে পালন কৰা হয়।
উত্তৰঃ ২০ জুন তাৰিখে ‘বিষ্ণু ৰাভা দিৱস’ পালন কৰা হয়।
(ঝ) তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি ?
উত্তৰঃ বাণ থিয়েটাৰ।
☆ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা বিচাৰি লিখা।
শব্দ | অর্থ |
সংস্কৃতি | |
প্রতিভাসম্পন্ন | |
অনুপ্রাণিত | |
সুনিপুণ | |
সুদক্ষ | |
প্ৰেৰণা | |
অন্যতম | |
ভূয়সী |
উত্তৰঃ
শব্দ | অর্থ |
সংস্কৃতি | বিশেষজনগোষ্ঠীৰ বিশ্বাস, ৰীতি-নীতিউৎসৱ অনুষ্ঠান, শিল্পকলা আদিৰ বৌদ্ধিকউৎকর্ষসাধনৰ সামগ্ৰিকৰূপেই সংস্কৃতি। |
প্রতিভাসম্পন্ন | অসাধাৰণ বুদ্ধি সম্পন্ন, প্ৰসৰ বুদ্ধি সম্পন্ন। |
অনুপ্রাণিত | উৎসাহিত। |
সুনিপুণ | অতিপটু, সুদক্ষ। |
সুদক্ষ | সু-নিপুণ, পাৰ্গত পটু। |
প্ৰেৰণা | উৎসাহ, উদগনি। |
অন্যতম | বহুতৰ ভিতৰত বিশেষ এজন বা এটা। |
ভূয়সী | বহুল, প্ৰচুৰ, অত্যাধিক। |
☆ কোনে কাক কি প্ৰসংগত কৈছিল লিখা।
‘ভাৰতবৰ্ষত অ’ত ত’ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নৃত্যৰ উৎস।’
উত্তৰঃ এই কথা ফাকি আনা পাভলোভাই ৰাভা দেৱক কৈছিল।
বিষ্ণু প্ৰসাদ ৰাভাই ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটিয়সী আনা পাভলোভাৰ নৃত্য দেখি মুগ্ধ হৈছিল আৰু নৃত্যৰ লয়লাস ভঙ্গী সম্পর্কে প্রশ্ন কৰিছিল। তেতিয়া পাভলোভাই কৈছিল যে ভাৰতবৰ্ষত অ’ত ত’ত থকা শিলৰ মূৰ্তিৰ ভংগিমাবোৰেই নৃত্যৰ উৎস।
☆ বিষ্ণু প্ৰসাদ ৰাভাই বজাৰ জনা বাদ্যসমূহৰ নাম লিখা।
উত্তৰঃ কলা সংস্কৃতিৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভাই – গীত, নৃত্যৰ বাহিৰেও বিভিন্ন বাদ্য বজাব জানিছিল। সেই বাদ্য সমূহৰ ভিতৰত হারমনিয়াম, তবলা, এচৰাজ, অর্গেন, বেহেলা, চেতাৰ আদি উল্লেখযোগ্য।
খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
☆ শব্দ গঠন কৰোঁ আহা

উত্তৰঃ

☆ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ৷
(ক) মানুহৰ নাম, যেনে – বিষ্ণুপ্ৰসাদ ৰাভা,…………..
(খ) ঠাইৰ নাম, যেনে-ঢাকা,…………..
(গ) অনুষ্ঠানৰ নাম, যেনে-বাণ থিয়েটাৰ,…………..
(ঘ) ভাষাৰ নাম, যেনে- অসমীয়া,…………..
(ঙ) সাহিত্যৰ প্ৰকাৰ, যেনে-নাটক,…………..
(চ) বাদ্য-যন্ত্ৰৰ নাম, যেনে-হামনিয়াম,…………..
(ছ) গুণ বা বৃত্তিৰ নাম, যেনে-গীতিকাৰ,…………..
উত্তৰঃ (ক) মানুহৰ নাম, যেনে ― বিষ্ণুপ্ৰসাদ ৰাভা, আনা পাভ্ লোভা, শ্রীমন্ত শংকৰদেৱ, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।
(খ) ঠাইৰ নাম, যেনে-ঢাকা, ৰাছিয়া, কলিকতা, ভাৰতবৰ্ষ, কাশী, অসম, তেজপুৰ।
(গ) অনুষ্ঠানৰ নাম, যেনে-বাণ থিয়েটাৰ, কলিকতাৰ শান্তি নিকেতন।
(ঘ) ভাষাৰ নাম, যেনে- অসমীয়া, গাৰো, নগা, মণিপুৰ, খাচী, মিজো, মিচিং, উর্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদিয়েই প্রধান।
(ঙ) সাহিত্যৰ প্ৰকাৰ, যেনে- নাটক, কবিতা, গল্প, প্রবন্ধ, ঔপন্যাসিক, পত্র লেখা আদি।
(চ) বাদ্য-যন্ত্ৰৰ নাম, যেনে-হামনিয়াম, তবলা, এচৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি।
(ছ) গুণ বা বৃত্তিৰ নাম, যেনে- গীতিকাৰ, নৃত্যশিল্পী, বাদ্য শিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, সুৰকাৰ আদি।
☆ এনে ধৰণৰ মানুহ, ঠাই অনুষ্ঠান, ভাষা, গুণ বা বৃত্তি, দিন, বাৰ, মাহ, জীব জন্তু, উদ্ভিদ, বয়-বস্তু আদিৰ নাম বুজোৱা পদবোৰক বিশেষ্য পদ বুলি কোৱা হয়।
এতিয়া তোমালোকে এই পাঠটোৰ বাহিৰে আন পাঠত থকা বিশেষ্য পদবোৰ বাছি উলিওৱা।
উত্তৰঃ মাটি, সোণ, পানী, নিজৰা, ধৰণী, হাবি, পলু, পখী, ফুল, সৰগ, ভাৰতবৰ্ষ, হিমালয়, সাগৰ, পখিলা, পলু, অৰণ্য, কামলাং, দলং, মাছ, ৰমেন, মুকুট, শেৱালি, ডিব্ৰুগড় ইত্যাদি।
☆ তলৰ বাক্যবোৰত থকা বিশেষ্য পদত আঁচ টানি দেখুওৱা ৷
(ক) মুকুট ডিব্ৰুগড়লৈ যাব।
(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্রিয় পাত্র।
(গ) ৰমেন বৰ চঞ্চল।
(ঘ) গাই-গৰুৱে গাখীৰ দিয়ে।
(ড) শৰৎকালত শেৱালি ফুলে।
উত্তৰঃ (ক) মুকুট ডিব্ৰুগড়লৈ যাব।
(খ) সৰলতাৰ বাবে গৌতম সকলোৰে প্রিয় পাত্ৰ।
(গ) ৰমেন বৰ চঞ্চল।
(ঘ) গাই-গৰুৱে গাখীৰ দিয়ে।
(ঙ) শৰৎ কালত শেৱালি ফুলে।
গ-জ্ঞান সম্প্ৰসাৰণ
☆ বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে কলা সংস্কৃতিৰ সাধন কৰা কেইগৰাকীমান ব্যক্তিৰ নাম লিখা।
উত্তৰঃ (১) জ্যোতি প্ৰসাদ আগৰৱালা।
(২) গীতি কবি পার্বতী প্রসাদ বৰুৱা।
(৩) ড° ভূপেন হাজৰিকা।
(৪) নিৰ্মলপ্ৰভা বৰদলৈ।
(৫) ড° ভবেন্দ্ৰ নাথ শইকীয়া।
(৬) পুলক গগৈ (৭) চন্দ্ৰ মুদৈ।
☆ শব্দ গঠন কৰো আহা –
উদাহৰণ –
গীত | —- | গীতিকাৰ |
নাটক | —- | —- |
সুৰ | —- | —- |
প্রবন্ধ | —- | —- |
নিবন্ধ | —- | —- |
উত্তৰঃ
গীত | —- | গীতিকাৰ |
নাটক | —- | নাট্যকাৰ |
সুৰ | —- | সুৰকাৰ |
প্রবন্ধ | —- | প্ৰবন্ধকাৰ |
নিবন্ধ | —- | নিবন্ধকাৰ |
☆ কাক কি উপাধিৰে জনা যায় আঁচ টানি মিলোবা-
(ক) পাৰ্বতী প্ৰসাদ বৰুৱা | (ক) নটসূর্য |
(খ) বিষ্ণু প্ৰসাদ ৰাভা | (খ) লুইত কোঁৱৰ |
(গ) জ্যোতিপ্ৰাসদ আগৰৱালা | (গ) গীতি কবি |
(ঘ) ফণী শৰ্মা | (ঘ) কলাগুৰু |
(ঙ) ৰুদ্ৰ বৰুৱা | (ঙ) ৰূপকোঁৱৰ |
উত্তৰঃ
(ক) পাৰ্বতী প্ৰসাদ বৰুৱা | (গ) গীতি কবি |
(খ) বিষ্ণু প্ৰসাদ ৰাভা | (ঘ) কলাগুৰু |
(গ) জ্যোতিপ্ৰাসদ আগৰৱালা | (ঙ) ৰূপকোঁৱৰ |
(ঘ) ফণী শৰ্মা | (ক) নটসূর্য |
(ঙ) ৰুদ্ৰ বৰুৱা | (খ) লুইত কোঁৱৰ |
☆ কোনে ৰচনা কৰিছিল ?
(ক) বৰগীত …………………
(খ) বিষ্ণু ৰাভা সংগীত …………………
(গ) জ্যোতি সংগীত …………………
(ঘ) ভূপেন্দ্র সংগীত …………………
(ঙ) ৰবীন্দ্র সংগীত …………………
উত্তৰঃ
(ক) বৰগীত | শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱ। |
(খ) বিষ্ণু ৰাভা সংগীত | বিষ্ণু প্ৰসাদ ৰাভা। |
(গ) জ্যোতি সংগীত | জ্যোতি প্ৰসাদ আগৰৱালা। |
(ঘ) ভূপেন্দ্র সংগীত | ড° ভূপেন হাজৰিকা। |
(ঙ) ৰবীন্দ্র সংগীত | ৰবীন্দ্ৰ নাথ ঠাকুৰ। |
অতিৰিক্ত প্রশ্নোত্তৰ
১। বিষ্ণু প্ৰসাদ ৰাভাক কি উপাধি দিয়া হৈছে ?
উত্তৰঃ কলাগুৰু উপাধি দিয়া হৈছে।
২৷ বিষ্ণু প্ৰসাদ ৰাভাক কিয় কলাগুৰু উপাধি দিয়া হৈছে ?
উত্তৰঃ বিষ্ণু প্ৰসাদ ৰাভা দেৱ একেধাৰে সুনিপুণ নৃত্য শিল্পী, বাদ্য শিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ। এই গুণবোৰৰ বাবে তেখেতক ‘কলাগুৰু’ সন্মানেৰে সন্মানিত কৰিছে।
৩৷ ৰাভা দেৱৰ নৃত্য আৰু অভিনয়ৰ গুৰু কোন ?
উত্তৰঃ ওস্তাদ কালাচান্দ।
৪৷ আনা পাভালোভা কোন ?
উত্তৰঃ আনা পাভালোভা হ’ল ৰাচিয়াৰ এজনী বিশ্ববিখ্যাত নৃত্য পটিয়সী।
৫৷ বিষ্ণু প্ৰসাদ ৰাভাই আনা পাভা লোভাক ক’ত লগ পাইছিল ?
উত্তৰঃ কলিকতাত লগ পাইছিল।
৬৷ বিষ্ণু প্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকাৰ। তেওঁ অঁকা দুখন চিত্রপটৰ নাম লিখা।
উত্তৰঃ ১। শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ।
২। বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা সাত খলপীয়া সিংহাসনৰ ছবি।
৭৷ বিষ্ণু প্ৰসাদ ৰাভাই ১০৮ বিধ নৃত্য ক’ত আৰু কেতিয়া প্ৰদৰ্শন কৰিছিল?
উত্তৰঃ বিষ্ণু প্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ত ১৯৪০ চনত ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল।
৮৷ ৰাভা দেবে কি কাৰণে সোণৰ পদক পাইছিল ?
উত্তৰঃ ৰাভাদেৱে তাণ্ডৱ নৃত্য প্রদর্শন কৰা বাবে সোণৰ পদক পাইছিল।
৯। ড° সৰ্বপল্লী ৰাধা কৃষ্ণণ কোনখন বিশ্ব বিদ্যালয়ৰ উপাচার্য আছিল ?
উত্তৰঃ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য আছিল।
১০। বিষ্ণু প্ৰসাদ ৰাভাৰ কেতিয়া মৃত্যু হয় ? সেই দিনটোত অসমবাসীয়ে কি দিবস পাতে ?
উত্তৰঃ ১৯৬৯ চনৰ ২০ জুনত ৰাভাদেৱৰ মৃত্যু হয়।
সেই দিনটোত অসম বাসীয়ে ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰে।
১১৷ বিষ্ণু প্ৰসাদ ৰাভাই লিখা চাৰিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ (১) ভাৰতীয় সংগীত।
(২) নৃত্য কলা।
(৩) কৃষক।
(৪) কেৰুমণি থুৰীয়া।
১২। বিষ্ণু প্ৰসাদ ৰাভাৰ পিতৃ-মাতৃৰ নাম কি ?
উত্তৰঃ বিষ্ণু প্ৰসাদ ৰাভাৰ পিতৃৰ নাম – গোপাল ৰাভা।
মাতৃৰ নাম – গেঠি ৰাভা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.