Class 12 Banking Chapter 2 ভাৰতীয় ৰিজাৰ্ভ বেংক

Class 12 Banking Chapter 2 ভাৰতীয় ৰিজাৰ্ভ বেংক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 2 ভাৰতীয় ৰিজাৰ্ভ বেংক and select needs one.

Class 12 Banking Chapter 2 ভাৰতীয় ৰিজাৰ্ভ বেংক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 2 ভাৰতীয় ৰিজাৰ্ভ বেংক Solutions for All Subject, You can practice these here…

ভাৰতীয় ৰিজাৰ্ভ বেংক

Chapter : 2

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ :- 1935 চনৰ 1 এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল আৰু 1949 চনৰ 1 জানুৱাৰীত ৰাষ্ট্ৰীয়কৰণ হৈছিল ।

প্ৰশ্ন ২। ভাৰতীয়  ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?

উত্তৰ :- মুম্বাই ।

প্ৰশ্ন ৩। ভাৰতীয় একটকীয়া মুদ্ৰা কোনে কোনে প্ৰৱৰ্তন কৰে ?

উত্তৰ :- ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া ।

প্ৰশ্ন ৪। ৰিজাৰ্ভ বেংকৰ সঞ্চালক পৰিষদত কিমানজন সঞ্চালক আছে ?

উত্তৰ :- ২০ জন ।

প্ৰশ্ন ৫।ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল ?

উত্তৰ :-   ১৯৪৯ চনত ।

প্ৰশ্ন ৬। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ :- 1935 চনৰ 1 এপ্ৰিলৰ ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল। 

প্ৰশ্ন ৭।নোট বিতৰণৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে কি ধৰণৰ পদ্ধতি গ্ৰহণ কৰে ।

উত্তৰ :- সৰ্বনিম্ন  সংৰক্ষণ পদ্ধতি ।

প্ৰশ্ন ৮।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা শাখাৰ নাম লিখা ।

উত্তৰ :- উদ্যোগিক বিত্তীয় সাহায্য শাখা আৰু কৃষি ঋণ শাখা ।

চমু উত্তৰ দিয়া

প্ৰশ্ন ৯। CRR বুলিলে কি বুজা ? SLR  বুলিলে কি বুজা ?

উত্তৰ  :- CRR মানে হল নগদ সংৰক্ষণ অনুপাত । ভাৰতীয় বেংকবোৰে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন তেওঁলোকৰ আমানৰ ধনৰ পৰা ৰিজাৰ্ভ বেংকত জমা থব লাগে ।এই নিৰ্দিষ্ট পৰিমাণৰ নগদৰ সংৰক্ষণৰ ব্যৱস্থা টোকে নগদ সংৰক্ষণ অনুপাত বোলে । 

বিধিবদ্ধ তাৰল্য অনুপাত :- ভাৰতত ব্যৱসায় কৰা বাণিজ্যিক বেংকে আইনৰ বিধান অনুযায়ী ইয়াৰ ম্যাদি আৰু চলতি আমানতৰ 25 % ৰ পৰা 40 % ৰ ভিতৰত বিধিবদ্ধ তাৰল‍্য অনুপাত ৰাখিব লাগে । ইয়াৰ নগদ সংৰক্ষণ অনুপাতৰ উপৰঞ্চি হিচাপ ৰাখিব লাগে । তলৰ পাৰসম্পদ হিচাপে নগদ টকা , সোন আৰু দায়বিহীন অনুমোদিত প্ৰতিভূতি ৰাখিব লাগে ।

এই পৰিমাণ নূন্যতম আৰু উৰ্ধতম সীমাৰ মাজত পৰিৱৰ্তন কৰিব পাৰে  । বিধিবদ্ধ তাৰল‍্য অনুপাত বৃদ্ধি কৰিলে বাণিজ্যিক বেংকৰ ঋণ প্ৰদান ক্ষমতা হ্ৰাস হয় । লগতে ঋণ দানৰ ক্ষেত্ৰ আৰু গতিৰ সলনি হয় ।  1997 চনৰ 25 অক্টোবৰত বিধিবদ্ধ তাৰল‍্য অনুপাত নূন্যতম 25 % হ্ৰাস কৰিছে ।

প্ৰশ্ন ১০।সৰ্বনিম্ন পদ্ধতি কি ?   

উত্তৰ :- সৰ্বনিম্ন পদ্ধতি হ’ল- এটা অতি আৱশ্যকীয় পদ্ধতি । ভাৰতীয় ৰিজাৰ্ভ বেংকে নোট প্ৰৱৰ্তনৰ সময়ত সোণ আৰু ৰূপৰ মুদ্ৰাৰ এক সংৰক্ষণ ব্যৱস্থা কৰে আৰু সাঁচি থোৱা সোন ৰূপৰ ওপৰত ভিত্তি কৰিহে নোট প্ৰৱৰ্তন ব্যৱস্থা কৰে । ই মুদ্ৰাস্ফীতি দূৰীকৰণত সহায় কৰে ।

প্ৰশ্ন ১১।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নোট প্ৰবৰ্তন কাৰ্যাৱলী আলোচনা কৰা ।

উত্তৰ :- সৰ্বনিম্ন পদ্ধতি হল এটা আৱশ্যকীয় পদ্ধতি । ভাৰতীয় ৰিজাৰ্ভ বেংকে নোট প্ৰৱৰ্তন ৰ সময়ত সোণ আৰু ৰূপৰ মুদ্ৰাৰ এক সংৰক্ষণৰ ব্যৱস্থা কৰে আৰু সাঁচি থোৱা সোন ৰূপৰ ভিত্তি কৰিহে নোট প্ৰৱৰ্তন ব্যৱস্থা কৰে । ই মুদ্ৰাস্ফীতি দূৰীকৰণত সহায় কৰে । 

প্ৰশ্ন ১২। কেন্দ্ৰীয় বেংকৰ সংজ্ঞা দিয়া । 

উত্তৰ :- দেশৰ বেংক পদ্ধতি তথা বিত্তীয় ব্যৱস্থাৰ শীৰ্ষস্থানীয় বেংকেই হৈছে কেন্দ্ৰীয় বেংক । ই চৰকাৰী অৰ্থনীতিৰ পৰিপূৰক হিচাপে মৌদ্ৰিক নীতি পৰিচালনা কৰে ই দেশৰ মুদ্ৰাৰ প্ৰচলন আৰু নিয়ন্ত্ৰণ কৰাৰ উপৰিও বেংক ব্যৱস্থা নিয়ন্ত্ৰণ কৰে । de-কওক ৰ মতে  “কেন্দ্ৰীয় বেংকে দেশৰ মুদ্ৰা আৰু বেংকিং গাঁঠনিৰ মূল ভিত্তি হিচাপে আৰু জাতীয় অৰ্থনৈতিক উন্নয়নৰ বাবে কাম কৰে ।”

প্ৰশ্ন ১৩।CRR বুলিলে কি বুজা ?  

উত্তৰ :- CRR মানে হল নগদ সংৰক্ষণ অনুপাত । ভাৰতীয় বেংকবোৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ধন তেওঁলোকৰ মন্ত্ৰ ধনৰ পৰা ৰিজাৰ্ভ বেংকত জমা থব লাগে । এই নিৰ্দিষ্ট পৰিমাণৰ নগদৰ সংৰক্ষণৰ ব্যৱস্থাটোকে নগদ সংৰক্ষণ অনুপাত বোলে ।

চমু উত্তৰ দিয়া

প্ৰশ্ন ১৪।সম্পূৰ্ণ সংৰক্ষণ পদ্ধতি কি ?

উত্তৰ :- এই পদ্ধতি অনুসৰি কেন্দ্ৰীয় বেংকে প্ৰণয়ন কৰা টকাৰ বিপৰীতে সম্পূৰ্ণ মূল্যৰ সোন -ৰূপৰ সংৰক্ষণ কৰা হয় । এই পদ্ধতিক এক শতাংশ সংৰক্ষণ পদ্ধতিও বোলা হয় । 

প্ৰশ্ন ১৫।বেংক ৰেট বুলোলে কি বুজা ?

উত্তৰ :- যি হাৰৰ বিপৰীতে ৰিজাৰ্ভ বেংকে দেশৰ বেংক ব্যৱস্থাৰ অংশীদাৰ বেংকবোৰলৈ অনুমোদিত প্ৰতিভূতি আৰু স্বীকৃতি বিনিময় পত্ৰ বা অন্যান্য পত্ৰৰ পুনৰ বাট্টা কৰণ কৰে  সেই হাৰকে বেংক ৰেট বা বাট্টা হাৰ বুলি কোৱা হয় । অৰ্থাৎ ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেঙ্কবোৰক ঋণ দিওঁতে বা বিল পুনৰ বাট্টা কৰি দিওঁতে যি হাৰত সুদ লয় তাকে বাট্টা হাৰ বা বেংক ৰেট বোলে ।

প্ৰশ্ন ১৬।SLR বুলিলে কি বুজা ?

উত্তৰ :- ভাৰতৰ ব্যৱসায় কৰা বাণিজ্যিক বেংকে আইনৰ বিধান অনুযায়ী ইয়াৰ ম্যাদি আৰু চলতি আমানতৰ 25 %ৰ পৰা 40 % ৰ ভিতৰত বিধিবদ্ধ তাৰল‍্য অনুপাত ৰাখিব লাগে । ইয়াক নগদ সংৰক্ষণ অনুপাত উপৰিঞ্চি হিচাপ ৰাখিব লাগে । তাৰল পৰিসম্পদ হিচাপে নগদ টকা ,সোন-ৰূপ আৰু দায়িত্ব বিহীন অনুমোদিত প্ৰতিভূতি ৰাখিব লাগে । এই পৰিমাণৰ নূন্যতম আৰু উৰ্ধতম সীমাৰ মাজত পৰিৱৰ্তন কৰিব পাৰে । বিধিবদ্ধ তাৰল‍্য  অনুপাত বৃদ্ধি কৰিলে বাণিজ্যিক বেংকৰ ঋণ প্ৰদান ক্ষমতা হ্ৰাস হয় । লগতে ঋণ দানৰ ক্ষেত্ৰ আৰু গতিৰ সলনি হয় । 1997 চনৰ  25 অক্টোবৰত বিধিবদ্ধ তাৰল‍্য  অনুপাত নূন্যতম 25 % হ্ৰাস কৰিছে । 

প্ৰশ্ন ১৭।সাৰ্বনিম্ন সংৰক্ষণ পদ্ধতি কি ?  

উত্তৰ :- সৰ্বনিম্ন সংৰক্ষণ পদ্ধতি হল এটা অতি আৱশ্যকীয় পদ্ধতি । ভাৰতীয় ৰিজাৰ্ভ বেংকে নোট প্ৰবর্তনৰ সময়ত সোন ৰূপ মুদ্ৰাৰ এক সংৰক্ষণ ব্যৱস্থা কৰে আৰু সাঁচি থোৱা সোন -ৰূপৰ ওপৰত ভিত্তি কৰিহে নোট প্ৰৱৰ্তন ৰ ব্যৱস্থা কৰে । ই মুদ্ৰাস্ফীতি দূৰীকৰণত সহায় কৰে ।

প্ৰশ্ন ১৮।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুক্ত বজাৰ কাৰ্যাৱলীৰ বিষয়ে চমুকৈ আলোচনা কৰা । 

উত্তৰ :- ৰিজাৰ্ভ বেংকে এই কাৰ্যাৱলীৰ দ্বাৰা ইচ্চকৃত ভাবে মুদ্ৰা বজাৰত প্রত্যক্ষ ভাবে বিভিন্ন ধৰণৰ চিকিউৰিটি বিলাকৰ বেচা কিনা কৰে । বিভিন্ন ধৰণৰ চৰকাৰী চিকিউৰিটি ৰিজাৰ্ভ বেংকে গ্ৰাহকৰ পৰা কিনে আৰু বেচে । 

দীঘল প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১৯।বেংকৰ বেংকাৰ আৰু নগদ তহবিলৰ তত্বাৱধায়কৰ কাম কি  ?  

উত্তৰ :- ভাৰতত ব্যৱসায় কৰা অনুসূচীভুক্ত প্ৰতিটো বাণিজ্যিক বেংকৰ বেংকাৰ হিচাপে ভাৰতীয় ৰিজাৰ্ভ  বেংকে দায়িত্ব পালন কৰে । সেয়ে সকলো বেংকে ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ নিৰ্দ্ধাৰিত পৰিমাণৰ নগদ ধন জমা ৰাখি আৰু বেংকলৈ ধন প্ৰেৰণৰ সুবিধা প্ৰদান কৰে । বেংকিং ৰেগুলেচন আইন 1949 চনৰ বিধি ব্যৱস্থা অনুযায়ী প্ৰতিটো বাণিজ্যিক বেংকে তেওঁলোকৰ ম্যাদি আৰু চলিত দেনাৰ শতকৰা 3 % ৰ পৰা 15 % লৈ সুদ মুক্তভাৱে ৰিজাৰ্ভ বেংকত নগদ সংৰক্ষণ অনুপাত হিচাপে সংৰক্ষণ কৰিব লাগে । 2003 চনৰ জুন মাহৰ পৰা এই হাৰ 4.5 % চলি আছে । এই বিলাকৰ উপৰিও প্ৰতিটো বাণিজ্যিক বেংকে ৰিজাৰ্ভ বেংকৰ ম্যাদি আৰু চলিত দেনাৰ 25 % ৰ পৰা 40 % পৰিমাণৰ বিধিবদ্ধ তাৰল‍্য অনুপাত হিচাপে জমা ৰাখিব লাগে । বৰ্তমানে এই  27 % হাৰত চলি আছে ।

বাণিজ্যিক বেংকৰ টকাৰ নাটনি হলে বিল, প্ৰতিভূতি আদি জামিন দি ঋণ লব পাৰে । ৰিজাৰ্ভ বেংকৰ পৰিশোধ ভৱনৰ সদস্য বেংকে এনে হিচাপৰ মাধ্যমেধি অৰ্থ স্থানান্তৰ কৰিব পাৰে । বাণিজ্যিক বেংকে ৰিজাৰ্ভ বেংকৰ দিহা পৰামৰ্শ বিচাৰিব পাৰে । আনহাতে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক সতৰ্ক বাণীও শুনাব পাৰে । এইদৰে ৰিজাৰ্ভ বেংকে অন্যান্য বেংকৰ বেংকাৰ হিচাপে কাম কৰে । বাণিজ্যিক বেংকৰ নগদ তাহবিল জমা ৰখা হেতুকে ৰিজাৰ্ভ বেংকক দেশৰ নগদ তহবিল ৰ তত্ত্বাৱধায়ক বুলি কোৱা হয় ।

প্ৰশ্ন ২০। SLR   বুলিলে কি বুজা ?   

উত্তৰ :- ভাৰতত ব্যৱসায় কৰা বাণিজ্যিক বেংকে আইনৰ বিধান অনুযায়ী ইয়াৰ ম্যাদি আৰু চলিত আমানতৰ 25 % ৰ পৰা 40 %  ৰ ভিতৰত বিধিবদ্ধ তাৰল‍্য অনুপাত ৰাখিব লাগে । ইয়াক নগদ সংৰক্ষণ অনুপাতৰ উপৰঞ্চি হিচাপে ৰাখিব লাগে । তাৰল‍ পৰিসম্পদ হিচাপে নগদ টকা , সোন আৰু দায়িত্বত বিহীন অনুমোদিত প্ৰতিভূতি ৰাখিব লাগে । এই পৰিমাণ ন্যূনতম আৰু উৰ্ধতম সীমাৰ মাজত পৰিৱৰ্তন কৰিব পাৰে । বিধিবদ্ধ তাৰল অনুপাত বৃদ্ধি আৰু গতিৰ সলনি হয় ।  1997 চনৰ 25 অক্টোবৰত তাৰল অনুপাত নূন্যতম 25 % হ্ৰাস কৰিছে । 

প্ৰশ্ন ২১।ক্ৰেডিট অথৰাইজেচন  স্কীম কি ?

উত্তৰ :- ভাৰতীয় ৰিজাৰ্ভ বেংকে 1965 চনত ক্ৰেডিট অথৰাইজেচন স্ক্ৰীমৰ সূচনা কৰিছিল । এই স্ক্ৰীম অনুসৰি বাণিজ্যিক বেংকবোৰ কোনো এজন গ্ৰাহকক ঋণ দিয়া ৰ  সময়ত  ঋণ যদি এক কোটি ইয়াতকৈ বেছি হয় তেন্তে ৰিজাৰ্ভ বেংক অনুমতি লব লাগে । 1975 চনত এই পৰিমাণ দুই কোটি থকাকৈ বৃদ্ধি কৰা হয় । বাণিজ্যিক বেঙ্কবোৰে ভালদৰে গ্ৰাহক জন পৰা প্ৰস্তাৱ খৰচি মাৰি চাব লাগে আৰু ইয়াৰ অনুমোদনৰ বাবে ৰিজাৰ্ভ বেংকৰ অনুমতি ল’ব লাগে । 

প্ৰশ্ন ২২।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বাহ্যিক সংগঠনৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰ :- 1926 চনত হিল্টন  ঈয়ং আয়োগে পৃথক কৈ কেন্দ্ৰীয় বেংক প্ৰতিষ্ঠা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াই ছিল আৰু সেই মৰ্মে 1927 চনত বিধেয়ক উত্থাপন হৈছিল যদিও সংবিধানিক কাৰণত ইয়াক এৰি পেলোৱা হৈছিল ।1933 চনৰ 6 মাৰ্চত ৰিজাৰ্ভ বেংকৰ বিধেয়ক বাধায়িনী সভাত উত্থাপিত হৈছিল আৰু 1934 চনৰ 6 মাৰ্চত গভৰ্ণৰ জেনেৰেল স্বাক্ষৰ কৰি সন্মতি দিছিল । এই আইনৰ বিধান মতে 1935 চনৰ 1 এপ্ৰিলত ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল । প্ৰথমতে ই অংশীদাৰী বেংক আছিল যদিও 1949 চনত ৰাষ্ট্ৰীয়কৰণ কৰি চৰকাৰৰ হাতলৈ অনা হয় ।

ৰিজাৰ্ভ বেংকৰ পৰিচালনা আৰু সংগঠন চাৰিখন স্থানীয় পৰিষদ আৰু কেন্দ্ৰীয় পৰিষদৰ দ্বাৰা কৰা হয় । ইয়াৰ পৰিচালনা , পৰ্যবেক্ষণ আৰু নিৰ্দেশনা 20 জনীয়া কেন্দ্ৰীয় সঞ্চালক পৰিষদৰ ওপৰত ন্যস্ত কৰা হয় । এই পৰিষদৰ সভাপতি জনকেই গৱৰ্নৰ বোলা হয় । গৱৰ্ণৰক সহায় কৰিবলৈ চাৰিটা বিভিন্ন বিভাগত চাৰিজন উপ গৱৰ্ণৰ থাকে । এই পাঁচজনক কেন্দ্ৰীয় চৰকাৰে পাঁচ বছৰৰ বাবে নিযুক্তি দিয়ে । বাকী 15 জন সঞ্চালক ক কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰি দিয়ে । ইয়াৰ ভিতৰত চাৰিজন সঞ্চালক যেনে মুম্বাই ,কলিকতা ,মাদ্ৰাজ ,আৰু নতুন দিল্লী এই চাৰিখন স্থানীয় পকৰিষদৰ পৰা মনোনীত কৰে । ইয়াৰোপৰি বাকী দহ জন সঞ্চালকক দেশৰ বিভিন্ন খণ্ডৰ পৰা যেনে কৃষি ,উদ্যোগ ,ৰপ্তানি ব্যৱসায় , বাণিজ্য আদিত জ্ঞান থকা পাৰদৰ্শি  লোকক মনোনীত কৰে।এইবোৰৰৰ উপৰিও আকৌ বিত্ত মন্ত্ৰালয়ৰ এজন বিষয়াক কেন্দ্ৰীয় চৰকাৰে সঞ্চালক ৰূপে মনোনীত কৰে । 

আনহাতে স্থানীয় পৰিষদৰ ক্ষেত্ৰতো থকা পাঁচজন সাদস্যকে চাৰি বছৰৰ কাৰ্যকালৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে । এই পৰিষদবোৰত সদস্য সকলকৰ দ্বাৰাই তেওঁলোকৰ মাজৰ পৰাই এজনক সভাপতি হিচাপে নিৰ্বাচিত কৰি লয় । কেন্দ্ৰীয় পৰিষদে দায়িত্ব অৰ্পণ কৰা বিষয় সমূহত স্থানীয় পৰিষদে কেন্দ্ৰীয় পৰিষদক দিহা পৰামৰ্শ দিয়ে । বেংকৰ নীতি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰে । কেন্দ্ৰীয় আৰু আঞ্চলিক পৰিষদে তাক পালন কৰে । কেন্দ্ৰীয় পৰিষদৰ গৱৰ্ণৰ হৈছে ইয়াৰ প্ৰধান কাৰ্যনিবাহক ।পৰিষদে স্থিৰ কৰি দিয়া নীতি নিয়ম তেওঁ কাৰ্যকৰী কৰে।বেংকৰ কাৰ্যকলাপ বিশেষতকৈ বেংকিং বিত্তীয় , অৰ্থনৈতিক গৱেষণাৰ কামে সংহতি ৰক্ষা কৰে বেংকৰ মুখ্য উপদেষ্টাই ।

প্ৰশ্ন ২৩।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিশোধ ভৱন কাৰ্যৰ বিষয়ে বহলাই লিখা । 

উত্তৰ :- ৰিজাৰ্ভ বেংকে দেশৰ ঋণ পৰিশোধ পদ্ধতি ৰ মূল কেন্দ্ৰ হিচাপে কাৰ্য নিৰ্বাহ কৰে । লগতে লেন দেনৰ নিষ্পত্তি আৰু টকা পইচা এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰাৰ সুবিধা দিয়ে ।

বিভিন্ন বাণিজ্যিক বেংক আৰু সেইবাৰৰ গ্ৰাহকৰ মাজত আহৰহ চেকৰ লেন দেন হয় । ফলত প্ৰত্যেক বেংকে আন বেংকক টকা দিবলগীয়া হয়, আনহাতে আন বেংকৰ পৰা পাবলগীয়াও হয় । বেংকবোৰৰ মাজত আইটাইবোৰ আদান ৰাৱণ নগদ টকাৰ মাধ্যমত কৰিব লাগিলে বহু টকাৰ প্ৰয়োজন হয় । এনে অসুবিধাৰ হাত সাৰিবলৈ পৰিশোধ ভৱনৰ উদ্ভাৱন কৰা হয় । প্ৰত্যেক দিনে পৰিশোধ ভৱনত বিভিন্ন বেংকৰ কৰ্মচাৰী সমবেত হৈ সেইবোৰৰ মাজত হবলগীয়া আদান – প্ৰদান নিষ্পত্তি কৰা হয় । অৱশেষত যি বেংকে দিবলগীয়া হয় , সেই বেংকে দেনাদাৰ বেংকৰ হিচাপত ডেবিট দি পাওনাদৰ বেংকৰ হিচাপত ক্ৰেডিট দিয়ে ।এইদৰে  ৰিজাৰ্ভ বেংকে পৰিশোধ ভৱনৰ সুবিধা দি বেংক ব্যৱস্থাক সহায় কৰে আৰু লেনদেন বিলাক নিষ্পত্তি কৰে । 

প্ৰশ্ন ২৪।ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণ ক্ষেত্ৰৰ প্ৰয়োগ কৰা দুটা পদ্ধতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰ :- ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণ নিয়ন্ত্ৰণ ক্ষেত্ৰত প্ৰয়োগ কৰা দুটা পদ্ধতি তলত আলোচনা কৰা হ’ল  –   

(ক) বেংক ৰেট বা বাট্টা হাৰ :- যি হাৰৰ বিপৰীতে ৰিজাৰ্ভ বেংকে দেশৰ বেংক ব্যৱস্থা অংশীদাৰ বেংকবোৰলৈ অনুমোদিত প্ৰতিভূতি আৰু স্বীকৃতি বিনিময় পত্ৰৰ পুনৰ বাট্টাকৰণ কৰে সেই হাৰকে বেংক ৰেট বা বাট্টা হাৰ বুলি কোৱা হয় । অৰ্থাৎ ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকবোৰক ঋণ দিওঁতে বা বিল পুনৰ বাট্টা কৰি দিওঁতে যি হাৰত সুদ লয় তাকে বাট্টা হাৰ বা বেংক ৰেট বোলে ।

বেংক ৰেটক মুদ্ৰা বজাৰৰ শান্তি স্থাপক হিচাপে গণ্য কৰা হয় । কিয়নো বেংক ৰেট পৰিৱৰ্তনে সমগ্ৰ সুদৰ হাড়ৰ গঠনৰ ওপৰতে প্ৰভাৱ বিস্তাৰ কৰে । বেংক ৰেটৰ বৃদ্ধিয়ে মুদ্ৰা বজাৰৰ অন্যান্য সুদৰ হাৰৰো বৃদ্ধি ঘটাই ঋণ গ্ৰহণ ব্যয় বহুল কৰি তোলে । সেইদৰে বেংক ৰেটৰ হ্ৰাসে মুদ্ৰা বজাৰৰ অন্যান্য সুদৰ হাৰৰ ওপৰত  প্ৰভাৱ বিস্তাৰ কৰি সুদৰ হাৰ হ্ৰাস কৰে  আৰু ঋণ গ্ৰহণৰ ব্যয় কমাই দিয়ে । অৰ্থ ব্যৱস্থাৰ পৰিৱৰ্ত্তনিয় পৰিস্থিতি সাপেক্ষে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক ৰেটৰ পৰিৱৰ্তন সাধন কৰে । 2003 চনৰ এপ্ৰিল মাহৰ  পৰা 2005 চনৰ মাৰ্চ মাহলৈ বেংক ৰেট 6 % স্থিৰ হৈ আছে । 

(খ) মুকলি বজাৰৰ  লেন দেন :- বাণিজ্যিক বেংকবোৰৰ অতিৰিক্ত নগদ তাহবিলৰ স্থিতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় বেংক হিচাপে বিল ,চৰকাৰী প্ৰতিভূতি ,বস্তু তথা বাণিজ্যিক কাকত ইত্যাদিৰ ক্ৰয় অথবা বিক্ৰয় কৰাৰ প্ৰক্ৰিয়াকে মুকলি বজাৰৰ লেন দেন বুলি কোৱা হয় ।

ৰিজাৰ্ভ বেংকে মুকলি বজাৰৰ লেন দেনৰ দ্বাৰা বানিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ সমৰ্থ হ্ৰাস বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰে । ঋণ নিয়ন্ত্ৰণৰ সঁজুলি হিচাপে ই বৰ গুৰুত্বপূৰ্ণ । ৰিজাৰ্ভ বেংকে সেইবোৰ বিক্ৰী কৰিলে বেংক,বিত্তীয় অনুষ্ঠান তথা ব্যক্তিসকলে ক্ৰয় কৰে । তেতিয়া বাণিজ্যিক বেংকৰ নগদ ভাণ্ডাৰ হ্ৰাস হয় । ফলত সেইবোৰৰ ঋণ দান ক্ষমতা হ্ৰাস হয় । তেতিয়া মুদ্ৰা আৰু ঋণ গত মুদ্ৰাৰ যোগান হ্ৰাস হৈ মুদ্ৰাস্ফীতিৰ হেঁচা কমে । আনহাতে মুকলি বজাৰৰ পৰা ৰিজাৰ্ভ বেংকে আগতে বিক্ৰী কৰা বিল বা প্ৰতিভূতি পুনৰাই ক্ৰয় কৰিলে বাণিজ্যিক বেংকৰ নগদ তাহবিল বাৰে । সেইবোৰে তেতিয়া অধিক ঋণ দি মুদ্ৰাৰ যোগান বঢ়াব পাৰে তেতিয়া মুদ্ৰাস্ফীতি বা দৰস্তৰ উৰ্ধমুখী হয় ।

Sl. No.সূচী-পত্ৰ
Chapter 1ভাৰতবৰ্ষত বাণিজ্যিক বেংক
Chapter 2ভাৰতীয় ৰিজাৰ্ভ বেংক
Chapter 3বিত্তীয় বজাৰ
Chapter 4অনা বেংক বিত্তীয় অনুষ্ঠান
Chapter 5হস্তান্তৰ যোগ্য পত্ৰ বা সম্প্ৰদেয় পত্ৰ
Chapter 6চেকৰ সংগ্ৰহ আৰু পৰিশোধ
Chapter 7পুঁজি নিয়োগ

প্ৰশ্ন ২৫।ৰিজাৰ্ভ বেংকৰ সংগঠন আৰু পৰিচালনা ব্যাখ্যা কৰা ।

উত্তৰ :- ভাৰতত ব্যৱসায় কৰা বাণিজ্যিক বেংকে আইনৰ বিধান অনুযায়ী ইয়াৰ ম্যাদি আৰু চলতি আমানতৰ 25 % ৰ পৰা 40 % ৰ ভিতৰত বিধিবদ্ধ তাৰল অনুপাত ৰাখিব লাগে । ইয়াক নগদ সংৰক্ষণ অনুপাতৰ উপৰঞ্চি হিচাপে ৰাখিব লাগে । তৰল পৰিসম্পদ হিচাপে নগদ টকা , সোন আৰু দায়বিহীন অনুমোদিত প্ৰতিভূতি ৰাখিব লাগে । এই পৰিমাণ নূন্যতম আৰু উৰ্ধতম সীমাৰ মাজত পৰিৱৰ্তন কৰিব পাৰে । বিধিবদ্ধ তাৰল অনুপাত বৃদ্ধি কৰিলে বাণিজ্যিক বেংকৰ ঋণ প্ৰদান ক্ষমতা হ্ৰাস হয় । লগতে ঋণ দান ৰ ক্ষেত্ৰ আৰু গতিৰ সলনি হয় । 1997 চনৰ  25 অক্টোবৰ ত বিধিবদ্ধ তাৰল অনুপাত নূন্যতম 25 % হ্ৰাস কৰিছে । 

প্ৰশ্ন ২৬।ৰিজাৰ্ভ বেংকৰ কি কি কাম কৰাত বাধা আছে চমুকৈ লিখা ।

উত্তৰ :- ভাৰতীয় ৰিজাৰ্ভ বেংক হল আমাৰ দেশৰ কেন্দ্ৰীয় বেংক আৰু ই আন সকলোবোৰ বেংক আৰু বিত্তীয় অনুষ্ঠানৰ কাম কাজ নিৰ্ধাৰণ কৰা এটা সংগঠন । কিন্তু ৰিজাৰ্ভ বেংকে সাধাৰণ গ্ৰাহকৰ লগত বেংকিং সেৱাৰ কাম কৰিব নোৱাৰে । যেনে গ্ৰাহকৰ পৰা আমানতৰ ধন গ্ৰহণ কৰা , গ্ৰাহকক লোণ দিয়া ইত্যাদি । লগতে বাণিজ্যিক বেংকৰ আন আন বহুতো কাৰ্য (  সাধাৰণ গ্ৰাহক সম্বন্ধীত ) ৰিজাৰ্ভ বেংকে নকৰে ।

ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যসমূহ হল বিত্তীয় আঁচনি প্ৰণয়ন কৰা । বাণিজ্যিক বেংকবোৰৰ কাম কাজ পৰিদৰ্শন কৰা লেন দেন আৰু ঋণৰ পৰিমাণ আদি নিৰ্ধাৰণ কৰা ইত্যাদি ।

প্ৰশ্ন ২৭।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা ৰ উদ্দেশ্য কি লিখা ।

উত্তৰ :- ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰম্ভণিৰ পৰাই সুচাৰুৰূপে অৰ্থনৈতিক উন্নয়নৰ হকে বিভিন্ন কাম কাজ কৰি আছে । বিভিন্ন বাণিজ্যিক বেংকৰ কাম কাৰ্যক ,লেন দেন , সুদ আদি নিৰীক্ষ ঠিক কৰি ৰিজাৰ্ভ বেংকে অৰ্থনৈতিক সুস্থিৰত ৰক্ষা কৰে।

স্বাধীনতাৰ পিছত ৰিজাৰ্ভ বেংকে অৰ্থনৈতিক উন্নয়নৰ বাবে বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰে গাঁৱে – ভূঞে  যাতে বেংক সেৱাৰ সুবিধা পায় আৰু মানুহবোৰ সঞ্চয়ৰ প্ৰতি ধাবিত হয় তাৰ ব্যৱস্থা ৰিজাৰ্ভ বেংকে কৰি আহিছে । 1991 চনৰ নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ সময়ছোৱা ভাৰতীয় ৰিজাৰ্ভ বেংকে মুখ্য ভূমিকা পালন কৰে । মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ সু নিয়ন্ত্ৰণ কৰিবৰ বাবে বিভিন্ন পন্থা হাতত লয় আৰু এইবোৰ কাৰ্যকৰী কৰে । বিভিন্ন ধৰণৰ অংশ পত্ৰ চিকিউৰীটি আদিৰ যাতে সঠিক কিনা – বেচা হয় তাৰ ব্যৱস্থা কৰাতো ৰিজাৰ্ভ বেংকে আগ ভাগ লয় ।

প্ৰশ্ন ২৮।ৰিজাৰ্ভ বেংকৰ কাম কাজবোৰ চলাবৰ বাবে থকা বিভিন্ন বিভাগসমূহ কি কি লিখা ।

উত্তৰ :- ৰিজাৰ্ভ বেংকৰ বিভিন্ন বিভাগসমূহ হ ‘ল  – 

(ক) বেংকিং বিভাগ ।

(খ) মুদ্ৰা পৰিচালনা বিভাগ ।  

(গ) খৰচ আৰু বাজেট নিয়ন্ত্ৰণ বিভাগ ।

(ঘ) বিনিময় নিয়ন্ত্ৰণ বিভাগ ।  

(ঙ) বেংকিং কাৰ্য আৰু ইয়াৰ উন্নয়ন বিভাগ ।

(চ) চৰকাৰী আৰু বাণিজ্যিক বেংকৰ খতিয়ান বিভাগ । 

(ছ) কৃষি ভিত্তিক ঋণ বিভাগ ।  

(জ) গাঁৱলীয়া পৰিকল্পনাঃ আৰু ঋণ বিভাগ ।  

(ঝ) অনা বেংকিং কোম্পানীৰ বিভাগ । 

(ঞ) ঋণপৰিকল্পনাঃ বিভাগ ।

(ট) অৰ্থনৈতিক বিশ্লেষণ আৰু নিয়মাৱালিৰ বিভাগ ।  

(ঠ) পৰিসংখ্যা বিশ্লেষণ আৰু কম্পিউটাৰ সেৱা বিভাগ ইত্যাদি ।

প্ৰশ্ন ২৯।ভাৰতীয় ৰিজাৰ্ভ বেংকে কি দৰে অৰ্থ ব্যৱস্থাত মুদ্ৰা আৰু ঋণ নিয়ন্ত্ৰণ কৰে আলোচনা কৰা ।

উত্তৰ :- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান লক্ষ্য হৈছে দেশৰ আৰু ঋণ গত মুদ্ৰা আৰ্থিক কাৰ্যৰ সুবিধা হোৱাকৈ পৰিচালনা কৰা । সেয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে দুটা পদ্ধতিৰ দ্বাৰা মুদ্ৰা আৰু ঋণ নিয়ন্ত্ৰণ কৰে ।

(i) সাধাৰণ বা পৰিমানগত পদ্ধতি । 

(ii) গুণগত বা বাচনীমূলক পদ্ধতি ।  

(i) সাধাৰণ বা পৰিমানগত পদ্ধতিৰ অস্ত্ৰ সমূহ হ’ল –

(a) বেংক ৰেট  বা বাট্টা হাৰ :- যি হাড়ৰ বিপৰীতে ৰিজাৰ্ভ বেংকে দেশৰ বেংক ব্যৱস্থা ৰ অংশীদাৰ বেংকবোৰলৈ অনুমোদিত প্ৰতিভূতি আৰু স্বীকৃতি বিনিময় পত্ৰ বা অন্যান্য পত্ৰৰ পুনৰ বাট্টা কৰণ কৰে সেই হাৰকে বেংক ৰেট বা বাট্টাহাৰ বোলা হয় । দিওঁতে যি হাৰত সুদ লয়  তাকে বাট্টা হাৰ বা বেংক ৰেট বোলে ।

বেংক ৰেটক মুদ্ৰা বজাৰৰ শান্তি স্থাপক হিচাপে গণ্য কৰা হয় । কিয়নো বেংক ৰেটৰ পৰিবৰ্তনে সমগ্ৰ সুদৰ হাৰৰ গঠনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে । বেংক ৰেটৰ বৃদ্ধিয়ে মুদ্ৰা বজাৰৰ অনান্য হাৰৰো বৃদ্ধি ঘটাই ঋণ গ্ৰহণ ব্যয় বহুল কৰি তোলে । সেইদৰে বেংক ৰেটৰ হ্ৰাসে মুদ্ৰা বজাৰৰ অন্যান্য সুদৰ হাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি সুদৰ হাৰ হ্ৰাস কৰে আৰু ঋণ গ্ৰহণৰ ব্যয় কমাই দিয়ে । অৰ্থ ব্যৱস্থাৰ পৰিবৰ্তনীয় পৰিস্থিতি সাপেক্ষে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেটৰ পৰিৱৰ্তন সাধন কৰে।2003 চনৰ এপ্ৰিল মাহৰ পৰা  2005 চনৰ মাৰ্চ মাহলৈ বেংক ৰেট  6 % স্থিৰ হৈ আছে । 

(b) মুকলি বজাৰৰ লেন দেন :- দেশৰ বাণিজ্যিক বেংকবোৰৰ অতিৰিক্ত নগদ তাহবিলৰ স্থিতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবেই ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় বেংক হিচাপে বিল , চৰকাৰী প্ৰতিভূতি , বস্তু তথা বাণিজ্যিক কাকত ইত্যাদিৰ ক্ৰয় অথবা বিক্ৰয় কৰাৰ প্ৰক্ৰিয়াকে মুকলি বজাৰৰ লেন দেন বোলে। 

ৰিজাৰ্ভ বেংকে মুকলি বজাৰৰ লেন দেনৰ দ্বাৰা বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ সমৰ্থ হ্ৰাস বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰে । ঋণ নিয়ন্ত্ৰণৰ সঁজুলি হিচাপে ই বৰ গুৰুত্বপূৰ্ণ ।ৰিজাৰ্ভ বেংকে এইবোৰ বিক্ৰী কৰিলে বেংক , বিত্তীয় অনুষ্ঠান তথা ব্যক্তিসকলে ক্ৰয় কৰে।তেতিয়া বাণিজ্যিক বেংকৰ নগদ ভাণ্ডাৰ হয়।ফলত সেইবোৰৰ ঋণদান ক্ষমতা হ্ৰাস হয়।তেতিয়া মুদ্ৰা আৰু ঋণ গত মুদ্ৰাৰ যোগান হ্ৰাস হৈ মুদ্ৰাস্ফীতিৰ হেঁচা কমে। আনহাতে মুকলি বজাৰৰ পৰা বেংকৰ নগদ তাহবিল বাৰে । সেইবোৰে তেতিয়া অধিক ঋণ দি  মুদ্ৰাৰ যোগান বঢ়াব পাৰে । তেতিয়া মুদ্ৰাস্ফীতি বা দৰস্তৰ উৰ্ধমুখী হয়।

(c) পৰিৱর্তনশিল নগদ সংৰক্ষণ অনুপাত :- ভাৰতত ব্যৱহায় কৰা বাণিজ্যিক বেংকবোৰে আমানত দেনাৰ এক নিৰ্দিষ্ট অনুপাতত নগদ তাহবিল ৰাখিব লাগে । আইনৰ ব্যৱস্থামতে বৰ্তমান এই সংৰক্ষণৰ অনুপাত নূন্যতম 3 % ৰ পৰা উৰ্ধতম 20 % ৰ ভিতৰত ৰিজাৰ্ভ ভেংকত জমা ৰাখিব লাগে । প্ৰয়োজন মতে ৰিজাৰ্ভ বেংকে এই জমাৰ পৰিমাণ 3 ৰ পৰা 20 শতাংশৰ ভিতৰত কম বেছি কৰিব পাৰে । এই কাৰণে ইয়াক পৰিৱৰ্তনশীল  নগদ সংৰক্ষণ অনুপাত বোলে । নগদ সংৰক্ষণ অনুপাত বৃদ্ধি কৰিলে বাণিজ্যিক বেংকে ৰিজাৰ্ভ বেংকত আগতকৈ বেছি পৰিমাণৰ নগদ ধন জমা ৰাখিব লগা হয় । ফলস্বৰূপে ঋণ দানৰ ক্ষমতাও আগৰ তুলনাত হ্ৰাস পায় । সেইদৰে ঋণ দান ৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰিলে বাণিজ্যিক বেংকবোৰৰ সংৰক্ষণ এই অনুপাত হ্ৰাস কৰি দিয়ে । 2003 চনৰ নৱেম্বৰৰ পৰা 2005 চনৰ মাৰ্চলৈকে  নগদ সংৰক্ষণৰ অনুপাত  হৈছে 4. 5 %।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top