Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান

Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান and select needs one.

Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 4 অনা বেংক বিত্তীয় অনুষ্ঠান Solutions for All Subject, You can practice these here…

অনা বেংক বিত্তীয় অনুষ্ঠান

Chapter: 4

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১।সম্পূৰ্ণ অৰ্থ লিখা।

IFCI , IDBI , SFCs,. NABARD, SIDC s, UTI, LICI, GICI, MMMFs , IBRD, IDA, IFC,AOB

উত্তৰ :- IFCI – Industrial Finance Corporation of India 

IDBI – Industrial Development bank of India 

SFCs  – state finance corporations

NABARD – National bank for agriculture and rural development. 

SIDs – Small Industrial development corporations .

UTI – Units trust of India 

LICI – Life insurance corporation of India 

GICI – General insurance corporation of India 

MMMFs – money market mutual funds .

IBRD – International bank for reconstruction & development .

IMF – International moneytary fund.

IDA – International development association .

IFC – International finance corporation

AOB – Asian development bank. 

প্ৰশ্ন ২।কোন বছৰত এই সংস্থা বোৰ প্ৰতিষ্ঠা হৈছে    –

IFCI, IDBI,.  SFC, NABARD, SIDC,UTI, LICI, GICI,MMMs, IBRD, IMF , IDA,.a IFC, AOB,

উত্তৰ :- IFCI – 1948

IDBI – 1964

SFC – 1951 

NABARD – 1982

SIDC – 1956

UTI – 1964

LICI – 1972

MMMFs – 1991

IBRD – 1944

IMF – 1945

IDA – 1960

IFC – 1956

AOB – 1966

প্ৰশ্ন ৩।ভাৰতীয় প্ৰথম উন্নয়নী  বেংকটোৰ নাম কি ?

উত্তৰ :- ভাৰতত প্ৰথম উন্নয়নী বেংক হল ভাৰতীয় উদ্যোগিক বিকাশ নিগম (1948)।

প্ৰশ্ন ৪। কোন চনত IDBI স্থাপন কৰা হৈছিল ?

উত্তৰ :- জুলাই,1964 ।

প্ৰশ্ন ৫।মুদ্ৰা বজাৰ কি ?

উত্তৰ :- যি কেন্দ্ৰত হ্ৰস্বকালীন মুদ্ৰা বিষয়ক পৰিসম্পদৰ লেন দেন হয় তাকে মুদ্ৰা বজাৰ বোলে ।

প্ৰশ্ন ৬।পৃথিৱীৰ প্ৰথম উন্নয়নী বেংকটোৰ নাম লিখা।

উত্তৰ :- উদ্যোগিক উন্নয়নী বেংক জাপানক (1902 ) প্ৰথম উন্নয়নী বেংক বুলি কোৱা যায় ।

চমু উত্তৰ দিয়া

প্ৰশ্ন ৭।উন্নয়নী বেংকৰ সংজ্ঞা দিয়া। 

উত্তৰ :- উন্নয়নী এনে এবিধ বিত্তীয় প্ৰতিষ্ঠান যিয়ে মধ্যম্যাদি ঋণ প্ৰদান কৰি আৰ্থিক আৱশ্যকতা পূৰ্ণ কৰে । লগতে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন উন্নয়ন মূলক কাম  -কাজ হাতত লয় । এখন দেশৰ সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নৰ বাবে কৃষি আৰু উদ্যোগ খণ্ডৰ প্ৰয়োজনীয় দীৰ্ঘম্যাদী ঋণৰ নাটনি দূৰ কৰাৰ বাবে পৰ্য্যন্ত বিত্তীয় সম্পদৰ আৱশ্যক হয় । বাণিজ্যিক বেংক সমূহে এনে দীৰ্ঘম্যাদী বিত্তৰ যোগান নধৰে  অথবা ধৰিব নোৱাৰে । সেয়েহে উক্ত খণ্ড সমূহৰ পৰ্যাপ্ত বিত্ত যোগানৰ বাবে উন্নয়নী বেংক সমূহ স্থাপন কৰা হয় । এনেধৰণৰ বেংকে দেশৰ উন্নয়ন মূলক প্ৰকল্প সমূহত দুই প্ৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰে ।

প্ৰশ্ন ৮।ভাৰতীয় উদ্যোগিক বিত্ত নিগমৰ উদ্দেশ্য লিখা। 

উত্তৰ :- ভাৰতীয় উদ্যোগিক বিত্ত নিগম প্ৰতিষ্ঠান প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিগত উদ্যোগক ম্যাদি ঋণ দিয়া । পিছত ই সমবায় খণ্ড, চৰকাৰ খণ্ড আৰু যৌথ খণ্ডৰ উদ্যোগকো মাধ্যকালীন আৰু দীৰ্ঘকালীন ঋণ দিয়ে।নতুন উদ্যোগক প্ৰতিষ্ঠা, পুৰণি উদ্যোগৰ সম্পাৰণ, আধুনিক কৰণ আদিৰ কাৰণেও ই ম্যাদি ঋণ দিয়ে । 

প্ৰশ্ন ৯।উমৈহতীয়া পুঁজি কি ?

উত্তৰ :- পাৰস্পৰিক নিধি হৈছে বিনিয়োগৰ কাৰী আৰু নিৰাপত্তা পত্ৰ বজাৰ বা প্ৰতিভূতি বজাৰৰ মাজত যোগসূত্ৰ স্থাপনৰ মধ্যস্থকাৰী বিত্তীয় অনুষ্ঠান । অৰ্থাৎ যৌথ বিনিয়োগ পুঁজি হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ বহুতো বিনিয়োগ কাৰীৰ সমূহীয়া পুজিক ইয়াৰ বিধিমতে ঔদ্যোগিক প্ৰতিষ্ঠান বা কোম্পানীৰ নিৰাপত্তা পত্ৰত বিনিয়োগ কৰাৰ সেৱা আগবঢ়াবলৈ স্থাপন কৰা এক শ্ৰেণীৰ মধ্যস্থ বিত্তীয় অনুষ্ঠান । 

প্ৰশ্ন ১০।বাণিজ্যিক বেংক আৰু উন্নয়নী বেংকৰ মাজত দুটা পার্থক্য দেখুওৱা ।

উত্তৰ :- বাণিজ্যিক বেংক :- (i) বাণিজ্যিক বেংকবোৰৰ মুখ্য উদ্দেশ্য হল লাভ অর্জন । 

(ii) বাণিজ্যিক বেংকৰ সাধাৰণতে ঋণৰ সুতৰ হাৰ উচ্চ হোৱা দেখা যায় ।

উন্নয়নী বেংক :- (i) উন্নয়নী বেংকৰ প্ৰদান উদ্দেশ্য লাভ অর্জন নহয় ।

(ii) উন্নয়নী বেংকে কম সূতত ঋণ প্ৰদানে কৰি সামাজিক উন্নতি সাধে। 

চমু উত্তৰ দিয়া

প্ৰশ্ন ১১।উন্নয়নী বেংকৰ চৰিত্র বোৰ কি কি ?

উত্তৰ :- উন্নয়নী বেংকৰ সাধাৰণ চৰিত্র বোৰ হল   –

(i) এইবোৰ বেংক সাধাৰণ জনতাৰ পৰা টকা – পইচা জমা নলয় । 

(ii) এইবোৰ একো একোটা বিশেষ বেংক যিয়ে দীঘলীয়া সময়ৰ বাবে ঋণ প্ৰদান কৰে ।

(iii) ৰাজহুৱা আৰু ব্যক্তিগত দুয়ো ধৰণৰ সাংগঠনিকে এইবোৰ বেংকে ঋণ প্ৰদান কৰে ।

(iv) এইবোৰ বেংকে সমাজৰ উন্নতিৰ বাবে অহৰহ কাম কৰি যায় ।

প্ৰশ্ন ১২।উন্নয়নী বেংকৰ তিনিটা উদ্দেশ্য লিখা ।

উত্তৰ :- উন্নয়নী বেংকৰ তিনিটা উদ্দেশ্য হল   –

(i) অৰ্থনৈতিক বিকাশ সাধন কৰা ।

(ii) উদ্যোগ স্থাপন কৰা আৰু নিয়োগৰ সুবিধা প্ৰদান কৰা ।

(iii) গাঁৱলীয়া অঞ্চলসমূহ উন্নতি সাধন কৰা ।

প্ৰশ্ন ১৩।আন্ত ৰাষ্ট্ৰীয় উন্নয়নী সংগঠন ৰ তিনিটা উদ্দেশ্য লিখা ?

উত্তৰ :- আন্তঃৰাষ্ট্ৰীয় উন্নয়নী সংগঠনৰ তিনিটা উদ্দেশ্য হল  –

(i) অনুন্নত দেশবোৰক কম সুতত উন্নয়নী ধন প্ৰদান কৰা ।

(ii) অৰ্থনৈতিক উন্নতি , উন্নত আৰু গুণগত মান দণ্ডৰ সামগ্ৰীৰ প্ৰস্তুতকৰণ, আৰু মানুহৰ জীৱন -যাপন প্ৰণালী সুস্থিৰকৰণ ।

(iv) বিশ্ব বেংকৰ বিভিন্ন নীতি আৰু উদ্দেশ্য সফল হোৱাত সহায় কৰা ইত্যাদি ।

প্ৰশ্ন ১৪।ভাৰতীয় মুদ্ৰা বজাৰৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰ :- ভাৰতীয় মুদ্ৰা বজাৰৰ তিনিটা বৈশিষ্ট্য হল –

(ক) ভাৰতীয় মুদ্ৰা বজাৰ এতিয়াও সুস্থিৰভাৱে নিয়ন্ত্ৰিত নহয় ।

(খ) ভাৰতীয় মুদ্ৰা বজাৰ এতিয়াও অনুন্নত ।

(গ) বহু বিত্তীয় প্ৰতিষ্ঠান এতিয়াও ভাৰতীয় মুদ্ৰা বজাৰৰ অন্তৰ্গত নহয়।

প্ৰশ্ন ১৫।মূলধনী বজাৰ কি ? 

উত্তৰ :- যি কেন্দ্ৰত মুদ্ৰাৰ  সলনি হ্ৰস্বকালীন ঋণ পত্ৰ বক হ্ৰস্বকালীন মৌদ্ৰীক পৰিসম্পদৰ লেন দেন হয় তাকে মুদ্ৰা বজাৰ বোলে।মুদ্ৰা বজাৰত এবছৰ বা দুবছৰ পৰ্য্যন্ত সময়ৰ হ্ৰস্বম্যাদি লেক্ষৰ সলনি বিনিয়োগ কাৰী বা ধৰুৱাই মুদ্ৰা ধাৰলৈ লয় । আনহাতে, সঞ্চয়কাৰী বা ঋণ দাতা সকলে মুদ্ৰা ধাৰলৈ দি তৰলতা থকা পৰিসম্পদ লয় ।প্ৰকৃততে মুদ্ৰা বজাৰত ঋণ দাঁতা আৰু ঋম গ্ৰহীতাৰ মাজত মুদ্ৰাৰ পৰিবৰ্তে ঋণৰ আদান প্ৰদান হয় ।ইয়াত যিবোৰ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সঞ্চিত ধন বা ৰাহী পুঁজি থাকে  তেওঁলোকে সেই পুঁজি হ্ৰস্বকালৰ বাবে ধাৰলৈ দিয়ে।  অৰ্থাৎ তেওঁলোকে হ্ৰস্বম্যাদী পুঁজিৰ যোগান দিয়ে।

প্ৰশ্ন ১৬।ভাৰতীয় ঔদ্যোগিক বিকাশ বেংকৰ উদ্দেশ্য লিখা ।

উত্তৰ :- উদ্দেশ্য :- ঔদ্যোগিক বিকাশ বেংক প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য হৈছে উদ্যোগৰ উন্নয়নৰ মুখ্য প্ৰতিষ্ঠান হিচাপে ঋণ দানৰ উপৰিও অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ দীৰ্ঘম্যাদী ঋণ দান কাৰ্যৰ সমম্বয় সাধন কৰে।বৃহৎ উদ্যোগৰ উপৰিও মজলিয়া আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ হকে অন্যান্য বেংক আৰু ৰাজ্যিক বিত্তীয় প্ৰতিষ্ঠান ৰ যোগেদি সহায় কৰা । দেশৰ উদ্যোগিকৰণ ত্বৰান্বিত কৰিবলৈ বিকাশ বেংক বিত্ত আৰু বিত্তীয় সেৱা , কাৰিকৰী আৰু প্ৰযুক্তি বিষয়ক সহায় আগবঢ়ায় । নতুন উদ্যোগৰ উপৰিও পুৰণি উদ্যোগৰ সম্প্ৰসাৰণ, আধুনিকৰণ, নবিকৰণ সংযোজন আদি কাৰ্যটো সেৱা আগবঢ়ায় ।

প্ৰশ্ন ১৭।মুদ্ৰা বজাৰত অংশ লোৱা বিভিন্ন সংগঠন আৰু অনুষ্ঠান বোৰৰ বিষয়ে লিখা ।

উত্তৰ :- মুদ্ৰা বজাৰত অংশ লোৱা বিভিন্ন অনুষ্ঠান সমূহ হল – উৎপাদন কাৰী প্ৰতিষ্ঠান , ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যৱসায় , চৰকাৰী সংগঠন আদি যিবোৰ টকা ধাৰলৈ লয়।আনহাতে বিভিন্ন বাণিজ্যিক বেংক ,বীমা কোম্পানী , বিত্তীয় অনুষ্ঠানৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক আদিয়ে টকা ধাৰলৈ দিয়ে। 

প্ৰশ্ন ১৮।বিশ্ব  বেংক   উদ্দেশ্য সমূহ লিখা।

উত্তৰ :- বিশ্ব বেংকৰ  বিভিন্ন উদ্দেশ্য সমূহ হল :-বিশ্ব বেংক সংস্থাপনৰ মুখ্য উদ্দেশ্য আছিল কম সুতত বৈদেশিক ঋণ দীর্ঘ সময়ৰ বাবে প্ৰদান কৰা । 

ইয়াৰ আন আন উদ্দেশ্য সমূহ হল :- (ক) দুখীয়া বা অনুন্নত দেশসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা বিশেষ কৈ যুদ্ধ বিগ্ৰহত বিধ্বস্ত দেশবিলাক ।

(খ) যেতিয়া মূলধনৰ অভাৱ বা নিজাকৈ অধিক বিনিয়োগ  কৰিব নোৱাৰা অৱস্থা এটাৰ  উদ্ভৱ হয় তেতিয়া ঋণৰ ব্যৱস্থা কৰা।

(গ) অৰ্থনৈতিক বাণিজ্যৰ দীঘলীয়া উন্নয়ন সাধন কৰা ইত্যাদি।

প্ৰশ্ন ১৯।উন্নয়ন বেংকৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰ :- উন্নয়ন বেংকৰ প্ৰধান কাৰ্যাৱলী হল –

(ক) মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰা । 

(খ) কোম্পানীৰ সমাংশ,অগ্ৰাধিকাৰ অংশ আৰু ঋণ পত্ৰৰ অবলেখন কৰা।

(গ) উদ্যোগ স্থাপনৰ স্থান , উদ্যোগ পান , উদ্যোগ প্ৰতিষ্ঠানৰ ঘৰ আৰু অন্যান্য সুবিধা কৰি দিয়া । 

(ঘ) বৈদেশিক বিত্তীয় অনুষ্ঠানৰ পৰা বৈদেশিক মুদ্ৰাৰ ঋণ গ্ৰহণত কোম্পানীক জামিন দিয়া ইত্যাদি।

প্ৰশ্ন ২০।ৰাজ্যিক বিত্তীয় নিগমৰ কাৰ্যাৱলী সমূহ লিখা।

উত্তৰ :- (ক) ৰাজ্যিক বিত্তীয় নিগম দেশত 18 টা বিত্ত নিগম প্ৰতিষ্ঠা কৰি দেশৰ বিভিন্ন ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ বিত্তীয় সাহাৰ্য আগবঢ়াই আহিছে ।

(খ) নতুন পুৰণি সকলো উদ্যোগৰ প্ৰতিস্থাপন , আধুনিকীকৰণ , নবিকৰণ , সম্প্ৰসাৰণ আৰু ভিন্নমূখী কৰণ অৱশ্যকীয় বিত্তীয় সাহায্য যোগান ধৰা এই নিগমৰ অন্যতম উদ্দেশ্য ।

(গ) উদ্যোগিক প্ৰতিষ্ঠানৰ ঋণ পত্ৰলৈ বৰঙণি আগবঢ়োৱা অথবা ঋণ বা আগধন মঞ্জুৰ কৰা । উদ্যোগিক প্ৰতিষ্ঠানে নিগমৰ লগত পাৰস্পৰিক সন্মতিৰে গ্ৰহণ কৰা ঋণৰ বিপৰীতে জামিন স্বীকৃতি দিয়া আৰু উদ্যোগিক প্ৰতিস্থান বিলি কৰা ষ্টক , অংশ , ঋণ পত্ৰ আৰু বণ্ড অবলেখন কৰা ইত্যাদি ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top