Class 12 Banking Chapter 5 হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ

Class 12 Banking Chapter 5 হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 5 হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ and select needs one.

Class 12 Banking Chapter 5 হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 5 হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ Solutions for All Subject, You can practice these here…

হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ

Chapter: 5

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১।হস্তান্তৰযোগ্য দলিলৰ এটা উদাহৰণ দিয়া।

উত্তৰ :- চেক।

প্ৰশ্ন ২।বিশেষ পৃষ্ঠানকণৰ এটা উদাহৰণ দিয়া।

উত্তৰ :- চেল্ফ চেক।

প্ৰশ্ন ৩।বেংক ড্ৰাফট কি ?

উত্তৰ :- বেংক ড্ৰাফট হল এক প্ৰকাৰৰ চেক যত পৰিশোধৰ নিশ্চয়তা থাকে।

প্ৰশ্ন ৪।বিনিময় পত্ৰত কিমানটা পক্ষ সোমাই থাকে।

উত্তৰ :- তিনিটা।

চমু উত্তৰ দিয়া

প্ৰশ্ন ৫।মুক্ত চেক কি ?

উত্তৰ :- মুক্ত চেক হল এনে এখন চেক যত বেংকে পৰিচয় পত্ৰ পৰীক্ষণ কৰাৰ পিছত ধাৰক জনক তেওঁ পাব লগা ধন ৰাশি আদায় দিয়ে।

প্ৰশ্ন ৬।সম্পূৰ্ণ পৃষ্ঠাঙ্কন বা বিশেষ পৃষ্ঠঙ্কনৰ বিষয়ে লিখা।

উত্তৰ :- যেতিয়া কোনো এক বিশেষ ব্যক্তিক বা তেওঁৰ নিৰ্দেশ মৰ্মে ধন পৰিশোধৰ বাবে নিৰ্দিষ্ট কৰি নিৰ্দেশ দি পৃষ্ঠাঙ্কনকাৰীয়ে পৃষ্ঠানকণ কৰে তেনে পৃষ্ঠাঙ্কনক সম্পূৰ্ণ বা বিশেষ পৃষ্ঠাঙ্কন বোলা হয়।

প্ৰশ্ন ৭।আংশিক পৃষ্ঠানগক কি ?

উত্তৰ :- যদিহে দলিলত উল্লেখিত ধনৰ এটা অংশ হে পৰিশোধৰ বাবে পৃষ্ঠঅংকন কৰা হয়  তেতিয়া তেনে পৃষ্ঠাঙ্কনক আংশিক পৃষ্ঠাঙ্কন বোলা হয়।এনে পৃষ্ঠাঙ্কনক অনিয়মীয়া পৃষ্ঠাঙ্কন ৰূপে পৰিগণিত হয়। 

প্ৰশ্ন ৮।হস্তান্তৰ নোহোৱা ৰেখাংকন কি ? 

উত্তৰ :- যিখন চেকৰ বাওঁফাল উপৰপিনে দুডাল সমান্তৰাল ৰেখা অংকন কৰা হয়  বা ৰেখাদুডাল অংকন কৰি ” একাউণ্ট পেয়ী ” বুলি লিখা হয় তেনে ৰেখাংকিত চেক হস্তান্তৰ নহয়।

প্ৰশ্ন ৯।কোনে চেক এখন ৰেখাংকিত কৰিব পাৰে ?

উত্তৰ :- চেক এখন আদায় দিয়া মানুহজনে ৰেখাংকন কৰিব পাৰে। ৰেখাংকন দুই ধৰণৰ – সাধাৰণ ৰেখাংকন আৰু বিশেষ ৰেখাংকন।

প্ৰশ্ন ১০।কিমান প্ৰকাৰৰ হুন্ডি  পোৱা যায় ?

উত্তৰ :- দুই ধৰণৰ হুণ্ডি আছে।সেয়া হল  – 

(ক) দৰ্শনী হুণ্ডি।

(খ) মুদূতি হুণ্ডি। 

প্ৰশ্ন ১১।ছত্তিয় পৃষ্ঠাংন কি ?

উত্তৰ :- পৃষ্ঠানকণ কাৰীয়ে যদি হস্তান্তৰ যোগ্য দলিলত উল্লেখিত ধন কোনো চৰ্ত পুৰণৰ  সাপেক্ষে হে পৰিশোধনীয় হিচাপে সীমিত কৰি পৃষ্ঠঙ্কন কৰে  তেন্তে তেনে পৃষ্ঠাঙ্কন ক  চৰ্ত সাপেক্ষে পৃষ্ঠাঙ্কন বা ছত্তিয় পৃষ্ঠাঙ্কন বোলা হয়।

প্ৰশ্ন ১২।খালি পৃষ্ঠাঙ্কন কি ?

উত্তৰ :- পৃষ্ঠাঙ্কন কাৰীয়ে যদি হস্তান্তৰেত পত্ৰখন মাত্ৰ স্বাক্ষৰ কৰিয়ে হস্তান্তৰ কৰি দিয়ে।তেতিয়া হলে তেনে পৃষ্ঠাঙ্কনকে মুকলি পৃষ্ঠাঙ্কন বা খালি পৃষ্ঠঙ্কন বোলে।এনেদৰে পৃষ্ঠাঙ্কন কৰা দলিলক বাঁহক চেকৰ নিচিনাকৈ বা দলিলৰ বাহককে ধন পৰিশোধ কৰিলে হয়। 

প্ৰশ্ন ১৩।বাধাযুক্ত পৃষ্ঠাঙ্কন কি ?

উত্তৰ :- যেতিয়া কোনো এক নিৰ্দিষ্ট ব্যক্তিক ধন পৰিশোধৰ নিৰ্দেশ দি  পৰৱৰ্তী হস্তান্তৰৰ পথ নিষিদ্ধ কৰি পৃষ্ঠাঙ্কন কৰি দিয়ে, তেতিয়া তেনে পৃষ্ঠাঙ্কন নিষেধক পৃষ্ঠাঙ্কন বাধাযুক্ত পৃষ্ঠাঙ্কন বোলা হয়।

প্ৰশ্ন ১৪।যথাবিহীত পৰিশোধ কি ?

উত্তৰ :- যথাবিহীত পৰিশোধ হল ধাৰক এজনক বিনিময় পত্ৰ এখনৰ ম্যাদ উকলি যোৱাৰ পিছত বেংকে টকা পৰিশোধ কৰা কাৰ্য্য।

চমু উত্তৰ দিয়া

প্ৰশ্ন ১৫। বিনিময় পত্ৰ কি ?

উত্তৰ :- ভাৰতীয় হস্তান্তৰযোগ্য দলিল অইন 1881 চনৰ 5  নং ধাৰা  অনুযায়ী বিনিময় পত্ৰ হল “লিখকৰ দ্বাৰা স্বাক্ষৰিত যি লিখিত আদেশৰ দ্বাৰা উল্লেখিত কোনো এক নিৰ্দিষ্ট ব্যক্তিক এক নিৰ্দিষ্ট পৰিমাণৰ ধন চৰ্ত বিহীনভাৱে অন্য এক নিৰ্দিষ্ট ব্যক্তি বা তেওঁৰ নিৰ্দেশ অনুযায়ী বাহককে দিবৰ বাবে আজ্ঞা দিয়া হয় তেনে পত্ৰকে বিনিময় পত্ৰ বোলি কোৱা হয়।

প্ৰশ্ন ১৬।হুণ্ডি বুলিলে কি  বুজা ?

উত্তৰ :- হুণ্ডি  শব্দটো সংস্কৃত ভাষাৰ মূল “হুণ্ড ” শব্দৰ পৰা উদ্ভৱ  হৈছে।হোণ্ড মানে সংগ্ৰহ কৰা।টকা পইচাৰ স্থানান্তৰ ,সংগ্ৰহ আৰু বস্তু বাহিনীৰ মূল্য সংগ্ৰহৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয়।অৰ্থা হুণ্ডি হৈছে প্ৰাচীন ভাৰতীয়  ভাষাত লিখা এক প্ৰকাৰ অন্তৰদেশীয় বিমিময় পত্ৰ যাৰ দ্বাৰা অৰ্থৰ স্থানান্তৰ, অৰ্থৰ সংগ্ৰহ আৰু ব্যৱসায়িক লেন দেন নিষ্পত্তি কৰা হয়।ভাৰতৰ বণিক বা সদাগৰ আৰু ব্যৱসায়ীসকলৈ ইয়াক ব্যৱহাৰ কৰিছিল।

প্ৰশ্ন ১৭।ধাৰক কোন ?

উত্তৰ :- 1881 চনৰ ভাৰতীয় সম্প্ৰদেয় পত্ৰ আইনৰ  8 ধাৰা মতে প্ৰতিশ্ৰুতি পত্ৰ , বিনিময় পত্ৰ বা চেকৰ ধাৰক এনে এজন ব্যক্তি  যি  নেকি নিজ নামত ইয়াক ধাৰণ কৰে বা অধিকাৰী হয় , আৰু ইয়াৰ আন পক্ষৰ পৰা সেই পত্ৰৰ টকা পাব বা আদায় কৰা ক্ষমতা পায়।কোনো ব্যক্তি ধাৰক হবলৈ হলে ব্যক্তিজন সম্প্ৰদেয় পত্ৰখন ৰাখিবলৈ নিজ নামত বিহিত অধিকাৰ প্ৰাপ্ত হব লাগিব।অৰ্থাৎ তেওঁ ইয়াৰ বৈধ গৰাকী হব লাগিব আৰু ধাৰকে সম্প্ৰদেয় পত্ৰৰ মূল্য তাৰ লগত জড়িত আন পক্ষৰ পৰা পাবলৈ বা আদায় কৰিবলৈ নিজ নামত অধিকাৰী হয়।

প্ৰশ্ন ১৮।বিভিন্ন ধৰণৰ হস্তান্তৰ যোগ্য দলিলসমূহ কি কি ?

উত্তৰ :- বিভিন্ন ধৰণৰ হস্তান্তৰযোগ্য দলিলসমূহ হল   –   

(ক) ড্ৰাফট।  

(খ) চেক।  

(গ) প্ৰতিশ্ৰুতি পত্ৰ ইত্যাদি।  

প্ৰশ্ন ১৯।চেকৰ বিভিন্ন ধৰণৰ ৰেখাংকন চিত্ৰ আঁকা।

উত্তৰ :-  

প্ৰশ্ন ২০।ধাৰক আৰু যথাবিহীত ধাৰকৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- ধাৰক:-

(ক) যিকোনো মানুহ এজনেই ধাৰক হব পাৰে।

(খ) ধাৰক যিকোনো সময়তে ধনৰ পৰিশোধ লব পাৰে।

যথাবিহীত ধাৰক:-

(ক) যথাবিহীত ধাৰক হবলৈ হলে ধাৰকজনৰ পৰিচিতি সম্পর্ক টো কোনো সন্দেহ থাকিব নোৱাৰে।

(খ) যথাবিহীত ধাৰকে দলিলত উল্লেখিত সময় অনুসৰিহে পৰিশোধ লব লাগে।

প্ৰশ্ন ২১।এখন চেকৰ নক্সা অঁকা।

উত্তৰ :- 

প্ৰশ্ন ২২।এখন খালি চেকৰ নক্সা আঁকা।

উত্তৰ :-

প্ৰশ্ন ২৩।বিনিময় পত্ৰৰ নক্সা আঁকা।

উত্তৰ :- Rs.3000       Mumbai 

Nov 30, 2011

Two months after date pay to Mr . Sachin tandulker or his order the sum of Rs . Three thousand only ,for value received .

To 

Mr. Rail David 

B.M.G.road                 as/

Bangalore          Mr. sourav das

প্ৰশ্ন ২৪।হুণ্ডি আৰু বিনিময় পত্ৰৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- হুণ্ডি :- (ক) হুণ্ডিৰ  প্ৰচলন কেৱল ভাৰতত হে আছে।

(খ) হুণ্ডিৰ নিয়ন্ত্ৰণৰ বাবে তেনে কোনো পৃথক অইন নাই।

(গ) হুণ্ডি দুই ধৰণৰ।

বিনিময় পত্ৰ :- (ক)বিনিময় পত্ৰ বিশ্বৰ সকলোতে প্ৰচলিত।

(খ) হস্তান্তৰযোগ্য দলিল আইনে বিনিময় পত্ৰবোৰক নিয়ন্ত্ৰণ কৰে।

(গ) বিনিময় পত্ৰ সাধাৰণতে তিনি ধৰণৰ।

প্ৰশ্ন ২৫।প্ৰতিশ্ৰুতি পত্ৰৰ নক্সা আঁকা। 

উত্তৰ :-                   

প্ৰশ্ন ২৬।বৈধ পৃষ্ঠাঙ্কনৰ আৱশ্যকীয় উপদানবোৰ কি কি ? আলোচনা কৰা ।

উত্তৰ :- বৈধ পৃষ্ঠঙ্কনৰ আৱশ্যকীয় উপাদান বোৰ হল   –

(ক) হস্তান্তৰযোগ্য দলিলৰ ওপৰফালে বা তালৰফালে পৃষ্ঠাঙ্কন কৰিব লাগে।ইয়াৰ পাছতে যদি প্ৰয়োজন হয় বা আন বেলেগ কাকত ইয়াৰ সংলগ্ন কৰি লৈ পৃষ্ঠাঙ্কন কৰিব পাৰে।

(খ) দলিলৰ সংশ্লিষ্ট বা জড়িত পক্ষইহে পৃষ্ঠাঙ্কন কৰিব পাৰে।

(গ) পৃষ্ঠাঙ্কনত প্ৰাপকৰ নাম ভুল কৈ থাকিলে তেওঁ আনলৈ পৃষ্ঠাঙ্কন কৰাৰ ক্ষেত্ৰতে ভুলটো ভুলকৈয়ে লিখি চহী কৰি পৃষ্ঠাঙ্কন কৰিব লাগে।

(ঘ) পৃষ্ঠাঙ্কন কৰোতে মাত্ৰ চহী বা পৃষ্ঠাঙ্কন গ্ৰহীতাৰ  নাম লিখিও পৃষ্ঠাঙ্কন কৰিব পাৰে।

(ঙ) দলিলৰ প্ৰদানৰ জৰিয়তেহে  পৃষ্ঠাঙ্কন পূৰ্ণ হব পাৰে।অৰ্থাৎপৃষ্ঠাঙ্কন কৰি তাক যদিহে হস্তান্তৰ কৰা নহয় তেন্তে তাৰ জৰিয়তে লেন দেন  নিষ্পত্তি হোৱাতো সাব্যস্ত নকৰে।

(চ) পৃষ্ঠাঙ্কন কেইবা প্ৰকাৰৰো হব পাৰে আৰু একেখন দলিলতে বিভিন্ন ধৰণে পৃষ্ঠাকৃত হব পাৰে।এনে ক্ষেত্ৰত পৃষ্ঠাঙ্কন ক্ৰম অনুসাৰে হে বিবেচিত হয়।

(ছ) প্ৰতিশ্ৰুতি পত্ৰৰ ধাৰকেই প্ৰাপক হলে তেনে পত্ৰ নিজৰ হকে পৃষ্ঠঙ্কন কৰাৰ অধিকাৰ থাকিব।

(জ) পৃষ্ঠাঙ্কন সাধাৰণতে চিয়াঁহীৰে কৰা হয়।

(ঝ) পৃষ্ঠাঙ্কন সম্পূৰ্ণ দলিলখনৰ বাবে হব লাগিব।পৃষ্ঠাঙ্কন আংশিক হলে  তেনে দলিলৰ পৃষ্ঠঙ্কন নিয়মীয়া হিচাপে বিবেচিত নহয়।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ২৭।চেক আৰু বিনিময় পত্ৰ বা বিল।

উত্তৰ :- চেক :- (i) চেক সদায় কোনো এটা বিশেষ বেংকৰ কোনো এক নিৰ্দিষ্ট ওপৰত লিখা হয়।

(ii) চেক সদায় চাহিদা মৰ্মেহে পৰিশোধ কৰা হয়।

(iii) চেকত কোনো অনুগ্ৰহ দিনৰ ব্যৱস্থা দিয়া নাথাকে।

(iv) চেকত কোনো স্বীকৃতিৰ প্ৰয়োজন নাথাকে।

(v) চেক ৰেখাংকন কৰিব পাৰি।

(vi) চেক প্ৰত্যাশিত হলে জাননী দিয়াৰ আৱশ্যকতা নাই।

(vii) চেকত ষ্টাম্প লগোৱাৰ প্ৰয়োজন নাই।

বিনিময় পত্ৰ :- (i) বিনিময় পত্ৰ সদায় ব্যক্তি অথবা প্ৰতিষ্ঠানৰ ওপৰত লিখা হয়।

(ii) নিৰ্দিষ্ট সময়ৰ অন্তৰত হে বিনিময় পত্ৰৰ ধন পৰিশোধ কৰা হয়।

(iii) বিনিময় পত্ৰত তিনিদিন অনুগ্ৰহ দিন হয়।

(iv) বিনিময় পত্ৰত ধৰুৱাই স্বীকৃতি অবিহনে ইয়াৰ কোনো মূল্য নাথাকে।

(v) বিনিময় পত্ৰ ৰেখাংকন কৰাৰ কোনো ব্যৱস্থা নাথাকে।

(vi) বিনিময় পত্ৰ প্ৰত্যাশিত হলে সংশ্লিষ্ট পক্ষসমূহলৈ প্ৰত্যাখ্যান মৰ্মে জাননী দিয়াতো অত্যাৱশ্যকীয়। 

(vii) বিনিময় পত্ৰত ধন অনুসাৰে ষ্টাম্প লগোৱাটো অতি প্ৰয়োজনীয়।

প্ৰশ্ন ২৮।চেক আৰু প্ৰতিশ্ৰুতি পত্ৰ।

উত্তৰ :- চেক :- (i) সাধাৰণতে উত্তমাৰণ পাওনাদাৰে চেক লিখে।

(ii) টকা আদায় দিবলৈ ইয়াত আদেশ দিয়া হয়।

(iii) চেকত দুটাতকৈ বেছি পত্ৰ থাকিব পাৰে।অৰ্থাৎ অৰ্হতা,পৰিশোধকাৰী আৰু প্ৰাপক ইয়াৰ পক্ষ হব পাৰে।

(iii) চেক কেৱল বেংকৰ ওপৰত লিখা হয়  আৰু বেংকে ইয়াৰ আদায় দিয়ে।ব্যক্তিয়ে ইয়াক লিখিব বা আদায় দিব।

(v) চেক সদায় চাহিদা মতে আদায় দিব লাগে।

প্ৰতিশ্ৰুতি :- (i ) দেনাদাৰে প্ৰতিশ্ৰুতি পত্ৰ দিয়ে।

(ii) টকা পৰিশোধ কৰিবলৈ ইয়াত প্ৰতিশ্ৰুতি দিয়া হয়।

(iii) ইয়াত প্ৰতিশ্ৰুতি দাতা আৰু প্ৰাপক হিচাপে মাত্ৰ দুটা পক্ষ থাকে।

(iv) ইয়াক একোজন ব্যক্তি বা প্ৰতিষ্ঠানে সাধাৰণতে লিখে।অৱশ্যে একাধিক পাৰে।

(v) ইয়াক চাহিদা মতে বা ম্যাদ অন্তত পৰিশোধ কৰা হয়।

প্ৰশ্ন ২৯।হস্তান্তৰ যোগ্য পত্ৰৰ অপৰিহাৰ্য বৈশিষ্ট্য সমূহ কি কি ?

উত্তৰ :- হস্তান্তৰ যোগ্য পত্ৰৰ অপৰিহাৰ্য বৈশিষ্ট্য সমূহ হল  –

(i) হস্তান্তৰ যোগ্য পত্ৰ লিখিব  লাগিব।

(ii) ই প্ৰস্তুত কাৰকৰ দ্বাৰা স্বাক্ষৰিত হব লাগিব।

(iii) হস্তান্তৰ যোগ্য পত্ৰ হবলৈ হলে তাত প্ৰতিশ্ৰুতি অথবা আদেশ থাকিব লাগিব।

(iv) আদেশ বা প্ৰতিশ্ৰুতি চৰ্তহীন হব লাগিব।

(v) ধনৰ পৰিমাণ নিৰ্দিষ্ট ভাবে উল্লেখিত হব লাগিব।

(vii) নিৰ্দিষ্ট দিনত অথবা তাৰিখত ধন দিব লগা হব লাগিব।

(viii) হস্তান্তৰযোগ্য পত্ৰৰ মালিকীস্বত্ব সহজে এজনে আন জনলৈ হস্তান্তৰ কৰিব পাৰি।

(ix) সৎ বিশ্বাসত আৰু মূল্যৰ বিনিময়ত দলিল গ্ৰহণ কৰা ব্যক্তিক যথাবিহীত ধাৰক বুলি কোৱা হয়।

(x) হস্তান্তৰ যোগ্য পত্ৰত প্ৰতিদিন ধৰি লোৱা হয় প্ৰতিদান প্ৰমাণ কৰা আৱশ্যক নাই ইত্যাদি।

প্ৰশ্ন ৩০।বিনিময় পত্ৰ আৰু প্ৰতিশ্ৰুতি পত্ৰ।

উত্তৰ :- বিনিময় পত্ৰ :- (i) বিনিময় পত্ৰত তিনিটা পক্ষ থাকে ।যেনে লিখক ,গ্ৰাহক আৰু প্ৰাপক।

(ii) বিনিময় পত্ৰত লিখোঁতে আৰু প্ৰাপক একেজন ব্যক্তি হব পাৰে।

(iii) বিনিময় পত্ৰ স্বীকৃতি নহলে তেনে বিলে আইনগত মৰ্য্যদা লাভ কৰিব নোৱাৰে।

(iv) বিনিময় পত্ৰৰ ধন আদায়ৰ বাবে উপস্থাপন কৰাৰ প্ৰয়োজন নাই।

প্ৰতিশ্ৰুতি পত্ৰ :- (i) প্ৰতিশ্ৰুতি পত্ৰত দুটা পক্ষ থাকে যেনে প্ৰতিশ্ৰুতিদাতা আৰু প্ৰাপক।

(ii) প্ৰতিশ্ৰুতি পত্ৰৰ প্ৰস্তুত কাৰী নিজে প্ৰাপক হব নোৱাৰে।

(iii) প্ৰতিশ্ৰুতি পত্ৰত স্বীকৃতিৰ প্ৰয়োজন নাই।

(iv) প্ৰতিশ্ৰুতি পত্ৰৰ ধন আদায়ৰ  বাবে  উপ স্থাপন কৰিব লাগে।

প্ৰশ্ন ৩১।যথাবিহীত ধাৰক আৰু যথাবিহীত পৰিশোধৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- যথাবিহীত ধাৰক আৰু যথাবিহীত পৰিশোধৰ মাজত পাৰ্থক্য  –

যথাবিহীত ধাৰক :- (i) ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ অইন 1১৮৮১ৰ ৯ নম্বৰ ধাৰাত যথাবিহীত ধাৰকৰ সংজ্ঞা দিয়া আছে।সেইমতে যিজন ব্যক্তিয়ে প্ৰতিদানৰ বিনিময় এখন হস্তান্তৰযোগ্য পত্ৰৰ গৰাকী হয় তেওঁৱেই যথাবিহীত ধাৰক হয়।

হস্তান্তৰযোগ্য পত্ৰ আদায় নোহোৱা লৈকে স্বীকৃতি দাতাৰ পত্ৰখনৰ ওপৰত দায়িত্ব থাকে।যথাবিহীত ধাৰকে তেওঁৰ পত্ৰখনৰ মূল্য অন্যলৈ হস্তান্তৰ কৰিব পাৰে।

যথাবিহীত পৰিশোধ :- (i) ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ অইন 1১৮৮১ ৰ ১০ নম্বৰ ধাৰাৰ যথাবিহীত পৰিশোধৰ সংজ্ঞা দিয়া আছে সেইমতে এখন পত্ৰ সৎ বিশ্বাসত কোনো অৱহেলা নোহোৱাকৈ যদি এখন পত্ৰৰ অধিকাৰী হয় তেৱেঁই যথাবিহীত ধাৰক।স্বীকৃতিদাতাৰ ইয়াত দায়িত্ব নাথাকে।যথাবিহীত পৰিশোধৰ ক্ষেত্ৰত পত্ৰখনৰ মূল্য অন্যলৈ হস্তান্তৰ কৰিব নোৱাৰে।

প্ৰশ্ন ৩২।হস্তান্তৰ যোগ্য বা সম্প্ৰদেয় পত্ৰ সংজ্ঞা দি অৰ্থ লিখা।হস্তান্তৰ যোগ্য পত্ৰৰ অপৰিহাৰ্য বৈশিষ্ট্য সমূহ কি কি ?

উত্তৰ :-1881  চনৰ ভাৰতীয় সম্প্ৰদেয় পত্ৰ আইনৰ 13 নং ধৰা অনুসৰি  প্ৰতিশ্ৰুতি পত্ৰ বিনিময় পত্ৰ বা চেক যি নেকি ইয়াৰ বাহকক বা ইয়াত উল্লেখ থকা নিৰ্দিষ্ট ব্যক্তিক আদায়যোগ্য হয় ,সেয়ে হস্তান্তৰযোগ্য বা সম্প্ৰদেয় পত্ৰ।অৰ্থাৎ সৎ বিশ্বাসত আৰু মূল্য পৰিশোধ কৰি এনে দলিল আহৰণ কৰে।

হস্তান্তৰ যোগ্য পত্ৰৰ অপৰিহাৰ্য বৈশিষ্ট্য সমূহ হল -(i) হস্তান্তৰ যোগ্য পত্ৰ লিখিব লাগিব।

(ii) ই প্ৰস্তুত কাৰকৰ দ্বাৰা স্বাক্ষৰিত হব লাগিব।

(iii) হস্তান্তৰ যোগ্য পত্ৰ হবলৈ হলে তাত প্ৰতিশ্ৰুতি অথবা আদেশ থাকিব লাগিব। 

(iv) আদেশ বা প্ৰতিশ্ৰুতি চৰ্ত হীন হব লাগিব।

(v) ধন আদায় দিয়াৰহে আদেশ বা প্ৰতিশ্ৰুতি হব লাগিব।

(vi) ধনৰ পৰিমাণ নিৰ্দিষ্ট ভাবে উল্লেখিত হব লাগিব।

(vii) নিৰ্দিষ্ট দিনত অথবা তাৰিখত ধন দিন লগা হব লাগিব।

(viii) হস্তান্তৰযোগ্য পত্ৰৰ মালিকীস্বত্ব সহজে এজনে আন জনলৈ হস্তান্তৰ কৰিব পাৰি।

(ix) সৎ বিশ্বাসত আৰু মূল্য বিনিময়ত দলিল গ্ৰহণ কৰা ব্যক্তিক যথাবিহীত ধাৰক বুলি কোৱা হয়।

(শ) হস্তান্তৰ যোগ্য পত্ৰত প্ৰতিদান ধৰি লোৱা হয়।প্ৰতিদিন প্ৰমাণ কৰা আৱশ্যক নাই ইত্যাদি।

দীঘল প্ৰশ্ন উত্তৰ

প্ৰশ্ন ৩৩।বিভিন্ন ধৰণৰ ৰেখাংকন কি কি ? সাধাৰণ আৰু বিশেষ ৰেখাংকনৰ ভূমিকা বুজাই লিখা।

উত্তৰ :- চেকৰ সন্মুখভাগ বাওঁফালে চুকত সমান্তৰালভাৱে দুডাল ৰেখা টানি “এণ্ড কং ” লিখা বা নিলিখা চেককে ৰেখাংকিত চেক বোলা হয়। চেক সাধাৰণতে দুই প্ৰকাৰে ৰেখাংকিত কৰিব পাৰি।যেনে –   

(i) সাধাৰণভাবে ৰেখিত চেক । আৰু 

(ii) বিশেষভাৱে ৰেখিত চেক।

(i) সাধাৰণভাবে ৰেখিত চেক :- হস্তান্তৰ যোগ্য দলিল অইন 1881 চনৰ 123 নং ধাৰা মতে চেকৰ সন্মুখডাল দুডাল সমান্তৰাল সৰলৰেখা টনা আৰু ইয়াৰ ভিতৰত এণ্ড কোম্পানী ‘হস্তান্তৰ যোগ্য নহয় ‘আদি পদাৱলী লিখা বা নিলিখাকৈ সাধাৰণ ৰেখাংকিত চেক বোলা হয়।অৰ্থাৎ সাধাৰণ ৰেখাংকিত চেকৰ সন্মুখফালে সাধাৰণভাবে দুডাল সমান্তৰাল সৰলৰেখা টনা হয় আৰু ইয়াৰ ভিতৰত CO, NOt negotible লিখা হবও পাৰে , নহবও পাৰে।বেংকে সাধাৰণভাবে ৰেখাংকিত কৰা চেক কাউণ্টাৰত দাখিল কৰিলেও ধন পৰিশোধ নকৰে।মাথোন বেংকত থকা হিচাপত ক্ৰেডিট কৰিহে পিছত পৰিশোধ কৰে।সাধাৰণ ৰেখাংকিত চেকৰ নমুনা হল।

(ii) চেকৰ ৰেখাংকিত চেক :- হস্তান্তৰ যোগ্য দলিল আইন 1881 চনৰ 124 নং ধাৰা অনুসৰি  ” যি চেকৰ সন্মুখ ফালে সমান্তৰাল সৰলৰেখা টানি ভিতৰত  ” হস্তান্তৰ যোগ্য নহয় ‘ বুলি লিখা থাকে বা নথকাৰ উপৰি কোনো নিৰ্দিষ্ট বেংকৰ নাম সংযোগ কৰা থাকে।সেই চেকৰ বিশেষ ৰেখাংকিত চেক হিচাপে গণ্য কৰা হয় আৰু সেই নিৰ্দিষ্ট বেংলৈকেহে চেকখন ৰেখাংকিত হয়।

বিশেষ ৰেখাংকিত চেকত সৰলৰেখা টনা হবও পাৰে বা নহবও পাৰে ; সেইদৰে যোগ্য নহয় ‘ প্ৰাপকৰ হিচাপত  ‘, এণ্ড কোম্পানী  ‘ পদাৱলী বোৰ লিখা হব বা নহবও পাৰে।কিন্তু এই চেকত নিৰ্দিষ্ট বেংকৰ নাম লিখা হবই লাগিব আৰু নিৰ্দিষ্ট তেনে বেংলৈকেহে টকা পৰিশোধ কৰা হয়। 

প্ৰশ্ন ৩৪।যথাযোগ্য ধাৰক কোন ? তেওঁ পোৱা সুবিধাবোৰ আলোচনা কৰা।

উত্তৰ :- ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন 1881  চনৰ 9 নং ধাৰা অনুসৰি যথাবিহীত ধাৰক মানে হল  “কোনো ব্যক্তিক ধন প্ৰদেয় হোৱাৰ পূৰ্বে প্ৰতিদানৰ বিনিময়ত কোনো ব্যক্তি বা বাহকক পৰিশোধনীয় প্ৰতিশ্ৰুতি পত্ৰ , বিনিময় পত্ৰ অথবা চেকৰ অধিকাৰী হলে অথবা এনে দলিলৰ প্ৰাপক বা পৃষ্ঠঙ্কন গ্ৰাহীতা হলে আৰু যাৰ পৰা দলিলৰ ওপৰত স্বত্ব লাভ কৰে , তেওঁৰ স্বত্ব ক্ৰুটি পূৰ্ণ বুলি ভাবিবলৈ কোনো কাৰণ নাথাকিলে দলিলৰ দখলীয়াধীন ব্যক্তিক যথাবিহীত ধাৰক বুলি গণ্য কৰা হয়। 

যথাবিহীত ধাৰকৰ সুবিধাবোৰ হল – (i) আইনৰ চৰ্ত বোৰ পূৰণ কৰি যথাবিহীত ধাৰক হলে , তেওঁৰ গৰাকীস্বত্ব সম্পূৰ্ণৰূপে ক্ৰুটি মুক্ত হয়। অৰ্থাৎ পূৰ্বৰ ধাৰক সকলতকৈ তেওঁ শুদ্ধ গৰাকীস্বত্ব পাব পাৰে আনকো তেওঁ নিখুঁত গৰাকীস্বত্ব প্ৰদান কৰিব পাৰে।

(ii) সম্প্ৰদেয় পত্ৰৰ পূৰ্বৰ সকলো পক্ষ সেই পত্ৰৰ মূল্য আদায় নোহোৱালৈ যথাবিহীত ধাৰকৰ ওচৰত দায়ী থাকে।

(iii) কোনো অসম্পূৰ্ণ সম্প্ৰদেয় পত্ৰ যদি পূৰ্বৰ হস্তান্তৰকাৰীয়ে অধিক মূল্য লিখিও পূৰ্ণ  কৰে তেতিয়া হলেও যথাবিহীত ধাৰকে তাক আদায় কৰিব পাৰে।

(iv) কোনো বিল কাল্পনিক নামেৰে লিখিলেও তাৰ স্বীকৃতি দাতা যথাবিহীত ধাৰকৰ ওচৰত দায়ী থাকে।

(v) সম্প্ৰদেয় পত্ৰৰ বাবে দায়ী কোনো ব্যক্তি য়ে পিছত তেওঁ সেইখন হেৰুৱা বুলি বা তেওঁৰ পৰা জোৰকৈ বা বে – আইনিভাৱে নিয়া বুলি যথাবিহীত ধাৰকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে।

(vi) সম্প্ৰদেয় পত্ৰৰ লিখক বা স্বীকৃতি দাতাই এইবোৰৰ বৈধতা অস্বীকাৰ কৰি যথাবিহীত ধাৰকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে।

(vii) প্ৰতিশ্ৰুতি পত্ৰৰ লিখক ,বিলৰ স্বীকৃতি দাতাই প্ৰাপকৰ বা পৃষ্ঠাঙ্কনকাৰীৰ ক্ষমতাৰ প্ৰশ্ন তুলি যথাবিহীত ধাৰকৰ স্বত্বাধিকাৰ লোপ কৰিব নোৱাৰে।

প্ৰশ্ন ৩৫।পৃষ্ঠাঙ্কনৰ আৱশ্যকতা আলোচনা কৰা।

উত্তৰ :- হস্তান্তৰৰ উদ্দেশ্যৰে দলিলৰ পিছ পিঠিত কোনো ব্যক্তিৰ নাম উল্লেখ কৰি হস্তান্তৰকাৰীয়ে নিজে তাৰ তলত স্বাক্ষৰ কৰি দিয়াকে পৃষ্ঠঙ্কন বোলা হয়।ভাৰতীয় সম্প্ৰদেয় পত্ৰ আইনৰ 15 নং ধাৰা মতে সম্প্ৰদেয় পত্ৰৰ লিখক বা ধাৰকে ইয়াকে হস্তান্তৰ উদ্দেশ্য  যেতিয়া ইয়াৰ পিঠিত ,সন্মুখত বা ইয়াৰ গাঁঠি দিয়া কাকত নতুবা সম্প্ৰদেয় পত্ৰ হিচাপে সকলো কৰিবলগীয়া মুদ্ৰাঙ্কন কাকতও চহী কৰি দিয়ে , তেতিয়া তেওঁ তাক পৃষ্ঠাঙ্কন কৰা বোলে আৰু তেওঁক পৃষ্ঠাঙ্কনকাৰী বোলে।

বিভিন্ন প্ৰকাৰৰ পৃষ্ঠাঙ্কন হল – (ক) মুকলি পৃষ্ঠাঙ্কন :- পৃষ্ঠাঙ্কনকাৰীয়ে যদি হস্তান্তৰীত পত্ৰখন মাত্ৰ স্বক্ষৰ কৰিয়ে  হস্তান্তৰ  কৰি দিয়ে তেতিয়া হলে তেনে পৃষ্ঠঙ্কনকে মুকলি পৃষ্ঠাঙ্কন বোলে।এনেদৰে পৃষ্ঠাঙ্কন কৰা দলিলক বাহক চেকৰ নিচিনা কৈ বা দলিলৰ বাহককে ধন পৰিশোধ কৰিলে হয়।

(খ) সম্পূৰ্ণ বা বিশেষ পৃষ্ঠাঙ্কন :- যেতিয়া কোনো এক বিশেষ ব্যক্তিক বা তেওঁৰ নিৰ্দেশ মৰ্মে ধন পৰিশোধৰ বাবে নিৰ্দিষ্ট কৰি নিৰ্দেশ দি পৃষ্ঠাঙ্কন কাৰীয়ে পৃষ্ঠাঙ্কন কৰে তেনে পৃষ্ঠঙ্কনক সম্পূৰ্ণ বা বিশেষ পৃষ্ঠাঙ্কন বোলা হয়।

(iii) নিষেধক পৃষ্ঠাঙ্কন :- যেতিয়া কোনো এক নিৰ্দিষ্ট ব্যক্তিক ধন পৰিশোধৰ নিৰ্দেশ দি পৰৱৰ্তী হস্তান্তৰৰ পথ নিষিদ্ধ কৰি পৃষ্ঠাঙ্কন কৰি দিয়ে ,তেতিয়া তেনে পৃষ্ঠাঙ্কনক নিষেধক পৃষ্ঠাঙ্কন বোলা হয়।

(iv) আংশিক পৃষ্ঠাঙ্কন :- যদিহে দলিলত উল্লেখিত ধনৰ এটা অংশহে পৰিশোধৰ বাবে পৃষ্ঠাঙ্কন কৰা হয় তেতিয়া তেনে পৃষ্ঠাঙ্কনক আংশিক পৃষ্ঠাঙ্কন বোলা হয়।এনে পৃষ্ঠাঙ্কনক অনিয়মীয়া পৃষ্ঠাঙ্কন ৰূপে পৰিগণিত হয়।

(v) চৰ্ত সাপেক্ষে পৃষ্ঠাঙ্কন :- পৃষ্ঠাঙ্কনকাৰীয়ে যদি হস্তান্তৰ যোগ্য দলিলত উল্লেখিত ধন কোনো চৰ্ত পুৰনৰ সাপেক্ষে হে পৰিশোধনীয় হিচাপে সীমিত কৰি পৃষ্ঠাঙ্কন কৰে তেন্তে তেনে পৃষ্ঠাঙ্কনক চৰ্ত সাপেক্ষে পৃষ্ঠাঙ্কন বোলা হয়।

(vi) ত্যাগ আৰু দায়িত্ব বৃদ্ধি মূলক পৃষ্ঠাঙ্কন :- পৃষ্ঠাঙ্কন কাৰীৰ উক্তিৰ দ্বাৰা দলিলৰ ওপৰত দায়িত্ব হ্ৰাস বা বৃদ্ধি কৰি পৃষ্ঠাঙ্কন কৰিলে তেনে পৃষ্ঠাঙ্কনক ত্যাগ আৰু দায়িত্ব বৃদ্ধি মূলক পৃষ্ঠাঙ্কন বোলা হয়।এনে পৃষ্ঠাঙ্কনত পৃষ্ঠাঙ্কনকাৰীয়ে কৈ দিব পাৰে যে  দলিলখন প্ৰত্যখিত হলেও প্ৰত্যাখ্যানৰ জাননীৰ প্ৰয়োজন নাই বুলি পৃষ্ঠাঙ্কন কৰিব পাৰে।

(vii) ছেনছৰিকৰ্ছ পৃষ্ঠাঙ্কন :- যেতিয়া পৃষ্ঠাঙ্কনকাৰীয়ে পৃষ্ঠাঙ্কনৰ পাছত কোনো দায়িত্ব গ্ৰহণ কৰাৰ পৰা বিৰত থাকে তেনে পৃষ্ঠাঙ্কনক ছেনছৰিকৰ্ছ পৃষ্ঠাঙ্কন বোলা হয়।এই ক্ষেত্ৰত দলুলৰ প্ৰত্যাখ্যান হলেও প্ৰাপকে তেওঁৰ আগৰ পৃষ্ঠাঙ্কনকাৰীৰ ওপৰত কোনো দোষাৰোপ কৰিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top