Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য and select needs one.

Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 4 দার্শনিক প্রত্যয় আৰু স্থাপত্য Solutions for All Subject, You can practice these here…

 ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। চাৰিখন বৌদ্ধ মহাসভাৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ( ক ) প্রথম বৌদ্ধ মহাসভা :- গৌতম বুদ্ধৰ মহাপ্রয়াণৰ পিছত খ্রীঃপূঃ ৪৮৩ – ত মগধৰ প্ৰাচীন ৰাজধানী ৰাজগৃহত প্ৰথমখন বৌদ্ধ মহাসভা অনুষ্ঠিত হয় । এই সভাখনত মহাকচাপা নামৰ লােকজনে এই সভাত সভাপতিত্ব কৰিছিল । এই সভাত প্রায় পাঁচশ ধর্ম শুৰু আৰু সন্যাসীয়ে অংশগ্রহণ কৰিছিল । সেই সময়ৰ মগধৰ সম্রাট অজাতশত্রু আছিল এই সভাৰ প্রধান পৃষ্ঠপােষক । 

( খ ) দ্বিতীয় বৌদ্ধ মহাসভা :- খ্রীঃপূঃ ৩৮৭ – ত দ্বিতীয় বৌদ্ধ মহাসভাখন বৈশালীত অনুষ্ঠিত হৈছিল । এই সন্মিলনত বৌদ্ধ ধৰ্মৰ মূল নীতিবােৰ সন্নিৱিষ্ট হােৱা পিটক তিনিখনৰ মাজত দেখা দিয়া মত পার্থক্যবােৰ দূৰ কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল । এই মহামেলাত বৌদ্ধ ধৰ্মাৱলম্বী লােকসকল হীনযান আৰু মহাযান নামে দুটা পন্থাত ভাগ হৈ পৰিছিল । 

( গ ) তৃতীয় বৌদ্ধ মহাসভা :- গৌতম বুদ্ধৰ মহাপ্রয়াণৰ ২৩৬ বছৰ পিছত আৰু অশােকৰ শাসন কালত তৃতীয় বৌদ্ধ মহাসভা বা সংগীতি অনুষ্ঠিত হৈছিল । এই সভাৰ সভাপতি আছিল মগলীপুল্ট টিচা নামৰ ধৰ্ম গুৰুজন । 

অশােক এই মহাসভাৰ প্রধান পৃষ্ঠপােষক আছিল । ইতিমধ্যে বৌদ্ধ সংঘ বিলাকৰ মাজত মত বিৰােধ আৰম্ভ হৈছিল । সেয়ে অশােকে বৌদ্ধ সংঘবিলাকৰ মাজত পুনৰ সংহতি স্থাপনৰ কাৰণে চেষ্টা চলাইছিল বুলি তথ্যৰ পৰা জনা যায় । 

( ঘ ) চতুর্থ বৌদ্ধ মহাসভা :- কুষাণ বংশৰ শ্রেষ্ঠ সম্রাট কণিষ্কৰ দিনত চতুর্থ তথা শেষ বৌদ্ধ মহাসভাখন অনুষ্ঠিত হৈছিল । ইতিমধ্যে বৌদ্ধ ধর্ম দুটা পন্থীৰ মাজত ভাগ হৈ পৰি বৌদ্ধ ধর্মত যি অসমতাই দেখা দিছিল , তেনে ভাব দূৰ কৰাই আছিল এই মহাসভাৰ প্রধান উদ্দেশ্য । এই উদ্দেশ্যে এটি সর্বসন্মত আচাৰ – পদ্ধতি গ্রহণ কৰা হৈছিল । এই সভাতে বিখ্যাত পণ্ডিত অশ্বঘােষ আৰু শাল্বই বৌদ্ধ ট্রিপিটক সম্পাদনা আৰু ৰচনা কৰে । অৱশ্যে এই সভায়ো বৌধ ধৰ্মৰ মাজত সমতা আনিবলৈ সক্ষম নহ’ল বুলি কোৱা হয় ।

প্রশ্ন ২। ভাৰতত বৌদ্ধ ধর্মই প্ৰসাৰ লাভ কৰাৰ কাৰণবােৰ কি আছিল বুলি ভাবা ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ভাৰতত বৌদ্ধ ধর্মই প্রসাৰ লাভ কৰাৰ কিছুমান কাৰণ লক্ষ্য কৰা দেখা যায় । সেইবােৰ হ’ল— 

( ক ) বৌদ্ধ ধৰ্মৰ সহজ আৰু সৰল নীতিবােৰে মানুহক সহজে আকৃষ্ট কৰিছিল । 

( খ ) মগধত ইতিমধ্যে ব্রাহ্মণসকলৰ আধিপত্যৰ বিৰুদ্ধে একত্রিত হবলৈ চেষ্টা কৰিছিল । সেয়ে ব্রাহ্মণ্যবাদৰ প্ৰসাৰ ৰােধ কৰাৰ কাৰণে জনসাধাৰণে সহজ আৰু সৰল হিচাপে পৰিচিত বৌদ্ধ ধৰ্মৰ প্রতি তাৰ জনসাধাৰণ আকৃষ্ট হৈছিল । 

( গ ) সেই সময়ত সমাজত শ্রেণী বা জাতিবােৰে কঠোৰতা আছিল । ইয়াৰ বিপৰীতে বুদ্ধধর্মই এনে নীতিৰ বিৰােধিতা কৰিছিল । ফলত সাধাৰণ শ্ৰেণীৰ লােক সকল এই বৌদ্ধ ধর্ম গ্রহণৰ কাৰণে আগবাঢ়ি অহা পৰিলক্ষিত হৈছিল । 

( ঘ ) বৌদ্ধ ধর্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে ধর্মগুৰু সকলে স্থানীয় বা প্রান্তীয় ভাষা ব্যৱহাৰ কৰিছিল । ইয়াৰ ফলত সকলাে ভাষা – ভাষীৰ লােকে নিজ ভাষাত সহজ আৰু সৰল বৌদ্ধ ধর্মৰ আদৰ্শৰ বিষয়ে জানিব পাৰি এই ধর্ম গ্রহণৰ কাৰণে আগবাঢ়ি আহিছিল । 

( ঙ ) গৌতম বুদ্ধৰ ব্যক্তিত্ব আৰু জীৱন ধাৰণৰ সাধাৰণ প্ৰণালীয়েও বৌদ্ধ ধর্ম গ্রহণ কাৰণে জনসাধাৰণক আকৃষ্ট কৰিছিল বুলি ক’ব পাৰি । 

( চ ) বৌদ্ধ ধর্মই ভগৱানৰ অস্তিত্ব বিশ্বাস নকৰিছিল । এই ধর্ম মতে মানুহে হ’ল মানুহৰ ভাগ্য নিয়ন্তা । ইয়াত ভগবানৰ কোনাে হাত নাই । কাৰণ মানুহে কেৱল সজ কৰ্মৰ দ্বাৰাহে মুক্তি লাভ কৰিব পাৰে । এনে ক্ষেত্ৰত অর্থব্যয় কৰি ভগৱানক পূজা – অর্চনা কৰাৰ প্রয়ােজন নাই । ফলত সাধাৰণ জনসাধাৰণ এই ধৰ্মৰ প্রতি আকৃষ্ট হৈ পৰিছিল । 

Sl. No.সূচী-পত্ৰ
Chapter 1ইটা মণি আৰু হাড়বােৰ
Chapter 2ৰজা কৃষক আৰু নগৰসমূহ
Chapter 3 স্বজন বৰ্ণ আৰু শ্রেণী
Chapter 4দার্শনিক প্রত্যয় আৰু স্থাপত্য
Chapter 5যুগে যুগে অসম
Chapter 6পর্যটকৰ দৃষ্টিভংগীৰে
Chapter 7ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ
Chapter 8এখন সাম্রাজ্যৰ ৰাজধানী বিজয়নগৰ
Chapter 9কৃষক, জমিদাৰ আৰু ৰাজ্য
Chapter 10সম্রাট আৰু ইতিহাস
Chapter 11উপনিবেশবাদ আৰু গ্রাম্য সমাজ
Chapter 12বিদ্রোহীসকল আৰু ৰাজ
Chapter 13ঔপনিবেশিক কালৰ ভাৰতীয় নগৰ
Chapter 14মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে
Chapter 15ভাৰত বিভাজন আৰু ৰাজনীতি
Chapter 16ভাৰতীয় সংবিধান সংকলন

প্রশ্ন ৩। ভাৰতীয় সংস্কৃতিলৈ বৌদ্ধ ধর্মৰ অৱদানৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ বৌদ্ধ ধর্মৰ প্ৰচাৰ আৰু প্রসাৰে ভাৰতীয় সংস্কৃতি উন্নত হােৱাত অৰিহণা যােগাইছিল । উদাহৰণ হিচাপে –

( ক ) বৌদ্ধ যুগত ভালেমান মূল্যৱান সাহিত্যৰ সৃষ্টি হৈছিল । অমৰকোয , আয়ুর্বেদৰ ওপৰত নাগার্জুনৰ দ্বাৰা ৰচিত পুথি ‘ ত্রিপিটক ’, জাতকৰ সাধু আদিবােৰ উচ্চস্তৰৰ সাহিত্য আছিল ৷ হর্ষবর্ধনে নাগানন্দ নামে এখন নাটক ৰচনা কৰিছিল । বৌদ্ধ সাহিত্যই অতীত ভাৰতৰ ইতিহাস প্রণয়নত বিশেষ অৰিহণা যােগাইছিল । 

( খ ) ভাৰতীয় স্থাপত্য আৰু ভাস্কর্যলৈ বৌদ্ধ ধর্মই বিশেষ অৰিহণা যােগাইছিল । বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ফলত অশােক , কণিষ্ক , হর্ষবর্ধন আদি প্রখ্যাত সম্রাট সকলে ভালেমান বিহাৰ , ঔপ আৰু মঠ নির্মাণ কৰাইছিল । মহাযান পন্থী সকলে ভালেমান বুদ্ধৰ প্রতিমূর্তি নির্মাণ কৰাইছিল ।অশােকৰ দিনত নির্মিত স্তূপ বিলাকৰ নিৰ্মাণশৈলী অতুলনীয় আছিল আৰু বৌদ্ধশৈলী ধাতু নির্মলকৰণ বিদ্যাৰ উজ্জ্বল নিদর্শন আছিল । এই দিশত গান্ধাৰ স্কুল অৱ আৰ্ট আৰু মথুৰা স্কুল অৱ আর্ট বৌদ্ধ কলাৰ উন্নতিত উল্লেখযােগ্য বৰঙণি যােগাইছিল । প্রখ্যাত অজন্তা গুহা চিত্রাংকন বিলাক বুদ্ধ যুগৰ আছিল ।

( গ ) বৌদ্ধ সাহিত্য বিলাক পালি ভাষাত লিখা হৈছিল । বুদ্ধদেৱে আৰু তেওঁৰ শিষ্যসকলে প্রান্তীয় ভাষাত মানুহে সহজে বুজিব পৰাকৈ বৌদ্ধ ধর্ম প্রচাৰ কৰিছিল । ইয়াৰ ফলত প্রান্তীয় ভাষা বিকাশৰ পথ সুগম হৈছিল । 

প্রশ্ন ৪। আৰ্যসকল কোন আছিল ? আৰ্যসকলৰ বসতি সম্পর্কে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ আর্য সকলৰ বসতি সম্পর্কে বিভিন্ন পণ্ডিতৰ নিজা নিজা মত লক্ষ্য কৰা যায় । সেয়ে এই সম্বন্ধত একমত হ’ব পৰা নাই । 

উদাহৰণ হিচাপে কিছুমান পণ্ডিতে আৰ্যসকল মধ্য এছিয়াৰ বুলি কয় । কিন্তু বর্তমানৰ পণ্ডিতে এই কথা মানি ল’বলৈ টান পায় । বর্তমানৰ পণ্ডিতসকলে মত প্রকাশ কৰে যে আৰ্যসকলৰ আদি বাসস্থান আছিল বর্তমান ৰাছিয়াৰ দক্ষিণ অঞ্চলত বা অষ্ট্রিয়া হাং গােষ্ঠীত । তাৰ পাছত এওঁলােকে ক্রমশঃভাৱে এছিয়া মাইনৰ পায় । তাৰ পৰা পূর্বফালে আহি পাৰস্য আৰু ভাৰতবৰ্ষত বসতি বিস্তাৰ আৰম্ভ কৰে । এই আৰ্যসকলক এচিয়া – ইণ্ডো – ইউৰােপিয়ান বা ইণ্ডো – জার্মানিক বুলি নাইবা পণ্ডিতসকলে এওঁলােকক  ‘wiros’ বুলি কৈছে । 

‘Wiro’ শব্দৰ অর্থ হ’ল মানুহ । সম্ভৱতঃ এই শব্দটো আর্য শব্দৰে সম্পৰ্কীয় । বালগংগাধৰ তিলকে নানা যুক্তিৰে প্ৰমাণ কৰি প্রতিপন্ন কৰিব পাৰিছে যে আর্য জাতিৰ আদি বাসস্থান উত্তৰমেৰু প্ৰদেশতহে আছিল । ড° বাডেলৰ মতে ছুমেৰিয়ানবিলাকো আর্য আৰু এওঁলােকৰ কিছুমানে সমুদ্র পথেদি ভাৰতবৰ্ষত বসতি কৰিবলৈ লৈছিল । আচলতে ইতিহাসত যদি কোনাে কথা সঁচা হয় , সি হল এই যে যুগযুগ ধৰি পৰম্পৰাগতভাৱে ভি ভি গােষ্ঠীৰ মানুহৰ মাজত মিলা – মিচা হৈ সহবাস চলি আহিছে । আন্দামান দ্বীপপুঞ্জৰ দৰে কিছুমান ঠাইৰ বাহিৰে অবিমিশ্র কোনাে জাতি নাই । ভিন্ ভিন্ জনগােষ্ঠীৰ মিলনভূমিৰ মাজেদিয়ে ভাৰতবাসী মিলি ভিন্ন সভ্যতাই গঢ় লৈছে । 

আৰ্যসকলৰ বসতি বিস্তাৰ :- আৰ্যসকল ভাৰতলৈ অহাৰ সময়ক লৈ ইতিহাস বিদসকলৰ মাজত মতভেদ দেখা যায় । কিন্তু বহুতাে পণ্ডিতে অনুমান কৰে যে খ্রীঃপূঃ ২০০০ অব্দত আর্যসকলে পােন প্রথমে উত্তৰ – সীমান্তৰ গিৰিপথেদি আহি ভাৰতত বসতি বিস্তাৰ কৰে । ইয়াৰ পিছত ক্রমান্বয়ে পূর্বফাললৈ গৈ থানেশ্বৰৰ ওচৰৰ সৰস্বতী নদীৰ কাষলৈকে বসতি বিস্তাৰ কৰে । 

সপ্তসিন্ধু :- ঋগ্বেদত ‘ সপ্তসিন্ধু ’ বুলি যি দেশৰ নাম পােৱা যায় , ই পঞ্জাৱৰ পাঁচখন নৈ আৰু সিন্ধু আৰু সমুদ্রতাৰ অৱবাহিকা অঞ্চলক লৈ গঠিত হৈছিল বুলি পণ্ডিতসকলে বিশ্বাস কৰে । গঙ্গা যমুনাৰ নামাে কিছু ঠাইত উল্লেখ পােৱা গৈছে । কিন্তু নর্মদা আৰু বিন্ধ্যপর্বতৰ কোনাে উল্লেখ পােৱা নাযায় । এই সকলাে দিশৰ পৰা অনুমান কৰিব পাৰি যে ঋগ্ববেদৰ যুগত আৰ্যসকলৰ বসতি পূর্ব আফগানিস্তান , পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চলসমূহত সীমাবদ্ধ হৈ আছিল । 

সপ্তসিন্ধুৰ পৰা আৰ্যসকলে দক্ষিণ – পূবে মধ্যপ্রদেশৰ ফাললৈ ঢাপলি মেলে । সৰস্বতী নদীৰ পৰা গঙ্গা – যমুনাৰ দুৱাৰলৈকে এই ভূ – খণ্ডক মধ্যপ্রদেশ বুলি জনা গৈছিল । ‘ ব্রাহ্মণ ’ নামে বেদৰ গদ্যাংশত উল্লেখ পােৱা যায় যে আর্যসকল বিভিন্ন দলত ভাগ হৈ ক্রমান্বয়ে কুৰুক্ষেত্র , কোশল , জয়পুৰ , মথুৰা , বাৰাণসী , মগধ আদি ঠাইবােৰ অধিকাৰ কৰে । বেদৰ যুগত বংগদেশ আৰু অসম আৰ্যসকলৰ অধিকাৰভুক্ত হােৱাৰ প্ৰমাণ পােৱা নাযায় । অৱশ্যে জৈন সাহিত্যত বংগদেশক আর্যদেশক আর্যভূমি বুলি বর্ণনা কৰা হৈছে । বিদেহ নাইবা উত্তৰ – বিহাৰৰ পৰা আৰম্ভ কৰি দক্ষিণ বিহাৰ , পূব – বিহাৰ , বাংলাদেশ , প্রাগজ্যোতিষপুৰ আদি ৰাজ্যবােৰত আৰ্যসকলৰ প্ৰভাৱ বিস্তাৰ হয় । মহাভাৰতৰ যুদ্ধত ভগদত্তই সৈন্য বাহিনীৰ সৈতে কৌৰৱৰ ফলীয়া হৈ যুদ্ধত যােগদান কৰাৰ প্রমাণ পােৱা যায় । মনুসংহিতাত হিমালয়ৰ পৰা বিন্ধ্যপর্বতৰ পূবদিশৰ সাগৰৰ পৰা পশ্চিম সাগৰৰ পাবলৈকে এই বিস্তীর্ণ ভূমিখণ্ডক আর্যৱৰ্ত বুলি বর্ণনা কৰা হৈছে । ৰামায়ণৰ বৰ্ণনাৰ পৰা আৰ্যসকলৰ দক্ষিণ – ভাৰত অভিযান সম্পর্কে জানিব পৰা যায় । অৱশ্যে আৰ্যসকলে দাক্ষিণাত্যৰ সকলাে ঠাইতে প্রভাৱ বিস্তাৰ কৰিব পৰা নাছিল । কিয়নাে এতিয়াও দক্ষিণ – ভাৰতত তামিল , কানাডা , মালায়ালম ভাষা – ভাষীৰ দ্রাবিড় জাতিৰ লােকসকল বাস কৰি আছে । 

এইদৰে আৰ্যসকলে বিভিন্ন দলত ভাগ হৈ ৰাজ্য বিস্তাৰৰ কাম আৰম্ভ কৰি থাকিবলগীয়া কালছােৱাত গান্ধাৰ , পুৰু , যদু , কুৰু আৰু পাঞ্চাল আদি শক্তিবােৰৰ লগত তেওঁলােকৰ যুদ্ধ বিগ্রহ হৈছিল । আর্যসকলে সম্ভৱতঃ উক্ত শক্তিসমূহক অনার্য আখ্যা দিছিল । আৰ্যসকলে অনার্যবােৰক দাস বা সদ্য বুলি অভিহিত কৰিছিল । 

প্রশ্ন ৫। ঋগবেদৰ পৰৱর্তী যুগৰ আৰ্যসকলৰ ৰাজনৈতিক জীৱনৰ চমু আভাস দিয়া । 

উত্তৰঃ ঋগবেদ পাছত আৰ্যসকলৰ বিভিন্ন দিশত আমূল পৰিৱর্তন ঘটে । ঋগবেদৰ পাছত সামবেদ , যজুবেদ আৰু অথর্ববেদ এই তিনিখন বেদৰ উপৰিও আৰণ্যক আৰু উপনিষদ ৰচিত হৈছিল । বিভিন্ন বুৰঞ্জীবিদসকলে অনুমান কৰে যে খ্রীঃপূঃ ১০০০ বছৰৰ পৰা খ্রীঃপূঃ ৬০০ৰ ভিতৰত ঋগবেদৰ পৰৱৰ্তী কালৰ প্রায়বােৰ সাহিত্য সম্ভাৰ ৰচনা কৰা হৈছিল বুলি অনুমান কৰে । সকলােবােৰ দিশ পর্যালােচনা কৰিলে দেখা যায় যে , ঋগবেদৰ পাছত আৰ্যসকলৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক দিশত বহুতাে পৰিৱৰ্তন ঘটে । তেওঁলােকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হােৱাৰ লগে লগে আৰ্যসকলৰ বসতিস্থান পঞ্জাৱৰ বাহিৰেও গােটেই উত্তৰ ভাৰতত সিঁচৰতি হৈ পৰে । শেষৰ ফালে সিন্ধু আৰু গঙ্গা নদীৰ উপত্যকা অঞ্চলত আৰ্যসকলৰ বিভিন্ন ফৈদে ভিন্ ভিৰাজ্য প্রতিষ্ঠা কৰিছিল । আৰ্যসকলৰ ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক পৰিৱর্তনৰ বিষয়ে তলত আলােচনা কৰা হ’ল । 

ৰাজনৈতিক জীৱন :- ঋগবেদৰ পৰৱর্তী যুগত আর্যসমাজৰ বসতি বিস্তাৰৰ লগে লগে ৰাজশক্তি বৃদ্ধি হয় আৰু শাসন প্রণালীৰ ক্ষেত্ৰতাে আমূল পৰিৱর্তন ঘটে । আৰ্যসকলৰ বিভিন্ন ফৈদৰ লগত সংঘর্ষ হয় । যুদ্ধত জয়লাভ কৰাসকলে সম্রাট আৰু ৰাজচক্রবর্তী উপাধি গ্রহণ কৰে । সম্রাট বা ৰাজচক্ৰৱৰ্তী উপাধি ল’বলৈ তেওঁলােকে অশ্বমেধ , ৰাজসূয় আদি অনুষ্ঠান সম্পন্ন কৰিছিল । ‘ সম্রাট ’ শব্দটো পূব ভাৰতৰ ৰাজাসকলে ব্যৱহাৰ কৰিছিল । আনহাতে দক্ষিণ ভাৰতৰ ৰজাসকলে ভােজ আৰু পশ্চিম ভাৰতৰ ৰজাসকলে ‘ স্বৰাট ’ উপাধি গ্রহণ কৰিছিল । 

ৰজাসকল ক্ষত্রিয় আছিল । ৰাজপদসমূহ পুৰুষানুক্রমে চলিছিল । ৰজা নির্বাচন কাৰোতে প্রজাসাধাৰণে সদায় ৰাজবংশক প্রাধান্য দিছিল । ৰজাই ৰাজ্যশাসন কৰাৰ উপৰিও সামৰিক আৰু বিচাৰ বিভাগৰ দায়িত্বও পালন কৰিছিল । ৰজাৰ প্রতি আনুগত্য প্রকাশ কৰাৰ লগতে যুদ্ধৰ সময়ত ৰজাক সহায় কৰাই আছিল প্রজাসাধাৰণৰ মূল লক্ষ্য । পুৰােহিতসকলে ৰাজকার্যত বিশেষ প্রভাৱ বিস্তাৰ কৰিছিল । পুৰােহিতসকল ৰাজপৰিয়ালৰ ধর্মগুৰু আছিল ।

পদাতিক অশ্বাৰােহী আৰু ৰথী :- এই তিনি ভাগত সৈন্যবাহিনী ভাগ কৰা হৈছিল । বিভিন্ন ভাগত সেনাপতি নিয়ােগ কৰা হৈছিল । 

অভিজ্ঞ আৰু বুদ্ধিমান লােকসকলক লৈ ‘ সভা ’ আৰু সাধাৰণলােকক লৈ ‘ সমিতি ‘ গঠন কৰা হৈছিল । সভাৰ মুৰব্বীজনক সভাপতি বােলা হৈছিল । ‘ সভা ‘ আৰু  ‘ সমিতিয়ে ‘ দেশৰ গুৰুতৰ সমস্যাবােৰৰ ওপৰত আলােচনা কৰি তাৰ সমাধান উলিয়াইছিল । ৰজাৰ সভাপতিত্বত  ‘সমিতি’ ৰ জৰিয়তে দেশৰ আন আন সমস্যাসমূহৰ বিষয়ে আলােচনা কৰিছিল । ‘সমিতিৰ’ আলােচনাত সাধাৰণ লােকসকলে অংশ গ্রহণ কৰিব পাৰিছিল । 

প্রশ্ন ৬। আর্য সকলৰ আদি বাসস্থান সম্পর্কে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ আৰ্যসকলৰ আদি বাসস্থান সম্পর্কে ভাৰতীয় আৰু ইউৰােপীয় ইতিহাসবিদসকলে ভিন্ ভিন মত আগবঢ়াইছে । এই সম্পর্কত এতিয়ালৈ কোনাে পণ্ডিতে একমত হ’ব পৰা নাই । এই ক্ষেত্ৰত ।

প্রথমে , উল্লেখ কৰা ভাল হ’ব যে আর্য ’ এটি ভাষাৰহে নাম , আর্য বুলি কোনাে নির্দিষ্ট জাতি নাই । যিয়ে আর্য ভাষা কয় আৰু সংস্কৃতি গ্ৰহণ কৰে তেওঁলােককে সাধাৰণতে ‘ আর্য জাতি ‘ বুলি অভিহিত কৰা হৈছে । 

দ্বিতীয়তে , গ্রীক , লেটিন , জার্মান , বেল্টিক , পাৰ্চী , সংস্কৃত ইত্যাদি আর্য ভাষাৰ অন্তর্ভুক্ত । মূল সংস্কৃত ভাষাৰ লগত ইউৰােপৰ বহুতাে মূল ভাষাৰ লগত সাদৃশ্য আছে । 

আর্য সকলৰ আদি বাসস্থান সম্পর্কে ভাৰতীয় পণ্ডিত সকলৰ মতামত :- আর্য সকলৰ আদি বাসস্থান যে ভাৰতত আছিল তাৰ সপক্ষ্যে তলৰ যুক্তিবােৰ পােৱা যায় । উদাহৰণ হিচাপে –

( ক ) বৈদিক যুগৰ আকৰ্ষণ ‘সপ্তসিন্ধু’ আৰ্যসকলৰ নিজৰ দেশ বুলি বর্ণিত আছিল । আৰ্যসকলৰ ৰচনাত ভাৰতবৰ্ষৰ বাহিৰে আন কোনাে ঠাইৰে তেওঁলােকৰ আদি বাসস্থান বুলি উল্লেখ কৰা নাই ।

( খ ) ভাৰতীয় ভাষাতত্ত্ববিদসকলৰ মতে মূল আর্য ভাষাৰ বেছিভাগ শব্দ সংখ্যা সংস্কৃত ভাষাতেই সন্নিৱিষ্ট হৈ আছে । আন কোনাে আর্য ভাষাতেই এনেকুৱা সংস্কৃত ভাষাৰ শব্দাৱলী সন্নিৱিষ্ট হােৱা নাই ।

( গ ) বেদৰ নিচিনা গ্রন্থাদি বাছনিৰ বাবে প্রয়ােজনীয় মানসিক উৎকর্ষ আর্য জাতিৰ বাহিৰে আন কোনাে শাখাৰেই নাছিল । সেই কাৰণেই ভাৰতীয় আর্যসকলে বেদ – উপনিষদ আদিৰ দৰে উচ্চ আদৰ্শৰ সাহিত্য ৰচনা কৰিবলৈ সফল হৈছিল । এইবােৰ তেওঁলােকৰ চিন স্বৰূপে ৰৈ গৈছিল । আৰ্যসকলৰ বাহিৰে আন কোনাে জাতিয়েই উক্ত সন্মানৰ অধিকাৰী হােৱা দেখা নাযায় ।

ঋগবেদীয় আর্যসকলে সম্পূর্ণ ভাৰতীয় হিচাপে ঋগবেদ ৰচনা কৰিছিল । সেয়ে ই প্রমাণ কৰে যে , ভাৰতীয় আৰু ইৰাণীয় আৰ্যসকলৰ আদি পুৰুষসকলে কেপাডেছিয়া অঞ্চলত নাছিল । 

আন কিছুমানৰ মতে প্রথমে আৰ্যসকলে পাশ্চাত্য দেশৰ পৰা প্ৰাচ্যৰ ফালে অগ্ৰসৰ হৈ পামিৰ মালভূমিত আহি বসতি স্থাপন কৰে আৰু তাৰ পৰাই তেওঁলােকৰ এটা শাখাই মেচোপটেমিয়াত বসতি স্থাপন কৰে । পাছত খ্রীঃপূঃ বিংশ শতিকাত পশ্চিম এছিয়াৰ ফালে অগ্রসৰ হৈ ভাৰতত প্ৰৱেশ কৰে । ভাৰতীয় আর্যসকলৰ ঋগ্‌বেদীয় সভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান পণ্ডিতে এই যুক্তিকেই মানি ল’ব খােজে ।

প্রশ্ন ৭। ঋগবেদৰ পৰৱর্তী যুগৰ আৰ্যসকলৰ সামাজিক জীৱনৰ বিষয়ে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ঋগবেদৰ যুগৰ পৰাই ভাৰতীয় সমাজ পিতৃ – প্রধান আছিল । উল্লেখযােগ্য যে পৰৱৰ্তী বৈদিক যুগত সমাজত নাৰীৰ মর্যাদা বহু পৰিমাণে লাঘৱ হয় । এই যুগত বাল্যবিবাহক সমাজে স্বীকৃতি দিয়ে । শ্রেণী বিভাজনৰ কঠোৰ আগতকৈ বৃদ্ধি পাইছিল । এই যুগত জাতিভেদ বংশানুক্রমিক কর্মৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল । সকলাে জাতিয়ে মাত্র তেওঁলােকৰ নির্ধাৰিত বৃত্তি অৱলম্বন কৰিব লাগিছিল । উদাহৰণস্বৰূপে ব্রাহ্মণসকলে পূজা – পাতল , অধ্যয়ন অধ্যাপনা , ক্ষত্রিয়সকলে যুদ্ধ – বিগ্রহ , বৈশ্যসকলে ব্যৱসায় বাণিজ্য আৰু শূদ্ৰসকলে খেতি বাতি কৰিব লাগিছিল । মুঠতে এই যুগত ব্রাহ্মণ , ক্ষত্রিয় , শূদ্ৰ আৰু বৈশ্য— এই চাৰিভাগত সমাজ বিভক্ত হৈছিল । 

শিক্ষা পদ্ধতিৰ ক্ষেত্ৰতাে এই যুগত কিছুমান পৰিৱৰ্তন সাধন হৈছিল । গুৰুগৃহত থাকি ছাত্র বা শিষ্যসকলে অধ্যয়ন কৰিব লাগিছিল । লিখা প্রথাৰ নিয়ম তেনেকৈ পােৱা নাযায় । গুৰুৰ মুখৰ পৰা শুনা কথাবােৰ শিষ্যসকলে আয়ত্ত কৰিব লাগিছিল । উৎসৱৰ জৰিয়তে গুৰুগৃহত শিষ্যসকলক লগুণ দিয়াৰ নিয়ম আছিল । অনাড়ম্বৰভাৱে গুৰুগৃহত শিষ্যসকলে জীৱন – যাপন কৰিছিল । চুলি – দীঘলকৈ ৰাখিছিল । ভিক্ষাৰ যােগেদি গুৰুক শুশ্রুষা কৰিছিল । শিক্ষা শেষ নােহােৱাকৈ আৰু গুৰুৱে বিদায় নিদিয়াকৈ গুৰুৰ গৃহৰপৰা শিষ্যসকল আঁতৰি আহিব নােৱাৰিছিল । 

প্রশ্ন ৮। ঋগবেদৰ পৰৱর্তী যুগৰ আৰ্যসকলৰ অর্থনৈতিক জীৱনৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ সিন্ধু উপত্যকাৰ সভ্যতা নগৰকেন্দ্রিক আছিল যদিও আর্য সভ্যতা গাঁৱলীয়া সভ্যতা আছিল বুলি প্ৰমাণ পােৱা যায় । গাঁৱেই আছিল সামাজিক , ৰাজনৈতিক আৰু অর্থনৈতিক জীৱনৰ মূল ভেটি ) পশুপালন আৰু খেতি – বাতিয়ে আছিল আৰ্যসকলৰ জীৱন নির্বাহৰ মূল উৎস । প্রত্যেক পৰিয়ালৰে খেতি – বাতি আছিল । সকলাে পৰিয়ালৰ সম্পত্তিকে সাধাৰণ সম্পত্তি বুলি ধৰা হৈছিল আৰু এখন উমৈহতীয়া ( খিল্য ) বা পশুচাৰণ পথাৰ আছিল । সকলােৰে সমান অধিকাৰৰ ভিত্তিত এই পথাৰখন সাজিছিল । এই যুগত প্ৰতিটো পৰিয়ালৰ কাৰণে মাটিৰ ওপৰত ব্যক্তিগত অধিকাৰ স্বীকৃত হৈছিল । এই ব্যৱস্থাৰ ফলস্বৰূপে প্ৰতিটো পৰিয়ালে খেতিৰ ওপৰত অধিক মনােযােগ দিয়ে । খেতিৰ মাটিৰ ওপৰত খেতিয়কৰ অধিকাৰ সাব্যস্ত হােৱাৰ লগে লগে মাটিৰ গৰাকী হিচাপে জমিদাৰ শ্ৰেণীৰাে উদ্ভব হ’ল । একোখন গাঁৱত মাত্ৰ একোজন জমিদাৰৰ অধিকাৰ সাব্যস্ত হৈ পৰিছিল । 

ৰাজ্য বিস্তাৰৰ লগে লগে আৰ্যসকলৰ অর্থনৈতিক জীৱনত এক পৰিৱর্তন ঘটিল । খাদ্যশস্যৰ ওপৰত গুৰুত্ব আৰােপ কৰা হৈছিল । ধান , গম , যৱ আৰু তিল আদিৰ খেতি কৰিবলৈ ধৰে । খাদ্য সামগ্ৰীৰ অধিক উৎপাদনৰ লগে লগে শিল্প বাণিজ্যৰ সূচনা হ’বলৈ ধৰে । নগৰবােৰে বাণিজ্যৰ ক্ষেত্ৰত বিশেষ অৰিহণা যােগায় । ‘বিনিময়’ প্রথাৰ দ্বাৰা বেহা – বেপাৰ চলােৱা হৈছিল । সাজ – পাৰ , ছাল – চামৰা আদি বেহা – বেপাৰৰ প্ৰধান সামগ্রী আছিল । ‘ কিৰাট ’ লােকসকলৰ দ্বাৰা বেহা – বেপাৰৰ প্রচলন ঘটোৱাৰ প্ৰমাণ পােৱা যায় । বােৱা – কটা আৰু ধাতু শিল্পৰ প্ৰচলনৰ প্ৰমাণ পােৱা যায় । মুদ্ৰাৰ কাৰণে সােণ ব্যৱহাৰ কৰা হৈছিল । ‘ নিস্ক ’ আৰু ‘ ‘ কণ্ঠভূষণ ‘ আদি নামৰ মুদ্ৰাৰ প্ৰচলন হৈছিল ।

সেই যুগত শ্রমশিল্পৰ বিশেষ উন্নতি পােৱা যায় । সেইসকলৰ ভিতৰত তাঁতী , বাঢ়ৈ , কুমাৰ , ঘাতক , কমাৰ , সােণাৰী আৰু কুমাৰ আদিয়েই উল্লেখযােগ্য । এই বিভিন্ন শ্রেণীৰ ধাতুৰ সহায়ত বিভিন্ন বস্তুৰ আৱিষ্কাৰ কৰি সমাজৰ উন্নতি সাধন কৰিছিল । এইখিনিতে উল্লেখযােগ্য যে , বিভিন্ন শিল্প গ্রহণৰ কাৰণে কোনাে ব্যক্তিয়েই সমাজত হীন বুলি ঘৃণিত হােৱাৰ প্ৰমাণ পােৱা নাযায় । 

প্রশ্ন ৯। ঋগবেদৰ যুগৰ আৰ্য সকলৰ ৰাজনৈতিক জীৱনৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ বৈদিক সাহিত্যৰ জৰিয়তে পুৰণি ভাৰতৰ যি পৰিচয় পােৱা যায়, তাৰ পৰা অনুমান কৰিব পাৰি যে , বৈদিক যুগৰ আর্য সভ্যতাই প্রাথমিক অৱস্থাৰ পৰাই অগ্ৰসৰ হৈ এক উন্নত অৱস্থাত উপনীত হৈছিল । সপ্তসিন্ধু অধিকাৰ কৰাৰ লগে লগে আৰ্যসকলে আগৰ যাযাবৰী জীৱন ত্যাগ কৰি স্থায়ীভাৱে কাম কৰিবলৈ লয় আৰু এটি সামাজিক জীৱনৰ গঢ় দিয়ে । বহুতাে পৰিয়াল লগ হৈ গাঁও বা গ্রাম্যৰ সৃষ্টি হয় । ইয়াকে কেন্দ্ৰ কৰি ৰাষ্ট্ৰ ব্যৱস্থাৰ সৃষ্টি হৈছিল । গাঁৱৰ মানুহ লগ হৈ একোটা ফৈদৰ সৃষ্টি হৈছিল । আৰু “ ফৈদ’বােৰ লগ হৈ একোখন ‘ জন ’ বা উপজাতি গঠন – কৰিছিল । ফৈদৰ মুৰব্বীজনক ‘ বিশপতি ’ আৰু জনৰ মুৰব্বীজনক ‘ ৰাজন ’ বােলা হৈছিল । সমাজ ব্যৱস্থা পিতৃ প্রধান হােৱা কাৰণে শাসন ব্যৱস্থাত ৰাজতন্ত্র প্রচলন আছিল বুলি বিশ্বাস কৰা যায় । পদৰীপুৰুষানুক্রমে চলিছিল । ৰজা নিজে প্রধান শাসক , বিচাৰপতি আৰু যুদ্ধৰ প্রধান সেনাপতি আছিল । দেশ ৰক্ষা আৰু জনসাধাৰণৰ মাজত শান্তি প্রতিষ্ঠা কৰাই আছিল ৰজাৰ প্রধান কর্তব্য । দুর্নীতি নিবাৰণৰ অৰ্থে দেশত চোৰাংচোৱাৰ ব্যৱস্থা আছিল । দেশ ৰক্ষাৰ ক্ষেত্ৰত দেশৰ প্ৰতিজন পূর্ণবয়স্ক নাগৰিকৰে দায়িত্ব বুলি ৰজাই দাবী কৰিছিল । পুৰহিতসকলে সমাজত শ্রেষ্ঠস্থান লাভ কৰিছিল । পুৰােহিতে ধর্মমূলক কার্যাবলী চলােৱাৰ উপৰিও ৰাজকার্যত বিশেষ পদবী লাভ কৰি ৰাজকার্য পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰজাক বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল । পুৰােহিতজন আছিল ৰাজপৰিয়ালৰ প্রধান ধর্মগুৰু । 

যুদ্ধ পৰিচালনা কৰিবলৈ ৰজাৰ অধীনত ‘সেনানী’ বা সেনাপতি আছিল । পদাতিক , আশ্বাৰুহী আৰু ৰথ— এই তিনি প্রকাৰ সৈন্যবাহিনী যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিছিল । ধনুকাড় , কুঠাৰ , তৰােৱাল , যাঠি , পতাকা আৰু সামৰিক বাদ্য লৈ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল । 

ৰজা স্বেচ্ছাচাৰী নাছিল । প্রজাৰ দিহা পৰামৰ্শ লৈহে তেওঁ ৰাজকার্য পৰিচালনা কৰিছিল । দেশৰ পূর্ণ অভিজ্ঞপ্রাপ্ত ব্যক্তিসকলক লৈ ‘ সভা ‘ আৰু ‘সমিতি’ গঠন কৰিছিল । দুয়ােখন অনুষ্ঠান সাধাৰণ লােকৰ দ্বাৰা নির্বাচিত হৈছিল । ঋগবেদৰ উল্লেখিত ‘ সভা ’ আৰু ‘সমিতি’ য়ে দেশৰ জটিল সমস্যা , জৰুৰী বিষয় আৰু ন্যায় বিচাৰৰ ক্ষেত্ৰত ৰজাক সুনির্দিষ্ট পৰামৰ্শ আগবঢ়াইছিল । দোষীক দোষ অনুযায়ী শাস্তি , ক্ষমা আদি প্ৰদান কৰা হৈছিল । 

প্রশ্ন ১০। ঋগবেদ যুগৰ আৰ্য সকল অর্থনৈতিক জীৱনৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ ( ক ) গ্রাম্য সভ্যতা :- বৈদিক যুগৰ আর্য সভ্যতাই প্রাথমিক স্তৰৰ পৰা অগ্ৰসৰ হৈ এক উন্নত জীৱন যাপন কৰিবলৈ লৈছিল । এই পৰিৱৰ্তনৰ মাজত আৰ্যসকলে ভ্রাম্যমাণ পশুপালকৰ জীৱন ত্যাগ কৰি স্থায়ীভাৱে কাম কৰিবলৈ লৈ এখন কৃষি প্রধান সমাজ ব্যৱস্থাৰ সৃষ্টি কৰে । বিভিন্ন আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ একগোট হৈ বসবাস কৰিবলৈ লােৱাৰ পাছত কিছুমান ঠাইত নগৰীয়া সভ্যতাও গঢ় লৈছিল ।

( খ ) বৃত্তি :- আর্যসকল যে প্রথমতে কৃষিভিত্তিক আছিল তাৰ প্রমাণ ঋগবেদত একাধিকবাৰ পাৱা যায় । ছয়টা বলদেবে নাঙল টনাৰ কথাও জনা যায় । কৃষি প্রধান সমাজৰ লগত কর্মকাৰ , কুম্ভকাৰ , সূত্ৰধাৰ , চর্মকাৰ , ইত্যাদিও বৃত্তিবােৰৰ স্বাভাৱিকতে সম্পর্ক আছিল । 

শিল্পি , সােণাৰী , ৰথ নির্মাণকাৰী , কাপােৰ বােৱা , ৰং কৰা আদি বিভিন্ন শ্রমজীৱীৰ উল্লেখ পােৱা যায় । বৈদ্য আৰু পুৰােহিত শ্ৰেণীৰ সৃষ্টি হৈছিল । বৈদ্য সকলে চিকিৎসা আৰু স্তোত্র ৰচনা কৰিছিল । সকলাে লােকেই পুৰােহিতৰ শিষ্য আছিল । মাটিৰ ওপৰত কাৰৰ ব্যক্তিগত স্বত্ব নাছিল । ইয়াৰ ওপৰত পৰিয়াল আৰু গাঁৱৰ সকলােৰে অধিকাৰ মানি লােৱা হৈছিল । আত্মনির্ভৰশীল আৰু স্বয়ংসম্পূর্ণ গাঁৱলীয়া সমাজ বৈদিক যুগত পৰিলক্ষিত হয় । 

( গ ) গ্রাম্য উদ্যোগ :- কপাহী আৰু উল আছিল দেশৰ প্রধান উদ্যোগ । সমাজৰ সকলাে শ্ৰেণীয়ে উদ্যোগত মনপুতি লাগিছিল । কাঠমিস্ত্রিয়ে সুন্দৰ আচবাব , নাঙল , আদি তৈয়াৰ কৰি অন্য দেশলৈ ৰপ্তানি কৰিছিল । বৈদিক যুগত সোণাৰী আৰু কমাৰসকলৰ দ্বাৰা নির্মিত বিভিন্ন অলংকাৰ আৰু সা – সঁজুলিয়ে সেই যুগৰ উন্নত মানসিক চিন্তাৰ পৰিচয় দাঙি ধৰে । 

( ঘ ) ব্যৱসায় বাণিজ্য :- বৈদিক যুগৰ আগভাগত ধনৰ প্রচলন আছিল বুলি ধাৰণা কৰা হয় । সম্ভৱতঃ বস্তুৰ সাল – সলনি ঘটাই বেহা – বেপাৰ চলােৱা হৈছিল । এই প্রথাটোকে বিনিময় প্রথা বােলা হৈছিল । ‘ বণিক ’ শব্দৰ উল্লেখৰ পৰা বুজা যায় যে , বৈদিক আর্যসকলৰ মাজত বেহা বেপাৰৰ প্রচলন নিশ্চয় আছিল । গৰুৰ সংখ্যাৰ পৰা ক্রমান্বয়ে দ্রব্যমূল্য বৃদ্ধি হয় আৰু শেষত হয়তাে ইয়ে মুদ্ৰাৰ প্ৰচলনত অৰিহণা যােগায় । ‘সিনা’ আৰু ‘নিক’ নামে দুবিধ অতি মূল্যবান সােণৰ মুদ্রাই ব্যৱসায় বাণিজ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্রহণ কৰিছিল বুলি জনা যায় । সমুদ্রৰ লগত আৰ্যসকলৰ সম্পৰ্কৰ কথাও প্রমাণ পােৱা যায় । 

প্রশ্ন ১১। ঋগবেদৰ যুগৰ আৰ্যসকলৰ সামাজিক দিশৰ বিষয়ে চমু আভাস দিয়া । 

উত্তৰঃ ( ক ) পৰিয়াল :- পুৰণি আর্য সমাজৰ গাঠনি পৰিবাৰ ভিত্তিক আছিল । পৰিয়ালৰ সকলােৱেই একেখন ঘৰতে বাস কৰিছিল । ঘৰৰ মুৰব্বীজনেই আছিল ঘৰখনৰ মুখীয়াল । মুখীয়ালজনৰ নির্দেশ অনুসৰি ঘৰখন পৰিচালিত হৈছিল । সমাজ ব্যৱস্থা পিতৃ প্রধান হােৱা কাৰণে পুত্রলাভ কন্যা সন্তান লাভতকৈ অধিকতৰ বাঞ্ছনীয় আছিল ৷ কিন্তু ছােৱালীকো ল’ৰাৰ সমানে শিক্ষা দিয়া হৈছিল । ছােৱালী গাভৰু হ’লে নিজৰ মতামত অনুসৰি বিবাহ সম্পন্ন হৈছিল । বিবাহত যৌতুক প্রথা প্রচলন ছিল । 

( খ ) সমাজত নাৰীৰ স্থান :- বৈদিক যুগৰ আর্য সমাজ পিতৃ – প্রধান হলেও সমাজত নাৰীৰ স্থান অতি উচ্চ আছিল । গৃহস্থীৰ সকলাে ভিতৰুৱা কাম গৃহিণীৰ দিহামতে হৈছিল । স্বামী জীৱন সঙ্গিনী হিচাপে তেওঁলােকক ‘গৃহলক্ষ্মী’ আৰু সহধর্মিণী আখ্যা দিয়া হৈছিল । স্বামীৰ লগত যাগ – যজ্ঞ কৰিছিল । ঋগবেদত পর্দা প্রথাৰ প্ৰচলন দেখা নাযায় । 

( গ ) ঘৰ আৰু আহাৰ :- বৈদিক আর্যসকলে সাধাৰণতে কপাহী আৰু ৰেচম কাপােৰ ব্যৱহাৰ কৰিছিল । পুৰুষে এবিধ দীঘল চোলা ব্যৱহাৰ কৰিছিল । সাজ – পাৰ অতি সাধাৰণ আছিল । ভেড়াৰ নােম আৰু হৰিণৰ ছালেৰে সাজ – পােছাক তৈয়াৰ কৰিছিল । পুৰুষ আৰু নাৰী উভয়ে সােণৰ অলংকাৰ আৰু মালা ব্যৱহাৰ কৰিছিল ।

( ঘ ) ঘৰ আৰু আহাৰ :- ঘৰবােৰ সাধাৰণতে কাঠ নাইবা গছৰ পাতেৰে তৈয়াৰ কৰিছিল । প্রতিখন ঘৰতে জুইশলা আছিল । ঘেঁহু , যৱধান , গাখীৰ , ফলমূল আৰু শাক – পাচলি আছিল আৰ্যসকলৰ প্রধান আহাৰ । ময়দা আৰু গমৰ পৰা ৰুটি পিঠা তৈয়াৰ কৰিছিল । মাংসৰ ব্যৱহাৰ দেখা যায় । অৱশ্যে গাে – বধ প্রথা সমাজত বেছিদিন থকা বুলি বিশ্বাস নহয় । কাৰণ গাে জাতিৰ পৱিত্ৰতা সম্বন্ধে ঋগবেদত উল্লেখ পােৱা যায় । 

( ঙ ) খেল ধেমালি :- বৈদিক আর্যসকলে খেল – ধেমালিৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় । ঘোঁৰা আৰু ৰথ চলােৱা , মৃগয়া চিকাৰ , মুষ্টি যুদ্ধ , নাচ – গান আৰু পাশাখেলেই আছিল প্রধান আমােদ – প্রমােদ আৰু খেল – ধেমালি । 

( চ ) জাতিভেদ প্রথা :- প্রথম অৱস্থাত আৰ্যসকলৰ মাজত জাতিভেদ প্রথা নাছিল যদিও সম্ভৱতঃ ঋগবেদৰ যুগৰ পৰাই ইয়ে স্পষ্ট ৰূপ ধাৰণ কৰে । আৰ্যসকল সাধাৰণতে বগা বৰণৰ মানুহ আছিল । পাছত তেওঁলােকে ভাৰতীয় ক’লা মানুহবােৰক যুদ্ধত হৰুৱাই বসতি বিস্তাৰ কৰে আৰু সেই ক’লা মানুহবােৰক ‘দস্যু’ আখ্যা দিছিল । ইয়ে শেষত আৰ্য আৰু অনার্যৰ মাজত বর্ণভেদ তথা জাতিভেদৰ সৃষ্টি কৰে । কিন্তু এই বর্ণভেদৰ প্ৰথাটো চিৰস্থায়ী নহ’ল । কিয়নাে বেদকেইখন সম্পাদিত কৰা বেদব্যাস এগৰাকী ক’লা মাছ মৰীয়া তিৰােতাৰ অবৈধ সন্তান বুলি কয় । শেষত কৰ্মৰ ভিত্তিত ব্রাহ্মণ , শূদ্র , ক্ষত্রিয় আৰু বৈশ্য নামে চাৰিভাগত সমাজ ভাগ হয় । 

( ছ ) চাৰি আশ্ৰম :- প্রাচীন ভাৰতীয় আর্যসকলৰ চাৰিটা আশ্ৰম ধৰ্মৰ ব্যৱস্থা হয় । 

প্রথমতে , ব্রহ্মচর্য । অর্থাৎ আর্য সন্তানসকলে সংযম আৰু দীক্ষাৰ আচাৰ নীতি মানি গুৰুগৃহত থাকি শিক্ষালাভ কৰিব লাগিছিল । 

দ্বিতীয়তে , শিক্ষা শেষ কৰি বিয়া প্ৰথাৰ জৰিয়তে সাংসাৰিক ধর্মপালন কৰিছিল । 

তৃতীয়তে , সাংসাৰিক দায়িত্বৰ পৰা অৱসৰ লৈ জীৱনৰ ভাটি বয়সত তপস্বীৰ দৰে অৰণ্যত বাস কৰি ঈশ্বৰৰ চিন্তাত ব্ৰতী হৈ থাকিব লাগিছিল । শেষ জীৱনৰ অন্তিম কালত সকলাে লালসা কামনা ত্যাগ কৰি মৃত্যুৰ সময়লৈকে ঈশ্বৰৰ চিন্তাত নিমগ্ন হৈ কাল কটাবলগীয়া হৈছিল । কিন্তু উক্ত প্রথা আৰ্যসকলে নিয়াৰিকৈ পালন কৰিবলৈ বােধ হয় সক্ষম হােৱা নাছিল । 

প্রশ্ন ১২। গৌতম বুদ্ধৰ জীৱনী সম্বন্ধে চমুকৈ লিখা । 

উত্তৰঃ হিমালয় অঞ্চলৰ কপিলা বস্তু নামে ঠাইত শুদ্ধোধন নামে এজন ৰজাই ৰাজত্ব কৰিছিল । তেওঁৰ পত্নীৰ নাম আছিল মায়াদেৱী । মায়াদেৱী তেওঁৰ পিতৃগৃহ লুম্বিনী গাঁৱলৈ যাওঁতে সেই গাঁৱতে সিদ্ধার্থৰ জন্ম হয় । পিছলৈ এই সিদ্ধার্থৰ নামেই গৌতম হয় । সিদ্ধার্থৰ পিতৃ শুদ্ধোধন এজন শাক্যবংশীয় ৰজা আছিল । সিদ্ধার্থৰ জন্মৰ অলপ পাছতেই খ্রীঃ পূঃ ৫৬৬ চনত মাক মায়াদেৱীৰ মৃত্যু হােৱাত মাহীমাক গৌতমীৰ প্ৰতিপালনত তেওঁ ডাঙৰ – দীঘল হয় । গৌতমীৰ দ্বাৰা লালিত হৈ ডাঙৰ – দীঘল হােৱা বাবে তেওঁৰ নাম গৌতম হয় । ক্ষত্রিয় বংশত জন্মগ্রহণ কৰি ৰাজঐশ্বৰ্যৰ মাজত ডাঙৰ – দীঘল হৈয়াে গৌতম ভােগ – বিলাস , আনন্দ আদি উৎসৱৰ প্ৰতি অলপাে আকৃষ্ট হােৱা নাছিল । সৰুৰে পৰা তেওঁৰ মন চিন্তাশীল আছিল আৰু মানৱ জীৱনৰ লগত জড়িত থকা দুখ কষ্টবােৰে তেওঁৰ কুমলীয়া মনত গভীৰ ৰেখাপাত কৰিছিল । বয়সৰ লগে লগে তেওঁ ভােগবিলাসৰ প্রতি বিৰক্ত হৈ পৰিছিল ।

গৌতমৰ বিৰাগ বিষন্নতালৈ লক্ষ্য কৰি ৰজা শুদ্ধোধনে যােল্ল বছৰ বয়সতে গৌতমক যশােধৰা নামৰ এগৰাকী সুন্দৰী কন্যাক বিয়া কৰাই দিয়ে । সংসাৰৰ ৰােগ , শােক , জবা , মৃত্যু আদিলৈ লক্ষ্য কৰি সাংসাৰিক জীৱন – যাপন কবিও সংসাৰৰ প্রতি গৌতমৰ মনােযােগ নাবাঢ়িল । মানৱ সমাজৰ দুখ – দুর্দশা দেখি ক্রমশঃ গৌতমৰ মন ব্যাকুল হৈ পৰে । ইয়াৰ প্ৰতিকাৰৰ উপায় সন্ধানত গৌতমৰ মন ব্যাকুল হৈ পৰে । ২৯ বছৰ বয়সত তেওঁৰ এটি পুত্র সন্তান জন্মে । এই পুত্রটিৰ নাম ৰখা হ’ল ৰাহুল । পুত্র জন্মৰ লগে লগে সংসাৰৰ মায়া বান্ধোনৰ মেৰপাকত পৰাৰ ভয়ত স্ত্রী আৰু পুত্ৰক এৰি সন্যাসী হােৱাৰ মানসেৰে এদিন ৰাতি হাতত সাৰে ভৰিত সাৰে ৰাজভৱনৰ পৰা তেওঁ গুচি যায় । এই সময়ত গৌতমৰ বয়স মাত্র ২৯ বছৰ । 

গৃহত্যাগৰ পাছত গৌতমে সন্যাসীৰ বেশ ধৰি বিহাৰ প্ৰদেশত নানা ঠাই ভ্ৰমণ কৰি তেওঁ ৰাজগৃহত উপস্থিত হ’ল । তাত তেওঁ দুজন শিক্ষকৰ অধীনত শাস্ত্র অধ্যয়ন কৰিব ধৰিলে । যােগভ্যাস আৰু কৃষ্ণ সাধনা কৰিছিল । কিন্তু এইবােৰ কৰি তেওঁ দিব্যজ্ঞান লাভ কৰিব নােৱাৰিছিল । শেষত দিব্যজ্ঞান লাভ কৰাৰ কাৰণে গৌতমে নিৰঞ্জনা ( বর্তমান লীলাৰামী ) নামে নৈত স্নান কৰি বর্তমান বুদ্ধগয়াৰ এজোপা বটগছৰ তলত বহি ধ্যানত নিমগ্ন হয় । গভীৰ ধ্যানত নিমগ্ন হৈ অৱশেষত গৌতমে দিব্যজ্ঞান বা বােধি লাভ কৰিলে । নির্বাণ বা মুক্তিলাভ তেওঁৰ অন্তৰত ভাহি উঠিল । সিদ্ধিলাভ কৰি তেওঁ বুদ্ধ ( জ্ঞানী ) নামে পৰিচিত হ’ল । 

শাক্যবংশত জন্ম হােৱা বাবে তেওঁৰ আন এটা নাম শাক্যমুনি । যিজোপা গছৰ তলত ধ্যান কৰি গৌতমে দিব্যজ্ঞান লাভ কৰিছিল সেই ‘জোপা’ ‘বােধিজ্ঞম’ নামে জনাজাত হ’ল আৰু ঠাইখিনি বুদ্ধগয়া নামে পৰিচিত হ’ল । 

জ্ঞান লাভ কৰাৰ পাছত তাক প্ৰচাৰৰ কাৰণে তেওঁ কাশীৰ ওচৰৰ সাৰনাথ নামৰ মৃগয়া বনত আশ্রয় লয় । প্রথমে তাৰ পৰাই গৌতমে তেওঁৰ সত্যপথৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে । 

তেওঁ বিহাৰ আৰু অযােধ্যাত সুদীর্ঘ ৪৫ বছৰ কাল ধর্মপ্রচাৰ কৰে । তাত বহু বৌদ্ধ সংঘ স্থাপন হয় । তেওঁৰ ভার্যা আৰু পুত্রও তেওঁৰ কৰ্মত দীক্ষা লাভ কৰে । ধর্মপ্রচাৰ কৰাৰ পথত তেওঁৰ লগত মগধৰ ৰজা বিম্বিসাৰ , কোশল ৰজা প্রসেনজিৎ আদিৰ সম্পর্ক ঘটে । এইদৰে ৪৫ বছৰ কাল ধর্মপ্রচাৰ কৰাৰ পাছত ৮০ বছৰ বয়সত কুশীনগৰত বুদ্ধদেৱৰ দেহাৱশান ঘটে । বৌদ্ধধর্মত ইয়াকেই পৰিনির্বাণ বােলে । বুদ্ধৰ দেহত্যাগ সম্বন্ধে পণ্ডিতসকলৰ মতভেদ আছে ।

প্রশ্ন ১৩। জৈন ধৰ্মৰ মূল সাৰাংশ লিখা । 

উত্তৰঃ জৈন ধৰ্মৰ মূল সাৰাংশবােৰ হ’ল–

( ক ) জৈন ধৰ্মৰ মতে গােটেই বিশ্বখনেই হ’ল সজীৱ । আনকি জড় পদাৰ্থৰাে প্রাণ আছে । 

( খ ) সেয়ে এই বিশ্বৰ কোনাে বস্তুৰে ক্ষতিসাধন কৰাটো অতি অন্যায় কাম । 

( গ ) জৈন ধর্মমতে মানুহে কৰ্মৰ যােগেদি জনম লাভ কৰে ।

( ঘ ) কর্মফলৰ পৰা মুক্তি লাভ কৰিবলৈ হ’লে সংযম , প্রায়চিত্ত আৰু ত্যাগময় জীৱন যাপন কৰিব লাগিব । 

( ঙ ) জৈন ধর্মই পাঁচটা নীতি মানি চলিছিল । সেই নীতি কেইটা হ’ল অহিংসা , সত্য কথা কোৱা , চুৰি নকৰা , ব্রহ্মচর্য পালন আৰু সম্পতি আহৰণৰ পৰা বিৰত থকা । 

প্রশ্ন ১৪। বৌদ্ধ ধৰ্মৰ মূল শিক্ষাৰ সাৰাংশ লিখা । অথবা , বৌদ্ধ ধর্মৰ শিকনিসমূহৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ বৌদ্ধ ধর্মৰ মূল শিকনিসমূহ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি— মৰম – স্নেহ , পৰােপকাৰ , অহিংসা , সততা আৰু ইন্দ্রিয় জয়— এইকেইটা হ’ল বুদ্ধদেৱৰ ধৰ্মৰ মূলমন্ত্র । তেওঁৰ মতে মানুহৰ দুখ – কষ্টৰ ঘাই কাৰণ হ’ল অজ্ঞতা আৰু আসক্তি । এই দুই গুণৰ কাৰণে মানুহৰ পুনর্জন্ম ৰােধ কৰাৰ পথটো সম্ভৱ হয় । অজ্ঞতা আৰু আসক্তিয়ে হ’ল মানুহৰ অতৃপ্ত কামনা । অতৃপ্ত কামনাই হ’ল মানুহৰ জীৱনৰ দুখ – কষ্টৰ কাৰণ । সৎকৰ্মৰ জৰিয়তে আত্মাৰ উন্নতি সাধন কৰি নির্বাণ লাভ নাইবা পুনর্জন্মৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হয় । 

নির্বাণ লাভ কৰাৰ কাৰণে বুদ্ধদেৱে চাৰিটা মহৎ সত্য পথ দেখুৱাই দিছে –

( ক ) দুঃখ :- মানৱ জীৱনত কষ্ট থাকিবই আৰু দুখ – কষ্ট , ব্যাধি মানুহ মাত্রেই ভােগ কৰিব । 

( খ ) দুঃখ সমুদায় :- প্রত্যেক দুখৰেই কোনাে এটা সমুদায় বা কাৰণ আছে । এই কাৰণ হ’ল –ইন্দ্রিয় তৃপ্তি বা ভােগ বিলাসৰ প্ৰতি থকা আকর্ষণ আৰু ইয়াৰ ফলত পুনর্জন্ম । 

( গ ) দুঃখ নিৰোধ :- এই দুখ – কষ্ট মােচন কৰাৰ উপায় হ’ল — ত্যাগ , মহৎ ত্যাগ । 

( ঘ ) দুঃখ নিৰােধৰ উপায় :- বৌদ্ধ ধর্মৰ মতে মানুহ জন্ম নােলােৱাকৈ থাকিব পাৰিলে । দুখ – কষ্টৰ পৰা হাত সাৰিব পাৰি । 

বুদ্ধদেৱে নির্বাণ বা মুক্তিলাভ কৰাৰ কাৰণে অষ্টাংগিক মার্গৰ অর্থাৎ আঠটা পন্থা অবলম্বন পথ দিছে । এই আঠটা পন্থা হ’ল— সবাক্য , সৎ চিন্তা , সশ্রম , সদৃষ্টি , সৎ আদর্শ , সৎ ব্যৱহাৰ , সৎ মনােবৃত্তি আৰু সৎ জীৱন । বুদ্ধৰ মতে , এই আঠটা পন্থা অনুসৰণ কৰিব পাৰিলে মানুহে প্রকৃত জ্ঞান লাভ কৰাৰ উপৰিও পুনর্জন্মৰ পৰা নির্বাণপ্রাপ্তি হ’ব । নির্বাণ বা মুক্তি লাভ কৰাই হ’ল বৌদ্ধধৰ্মৰ মূল লক্ষ্য । অষ্টাংগিক মার্গৰ উপৰিও বুদ্ধদেৱে আৰু বহুতাে উপদেশ দিছিল যে— মিছা কথা নােকোৱা , চুৰি নকৰা , কাকো হিংসা নকৰা ইত্যাদি । বৌদ্ধধর্মত ভগৱান আৰু দেৱ – দেৱীৰ অস্তিত্ব স্বীকাৰ কৰা হৈছিল । বৌদ্ধধর্মত জাতিভেদ প্রথা নাই । বৌদ্ধধৰ্মত সংঘ অপৰিহাৰ্য হৈ পৰিছিল । জাতিভেদহীনভাৱে এই সংঘত ২৫ বছৰৰ ওপৰৰ সকলাে পক্ষৰ লােকেই সভ্য হিচাপে অংশগ্রহণ কৰিব পাৰিছিল । কঠিন নিয়মানুবর্তিতাৰ মাজেৰে জীৱন – যাপন কৰাটো সকলাে সভ্যৰ কর্তব্য আছিল । ভিক্ষুসকলে সংঘৰ প্রতি আনুগত্য প্রকাশ কৰাটো বাধ্যতামূলক হিচাপে পৰিগণিত হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top