Class 12 Logic and Philosophy Important Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা

Class 12 Logic and Philosophy Important Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.

Class 12 Logic and Philosophy Important Chapter 8 ধৰ্মঃ ইয়াৰ অৰ্থ আৰু প্ৰকৃতি, ধৰ্ম আৰু নৈতিকতা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। “Religion” শব্দ কোনটো ভাষাৰ Religare শব্দৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ “Religion” শব্দ লেটিন ভাষাৰ Religare শব্দৰ পৰা উৎপত্তি হৈছে।

২। “Religare” শব্দৰ অৰ্থ কি?

উত্তৰঃ “Religare” শব্দৰ অৰ্থ হ’ল― বন্ধন বা পুনৰ সংযোগ কৰা।

৩। ধৰ্ম শব্দটো কোনটো ধাতুৰ পৰা উৎপন্ন হৈছে?

উত্তৰঃ ধৰ্ম শব্দটো ধৃ ধাতুৰ পৰা উৎপন্ন হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। হেগেলৰ মতে ধৰ্ম কি?

উত্তৰঃ হেগেলৰ মতে ধৰ্ম হ’ল- আত্মাৰ আত্মজ্ঞান।

৫। টাইলৰৰ মতে ধৰ্মৰ অৰ্থ কি?

উত্তৰঃ টাইলৰৰ মতে ধৰ্মৰ অৰ্থ হ’ল- আত্মা আৰু অতিপ্ৰাকৃতিক শক্তিত বিশ্বাস।

৬। কাণ্টৰ মতে ধৰ্মৰ উৎস কি?

উত্তৰঃকাণ্টৰ মতে ধৰ্মৰ উৎস হ’ল- নৈতিকতা।

৭। ধৰ্মৰ মূল উপাদানসমূহ কি কি?

উত্তৰঃ ধৰ্মৰ মূল উপাদানসমূহ হ’ল- বিশ্বাস, অনুভূতি, আচৰণ।

৮। নৈতিকতাৰ লক্ষ্য কি?

উত্তৰঃ নৈতিকতাৰ লক্ষ্য শুদ্ধ আচৰণ।

৯। ধৰ্ম আৰু নৈতিকতাৰ মাজত কি সম্পৰ্ক আছে?

উত্তৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত পৰস্পৰ সম্পৰ্ক আছে।

১০। নৈতিকতা কিহৰ ওপৰত আধাৰিত?

উত্তৰঃ নৈতিকতা যুক্তি আৰু কৰ্তব্যবোধৰ ওপৰত আধাৰিত।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ধর্ম কি? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ মানুহৰ জীৱনত ধৰ্ম এটা গুৰুত্বপূৰ্ণ বিষয়। ধৰ্মত কিবা এটা উচ্চতৰ অদৃশ্য শক্তি স্বীকাৰ কৰি লোৱা হয় আৰু আমাৰ বিশ্বাস যে সেই শক্তিয়ে মানুহৰ অদৃষ্টক নিয়ন্ত্ৰণ কৰে। স্বাভাৱিকতে ধৰি লোৱা হয় যে সেই শক্তি মানুহৰ আনুগত্য, শ্রদ্ধা আৰু উপাসনাৰ অধিকাৰী। অৰ্থাৎ কোনো অতীন্দ্রিয় শক্তিত বিশ্বাসেই হ’ল ধৰ্ম আৰু এই বিশ্বাসেই মানুহৰ জীৱনৰ আটাইবোৰ মুখ্য অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। ধৰ্মৰ সঠিক সংজ্ঞা দিয়া অতি টান। কিন্তু তাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ লক্ষ্য কৰি ধৰ্মৰ প্রকৃতি সম্পর্কে কিছু জ্ঞান আহৰণ কৰিব পাৰি।

ধৰ্মৰ বৈশিষ্ট্যসমূহ হ’ল―

(i) ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে- যেনেকৈ, ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা।

(iii) ধর্মই কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাব, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ।

(iii) ধৰ্মৰ এটা বাহ্যিক দিশো আছে। ই হ’ল ধর্মীয় আচাৰ অনুষ্ঠান। এই বাহ্যিক দিশৰ মাজেদিয়েই ধর্মীয় অনুভূতি প্রকাশ পায়।

(iv) ধৰ্মৰ এটা সামাজিক আৰু আনুষ্ঠানিক দিশো আছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top