Class 12 Banking Chapter 3 বিত্তীয় বজাৰ

Class 12 Banking Chapter 3 বিত্তীয় বজাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 3 বিত্তীয় বজাৰ and select needs one.

Class 12 Banking Chapter 3 বিত্তীয় বজাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 3 বিত্তীয় বজাৰ Solutions for All Subject, You can practice these here…

বিত্তীয় বজাৰ

Chapter: 3

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১।নতুন প্ৰতিভূতি বজাৰ বুলিলে কি বুজা ?

উত্তৰ :- কোম্পানী , নিগম চৰকাৰী বা অৰ্দ্ধ চৰকাৰী প্ৰতিষ্ঠান বোৰে নতুনকৈ অংশপত্ৰ ঋণ পত্ৰ বা বিত্তীয় দলিল পোন প্ৰথমবাৰৰ কাৰণে যি বজাৰত বিক্ৰী কৰে তাকে প্ৰাথমিক পুঁজি বজাৰ বোলে । ইয়াক নতুন প্ৰতিভূতি বিলি বজাৰ বুলিও কোৱা হয় ।

প্ৰশ্ন ২।চৰকাৰী প্ৰতিভূতি বজাৰ বা গৌণ প্ৰতিভুকি বজাৰ কি ?

উত্তৰ :- চৰকাৰী প্ৰতিভূতি বজাৰ হল কেন্দ্ৰীয় চৰকাৰে বিলি কৰা কিছুমান বস্তুৰ বজাৰ যত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট পৰিমাণৰ সুদ আদায় দিয়া হয় । 

প্ৰশ্ন ৩।উদ্যোগিক প্ৰতিভূতি বজাৰ কি ?

উত্তৰ :- উদ্যোগিক প্ৰতিভূতি বজাৰ হল এনে এখন বজাৰ যত শ্বেয়াৰ , বস্তু আদি কিনা বেচা কৰা হয় ।

প্ৰশ্ন ৪।কল মানি মাৰ্কেট মানে কি ?

উত্তৰ :- কল মানি মাৰ্কেট এনে এক ব্যৱস্থা যত অতি কম সময়ৰ বাবে বাণিজ্যিক বেংকবোৰে লোণৰ যোগান ধৰে ।এই লোণ সাধাৰণতে সাত দিনৰ ভিতৰত ঘূৰাই দিব লাগে।

প্ৰশ্ন ৫।কোল্লোটাৰেল  ঋণ বজাৰ কি ?

উত্তৰ :- কোল্লোটাৰেল ঋণ বজাৰ হল এনে ব্যৱস্থা যত শ্বেয়াৰ ,বস্তু আদিৰ বিনিময়ত ঋণ প্ৰদান কৰা হয় । 

প্ৰশ্ন ৬।বাণিজ্যিক কাকত কি ?

উত্তৰ :- ই এক এনে বিত্তীয় দলিল যাক অসুৰক্ষিত প্ৰতিশ্ৰুতি পত্ৰ বুলি কবও পাৰে বজাৰত নাম সংগঠনবোৰেহে এনে দলিল বিক্ৰী কৰে ।

প্ৰশ্ন ৭।চাৰ্টিফিকেট অব ডিপোজিত কি ? 

উত্তৰ :- চাৰ্টিফিকেট অব ডিপোজিতৰ বিপৰীতে এটা কোম্পানী বা সংগঠনো চাৰ্টিফিকেট ডিপোজিট বিলি কৰে  । এইবোৰ   ৯১ দিনৰ পৰা ৩৬৫ দিনলৈকে হব পাৰে । ইয়াৰ ধাৰা নিৰ্দিষ্ট দিনৰ মূৰত সুদসহ গোটেই টকা খিনি ঘূৰাই পায় ।

প্ৰশ্ন ৮।বাণিজ্যিক দলিল কি ?   

উত্তৰ :- এইবোৰ বিভিন্ন ধৰণৰ বাণিজ্যিক কাকত যিবোৰ এজন মানুহে আন এজনলৈ বুলি অংকন কৰে । এইবোৰ এক চাৰ্টহীন আদেশ যাতে ইয়াৰ মূল্য ধাৰকে সময়ত পায় ।

প্ৰশ্ন ৯।মুদ্ৰা বজাৰ কি ?

উত্তৰ :- যি কেন্দ্রত হ্ৰস্বকালীন মুদ্ৰা বিষয়ক পৰি সম্পদৰ লেন দেন হয় তাকে মুদ্ৰা বজাৰ বোলে।

প্ৰশ্ন ১০।কোন চনত BSE স্থাপিত হৈছিল ?

উত্তৰ :- BSE ১৮৭৫ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

চমু উত্তৰ দিয়া

প্ৰশ্ন ১১।বিত্ত বজাৰ কি ?

উত্তৰ :- মুদ্ৰিত পৰিসম্পদৰ ক্ৰয় বিক্ৰয় বা লেনদেনৰ নিষ্পত্তি হোৱা ঠাই বা কেন্দ্ৰকে বিত্ত বজাৰ বোলে । অৰ্থাৎ বিত্তীয় বজাৰ হল এক প্ৰণালী ব্দ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা যত বিভিন্ন প্ৰকাৰৰ বিত্তীয় সম্পদ আৰু ঋণ আহিলাবোৰ যেনে বিহীত মুদ্ৰা বা কাগজি মুদ্ৰা , চেক , বেংক আমানত , বিল , বণ্ড ইত্যাদিৰ লেন দেন কৰা হয় ।

প্ৰশ্ন ১২।মূলধনী বজাৰ কি ?

উত্তৰ :- যি কেন্দ্ৰ ত মুদ্ৰাৰ সলনি হ্ৰস্বকালীন ঋণ পত্ৰ বা হ্ৰস্বকালীন মুদ্ৰিক পৰি সম্পদৰ কেন দেন হয় তাকে মুদ্ৰা বজাৰ বোলে ।মুদ্ৰা বজাৰত এবছৰ বা দুবছৰ পৰ্যন্ত সময়ৰ হ্ৰস্ব ম্যাদি লেখাৰ সলনি বিনিয়োগকাৰী বা ধৰুৱাই মুদ্ৰা ধাৰলৈ লয় । আনহাতে ,সঞ্চয়কাৰী বা ঋণ দাতা সকলে মুদ্ৰা ধাৰলৈ দি তাৰলতা থকা পৰি সম্পদ লয়। প্ৰকৃততে মুদ্ৰা বজাৰত ঋণ দাতা আৰু ঋম গ্ৰহীতাৰ মাজত মুদ্ৰাৰ পৰিৱৰ্তনে ঋণৰ আদান প্ৰদান হয় । ইয়াত যিবোৰ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সঞ্চিত ধন বা ৰাহী পুঁজি থাকে তেওঁলোকে সেই পুঁজি হ্ৰস্বকালৰ বাবে ধাৰলৈ দিয়ে । অৰ্থাৎ তেওঁলোকে হ্ৰস্বকালীন পুঁজিৰ যোগান দিয়ে । 

প্ৰশ্ন ১৩।বৈদেশিক বিনিময় বজাৰ কি ?

উত্তৰ :- ই হল এনে এক বজাৰ যত বৈদেশিক মুদ্ৰাৰ বিনিময় সাধন কৰা হয় ।এই  বজাৰৰ মুখ্য উদ্দেশ্য হল আন্তৰ্জাতিক বাণিজ্য উন্নীত কৰা। 

প্ৰশ্ন ১৪।বিনিময় কেন্দ্ৰৰ যি কোনো দুটা কাৰ্য লিখা।

উত্তৰ :- বিনিময় কেন্দ্ৰৰ দুটা কাৰ্য হল   –  

(ক) প্ৰতিভূতিৰ লেন দেন । আৰু 

(খ) তাৰল‍্য ।

(গ) চমু উত্তৰ দিয়া :-

প্ৰশ্ন ১৫।মুদ্ৰা বজাৰত অংশ লোৱা বিভিন্ন সংগঠন আৰু অনুষ্ঠান বোৰৰ বিষয়ে লিখা।

উত্তৰ :- মুদ্ৰা বজাৰত অংশ লোৱা বিভিন্ন অনুষ্ঠান সমূহ হল   –  উৎপাদন কাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যৱসায়ী, চৰকাৰী সংগঠন আদি যিবোৰে টকা ধাৰ লৈ লয়।আনহাতে বিভিন্ন বাণিজ্যিক বেংক, বীমা  কোম্পানী, বিত্তীয় অনুষ্ঠানৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক আদিয়ে টকা ধাৰলৈ দিয়ে।

প্ৰশ্ন ১৬।মূলধনী বজাৰৰ বৈশিষ্ট্য বোৰ কি কি ?

উত্তৰ :- মূলধনী বজাৰৰ বৈশিষ্ট্য সমূহ হল   –

(ক) ইয়াৰ প্রতিটো লেন – দেন  দালালৰ সহায়েৰে কৰা হয় ।

(খ) ইয়াত দীঘলীয়া সময়ৰ বাবে ধন বিনিয়োগ কৰা হয় ।

(গ) মূলধন বজাৰ দুই ধৰণৰ উপ বজাৰৰ দ্বাৰা গঠিত হয়   –  প্ৰাথমিক মূলধনী বজাৰ আৰু গৌণ মূলধনী বজাৰ ।

প্ৰশ্ন ১৭।মুদ্ৰা বজাৰৰ বৈশিষ্ট্য বোৰ কি কি ?

উত্তৰ :- মুদ্ৰা বজাৰৰ বৈশিষ্ট্য বোৰ হল –

(ক) সকলোবোৰ লেন দেন দালাল অবিহনে হয় ।

(খ) মুদ্ৰা বজাৰৰ বিনিয়োগ সদায় কাম সময়ৰ বাবে কৰা হয় ।

(গ) মুদ্ৰা বজাৰৰ বহু খন উপ বজাৰ থাকে আৰু এই  বজাৰবোৰ বেলেগ বেলেগ ধৰণৰ হয় ।

প্ৰশ্ন ১৮।অনা বেংকিং বিত্তীয় অনুষ্ঠান বুলিলে কি বোজা ?

উত্তৰ :- বেংকিং আয়োগৰ প্ৰতিবেদন মতে যিবিলাক বিত্তীয় প্ৰতিষ্ঠান ৰ ঋণৰ মীমাংসা কৰাৰ ক্ষেত্ৰত দেনাক লাভৰ উপায় হিচাপে গ্ৰহণ কৰা নহয় , তেনেবোৰ প্ৰতিষ্ঠানিকে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান বোলা হয়।এনে প্ৰতিষ্ঠানবোৰৰ ঋণ মীমাংসা কৰাৰ ক্ষেত্ৰত দেনাক হিচাপৰ ভিতৰত গ্ৰহণ কৰা নহয়। 

দীঘল প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১৯।গৌণ প্ৰতিভূতি বজাৰ বুলিলে কি বুজা ?

উত্তৰ :- প্ৰতিভূতি বিনিময় কেন্দ্ৰ অথবা প্ৰতিভূতি বজাৰ মানে হৈছে মূলধন বজাৰৰ এক উপাদান, এখন সংগঠিত আৰু কেন্দ্ৰীভূত বজাৰ যত অংশ পত্ৰ , ঋণ পত্ৰ , চৰকাৰী জামিন পত্ৰ আদি সকলো প্ৰকাৰৰ পুৰণি আৰু প্ৰচলিত নিৰাপত্তা ক্ৰয় আৰু বিক্ৰয় কৰা হয়। “পাইল” ৰ মতে প্ৰতিভূতি বিনিময় কেন্দ্ৰ বোৰ হৈছে কিছুমান বজাৰ স্থান , যত নিৰাপত্তা পত্ৰ বা প্ৰতিভূতি সমূহ তালিকাভুক্ত কৰি বিনিময়ত উদ্দেশ্য অথবা ফটকা লেন দেন সংঘটিত কৰাৰ অৰ্থে ক্ৰয় আৰু বিক্ৰয় জৰ হয়।

ষ্টক বিনিময় কেন্দ্ৰত পঞ্জীয়ন ভোক্ত সদস্য কিছুমানেহে লেন দেন কৰিব পাৰে । তেওঁলোকক দালাল ,উপ দালাল , ব্যৱসায়ী বোলে । অৰ্থাৎ সৰ্বসাধাৰণ লোকে ইয়াত পোনে পোনে লেন দেন কৰিব নোৱাৰে ।  প্ৰতিভূতিৰ ধাৰক বা গৰাকীয়ে এইবোৰৰ ক্ৰয় বিক্ৰয় কৰিবলৈ হলে,তেওঁ  কোন দালান বা উপ দালালৰ যোগেদি কৰিব পাৰে । বেচা কিনা কৰোতে দালালি আদায় দিব লাগে। পুৰণি প্ৰতিভূতিৰ ক্ৰয় বিক্ৰয়ৰ নিয়মীয়া সুবিধা দি প্ৰতিভূতিৰ ধাৰকক টকা পোৱাৰ  সুবিধা দিয়ে । অৰ্থাৎ এই বজাৰে প্ৰতিভূতিবোৰৰ তাৰলতা আনি দিয়ে।ষ্টক বিনিময় কেন্দ্ৰ বোৰ এক ধৰণৰ পঞ্জীয়ন ভুক্ত সংস্থা এইবোৰ পৰিচালনা কৰিবলৈ ব্যৱস্থাপকে মণ্ডলী থাকে ।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ৩০।মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ পাৰ্থক্য সমূহ হল  –

মুদ্ৰা বজাৰ :- (ক) মুদ্ৰা বজাৰৰ মাধ্যমেৰে সংগ্ৰহ কৰা ধন ৰাশি সাধাৰণতে কম সময়ৰ বাবে ব্যৱহৃত হয় (  এক বছৰৰ বেছি নহয়  )।

(খ) মুদ্ৰা বজাৰত বিভিন্ন ধৰণৰ দলিল যেনে বিল অফ এক্সেঞ্জ ,, ট্রেজাৰী বিল আদি ব্যৱহৃত হয়। 

(গ) মুদ্ৰা বজাৰত সাধাৰণতে কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকবোৰে অংশ গ্ৰহণ কৰে। 

(ঘ) লেন দেন বোৰ দালালৰ অবিহনে সংঘটিত হয় । 

মূলধনী বজাৰ :- (ক) মূলধনী বজাৰৰ ধন ৰাশি দীঘলীয়া সময়ৰ বাবে ব্যৱহৃত হয়।

(খ) মূলধনী বজাৰত শ্বেয়াৰ , ডিবেন্সা ৰ আদি দলিল ব্যৱহৃত হয় । 

(গ) উন্নয়নী বেংক আৰু আঁচনি কোম্পানী সমূহে মূলধনী বজাৰত আগভাগ লয় ।

(ঘ) সকলো ধৰণৰ লেন দেন কেৱল দালালৰ যোগেদিহে হয় ।

প্ৰশ্ন ২১।অনা বেংকিং বিত্তীয় অনুষ্ঠান বুলিলে কি বুজা ?  

উত্তৰ :- বেংকিং আয়োগৰ প্ৰতিবেদন মতে যিবিলাক বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ মীমাংসা কৰাৰ ক্ষেত্ৰত দেনাক লাভৰ উপায় হিচাপে গ্ৰহণ কৰা নহয় ,তেনেবোৰ প্ৰতিষ্ঠানিকে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান বোলা হয়।এনে প্ৰতিষ্ঠানবোৰৰ ঋণ মীমাংসা কৰাৰ ক্ষেত্ৰত দেনাক হিচাপৰ ভিতৰত গ্ৰহণ কৰা নহয়।

প্ৰশ্ন ২২।অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানবোৰৰ ভূমিকা আলোচনা কৰা ।

উত্তৰ :- অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানবোৰক উন্নয়নী বেংক বুলিও কোৱা হয় । এইবোৰ সংগঠিত সাধাৰণতে সামাজিক – অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰী প্ৰচেষ্টাত প্ৰতিষ্ঠিত হয়।এই প্ৰতিষ্ঠানবোৰৰ মুখ্য উদ্দেশ্য সমূহ হল –

(ক) উদ্যোগ কৃষি আৰু আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ উন্নয়ন আৰু সম্পসাৰণত সহায় কৰা ।

(খ) অৰ্থনৈতিক উন্নয়নৰ গতি বৃদ্ধি কৰা।

(গ) সম্পদৰ সঠিক ব্যৱহাৰ কৰা আৰু অপচয় ৰোধ কৰা । 

(ঘ) ব্যক্তিগত খণ্ডৰ উদ্যোগিকৰণৰ হাৰ উন্নত কৰা আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰা ইত্যাদি ।

(ঙ) গাঁৱলীয়া অঞ্চলসমূহৰ বিকাশ সাধন কৰা ইত্যাদি ।স্বাধীনতাৰ পিছৰে পৰা এই অনুষ্ঠানসমূহে উদ্যোগিকৰণ , অৰ্থনৈতিক উন্নয়ন, নিয়োগ আদিৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে । ভাৰতীয় জন জীৱনত এই অনুষ্ঠানসমূহৰ ভূমিকা উল্লেখনীয় আৰু তুলনা কৰিব নোৱাৰা বিধৰ । 

প্ৰশ্ন ২৩।বিভিন্ন ধৰণৰ বিত্তীয় বজাৰসমূহ চমুকৈ আলোচনা কৰা । 

উত্তৰ :- (a) মুদ্ৰা বজাৰ :-  যি কেন্দ্ৰত মুদ্ৰাৰ সলনি হ্ৰস্বকালীন ঋণ পত্ৰ বা হ্ৰস্বকালীন মৌদ্ৰীক পৰি সম্পদৰ লেন দেন হয় তাকে মুদ্ৰা বজাৰ বোলে । মুদ্ৰা বজাৰত এবছৰ বা দুবছৰ পৰ্যন্ত সময়ৰ হ্ৰস্বম্যাদি লেক্ষৰ সলনি বিনিয়োগ কাৰী বা ধৰুৱাই মুদ্ৰা ধাৰলৈ লয় । আনহাতে, সঞ্চয়কাৰী বা ঋণ দাতা সকলে মুদ্ৰা ধাৰলৈ দি তৰলতা থকা পৰি সম্পদ লয় ।প্ৰকৃততে মুদ্ৰা বজাৰত ঋণ দাতা আৰু ঋম গ্ৰহীতাৰ মাজত মুদ্রে পৰিবৰ্তে ঋণৰ আদান প্ৰদান হয় । ইয়াত যিবোৰ ধাৰলৈ দিয়ে । অৰ্থাৎ তেওঁলোকে হ্ৰস্বম্যাদি পুঁজিৰ যোগান দিয়ে । 

মুদ্ৰা বজাৰ কোনো নিৰ্দিষ্ট ভৱন বা ক্ষুদ্ৰ  স্থানত সীমিত হৈ নাথাকে । কিন্তু মুদ্ৰা বজাৰ এখনৰ নাম কোনো এখন ঠাই বা কোনো এটা অঞ্চল ৰ লগত জড়িত হৈ থাকে ।যেনে লণ্ডন মুদ্ৰা বজাৰ , মুম্বাই মুদ্ৰা বজাৰ ইত্যাদি ।এনে মুদ্ৰা বজাৰৰ পৰিসৰ বিশাল  ।

(b) পুঁজি বজাৰ :- যি কেন্দ্ৰত দীৰ্ঘম্যাদী পুঁজি সম্পৰ্কীয় প্ৰতিভূতিৰ ক্ৰয় বিক্ৰয় হয় তাকে পুঁজি বজাৰ বা মূলধনী বজাৰ বোলে । ইয়াত দীৰ্ঘম্যাদী আৰু মাধ্যকালীন সময়ৰ প্ৰতিভূতিৰ আৰু ঋণ পুঁজি ধাৰলৈ দিয়া আৰু লোৱাৰ সকলো প্ৰাক সা – সুবিধা আৰু ব্যৱস্থা থাকে ।

বিভিন্ন উদ্যোগ আৰু কৃষি কাৰ্যৰ কাৰণে প্ৰতিষ্ঠিত কোম্পানী , চৰকাৰী আৰু অৰ্দ্ধ চৰকাৰী অনুষ্ঠানৰ উন্নয়ন মূলক কাৰ্য আদিৰ কাৰণে বহুতো মূলধনৰ প্ৰয়োজন হয় ।

এই মূলধন সংগ্ৰহৰ কাৰণে প্ৰতিভূতি বা বিত্তীয় পত্ৰ আদি বিক্ৰী কৰে । বিভিন্ন ব্যক্তি , অনুষ্ঠান ,প্ৰতিষ্ঠানে এই বিত্তীয় পত্ৰ ক্ৰয় কৰি সঞ্চয়ৰ নিয়োগ কৰি সুদ বা লভয়াংশ উপাৰ্জন কৰে । ইয়াৰ বিক্রেতা সকলে যি নিধি সংগ্ৰহ কৰে , তাকে আৰ্থিক কামত বিনিয়োগ কৰি লাভ অর্জন কৰে । সংগঠিত পুঁজি বজাৰ বা ষ্টক বিনিময় কেন্দ্ৰত পুৰণি প্ৰতিভূতি নিয়মিত ভাৱে সদায়ে বেচা কিনা হয় । গতিকে প্ৰতিভূতিৰ ধাৰকে প্ৰয়োজন হলে নিজ প্ৰতিভূতি ষ্টক বিনিময় কেন্দ্ৰত বিক্ৰী কৰি নগদ টকা লব পাৰে ।পুঁজি বজাৰৰ প্ৰকাৰ সমূহ হৈছে  –

(i) প্ৰাথমিক বা ন – প্ৰতিভূতি বজাৰ আৰু গৌণ বা পুৰণি প্ৰতিভূতি বজাৰ নতুবা ষ্টক বিনিময় কেন্দ্ৰ ।

(ii) একুইটি আৰু ঋণ বজাৰ ।

(iii) ঔদ্যোগিক প্ৰতিভূতি বজাৰ আৰু চৰকাৰী প্ৰতিভূতি বজাৰ ।

(iv) গৃহ নিৰ্মাণৰ পুঁজি বজাৰ ।

(c) বৈদেশিক মুদ্ৰা বজাৰ বা বিনিময় মুদ্ৰা বজাৰ :- যি  কেন্দ্ৰত বা বজাৰত দেশীয় মুদ্ৰা আন দেশৰ মুদ্ৰালৈ সলনি বা বিনিময় কৰা হয় তাক বৈদেশিক মুদ্ৰা বজাৰ বোলা হয় । বিদেশৰ লগত লেন দেন নিষ্পত্তি কৰিবলৈ বিদেশৰ ময়দ্ৰ বা বিনিময় মুদ্ৰা ব্যৱহাৰ কৰা হয় ।

ধৰা হল মাৰ্কিন যুক্তৰাষ্ট্ৰ ত এক কিলো  আঙুৰৰ দান এক ডলাৰ । যদি 1 ডলাৰ বিনিময় হাৰ 45 টকা হয়, তেতিয়া 1 কিলো আঙুৰ 45 টকা হব । কিন্তু বিনিময় হাৰ  1 = ডলাৰ বিনিময় হলে এতিয়া আগৰ 345 টকাত এতিয়া9650 গ্ৰাম আঙুৰ পোৱা যাব । অৰ্থাৎ প্ৰায় 50 গ্ৰাম আঙুৰ কম পোৱা যাব । অৰ্থাৎ বিনিময় হাৰ পৰিৱৰ্তনৰ ফলত সকলো পণ্য সেৱাৰ মূল্যৰ পৰিৱৰ্তন হব । বিনিময় হাৰে এখন দেশৰ অৰ্থ ব্যৱস্থাৰ লগত সম্পৰ্ক স্থাপন কৰে । বিনিময় হাৰৰ পৰিৱৰ্তনৰ ফলত দুখন দেশৰ আৰ্থিক সম্পৰ্ক আৰু লাভ লোকচানৰ সলনি হয় ।

এখন দেশৰ বৈদেশিক বাণিজ্যৰ ফলত বিনিময় হাৰৰ সলনি হয় । ইয়াৰ ফলত বৈদেশিক বা বিনিময় মুদ্ৰাৰ চাহিদা আৰু যোগান তাৰতম্যৰ কাৰণে বিনিময় হাৰৰ উঠা নাম হয় ।

বিনিময় বজাৰৰ কোনো বিশেষ স্থান নাথাকিবও পাৰে । ই প্ৰকৃততে ইলেকট্ৰনিক ভাবে সংযুক্ত কৰা বৃহৎ বাণিজ্যিক বেংক , বৈদেশিক মুদ্ৰা বিনিময়ৰ দালাল , লেন দেন কাৰী সকলৰ এক প্ৰকাৰ ব্যৱস্থা । এই প্ৰক্ৰিয়াৰ দ্বাৰা মুদ্ৰাৰ গ্ৰাহক – বিক্ৰেতা সকলে লেন দেন নিষ্পত্তি কৰে ।   এওঁলোকে টেলিফোন , কম্পিউটাৰ মণিতৰ , টেলেক্স , ফেক্স , উপ গ্ৰগৰ সংযোগ আদিৰ সহায়ত বিনিময় মুদ্ৰাৰ লেন দেন নিষ্পত্তি কৰে । 

(d) প্ৰতিভূতি বিনিময় কেন্দ্ৰ বা প্ৰতিভূতি বজাৰ :- প্ৰতিভূতি  বিনিময় কেন্দ্ৰ অথবা প্ৰতিভূতি বজাৰ মানে হৈছে মূলধন বজাৰৰ এক উপাদান , এখন সংগঠিত আৰু কেন্দ্ৰীভূত বজাৰ যত অংশ পত্ৰ , ঋণ পত্ৰ,চৰকাৰী জামিন পত্ৰ আদি সকলো প্ৰকাৰৰ পুৰণি আৰু প্ৰচলিত নিৰাপত্তা পত্ৰ ক্ৰয় আৰু বিক্ৰয় কৰা হয় । পাইল ৰ মতে  ” প্ৰতিভূতি বিনিময় কেন্দ্ৰবোৰ হৈছে কিছুমান বজাৰ স্থান ‘, যত নিৰাপত্তা পত্ৰ বা প্ৰতিভূতি সমূহ তালিকাভুক্ত কৰি বিনিয়োগৰ উদ্দেশ্য অথবা ফটকা লেন দেন সংগঠিত কৰাৰ অৰ্থে ক্ৰয় আৰু বিক্ৰয় কৰা হয় ।

ষ্টক বিনিময় কেন্দ্ৰত পঞ্জীয়ন ভুক্ত সদস্য কিছুমানেহে লেন দেন কৰিব পাৰে । তেওঁলোকক দালাল , উপদাকাল ,ব্যৱসায়ী বোলে । অৰ্থাৎ সৰ্বসাধাৰণ লোকে ইয়াত পোনে পোনে যেন দেন কৰিব নোৱাৰে । প্ৰতিভূতিৰ ধার্য বা গৰাকী য়ে এইবোৰৰ ক্ৰয় বিক্ৰয় কৰিবলৈ হলে,তেওঁ কোনো দালাল বা উপ দালালৰ যোগেদি কৰিব লাগে । বেচা কিনা কৰোঁতে দালালি আদায় দিব লাগে । পুৰণি প্ৰতিভূতিৰ ক্ৰয় বিক্ৰয়ৰ নিয়মীয়া সুবিধা দি প্ৰতিভূতিৰ ধাৰকক টকা পোৱাৰ এক ধৰণৰ পঞ্জীয়ন ভুক্ত সংস্থা । এইবোৰৰ পৰিচালনা কৰিবলৈ ব্যৱস্থাপকে মণ্ডলী থাকে ।

2 thoughts on “Class 12 Banking Chapter 3 বিত্তীয় বজাৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top