Class 12 Swadesh Adhyayan Chapter 5 মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন

Class 12 Swadesh Adhyayan Chapter 5 মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 5 মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 5 মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 5 মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মানচিত্র অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন

Chapter – 5

প্রথম ভাগ: ভূগোল

অনুশীলনী প্রশ্নোত্তৰ

১। একোটা শব্দৰে উত্তৰ দিয়া । 

( i ) ভূগোল বিজ্ঞানত ব্যৱহাৰ হৈ থকা প্ৰধান আহিলাক ____ বোলে ।

উত্তৰঃ মানচিত্র । 

( ii ) ____ সহায় লৈ মানচিত্র অংকন কৰা হয় । 

উত্তৰঃ মানচিত্র । 

( iii ) _____ পোন প্ৰথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল । 

উত্তৰঃ মানচিত্র । 

( iv ) ইছলামীয় সোণোৱালী যুগৰ বিখ্যাত মানচিত্ৰকৰ _____ য়ে ১১৫৪ চনত উৎকৃষ্ট মানচিত্র প্রস্তুত কৰিছিল । 

উত্তৰ : ‘ আল ইদ্ৰিছিয়ে ‘ ।

( v ) অক্ষৰেখা আৰু দ্রাঘিমাৰেখাই কটাকটি কৰি ____ গঠন কৰে ।

উত্তৰঃ গ্ৰীডছ । 

( vi ) পথাৰ জৰীপ কৰোতে , অতি সৰল পদ্ধতি _____ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ শিকলি জৰীপ । 

২। চমুকৈ উত্তৰ দিয়া –

( i ) মাপনী কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ ভূ – পৃষ্ঠত থকা কোনো দুটা নির্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্রতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতকে ‘ স্কেন ’ বা ‘ মাপনী ‘ বুলি কোৱা হয় । মাপনী তিনি প্ৰকাৰৰ । সেই কেইটা হ’ল— 

( ক ) ৰৈখিক মাপনী ( Graphical Scale ) 

( খ ) উক্তি মাপনী ( Statement Scale ) আৰু 

( গ ) নিৰূপক ভগ্নাংশ ( Representative Fraction ) চমুকৈ যাক R. F. বুলি কোৱা হয় । 

( ii ) ২ মাইল = ৬৩৩৬০ ক নিৰূপক ভগ্নাংশলৈ প্ৰকাশ কৰা । 

উত্তৰঃ ২ মাইল = ৬৩,৩৬০ 

          ১ মাইল = ৩১,৬৮০ 

          ৬ মাইল = ৬ × ৩১,৬৮০ = ১,৯০,০৮০ 

          R.F. = ২ : ১৯০,০৮০ 

( iii ) ৰৈখিক মাপনী আৰু কৰ্ণ মাপনীৰ মাজত পাৰ্থক্য কি ? 

উত্তৰঃ সৰল ৰৈখিক মাপনীয়ে কেৱল মুখ্য আৰু গৌণ ভাগ কেইটাহে দেখুৱায় , কিন্তু পৰম শুদ্ধতা পাবলৈ হ’লে , আকৌ এটা তৃতীয়ক বিভাজন থকা প্রয়োজন । এই ক্ষেত্ৰত নিপূৰ্ণভাৱে , বিভাজন দেখুওৱা মাপনী হ’ল ‘ কৰ্ণ মাপনী ’ , য’ত গৌণ বিভাজনক আকৌ তৃতীয়ক ভাৱে বিভক্ত কৰি দেখুৱাব পৰা যায় । 

( iv ) দূৰ সংবেদন কাক বোলে ? 

উত্তৰঃ ই এক বিশেষ প্রযুক্তি , য’ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ , সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয় । এই প্রযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে , সংবেদনযুক্ত কৃত্রিম উপগ্রহ বা উচ্চতাৰে উৰা বিমান । কৃত্রিম উপগ্রহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মাতিসূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্ৰহ কৰিব পাৰে । 

( v ) মানচিত্ৰৰ সৈতে কি কি উপাদান জড়িত হৈ আছে ? 

উত্তৰঃ মানচিত্ৰৰ সৈতে জড়িত থকা উপাদানসমূহ হৈছে— 

১। মানচিত্ৰৰ নাম । 

( ২ ) অৱস্থান ( আপেক্ষিক : অন্য অঞ্চলৰ পৰিপ্ৰেক্ষিতত , জ্যামিতিক : অক্ষৰেখা আৰু দ্রাঘিমাৰেখাৰ বিস্তৃতি ) ।

( ৩ ) মানচিত্ৰৰ সীমাৰেখা আৰু দিশ । 

( ৪ ) মানচিত্ৰৰ মাপনী । 

( ৫ ) আকৃতি আৰু আকাৰ ।

( ৭ ) মাটিকালি ।

( ৮ ) প্রচলিত সাংকেতিক চিহ্ন । 

( ৯ ) মানচিত্ৰৰ সময় ( কোন চনৰ তথ্য উপস্থাপন বা ভিত্তি কৰি মানচিত্ৰখন প্ৰস্তুত কৰা হৈছে । 

( vi ) মানচিত্র কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ মানচিত্র দুই প্ৰকাৰৰ আৰু সেইয়া হ’ল ― 

( ক ) নিদর্শনমূলক মানচিত্র । 

( খ ) বিষয় প্রসংগ থকা মানচিত্র । 

( vii ) জৰীপ কাৰ্য বুলিলে কি বুজা ? 

উত্তৰঃ কোনো ভূ – ক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰি লৈ , মানচিত্র প্রস্তুত কৰাকে জৰীপ বোলে । আমি কোনো ওখ ঠাইত থিয় হৈ থাকি , নামনিৰ ঠাইৰ জৰীপ কৰিব পাৰো । নতুবা যিকোনো অবয়বকে সাৱধানতাৰে অৱলোকন কৰিব পৰাটোও জৰীপ বুলিব পাৰি । অৰ্থাৎ ভূ – ক্ষেত্ৰৰ জোখ – মাপ , উচ্চতা , কৌণিক অৱস্থান , সীমা ইত্যাদিবোৰক গণিত , জ্যামিতি অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েৰে ভালদৰে অধ্যয়ন কৰিলেও জৰীপ কৰা বুলি ক’ব পৰা যায় । 

৩। নিম্নলিখিত সমূহক চমুকৈ বুজাই লিখা । 

( i ) অভিক্ষেপ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্রাঘিমাৰেখাক এখন মিহি সমতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাকে অভিক্ষেপ বুলি কোৱা হয় । পৃথিৱীৰ আকৃতি যিহেতুকে গোলাকাৰ , গতিকে সকলো জ্যামিতিক সম্বন্ধবোৰক ঠিকঠাককৈ ৰাখি , যেনে— আপেক্ষিক দূৰত্ব , কৌণিক অৱস্থা ন , মাটিকালিক একে বাখি , গোলক এটাৰ দ্বাৰা প্ৰকাশ কৰা হয়। দৰাচলতে অভিক্ষেপক গোলকীয় পৃষ্ঠৰ পৰা ৰূপান্তৰ কৰি প্ৰস্তুত কৰা অক্ষৰেখা আৰু দ্রাঘিমা ৰেখাৰ এখন জালি বুলিও ক’ব পাৰি । মানচিত্র প্রস্তুত কৰিবলৈ তিনি প্ৰকাৰৰ অভিক্ষেপ ব্যৱহৃত হয় । যেনে— 

( ক ) বেলন অভিক্ষেপ ( Cylindrical Projection ) 

( খ ) শাঙ্কৰ অভিক্ষেপ ( Conical Projection ) 

( গ ) শীর্ষকেন্দ্রিক অভিক্ষেপ ( Zenithal Projection ) 

তলত এই তিনিটা ভাগৰ বিষয়ে উল্লেখ কৰা হ’ল— 

( ক ) বেলন অভিক্ষেপ ( Cylindrical Projection ) : এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায় । ইয়াত অনভূমিকভাৱে থকা সৰল সমতুল্য অক্ষৰেখাৰ সৈতে দ্রাঘিমা ৰেখাবোৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে । দ্রাঘিমাবোৰ সমদূৱৰ্তী আৰু অক্ষৰেখাই প্রতি মাপনী একে থাকে । যদিও বেলন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা , ইয়াক বেলন বুলিয়েই অভিহিত কৰা হয় । কিয়নো যদিহে এই জালিখনক মেৰিয়াই লৈ দুয়োকাষে লগ লগোৱা যায় , দেখিবলৈ তেতিয়া চুঙা বা বেলনৰ দৰেই হ’ব । 

এই অভিক্ষেপৰ দুৰ্বল অংশটো মেৰুদেশীয় অঞ্চলৰ সৈতে জড়িত , য’ত পৃথিৱীৰ আকৃতি বিকৃতিভাৱে ৰয় । আনহাতে বিষুব অঞ্চল আৰু আশে – পাশে , মানচিত্ৰত ভূঃআকৃতি , প্রকৃত আকৃতিৰ দৰেই শুদ্ধভাৱে থাকে । আটাইতকৈ জনপ্রিয় বেলন অভিক্ষেপঃ মাৰ্কেটৰ অভিক্ষেপ ( Mercator Projection ) , কেছিনী ( Cassini ) , গাউছ ক্রুগাৰ ( Gauss – Kruger ) , মিলাৰ ( Millar ) অভিক্ষেপ ইত্যাদি । 

( খ ) শাঙ্কৱ অভিক্ষেপ : এক প্রামাণিক অক্ষৰেখাযুক্ত সমদূৰৱৰ্তী , শাঙ্কৱ অভিক্ষেপ । এই অভিক্ষেপত দ্রাঘিমাৰেখাবোৰ সমদূৰৱৰ্তী সৰল ৰেখা আৰু মেৰু হওঁক বা নহওঁক , একে স্থানলৈকে পোনাই থাকে । বেল অভিক্ষেপৰ লেখিয়াকৈ শাঙ্কৰ অভিক্ষেপতো অক্ষৰেখাবোৰে দ্রাঘিমাৰেখাবোৰৰ সৈতে সমকোণীয়ভাৱে কটাকটি কৰি জালী সৃষ্টি আৰু বিকৃতি ধ্ৰুৱক হিচাবে থাকে । যিকোনো এটা সৰু অঞ্চল অথবা উত্তৰ গোলাৰ্ধ , দক্ষিণ গোলাৰ্ধৰ সৰু ঠাইৰ বাবেহে এই অভিক্ষেপৰ উপযোগিতা থাকে । আনহাতে গোটেই পৃথিৱীখনৰ মানচিত্ৰক , কোনো কাৰণেতে ইয়াত দেখুৱাব পৰা নাযায় । যেনে— এক প্রামাণিক অক্ষৰেখা বিশিষ্ট শাঙ্কৱ অভিক্ষেপ । 40° উত্তৰ আৰু 60° উত্তৰ অক্ষাংশ আৰু 15° পশ্চিম আৰু 5° পূৱ দ্রাঘিমাৰ মাজতে থকা অঞ্চল এটাৰ অভিক্ষপ , এক প্রামাণিক অক্ষখোক লৈ অঙ্কন কৰিব পৰা যায় । 

( গ ) শীর্ষকেন্দ্ৰিক অভিক্ষেপ : গোলকৰ কেন্দ্ৰত যদি পোহৰ ৰাখি , মেৰু অংশত বা বিষুৱত স্পৰ্শক হিচাবে থকা সমান পৃষ্ঠাত অক্ষৰেখা আৰু দ্রাঘিমা ৰেখাৰ ছাঁ পেলোৱা হয় তাকে শীর্ষকেন্দ্রিক অভিক্ষেপ বুলিব পাৰি । স্পৰ্শকৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰৰ শীর্ষকেন্দ্রিক অভিক্ষেপক জানিব পৰা যায় । 

( ১ ) মেৰুদেশীয় অভিক্ষেপ , য’ত সমান পৃষ্ঠ , উত্তৰ বা দক্ষিণ মেৰুত স্পৰ্শক হিচাবে থাকে । 

( ২ ) মেৰুদেশীয় বিষুৱীয় অভিক্ষেপ , য’ত সমতল পৃষ্ঠ বিষুৱীয় অংশত স্পর্শক হিচাবে থাকে । 

( ৩ ) মেৰুদেশীয় হেলনীয়া অভিক্ষেপ , য’ত সমান পৃষ্ঠা , যিকোনো এটা বিন্দুত স্পর্শক হিচাবে থাকে । মেৰু বা বিষুৱৰ বাহিৰে যিকোনো এটা ঠাইত স্পর্শক হিচাপে ৰাখি ছাঁ পেলালে তাকে মেৰুদেশীয় হেলনীয়া অভিক্ষেপ বোলে ।

( ii ) ‘ GIS ছফ্টৱেৰৰ ’ দ্বাৰা কি কি কাৰ্য সাধন হয় ? 

উত্তৰঃ ছফট্‌ৱেৰে বহুতো কাৰ্য সামৰি লয় । যেনে— ডিজিটেল মেপক একগোট কৰা কাৰ্যবোৰ । এই পদ্ধতিটো আকৌ কেইবা প্ৰকাৰে বৰ্গীকৰণ কৰা হৈছে আৰু তাৰ মুখ্য চাৰিটা উপাদন হ’ল ক্রমে— 

( ক ) সংগ্রহ : মানচিত্র , পৰিক্ৰমিত মানচিত্র , আকাশৰ পৰা তোলা ছবি , উপগ্রহৰ পৰা লোৱা চিত্ৰ , জৰীপ আদিৰে বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয় । 

সংৰক্ষণ : তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰক তথ্য ভাণ্ডাৰ হিচাবে সংৰক্ষণ কৰে । প্ৰয়োজন সাপেক্ষে সম্পাদনা , অনুসন্ধান, পুনৰুদ্ধাৰ বা বৰ্তমানৰ তাৰিখলৈ অর্থাৎ Update কৰি ল’ব পাৰে । 

( গ ) বিশ্লেষণ : বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদ্ঘাটনো কৰিব পাৰে । 

উৎপাদন : বিশ্লেষণৰ মাধ্যমেৰে নিঃসৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে— গ্রাফ বা লেখনিচিত্র , দণ্ডচিত্র , জ্যামিতিক চিত্র , মানচিত্র তালিকা ৰেখা পোৱা সঠিক , তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্রহণ কৰিবলৈ সহজসাধ্য হৈ পৰে ।

( iii ) দূৰ সংবেদনৰ চমু আভাস দিয়া । 

উত্তৰঃ ই এক বিশেষ প্রযুক্তি , য’ত প্রত্যক্ষ সংস্পৰ্শত নহাকৈ , সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয় । এই প্রযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে , সংবেদনযুক্ত কৃত্রিম উপগ্রহ বা উচ্চতাৰে উৰা বিমান । কৃত্রিম উপগ্রহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মাতি সূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্ৰহ কৰিব পাৰে । 

সংবেদনশীল উৎকৃষ্ট কেমেৰাৰে ভূচিত্ৰ গ্ৰহণ কৰি থাকে আৰু গৱেষকসকলে ‘ সংবেদন’ক অধ্যয়ন কৰি লৈ নিজৰ প্ৰয়োজন অনুসৰি সেইবোৰ বিশ্লেষণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰা হ’ল । 

পদ্ধতিমূলকভাৱে চন’গ্ৰাফি থকা জাহাজৰ দ্বাৰা মহাসমুদ্র তলিৰ হুবহু তথ্য এনেভাৱে পাব পৰা হ’ল , যিটো ডুবাৰু সকলৰ পক্ষে অসাধ্যকৰ ।

উপগ্ৰহৰ পৰা দূৰ সংবেদনশীল কেমেৰা ব্যৱহাৰ কৰি , মহাসমুদ্ৰৰ তাপমানৰ সালসলনিৰ হুবহু তথ্যও পাবলৈ সহজসাধ্য হ’ল । 

দূৰ সংবেদনৰ আন কেতবোৰ বৈশিষ্ট্যপূর্ণ ব্যৱহাৰ এনেধৰণৰ— 

যদি কোনো বৃহৎ বনাঞ্চল বনাগ্নি পতিত হয় , মহাকাশৰ পৰা তাৰ চিত্র তৎকালীনভাৱে বনৰক্ষকক যোগান ধৰিব পাৰে । 

আকাশত , মেঘৰ চালচলনলৈ লক্ষ্য ৰাখি দৈনিক বতৰৰ বাতৰিৰ যোগান সহজতে দিয়াৰ লগতে , ডাঙৰ ধুমুহা যেনে— ফাইলিন , চিনুক, বৰদৈচিলা , কালবৈশাখী , টর্নেড , ফনি আদিৰ গতিবিধি আৰু বেগৰ হুবহু তথ্য দিয়ে । আগ্নেয়গিৰিৰ উদ্‌গীৰণ হৈ থকা সময়ৰ ছবি , নতুবা পৃথিৱী পৃষ্ঠত বলি থকা ধূলিৰ ধুমুহাৰ ছবিবোৰো তৎকালীনভাৱে যোগান ধৰে । 

মহাসমুদ্ৰৰ তলিখনৰ সঠিক মানচিত্ৰ আৰু লগতে নতুন অৱয়বৰ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰতো দূৰ সংবেদনৰ প্ৰয়োগ থাকে । মহাসমুদ্র তলিৰ খলা বমাবোৰ যেনে— বৃহৎ পৰ্বতৰ লানি , দ’খাত নতুবা চুম্বকীয় ধুহি নিয়া কার্যকো চিত্র সহকাৰে দেখুৱাব পাৰো । 

৪। নিম্নলিখিত প্রশ্ন কেইটাক বহলাই লিখা । 

( i ) ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা মানচিত্ৰৰ ইতিহাসৰ বিষয়ে বর্ণনা কৰা । 

উত্তৰঃ অতীতৰ পৰা বৰ্তমানলৈ মানচিত্ৰবোৰক , সময় সাপেক্ষে বিভিন্ন ৰূপত দেখিবলৈ পোৱা গৈছে ৷ পুৰণি পৃথিৱীত মাটিত আঁকবাক কৰি চাৰিওকাষৰ অঞ্চলবোৰৰ সূচনা দিছিল । পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন এডোখৰ ঘূৰণীয়া শিলাত লিপিবদ্ধ কৰা আছিল । স্পেইনত দেখিবলৈ পোৱা এই শিলাখণ্ডৰ মানচিত্রক , চৈধ্য হাজাৰ বছৰৰ আগতে শিলত কাটি উলিয়াইছিল । ভূগোল বিজ্ঞানৰ পিতা হিচাবে প্ৰসিদ্ধ ইৰাটোস্থেনিছে খ্রীষ্টপূর্ব ২৭৬ আৰু ১৯৪ ৰ মাজৰ সময়ছোৱাতে সূৰ্য্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল । একেৰাহে জ্যোতির্বিদ পণ্ডিত , গণিতজ্ঞ তথা ভূগোলবিদ টেলেমিয়ে এখন সঠিক মানচিত্ৰৰ প্ৰস্তুত কৰিছিল আৰু পোন্ধৰ শতিকালৈকে যথেষ্ট সমাদৰো লাভ কৰিছিল । নিজৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ একত্ৰিত কৰি ‘ ভূগোল ’ নামৰ এখনি গ্ৰন্থও লিখি উলিয়াইছিল । 

মধ্যযুগৰ মানচিত্ৰকৰ সকলে কেৱল ধৰ্মীয় বিশ্বাসক প্রতিফলিত কৰিবলৈহে মানচিত্র প্রস্তুত কৰিছিল । এনেবোৰ মানচিত্ৰ অতি সৰল আৰু কিছু ক্ষেত্ৰত আমোদজনকভাৱে অঙ্কিত হৈছিল । মধ্যযুগীয়া ইউৰোপীয় মানচিত্ৰসমূহ জেৰুজালেমক কেন্দ্ৰ কৰি ৰাখি প্ৰস্তুত কৰিছিল। স্ব ভাগক ঘূৰণীয়া এটা চকাৰ দৰে ৰাখি চাৰিওকাষে এখনি সমুদ্ৰ আৱৰি থকাৰ দৰে নিৰ্মাণ কৰিছিল । এনে মানচিত্র ‘ T ’ in ‘ O ‘ হিচাপে নামকৰণ কৰি লৈছিল । স্থলভাগক আৱৰি থকা মহাসমুদ্ৰক ‘ T’ অক্ষৰে , তিনিখন মহাদেশত বিভক্ত কৰা দেখুৱাইছে । 

আটাইতকৈ ডাঙৰ বুলি অভিহিত কৰি এছিয়া মহাদেশক ‘ T ’ ৰ ঊর্ধ্বতন অংশত অৱস্থান কৰোৱাৰ বিপৰীতে , নিম্নাংশত ‘ ইউৰোপ ’ আৰু ‘ আফ্রিকা ’ মহাদেশৰ অৱস্থান নির্ণয় কৰে । কেন্দ্ৰাংশত ‘ জেৰুজালেমক ’ প্রতিষ্ঠা কৰাই , ‘ ইউৰোপ ’ আৰু আফ্ৰিকাৰ মধ্যৱৰ্তী অংশত ভূমধ্যসাগৰক স্থান দিছিল । আফ্ৰিকা আৰু এছিয়াৰ মধ্যাংশত নীল নদীৰ স্থান নিৰূপণ কৰে আৰু ইউৰোপ আৰু এছিয়াৰ মাজত ডন নদীক স্থান দিছিল । “ T ” শীৰ্ষাংশক নীল আৰু ডন নদীৰ অৱস্থান দেখুৱাইছিল । এনে অন্ধকাৰ যুগৰ মাজতো কিন্তু আৰৱ দেশৰ বিদ্বৎ সমাজৰ , বৈজ্ঞানিক পদ্ধতিৰ মানচিত্ৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া লেখত ল’বলগীয়া । তেওঁলোকে টোলেমিৰ সমস্ত কৰ্মৰাজিত সংৰক্ষণ কৰি লৈ , আৰৱিক ভাষালৈ অনুবাদ কৰিছিল আৰু পোন প্ৰথমবাৰৰ বাবে আস্থা ৰাখিব পৰা বিধৰ গোলক প্ৰস্তুত কৰি দেখুৱাইছিল । 

ইছলামীয় সোণোৱালী যুগত , অৰ্থাৎ পৰৱৰ্তী কালত আৱীয়ান মানচিত্ৰ সকলোৱে বহুগুণে জটিল গণিত আৰু জ্যোতির্বিজ্ঞানৰ আলম লৈ বিভিন্ন সূত্ৰৰ প্ৰয়োগেৰে , মানচিত্ৰৰ অভিক্ষেপ অংকন কৰিব পাৰিছিল । সেই সময়ত অর্থাৎ ১১৫৪ চনত বিখ্যাত বৈজ্ঞানিক তথা মানচিত্ৰকৰ ‘ আল ইদ্ৰিছিয়ে ’ ইউৰোপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উৎকৃষ্ট ভূ – মানচিত্র প্রস্তুত কৰিব পাৰিছিল । তেওঁৰ মানচিত্ৰখনত সমগ্ৰ মহাদেশ যেনে ইউৰেছিয়া , য’ত স্কেণ্ডিনেভিয়া , আৰবীয়ান উপদ্বীপীয় অংশ , শ্রীলংকা দ্বীপ , কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰ আদি সকলোবোৰ সন্নিৱিষ্ট হৈছিল । 

১৯ শতিকাৰ আদি ভাগতে , ‘ লিথোগ্রাফি ’ নামৰ ছপাকৰণ প্ৰক্ৰিয়াৰ উদ্ভাৱন ঘটে আৰু খুউব কম পৰিশ্ৰম আৰু খৰচৰ দ্বাৰা মানচিত্ৰকৰ সকলো একেবাৰে শুদ্ধকৈ অংকন কৰি উলিয়াব পৰা হ’ল । তাৰোপৰি নতুন ফটোগ্রাফী , ৰঙীন ছবিৰ ছপাযন্ত্ৰ আৰু কম্পিউটাৰে উৎকৃষ্টতা বৃদ্ধি কৰাত সহায় কৰে । কাগজত অকা মেপৰ পৰিৱৰ্তে ঠাই পালে উপগ্ৰহৰ মাধ্যমেৰে অহা সংবাদসমূহে । যাৰ ফলত একেবাৰে সঠিকভাৱে ভূ – পৃষ্ঠত , যিকোনো স্থানৰে বাৰ্তা আৰু স্থানাংক নিৰ্ণয়ত আমূল পৰিৱৰ্তন আহিবলৈ ল’লে । ফলত বৰ্তমানৰ প্ৰজন্মই অতি সহজতে গুলৰ মানচিত্ৰবোৰক উদ্ঘাটন কৰিব পৰা হ’ল । ‘ ডিজিটেল ’ ভাষাৰে প্ৰস্তুত হোৱা মানচিত্ৰক , তিনিওটা দিশেৰে চাব পৰা হৈ উঠিল । ফলত অতীজৰ , সমান পৃষ্ঠত অঙ্কিত মানচিত্ৰৰ চাহিদাত সীমাৱদ্ধতা আহি পৰিল । সমগ্ৰ পৃথিৱীৰ তথ্যপাতি , অতি ক্ষিপ্ৰতাৰে অথচ নিখুঁটভাৱে ইন্টাৰনেটৰ মাধ্যমেৰে , মানচিত্ৰক আধুনিকতম প্ৰযুক্তিৰ শাৰীলৈ আগুৱাই নিয়ে । 

( ii ) শিকলি ’ জৰীপত কি কি ব্যৱহাৰ হয় বর্ণনা কৰা । 

উত্তৰঃ কোনো ভূ – ক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰি লৈ , মানচিত্ৰ প্ৰস্তুত কৰাকে ‘ জৰীপ ’ বোলে । আমি কোনো ওখ ঠাইত থিয় হৈ থাকি , নামনিৰ ঠাইৰ জৰীপ কৰিব পাৰো । নতুবা যিকোনো অৱয়বকে সাৱধাণতাৰে অৱলোকন কৰিব পৰাটোও ‘ জৰীপ ’ বুলিব পাৰি । অৰ্থাৎ ভূ – ক্ষেত্ৰৰ জোখ – মাখ , উচ্চতা , কৌণিক অৱস্থান , সীমা ইত্যাদিবোৰক গণিত , জ্যামিতি , অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েৰে ভালদৰে অধ্যয়ন কৰিলেও জৰীপ কৰা বুলি ক’ব পৰা যাব। 

জৰীপৰ আন আন পদ্ধতিসমূহৰ ভিতৰত ‘ শিকলি জৰীপ ’ আটাইতকৈ সৰল আৰু কেৱল পথাৰৰ জোখ – মাখ ল’বলৈ ব্যৱহৃত হোৱা এটা সাধাৰণ পদ্ধতি । নিৰ্দিষ্ট স্থানৰ জোখ – মাখ , লৈ বাকী কামবোৰ অর্থাৎ গণনা , অঙ্ক আদিক অন্য ঠাইলৈ গৈও কৰিব পৰা যায় । বৰ বেছি খলা – বম নথকা সৰু সমতল অঞ্চলৰ বাবে এই পদ্ধতিৰ ব্যৱহাৰৰ যুক্তি থাকে । 

জৰীপ কাৰ্যত ভালেমান সংখ্যক ‘ শিকলি ব্যৱহাৰ কৰা হয় , যদিও প্রধানকৈ ইঞ্জিনিয়ার্চ চেইন ’ আৰু ‘ গান্টাৰ্ছ চেইন’ৰ ব্যৱহাৰ বেছিকৈ কৰা হয় । ইঞ্জিনিয়াৰ্চ চেইনৰ দৈৰ্ঘ্য ১০০ It আৰু ১০০ টা জোৰা আছে আৰু প্ৰতি ১০ জোৰাৰ মূৰে মূৰে একোটা খাজ কটা মাৰি থাকে , যাৰ দ্বাৰা জোখ – মাখৰ অধ্যয়ন কৰা সূচল হয় । গান্টাৰচ চেইনৰ দৈৰ্ঘ্য ৬৬১lt ৷ 

( iii ) ‘ বেলন ‘ অভিক্ষেপ কাক বোলে আৰু কোনে অৰ্থত ব্যৱহাৰ হয় লিখা । 

উত্তৰঃ এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায় । ইয়াত অনুভূমিকভাৱে থকা সকল সমতুল্য অক্ষৰেখাৰ সৈতে দ্রাঘিমা ৰেখাবোৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে । দ্রাঘিমাবোৰ সমদূৰৱৰ্তী আৰু অক্ষৰেখাই প্রতি মাপনী একে থাকে । যদিও বেলন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা , ইয়াক বেলন বুলিয়েই অভিহিত কৰা হয় , কিয়নো , যদিহে এই জালীখনক মেৰিয়াই লৈ দুয়োকাষ লগ লগোৱা যায় । দেখিবলৈ তেতিয়া চুঙা বা বেলনৰ দৰেই হ’ব । 

এই অভিক্ষেপৰ দুৰ্বল অংশটো মেৰুদেশীয় অঞ্চলৰ সৈতে জড়িত , য’ত পৃথিৱীৰ আকৃতি বিকৃতভাৱে ৰয় । আনহাতে বিষুৱ অঞ্চল আৰু আশে পাশে মানচিত্ৰত ভূ – আকৃতি , প্রকৃত আকৃতিৰ দৰেই শুদ্ধভাৱে থাকে । আটাইতকৈ জনপ্রিয় বেলন অভিক্ষেপ— মাৰ্কেটৰ অভিক্ষেপ , কেছিনী , গাউছ ক্রুগাৰ , মিলাৰ অভিক্ষেপ ইত্যাদি। 

অতিৰিক্ত প্রশ্নোত্তৰ

১। ভূগোল বিজ্ঞানক কি শিক্ষাৰ বিষয় বুলি ক’ব পাৰি ? 

উত্তৰঃ ভূগোল বিজ্ঞানক মৌলিক শিক্ষাৰ বিষয় বুলি কয় । 

২। ভূগোল বিজ্ঞানৰ প্ৰাসংগিকতা কিয় ইমান বৃদ্ধি পাইছে ? 

উত্তৰঃ পৃথিৱীৰ জলভাগ , স্থলভাগ , জলবায়ু , পাহাৰ – পৰ্বত , নদ – নদী , উদ্ভিদ – জীৱ – জন্তু আদি প্রাকৃতিক উপাদানসমূহৰ উপৰি মানৱ সমাজ , মানুহ ভিন্ন প্ৰকাৰৰ কাৰ্যকলাপ , প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক আৰু সম্পৰ্কৰ পৰিৱৰ্তন আৰু প্ৰভাৱ আদিৰ সম্বন্ধে আমাক বহুমূলীয়া জ্ঞান দিয়ে । সাম্প্রতিক কালত সেয়েহে ভূগোল বিজ্ঞান অধ্যয়নৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে । 

৩। আৰ্হি চিত্ৰ কিয় ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ তাত্ত্বিকভাৱে অধ্যয়ন কৰি যিকোনো বিজ্ঞান বা সমাজ বিজ্ঞানৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰাটো বহুক্ষেত্ৰত সুফলৰ পৰা বঞ্চিত হ’ব লগা হয়।এনেক্ষেত্ৰত বিশ্লেষণ অধিক ফলদায়ক আৰু বোধগম্য কৰি তুলিবলৈ অতীজতে আৰ্হি চিত্ৰ ব্যৱহাৰ কৰিছিল । 

৪। সর্বপ্রথম মানচিত্র কোনে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২৫০০ শতিকাত চুমেৰীয়সকলে সর্বপ্রথম মানচিত্র প্রস্তুত কৰি দিশ আৰু শুদ্ধ জোখৰ মাপৰ জ্ঞান দিবলৈ চেষ্টা কৰিছিল ।

৫। বর্তমান ব্যৱহাৰিক কৰ্ম বা অনুশীলনৰ অন্যতম আহিলাবিধ কি ? 

উত্তৰঃ বর্তমান ব্যৱহাৰিক কৰ্ম বা অনুশীলনৰ অন্যতম আহিলাবিধ হ’ল— মানচিত্র প্রস্তুতকৰণ ব্যৱহাৰ আৰু বিশ্লেষণ । 

৬। মানচিত্ৰ কাক কোৱা হয় ? 

উত্তৰঃ ভূ – পৃষ্ঠ বা ইয়াৰ কোনো এটা অংশ এখন সমতলত এক নির্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকনকেই মানচিত্র বোলা হয় । 

৭। ভূগোল বিজ্ঞানৰ আটাইতকৈ প্ৰয়োজনীয় আহিলাবিধ কি ? 

উত্তৰঃ মানচিত্র ভূগোল বিজ্ঞানৰ আটাইতকৈ প্ৰয়োজনীয় আহিলা । 

৮। মানচিত্ৰ প্ৰস্তুত কৰোতাঁক কি বুলি জনা যায় ? 

উত্তৰঃ ‘ মানচিত্ৰকৰ ’ ( Cartographer ) নামেৰে জনা যায় ? 

৯। গ্রীড্‌ছ কাক বোলে ? 

উত্তৰঃ সমব্যৱধানত , সমান্তৰালভাৱে অঁকা কিছুমান কাল্পনিক অক্ষৰেখা আৰু উত্তৰা দক্ষিণাকৈ দ্রাঘিমাৰেখাই কটাকটি কৰি গঠন কৰা আৰ্হিটোক গ্ৰীড্‌ছ বোলে । 

১০। কি কাৰণত মানচিত্ৰকসকলে কম সময়ত শুদ্ধকৈ মানচিত্র অংকন কৰি উলিয়াব পৰা হ’ল ? 

উত্তৰঃ ১৯ শতিকাৰ আদি ভাগতে , ‘ লিথোগ্রাফি ‘ নামৰ ছপাকৰণ প্ৰক্ৰিয়াৰ উদ্ভাৱন ঘটে আৰু খুউব কম সময়ৰ , কম পৰিশ্ৰম আৰু খৰচৰ দ্বাৰা মানচিত্ৰকৰসকলে একেবাৰে শুদ্ধকৈ অংকন কৰি উলিয়াব পৰা হ’ল । 

১১। বর্তমান সময়ত মানচিত্র কিহত অংকন কৰে ? 

উত্তৰঃ বৰ্তমান সময়ত মানচিত্র কম্পিউটাৰত অংকন কৰে । 

১২। ‘ Geographical Information System ‘ ৰ পিতৃ বুলি কাক আখ্যা দিয়া হৈছে ? 

উত্তৰঃ ৰ’জাৰ টমলিনচনক , ‘ Geographical Information System ‘ ৰ পিতৃ বুলি আখ্যা দিয়া হৈছে । 

১৩। ‘ GI Science ‘ নামক পৰিভাষাটিক কেতিয়া কোনে চিনাকি কৰাই দিছিল ? 

উত্তৰঃ ১৯৯২ চনত মাইকেল ফ্র্যাঙ্ক গুডচাইল্ড এ পোন প্রথমতে ‘ GI Science ‘ নামক পৰিভাষাটিক পৰিচয় কৰাই দিছিল ।

১৪। মানচিত্র এখন অধ্যয়ন কৰি কি জানিব পাৰি ? 

উত্তৰঃ মানচিত্র এখন অধ্যয়ন কৰি ভূ – পৃষ্ঠৰ কোনো এটা অঞ্চলৰ প্ৰাকৃতিক , ৰাজনৈতিক , অর্থনৈতিক আৰু সাংস্কৃতিক অৱস্থাৰ বিষয়ে জানিব পাৰি । 

১৫। মানচিত্ৰৰ উপাদান কেইটা কি কি ? 

উত্তৰঃ মানচিত্ৰৰ উপাদান ৯ টা । সেইকেইটা তলত উল্লেখ কৰা হ’ল— 

( ক ) মানচিত্ৰৰ নাম ।

( খ ) অৱস্থান ।

( গ ) মানচিত্ৰৰ সীমাৰেখা আৰু দিশ ।

( ঘ ) মানচিত্ৰৰ মাপনী ।

( ঙ ) আকৃতি আৰু আকাৰ ।

( চ ) দূৰত্ব ।

( ছ ) মাটিকালি ।

( জ ) প্রচলিত সাংকেতিক চিহ্ন । আৰু 

( ঝ ) মানচিত্ৰৰ সময় ।

১৬। মানচিত্ৰৰ লগত কেইটা উপাদান প্ৰধানকৈ জড়িত হৈ থাকে আৰু কি কি ? 

উত্তৰঃ মানচিত্ৰৰ লগত তিনিটা উপাদান প্রধান কৈ জড়িত হৈ থাকে । সেইকেইটা হৈছে – মাপনী , সাংকেতিক চিহ্ন আৰু গ্ৰীডছ । 

১৭। মাপনী কাক বোলে ? 

উত্তৰঃ ভূ – পৃষ্ঠত থকা কোনো দুটা নির্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্রতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতকে ‘ স্কেল ’ বা ‘ মাপনী ’ বোলে । 

১৮। মাপনী কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ মাপনী তিনি প্ৰকাৰৰ । সেইকেইটা হ’ল— 

( ক ) ৰৈখিক মাপনী ।

( খ ) উক্তি মাপনী । আৰু 

( গ ) নিৰূপক ভগ্নাংশ । 

১৯। ‘ কর্ণ ’ মাপনী কি ? 

উত্তৰঃ নিপূৰ্ণভাৱে , বিভাজন দেখুওৱা মাপনীক ‘ কৰ্ণ ’ মাপনী বোলে । 

২০। মানচিত্র এখন প্রস্তুত কৰোতে কিহৰ ওফৰত গুৰুত্ব দিব লগা হয় ? 

উত্তৰঃ মানচিত্র এখন প্রস্তুত কৰোতে ভাষাৰ ওপৰত গুৰুত্ব দিব লগা হয়।

২১। মানচিত্র কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ মানচিত্র দুই প্ৰকাৰৰ । সেই প্ৰকাৰকেইটা হ’ল— 

( ক ) নিদর্শনমূলক মানচিত্ৰ । আৰু 

( খ ) বিষয় প্রসঙ্গত থকা মানচিত্র । 

২২। পুৰণি পৃথিৱীত চাৰিওকাষৰ অঞ্চলবোৰ কেনেকৈ সূচনা কৰা হৈছিল ? 

উত্তৰঃ পুৰণি পৃথিৱীত মাটিতে আঁকবাক কৰি চাৰিওকাষৰ অঞ্চলবোৰ সূচনা কৰা হৈছিল । 

২৩৷ পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন ক’ত লিপিবদ্ধ কৰা আছিল ? 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্ৰখন এডোখৰ ঘূৰণীয়া শিলাত লিপিবদ্ধ আছিল । 

২৪। পৃথিৱীৰ আকাৰৰ গণনা কোনে কেনেকৈ উলিয়াইছিল ? 

উত্তৰঃ ভূগোল বিজ্ঞানৰ পিতা হিচাবে প্ৰসিদ্ধ ইৰাটোস্থেনিছে খ্ৰীষ্টপূর্ব ২৭৬ আৰু ১৯৪ ৰ মাজৰ সময়ছোৱাত সূৰ্যৰ প্ৰতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল । 

২৫। এখন সঠিক মানচিত্র কোনে প্রস্তুত কৰিছিল আৰু এই মানচিত্ৰখনে কিমান শতিকালৈ সমাজৰ লাভ কৰিছিল ? 

উত্তৰঃ এখন সঠিক মানচিত্র জ্যোতির্বিদ পণ্ডিত , গণিতজ্ঞ তথা ভূগোলবিদ টোলেমিয়ে প্ৰস্তুত কৰিছিল আৰু এই মানচিত্ৰখনে পোন্ধৰ শতিকালৈকে সমাদৰ লাভ কৰিছিল । 

২৬। ‘ ভূগোল ‘ নামৰ গ্ৰন্থখনৰ লেখক কোন ? 

উত্তৰঃ ‘ ভূগোল ‘ নামৰ গ্ৰন্থখনৰ লেখক টোলেমিয় । 

২৭। মধ্যযুগৰ মানচিত্ৰকসকলে কিয় মানচিত্ৰ প্ৰস্তুত কৰিছিল ? 

উত্তৰঃ মধ্যযুগৰ মানচিত্ৰকসকলে কেৱল ধর্মীয় বিশ্বাসক প্রতিফলিত কৰিবলৈ মানচিত্ৰ প্রস্তুত কৰিছিল । 

২৮। মধ্যযুগীয় ইউৰোপীয় মানচিত্রসমূহ কাক কেন্দ্ৰ ৰাখি প্ৰস্তুত কৰিছিল ? 

উত্তৰঃ মধ্যযুগীয় ইউৰোপীয় মানচিত্ৰসমূহ জেৰুজালেমক কেন্দ্ৰ ৰাখি প্ৰস্তুত কৰিছিল । 

২৯। মধ্যযুগীয় ইউৰোপীয় মানচিত্ৰক কি হিচাবে নামকৰণ কৰি লৈছিল ? 

উত্তৰঃ মধ্যযুগীয় ইউৰোপীয় মানচিত্ৰক ‘ T ‘ in ‘ O ‘ হিচাবে নামকৰণ কৰি লৈছিল । 

৩০। কিমান চনত আৰু কোনে ইউৰোপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উৎকৃষ্ট ভূ মানচিত্র প্রস্তুত কৰিছিল ?

উত্তৰঃ ১১৫৪ চনত বিখ্যাত বৈজ্ঞানিক তথা মানচিত্ৰকৰ ‘ আল ইদ্রিছিয়ে ‘ ইউৰোপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উৎকৃষ্ট ভূ – মানচিত্র প্রস্তুত কৰিছিল । 

৩১। ‘ লিথোগ্রাফি ‘ নামৰ ছপাকৰণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কেতিয়া ঘটে ? 

উত্তৰঃ ‘ লিথোগ্রাফি ’ নামৰ ছপাকৰণ প্ৰক্ৰিয়াৰ উদ্ভাৱন ১৯ শতিকাৰ আদি ভাগতে ঘটে । 

৩২। অভিক্ষেপন মানে কি ? 

উত্তৰঃ গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্রাঘিমাৰেখাক এখন মিহি সমতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাকে অভিক্ষেপ বোলে । 

৩৩। মানচিত্র প্রস্তুত কৰিবলৈ কেইপ্ৰকাৰৰ অভিক্ষেপ ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ তিনি প্ৰকাৰৰ অভিক্ষেপ ব্যৱহাৰ কৰা হয় । সেইকেইটা হ’ল— 

( ক ) বেলন অভিক্ষেপ ।

( খ ) শাঙ্কৱ অভিক্ষেপ । আৰু 

( গ ) শীর্ষকেন্দ্রিক অভিক্ষেপ । 

৩৪। বেলন অভিক্ষেপ কি ? 

উত্তৰঃ বেলন অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায় । ইয়াত অনুভূমিকভাৱে থকা সৰল সমতুল্য অক্ষৰেখাৰ সৈতে দ্রাঘিমা ৰেখাবোৰ সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে । দ্রাঘিমাবোৰ সমদূৰৱৰ্তী আৰু অক্ষৰেখাই প্রতি মাপনী একে থাকে । 

৩৫। শাঙ্কৱ অভিক্ষেপ কি ? 

উত্তৰঃ শাঙ্কৱ অভিক্ষেপ এক প্রামাণিক অক্ষৰেখাযুক্ত সমদূৰৱৰ্তী এই অভিক্ষেপত দ্রাঘিমাৰেখাবোৰ সমদূৰৱৰ্তী সৰল ৰেখা আৰু মেৰু হওঁক বা নহওঁক , একেই স্থানলৈ পোনাই থাকে । 

৩৬। শীর্ষকেন্দ্রিক অভিক্ষেপ কি ? 

উত্তৰঃ গোলকৰ কেন্দ্ৰত যদি পোহৰ ৰাখি , মেৰু অংশত বা বিষুৱত স্পর্শক হিচাবে থকা সমান পৃষ্ঠাত অক্ষৰেখা আৰু দ্রাঘিমা ৰেখাৰ ছাঁ পেলোৱা হয় তাকে শীৰ্ষকেন্দ্রিক অভিক্ষেপ বুলিব পাৰি । 

৩৭। জৰীপ কাক বোলে ? 

উত্তৰঃ কোনো ভূ – ক্ষেত্ৰক ভালদৰে অধ্যয়ন কৰি লৈ , মানচিত্ৰ প্ৰস্তুত কৰাকে জৰীপ বোলে ।

৩৮। জৰীপ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ জৰীপ ৫ প্ৰকাৰৰ । জৰীপৰ প্ৰকাৰবোৰ তলত উল্লেখ কৰা হ’ল– 

( ক ) ভূ – ক্ষেত্ৰৰ জৰীপ , য’ত বিভিন্ন ওখ – চাপৰ অৱয়বৰ জোখ – মাখ লৈ সীমা নিৰ্দ্ধাৰণ কৰা হয় । 

( খ ) খনিসমূহত কৰা জৰীপ ।

( গ ) জলাশয় ভিত্তিক জৰীপ ।

( ঘ ) জিঅ’ডেটিক জৰীপ । আৰু 

( ঙ ) ফটোগ্রামেট্ৰি আৰু দূৰসংবেদন । 

৩৯। জৰীপ কৰা পদ্ধতি দুটা কি কি ? 

উত্তৰঃ ( ক ) ত্রিকোণীয় পদ্ধতি । আৰু 

( খ ) অথালি – পথালিকৈ থকা পদ্ধতি । 

৪০। কেৱল পথাৰৰ জোখ – মাখ ল’বলৈ ব্যৱহৃত হোৱা সাধাৰণ পদ্ধতি এটা কি ? 

উত্তৰঃ কেৱল পথাৰৰ জোখ – মাখ ল’বলৈ ব্যৱহৃত হোৱা সাধাৰণ পদ্ধতি এটা হ’ল — ‘ শিকলি জৰীপ ‘ । 

৪১। কোন দুটা শিকলি বেছি ব্যৱহাৰ হয় ? 

উত্তৰঃ ইঞ্জিনিয়াৰ্চ চেইন ’ আৰু ‘ গাণ্টাৰছ চেইন ’ বেছি ব্যৱহাৰ হয় । 

৪২। জৰীপ কৰিবলৈ ব্যৱহাৰ হোৱা সজুলিসমূহ কি কি ? 

উত্তৰঃ জৰীপ কৰিবলৈ ব্যৱহাৰ হোৱা সজুলিসমূহ হ’ল— থিয়ড’লাইট , জোখ – মাখ লোৱা ফিটা , 3D স্কেলাৰ , GPS / GNSS স্তৰ আৰু লোহাৰ দণ্ড । 

৪৩। ভূগোল অধ্যয়নত ব্যৱহাৰ হোৱা এবিধ প্রযুক্তি কি ? 

উত্তৰঃ ভূগোল অধ্যয়নত ব্যৱহাৰ হোৱা এবিধ প্ৰযুক্তি হ’ল— দূৰ সংবেদন । 

৪৪। দূৰ সংবেদন কি ? 

উত্তৰঃ দূৰ সংবেদন এক বিশেষ প্রযুক্তি , য’ত প্রত্যক্ষ সংস্পৰ্শত নহাকৈ , সংবেদনৰ জৰিয়তে । কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয় । 

৪৫। GIS কি ? 

উত্তৰঃ GIS বা ভৌগোলিক তথ্য ব্যৱস্থা হ’ল এটি পদ্ধতি , অর্থাৎ এক কম্পিউটাৰ ভিত্তিক পদ্ধতি । য’ত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ তথ্যপাতি সংগ্ৰহ , অধিগ্রহণ , সংৰক্ষণ কৰি ল’ব পাৰি । পিছলৈ সেই আটাইখিনি তথ্যকে কাৰ্যনিৰ্বাহ আৰু বিশ্লেষণৰ দ্বাৰা সামৰি সুতৰি লৈ নথিৰ চামিল কৰি থ’ব পাৰে ।

৪৬। GIS ৰ সম্পূৰ্ণ ৰূপ কি ? 

উত্তৰঃ GIS ৰ সম্পূৰ্ণ ৰূপ হ’ল– Geographical Information System . 

৪৭। GI Science নামৰ পৰিভাষাটিৰ পৰিচয় কোনে কৰাইছিল ? 

উত্তৰঃ GI Science নামৰ পৰিভাষাটিৰ পৰিচয় মাইকেল ফ্র্যাঙ্ক গুডচাইল্ড এ কৰাইছিল । 

৪৮। দূৰ সংবেদনৰ কেইটামান বৈশিষ্ট্য লিখা । 

উত্তৰঃ দূৰ সংবেদনৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) সংবেদনশীল উৎকৃষ্ট কেমেৰাৰে ভূচিত্র গ্রহণ কৰি থাকে আৰু গৱেষকসকলে ‘ সংবেদন’ক অধ্যয়ন কৰি নিজৰ প্ৰয়োজন অনুসৰি সেইবোৰ বিশ্লেষণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে । 

( খ ) পদ্ধতিমূলকভাৱে চন’গ্ৰাফি থকা জাহাজৰ দ্বাৰা মহাসমুদ্র তলিৰ হুবহু তথ্য এনেভাৱে পাব পৰা হ’ল , যিটো ডুবাৰুসকলৰ বাবে অসাধ্যকৰ । 

( গ ) উপগ্ৰহৰ পৰা দূৰসংবেদনশীল কেমেৰা ব্যৱহাৰ কৰি , মহাসমুদ্ৰৰ তাপমানৰ সালসলনিৰ হুবহু তথ্যও পাবলৈ সহজসাধ্য হ’ল । 

( ঘ ) যদি কোনো বৃহৎ বনাঞ্চল বনাগ্নিত পতিত হয় , মহাকাশৰ পৰা তাৰ চিত্র তৎকালীনভাৱে বনৰক্ষকক যোগান ধৰিব পাৰে । আকাশত মেঘৰ চালচলনলৈ লক্ষ্য ৰাখি দৈনিক বতৰৰ বাতৰিৰ যোগান সহজতে দিয়াৰ লগতে , ডাঙৰ ধুমুহা যেনে— ফাইলিন , চিহ্নক , বৰদৈচিলা , কালবৈশাখী , টর্নেড , ফণি আদিৰ গতিবিধি আৰু বেগৰ হুবহু তথ্য দিয়ে । আগ্নেয়গিৰিৰ উদগীৰণ হৈ থকা সময়ৰ ছবি , নমুনা , পৃথিৱী পৃষ্ঠত বলি থকা ধূলিৰ ধুমুহাৰ ছবিবোৰো তৎকালীনভাৱে যোগান ধৰে। 

( চ ) মহাসমুদ্ৰৰ তলিখনৰ সঠিক মানচিত্ৰ আৰু লগতে নতন অৱয়ব আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰতো দূৰ সংবেদনৰ প্ৰয়োগ থাকে । মহাসমুদ্র তলিৰ খলা – বমাবোৰ যেনে— বৃহৎ পৰ্বতৰ লানি , দৰ্খাব নতুবা চুম্বকীয় ধুহি নিয়া কাৰ্যকো চিত্র সহকাৰে দেখুৱাব পাৰি । 

৪৯। GIS পদ্ধতিৰ মুখ্য চাৰিটা উপাদানৰ বিষয়ে লিখা । 

উত্তৰঃ GIS পদ্ধতিৰ মুখ্য চাৰিটা উপাদান হ’ল– 

( ক ) সংগ্রহ ।

( খ ) সংৰক্ষণ ।

( গ ) বিশ্লেষণ । আৰু 

( ঘ ) উৎপাদন । 

এই পদ্ধতি কেইটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল— 

( ক ) সংগ্রহ : মানচিত্র , পৰিক্ৰমিত মানচিত্র , আকাশৰ পৰা তোলা ছবি , উপগ্ৰহৰ পৰা লোৱা চিত্ৰ , জৰীপ আদিৰে বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয় ।

( খ ) সংৰক্ষণ : তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰক তথ্য ভাণ্ডাৰ হিচাবে সংৰক্ষণ কৰে । প্ৰয়োজন , সাপেক্ষে সম্পাদনা , অনুসন্ধান , পুনৰুদ্ধাৰ বা বৰ্তমানৰ তাৰিখলৈ অৰ্থাৎ Update কৰি ল’ব পাৰি ।

( গ ) বিশ্লেষণ : বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদ্ঘাটন কৰিব পাৰে । 

( ঘ ) উৎপাদন : বিশ্লেষণ মাধ্যমেৰে নিঃসৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে— গ্রাফ বা লেখনিচিত্র , দণ্ডচিত্র , জ্যামিতিক চিত্র , মানচিত্র তালিকা , ৰেখা চিত্র , বিৱৰণী , প্রতিবেদন আদিক প্রস্তুত কৰি উলিওৱাকে উৎপাদন বোলে । এনেদৰে পোৱা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজসাধ্য হৈ পৰে । 

৫০। পোহৰৰ স্থানৰ ভিত্তিত শীর্ষকেন্দ্ৰিক অভিক্ষেপক কেইটা প্ৰকাৰে জানিব পাৰি আৰু কি কি ? 

উত্তৰঃ পোহৰৰ স্থানৰ ভিত্তিত শীর্ষকেন্দ্ৰিক অভিক্ষেপক তিনি প্রকাৰে জানিব পাৰি । সেইপ্ৰকাৰ কেইটা হ’ল— 

( ক ) পোহৰ গোলকৰ কেন্দ্ৰভাগত ৰাখি পোৱা অভিক্ষেপক , মেৰুদেশীয় শীর্ষকেন্দ্রিক । 

( খ ) পোহৰক যদি ইমূৰৰ পৰা সিমূৰলৈ যাব পৰাকৈ ৰখা হয় , তেতিয়া ষ্টেৰিওগ্রাফিক অভিক্ষেপ । আৰু 

( গ ) পোহৰক যদি বহু দূৰৰ ফালে ৰখা হয় , তেতিয়া অর্থোগ্রাফিক অভিক্ষেপ । 

৫১। নক্সা আৰু মানচিত্ৰৰ মাজৰ পাৰ্থক্যবোৰ কি ? 

উত্তৰঃ সাধাৰণ নক্সা আৰু মানচিত্র এখনৰ মাজত পার্থক্য থাকে । যেনে মানচিত্ৰত মাপনী , দিশ , অক্ষৰেখা , দ্রাঘিমাৰেখাৰ জ্যালিকা আৰু সাংকেতিক চিহ্নৰ প্ৰয়োগ হয় । কিন্তু সাধাৰণ নক্সাই কম সময়ৰ ব্যৱধানেৰে বিভিন্ন প্রতিচ্ছবি অংকন কৰাটোকে সূচায় । যিকোনো ক্ষুদ্র অথবা বৃহৎ অঞ্চল একোটাক এখিলা পাতত সীমাবদ্ধ কৰি ৰাখি অঁকা মানচিত্র একোখন , সৰু অংশ একোটাৰ চিত্র দেখুওৱা নক্সাতকৈ বহুগুণে নিখুঁট । মানচিত্রই পৃথিৱীৰ আকাৰ আকৃতি , বিভিন্ন অৱয়বৰ স্থানিক বিতৰণ আৰু দূৰত্বৰ হুবহু তথ্য দিয়ে । জনবসতিৰ আৰ্হি , আৱাসস্থলৰ স্থিতি , ৰাস্তা – ঘাট ইত্যাদিবোৰ বিতং তথ্য দাঙি ধৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top