Class 12 Logic and Philosophy Important Chapter 7 নীতিবিদ্যা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Logic and Philosophy Important Solutions in Assamese and select need one. Class 12 Logic and Philosophy Important Notes Assamese Medium Download PDF. Additional Solutions For Class 12 Logic and Philosophy.
Class 12 Logic and Philosophy Important Chapter 7 নীতিবিদ্যা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Logic and Philosophy Additional Solutions in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Logic and Philosophy Important Question Answer Assamese Medium for All Chapters, You can practice these here.
নীতিবিদ্যা
Chapter: 7
| IMPORTANT QUESTION AND ANSWER |
১। নীতিবিদ্যা কাক বোলে?
উত্তৰঃ যি বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰে তাকে সাধাৰণতে নীতিবিদ্যা বোলা হয়।
২। ইংৰাজী ‘Moral’ শব্দটো কোনটো ভাষাৰ ‘Mo-res’ শব্দৰপৰা আহিছে?
উত্তৰঃ ইংৰাজী ‘Moral’ শব্দটো লেটিন ভাষাৰ ‘Mo-res’ শব্দৰপৰা আহিছে।
৩। প্রায়োগিক বিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান হয় নে নহয় এই বিষয়ে নীতিশাস্ত্রবিদসকল একমত নহয়। যি বিজ্ঞানে কোনো উদ্দেশ্য বা লক্ষ্যত সফলভাৱে উপনীত হ’বলৈ কিছুমান নীতি-নিয়মৰ প্ৰৱৰ্তন কৰে তাকে প্রায়োগিক বিজ্ঞান বোলে।
৪। নৈতিক গুণ অনুসৰি মানুহৰ আচৰণ আৰু কামবোৰক কেইটা ভাগত ভগাব পাৰি? আৰু কি কি?
উত্তৰঃ নৈতিক গুণ অনুসৰি মানুহৰ আচৰণ আৰু কামবোৰক দুটা ভাগত ভগাব পাৰি।
সেই ভাগবোৰ হ’ল–
(i) নৈতিক কর্ম।
(ii) অনৈতিক কর্ম।
৫। Mores’ শব্দৰ অৰ্থ কি?
উত্তৰঃ Mores’ শব্দৰ অৰ্থ হ’ল- ৰীতি-নীতি বা অভ্যাস।
৬। নৈতিক বিচাৰ কাক বোলে?
উত্তৰঃ আচৰণৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত, ন্যায়-অন্যায় আদিৰ ওপৰত বিচাৰ কৰাক নৈতিক বিচাৰ বোলে।
৭। নীতিবিদ্যাৰ ইংৰাজীৰ প্ৰতিশব্দ কি?
উত্তৰঃ নীতিবিদ্যাৰ ইংৰাজীৰ প্ৰতিশব্দ হ’ল- Ethics।
৮। নীতিবিদ্যা কিছুমান দৰ্শনবিদৰ মতে কি নামেৰে জনা যায়?
উত্তৰঃ নীতিবিদ্যা কিছুমান দৰ্শনবিদৰ মতে নীতিদর্শন নামেৰে জনা যায়।
৯। আচৰণ কিহৰ বাহ্যিক প্ৰকাশ?
উত্তৰঃ আচৰণ চৰিত্ৰৰ বাহ্যিক প্ৰকাশ।
১০। ধৰ্মৰ বুৎপত্তিগত অর্থ কি?
উত্তৰঃ ধৰ্মৰ বুৎপত্তিগত অর্থ হ’ল যিয়ে ধাৰণ কৰে, সেয়ে ধৰ্ম।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মোক্ষ লাভৰ তিনিটা পথ বা মার্গ উল্লেখ কৰা।
উত্তৰঃ মোক্ষ লাভৰ তিনিটা পথ বা মার্গ হ’ল―
(i) কর্মযোগ বা কর্মমার্গ: মানুহৰ জীৱন কৰ্মময়। কর্মহীন হৈ মানুহ থাকিব নোৱাৰে। গীতাৰ মতে নিষ্কাম কর্মই প্রকৃত কর্ম সাধনা। কর্মফলত আসক্তি নাৰাখি স্বার্থশূন্য হৈ সৎ কৰ্ম বা কৰ্তব্য কৰাই নিষ্কাম কর্ম। নিষ্কাম কৰ্মৰ মাধ্যমেৰে আত্মশুদ্ধি হয় আৰু আত্ম উপলব্ধি হয়। ইয়াকে মোক্ষ বোলে।
(ii) ভক্তিযোগ বা ভক্তিমার্গ: মোক্ষ লাভৰ আন এটা পথ হ’ল ভক্তিমার্গ। এই পথ অনুসৰণ কৰিবলৈ হ’লে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা, সেৱা আৰু সম্পৰ্কৰ প্ৰয়োজন। ঈশ্বৰৰ ওপৰত অবিচলিত বিশ্বাসৰ জৰিয়তে মোক্ষ সাধন সম্ভৱ।
(iii) জ্ঞানযোগ বা জ্ঞানমার্গ: এই মার্গ কৰ্ম আৰু ভক্তিৰ বিৰোধী নহয় -এই দুইৰ পৰিণতি। পৰম সত্তাৰ সাক্ষাৎ দৰ্শনেই জ্ঞানমার্গ। এই পথেৰে অগ্ৰসৰ হৈ সাধকে জীৱাত্মা, পৰমাত্মা, জগত সম্পর্কে জ্ঞান লাভ কৰি মুক্তি পাব পাৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


