Class 12 Business Studies Important Chapter 1 পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য

Class 12 Business Studies Important Chapter 1 পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.

Class 12 Business Studies Important Chapter 1 পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড: পৰিচালনাৰ নীতি আৰু কাৰ্য
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। পৰিচালনা কাক বোলে?

উত্তৰঃ পৰিকল্পনা মানেই হৈছে ভৱিষ্যতৰ বিষয়ে চিন্তা কৰা আৰু সেইমতে কার্যাৱলী হাতত লোৱা। ভৱিষ্যৎ কর্মপন্থা কেনে হ’ব বা ব্যৱসায়ৰ ভৱিষ্যৎ প্রয়োজন কি হ’ব পাৰে এই বিষয়ে অনুধাৱন কৰাও পৰিকল্পনাৰ অন্তর্ভুক্ত।

২। পৰিচালনাৰ উদ্দেশ্য কি?

উত্তৰঃ পৰিচালনাৰ উদ্দেশ্য হৈছে প্রতিষ্ঠানৰ লক্ষ্য পূৰণৰ বাবে সম্পদৰ যথোপযুক্ত ব্যৱহাৰ কৰা।

৩। “Management is a group activity” মানে কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ “Management is a group activity” মানে হৈছে পৰিচালনা এক দলগত কাৰ্য, য’ত সকলোৰে অংশগ্রহণ থাকে।

৪। পৰিচালনা বিজ্ঞানৰ দৰে কিয়?

উত্তৰঃ পৰিচালনা বিজ্ঞানৰ দৰে, কিয়নো ইয়াৰ কিছু তত্ত্ব, নীতি, আৰু নিয়ম থাকে যাৰ দ্বাৰা কার্য সম্পাদন কৰা হয়।

৫। যোগাযোগ কাক বোলে?

উত্তৰঃ কোনো এটা বিষয় সংক্ৰান্তৰ ভাৱধাৰা বা তথ্য বা নির্দেশ আদি বিষয়টোৰ লগত জড়িত থকা সকলো পক্ষ, যেনে কর্মচাৰী, গ্রাহক, যোগানকাৰী, অংশধাৰক আৰু জনসাধাৰণক অৱগত কৰোৱা কাৰ্যক যোগাযোগ বোলে।

৬। পৰিচালনাৰ বৈশিষ্ট্য কি?

উত্তৰঃ পৰিচালনাৰ বৈশিষ্ট্য হৈছে এটি উদ্দেশ্যধর্মী কার্য, দলীয় কার্য, আৰু সাৰ্বজনীন প্ৰক্ৰিয়া।

৭। পৰিচালনাত দলীয় কাৰ্য কিয় প্ৰয়োজন?

উত্তৰঃ পৰিচালনা দলীয় কাৰ্য কিয়নো এটা সফল উদ্যোগৰ বাবে প্ৰতিটো সদস্যৰ সহযোগিতা আৰু সমন্বয় প্রয়োজন।

৮। পৰিদৰ্শন বা চুপাৰভিজন কাক বোলে।

উত্তৰঃ নির্দেশনাৰ বাবে পৰিদৰ্শন বা চুপাৰভিজনৰ প্রয়োজন হয়। কোনো এটা কাম কেনেদৰে কৰিছে বা কৰিবলৈ নির্দেশ দিয়া হৈছে, সেই বিষয়ে নিৰীক্ষণ কৰা কাৰ্যটোক পৰিদৰ্শন বা চুপাৰভিজন বোলে।

৯। পৰিচালনাৰ উদ্দেশ্য কি?

উত্তৰঃ পৰিচালনাৰ উদ্দেশ্য হৈছে সীমিত সম্পদৰ পৰা অধিক লাভ আৰু অধিক কার্যক্ষমতা লাভ কৰা।

১০। পৰিচালনাক বিজ্ঞান আৰু কলাৰ সংমিশ্ৰণ বুলি কোৱা হয়, কিয়?

উত্তৰঃ পৰিচালনা বিজ্ঞান আৰু কলাৰ সংমিশ্ৰণ, কিয়নো ইয়াৰ তত্ত্ব বিজ্ঞানৰ দৰে থাকে আৰু ইয়াৰ প্রয়োগ কলাৰ দৰে সৃজনশীল আৰু ব্যক্তিগত দক্ষতা লাগে।

১১। পৰিচালনাত সমন্বয় সাধন বুলিলে কি বুজা?

উত্তৰঃ পরিচালনা ব্যৱস্থাত সংগঠনটোৰ নিজ লক্ষ্যত উপনীত হ’বৰ বাবে বিভিন্ন বিভাগৰ ব্যক্তিসকলৰ কাৰ্যবিলাকক একত্রীকৰণ কৰা কামটোক সমন্বয় সাধন বোলে।

১২। “Management as a discipline” কি বুজায়?

উত্তৰঃ “Management as a discipline” বুলিলে পৰিচালনা এক শৃঙ্খলাবদ্ধ বিদ্যা হিচাপে বুজায় য’ত বিভিন্ন শাখাৰ তত্ত্ব আৰু পদ্ধতি থাকে।

১৩। পৰিচালনাক বিজ্ঞান হিচাপে কিয় কোৱা হয়?

উত্তৰঃ পৰিচালনা বিজ্ঞান হিচাপে বুজা যায় কিয়নো ইয়াৰ কিছু সুনির্দিষ্ট নিয়ম আৰু নীতি থাকে যাৰ দ্বাৰা কার্যৰ সফলতা নিৰ্ধাৰিত হয়।

১৪। “Management is an art” বুলিলে কি বুজা?

উত্তৰঃ “Management is an art” বুলিলে পৰিচালনা সৃজনশীলতা আৰু ব্যক্তিগত দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰাক বুজোৱা হয়।

১৫। পৰিচালনা এটাত নিয়ন্ত্ৰণ কিয় প্ৰয়োজন?

উত্তৰঃ পৰিচালনাৰ শেষৰ কাৰ্যটো হৈছে নিয়ন্ত্রণ। নিয়ন্ত্ৰণৰ অর্থ এনেদৰে ক’ব পাৰো যে পৰিকল্পনা বা আশা কৰা মতে কাম-কাজবোৰ হৈছে নে নাই তাক পৰীক্ষা কৰা আৰু প্ৰয়োজন অনুসৰি সংশোধনৰ ব্যৱস্থা কৰা, যাতে দোষ বা ভুলবোৰৰ পুনৰাবৃত্তি নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top