Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ

Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ and select needs one.

Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Banking Chapter 6 চেকৰ সংগ্ৰহ আৰু পৰিশোধ Solutions for All Subject, You can practice these here…

চেকৰ সংগ্ৰহ আৰু পৰিশোধ

Chapter: 6

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্ৰশ্ন ১।এখন চেক কোনে ৰেখাংকন কৰিব পাৰে ?

উত্তৰ :- চেক এখনৰ গৰাকীয়ে বা ইয়াক বিলি কৰোতাই চেক এখন ৰেখাংকন কৰিব পাৰে।

প্ৰশ্ন ২।হস্তান্তৰ নোহোৱা ৰেখাংকন।

উত্তৰ :-এইটো এটা বিশেষ ধৰণৰ ৰেখাংকন যত ধাৰক এজনক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হয়।এনে এখন চেক ধাৰকৰ নিজৰ ইচ্ছামতে পৃষ্ঠাঙ্কিত কৰিব পাৰি।

প্ৰশ্ন ৩।সংগ্ৰহ কাৰী বেংক কি ?

উত্তৰ :- বেংকিং ব্যৱস্থাত বেংকে গ্ৰাহকৰ হৈ চেকৰ ধন বিনিময় পত্ৰ আদি সংগ্ৰহ কৰিলে বেংকটোক সংগ্ৰহকাৰী বেংক বুলি কোৱা হয়।

প্ৰশ্ন ৪।মূল্যৰ বাহক কি ?

উত্তৰ :- এওঁ এনে এজন বাহক যাৰ হাতত এখন হস্তান্তৰযোগ্য দলিল থাকে আৰু যাক এটা মূল্য দিয়া হৈছে বুলি দলিখনত ইয়াৰ পৰিমাণ সহিতে লিখা থাকে।

চমু উত্তৰ দিয়া

প্ৰশ্ন ৫।একাউণ্ট পেয়ী ক্ৰচিং।

উত্তৰ :- ই এটা বিশেষ ধৰণৰ ৰেখাংকন যত চেকৰ বাওঁপিনে পেয়ী বুলি লিখি দিয়া হয়।সংগ্ৰহকাৰী বেংকে এনে চেক সংগ্ৰহ কৰাৰ সময়ত অলপ সাৱধান হব লাগে যাতে প্ৰকৃত গৰাকীয়ে টকাখিনি পায়।

প্ৰশ্ন ৬।চেক কি ?

উত্তৰ :- বেংকৰ পৰা ধন উলিয়াওতে বা বেংকত থকা ধন হস্তান্তৰ কৰোতে ব্যৱহৃত হোৱা প্ৰ -পত্ৰকে  চেক বুলি কোৱা হয়।

হস্তান্তৰ যোগ্য পত্ৰ আইনৰ 6 নং ধাৰা মতে  “নিৰ্দিষ্ট বেংকৰ ওপৰত দাবী কৰা মানে প্ৰদেয় বিনিময় পত্ৰক চেক বুলি কোৱা হয়।

প্ৰশ্ন ৭।এখন চেক কেনেকৈ ৰেখাংকন কৰা হয় ?

উত্তৰ :-      

প্ৰশ্ন ৮।অৰিমোত্তৰ চেক কি ?

উত্তৰ :- চেক প্ৰস্তুত কৰা বা হস্তান্তৰ কৰা দিনটোৰ আগৰ তাৰিখ চেকত থাকিলে সেই  চেকক প্ৰায় তাৰিখ যুক্ত চেক বা পৰৱৰ্তী তাৰিখে দেয় চেক বোলা হয়।আনহাতে চেক প্ৰস্তুত কৰোতে চেকৰ তাৰিখৰ ঘৰত চেক লিখা বা হস্তান্তৰ কৰা দিনটোৰ তাৰিখ নিদি ভৱিষ্যতৰ কোনো দিন ৰ তাৰিখ দিলে সেই চেকক পৰৱৰ্ত্তী তাৰিখে পৰিশোধনীয় চেক বোলে।চেকত উল্লেখিত তাৰিখৰ আগতে সেই চেকৰ ধন বেংকে পৰিশোধ নকৰে।

প্ৰশ্ন ৯।মৌলিক অদল –  বদল বুলিলে কি বুজা ?

উত্তৰ :- চেকৰ মৌলিক অদল – বদল বুলিলে এনে এক বস্তুগত প্ৰৱৰ্তনক বুজায় ,যাৰ ফলত চেকৰ প্ৰায়োগিক দিশ আৰু ইয়াৰ পক্ষবোৰৰ দায়ৰ পৰিৱৰ্তন হয়।চেকৰ মৌলিক অদল – বদলৰ ফলত পূৰ্বৰ তুলনাত ই পৃথক অৰ্থ প্ৰকাশ কৰে।মৌলিক অদল – বদল সাধাৰণতে তলৰ বিষয়সমূহত অধিকভাৱে হয়। 

প্ৰশ্ন ১০।অংকন কৰোঁতাৰ হস্থাক্ষৰৰ নকল ?

উত্তৰ :- চেক এখনৰ অংকন কৰোঁতাৰ হস্থাক্ষৰৰ নকল এক ডাঙৰ অপৰাধ।এনে ক্ষেত্ৰত অংকন কৰোঁতাই তেওঁৰ অজানিতে থোৱা পইচা ঘূৰাই দিবৰ বাবে প্ৰাপকক বাধ্য কৰাব নোৱাৰে।ইফালে অংকন কৰোঁতাই সংগ্ৰহকাৰী বেংকৰ পৰাও পইচা  ঘূৰাই নাপায়।

প্ৰশ্ন ১১।আদেশ চেক আৰু বাহক চেকৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰ :- আদেশী চেক :- (i) এই চেকৰ ধন অনুমোদিত ব্যক্তিকহে প্ৰদান কৰা হয়।

(ii) এই ক্ষেত্ৰত প্ৰাপকৰ পৰিচয় সম্পৰ্কে সন্তুষ্ট হলেহে ধন প্ৰদান কৰা হয়।

বাহক চেক :- (i) যিকোনো এজন বাহকেই চেকৰ ধন সাধাৰণতে গ্ৰহণ কৰিব পাৰে।

(ii) প্ৰাপকৰ পৰিচয় বৰ বেছি দৰকাৰী নহয়।

চমু উত্তৰ দিয়া

প্ৰশ্ন ১২।বাঁহৰ চেক কি ?

উত্তৰ :- যি চেকত উল্লেখিত ধন যি কোনো চেকৰ বাহকে বেংকত দাখিল কৰি পোৱাৰ অধিকাৰী হয় তাকে বাহক চেক বোলা হয়।এনে চেক এজনৰ পৰা আনজনলৈ হস্তান্তৰৰ সময়ত পৃষ্ঠাঙ্কনৰ আৱশ্যকতা নাই।এনে চেকৰ উল্লেখিত ধন যিকোনো ব্যক্তিয়ে বেংকত দাখিল কৰা মাত্ৰেই ধন আদায় পাব পাৰে।বাহক চেকৰ টকা আদায় দিওঁতে বেংকে সাধাৰণতে চেকৰ প্ৰাপক সম্পৰ্ক বিশেষ অনুসন্ধান নকৰে ফলত  একতৃত্ব ব্যক্তিয়ে বেংকৰ পৰা টকা উঠাই লব পাৰে।বাহক চেক চুৰি হলে আৰু চুৰি কৰা ব্যক্তিয়ে অথবা বাহক চেক হেৰাইগল তেনে চেক প্ৰাপ্তি ব্যক্তি বা চুৰি ব্যক্তিয়ে বেংকৰ পৰা টকা আদায় কৰি নিলে বেংক দায়ী নহয়।

প্ৰশ্ন ১৩।অৰিমোত্তৰ চেক কি ?

উত্তৰ :- চেক প্ৰস্তুত কৰা বা হস্তান্তৰ কৰা দিনটোৰ আগৰ তাৰিখ চেকত থাকিলে সেই চেকক প্ৰাক তাৰিখ যুক্ত চেক বা পৰৱৰ্তী তাৰিখে দেয় চেক বোলা হয়।আনহাতে চেক প্ৰস্তুত কৰোতে চেকৰ তাৰিখৰ ঘৰত চেক লিখা বা হস্তান্তৰ কৰা দিনটোৰ তাৰিখ  নিদি ভৱিষ্যত ৰ কোনো দিনৰ তাৰিখ দিলে সেই চেকক পৰৱৰ্তী তাৰিখে পৰিশোধনীয় চেক বোলে।চেকত উল্লেখিত তাৰিখৰ আগতে সেই চেকৰ ধন বেংকে পৰিশোধ নকৰে।

প্ৰশ্ন ১৪।আদেশী চেক কি ?

উত্তৰ :- যি চেকৰ ধন চেকত থকা ব্যক্তি অথবা তেওঁৰ আদেশ মতে অনুমোদিত কোনো নিৰ্দিষ্ট ব্যক্তিক পৰিশোধ কৰা হয় তাকে হুকুম চেক বা আদেশী চেক বোলা হয়।এইক্ষেত্ৰত বেংকে প্ৰাপকৰ পৰিচয় সম্পৰ্কে সন্তুষ্ট হলেহে ধন আদায় দিয়ে।এনে চেকত সস্তান্তৰকাৰীৰ স্বাক্ষৰ অবিহনে আনলৈ হস্তান্তৰ কৰিব নোৱাৰি।

প্ৰশ্ন ১৫।দ্বৈত বিশেষ ৰেখাংকন কি ?

উত্তৰ :- দ্বৈত বিশেষ ৰেখাংকন হল এক বিশেষ ৰেখাংকন যত সঠিক মানুহজনে  যেন ইয়াৰ পৰিশোধ সঠিক সময়ত পায় তাক সুনিৰ্দিষ্ট কৰা যায়।চেকখনৰ বাওঁপিনে দুডাল সমান্তৰাল ৰেখা অংকন কৰি ইয়াৰ মাজত  ” কোম্পানী  ” এণ্ড কোম্পানী  ” আদি শব্দ লিখি বিলি কৰা দেখা যায়। 

প্ৰশ্ন ১৬।পৰিশোধকাৰী বেংক কি ?

উত্তৰ :- গ্ৰাহকৰ হৈ চেক বিল আদিৰ ধন আদায় দিলে বা পৰিশোধ কৰিলে তেনে বেংকক গ্ৰাহকৰ পৰিশোধকাৰী বেংক বোলা হয়। উল্লেখযোগ্য যে বেংকে কোনো ব্যক্তিক বেংকত হিচাপ খুলিবলৈ অনুমতি দিয়াৰ পৰাই গ্ৰাহকৰ হিচাপত পৰ্যাপ্ত পৰিমাণৰ জমা ধন থাকিলে আৰু তেনে জমা ধন চেক সন্মানৰ বাবে ব্যৱহাৰ যোগ্য হলে চেক সন্মান কৰিবলৈ বা চেকৰ মূল্য আদায় দিবৰ বাবে আইনগত ভাবে দায়বদ্ধ হৈ পৰে।ইয়াকে পৰিশোধকাৰী বেংকৰ চেক পৰিশোধ বুলি কোৱা হয়।

প্ৰশ্ন ১৭।সংগ্ৰহকাৰী বেংক কি ?

উত্তৰ :- বেংকিং ব্যৱস্থাত বেংকে গ্ৰাহকৰ হৈ চেকৰ ধন, বিনিময় পত্ৰ আদি সংগ্ৰহ কৰিলে বেংকটোৰ সংগ্ৰহকাৰী বেংক বুলি কোৱা হয়।

হস্তান্তৰ যোগ্য পত্ৰ আইনৰ ধাৰা 131নং অনুসাৰে সংগ্ৰহকাৰী বেংকলৈ বিধিবদ্ধ ৰক্ষণাবেক্ষণ আগবঢ়োৱা হৈছে।এই মৰ্মে কোনো কোনো বেংকে সৎ বিশ্বাস  আৰু যত্ন সহকাৰে অতি সৱধানতাৰে সাধাৰণ বা বিশেষভাৱে ৰেখিত চেকৰ ধন গ্ৰাহকৰ হৈ গ্ৰহণ কৰে আৰু সেই চেকৰ গ্ৰাহকক অধিকাৰ ক্ৰুটিপূৰ্ণ বুলি পিছত প্ৰমাণিত হলেও গ্ৰাহকৰ হৈ ধন গ্ৰহণ কৰাৰ বাবেই বেংক প্ৰকৃত গৰাকীৰ ওচৰত জগৰীয়া নহব।

সংগ্ৰহকাৰী বেংককাৰে তলত উল্লেখ কৰা বিভিন্ন পৰিস্থিতি সাপেক্ষে বিধিবদ্ধ ৰক্ষণাবেক্ষণ দাবী কৰিব পাৰে।

প্ৰশ্ন ১৮।ৰেখাংকন কি ?

উত্তৰ :- যি চেকৰ ওপৰত বাওঁফালে দুডাল সমান্তৰাল ৰেখা আঁকি তাৰ ভিতৰত  ” এণ্ডকং ” লিখি অথবা নিলিখাকৈ গ্ৰাহকক প্ৰদান কৰে  তেনেকুৱা চেককে ৰেখাংকিত চেক বোলা হয়।এনে চেকৰ প্ৰাপকে বেংকৰ কাউণ্টাৰত জমা দিলেই নগদ ধন লব নোৱাৰে।

এই চেক হেৰাল বা চুৰি হলেও নিৰ্দেশিত প্ৰাপকৰ বাহিৰে আন কোনো তৃতীয় পক্ষই ধন পোৱাৰ সম্ভাৱনা নাথাকে।ব্যৱহায়িবিলাক বা প্ৰতিষ্ঠানৰ বাবে এনে চেকৰ লেন দেন জনপ্ৰিয়, কিয়নো এনে চেকে নিৰাপত্তা প্ৰদান কৰে।এনে চেক বেংকত দাখিল কৰি কাউণ্টাৰৰ পৰা  নগদ টকা লব নোৱাৰি।এনে চেকৰ ধন প্ৰাপকৰ হিচাপত জমা কৰি পুনৰ নতুন চেক দাখিল কৰিহে প্ৰাপকৰ হিচাপৰ পৰা টকা বেংকৰ পৰা আহৰণ কৰিব লাগে ফলত সময়ৰ খৰচ কৰিব লগা হয়।

চেক দুই ধৰণে ৰেখাংকন কৰা হয়।যেনে সাধাৰণ ৰেখাংকন আৰু বিশেষ ৰেখাংকন। 

প্ৰশ্ন ১৯।’সংগ্ৰহকাৰী বেংকাৰে গ্ৰাহকৰ প্ৰতিনিধি হিচাপেহে কাৰ্য কৰিব লাগিব, মূল্যৰ বাবদ অধিকাৰী হিচাপে নহয় ‘  কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ :- সংগ্ৰহকাৰী বেংকে সংগ্ৰহৰ কাৰ্য কৰোতে সদায় গ্ৰাহকৰ প্ৰতিনিধি হিচাপেহে কৰা উচিত।বেংকাৰে সংগ্ৰহ ৰ বাবে চেক পোৱাৰ লগে লগে প্ৰয়োজনীয় অনুসন্ধান খিনি কৰাৰ পিছত পৰিশোধকাৰী বেংকলৈ সংগ্ৰহৰ বাবে চেক প্ৰেৰণ কৰিব লাগে।চেকৰ ধন সংগ্ৰহ হোৱাৰ লগে লগে সংশ্লিষ্ট গ্ৰাহকৰ হিচাপত জমা কৰিব লাগে আৰু প্ৰত্যাখ্যান হলেও এই মৰ্মে জাননী প্ৰদান কৰিব লাগে ম সংগ্ৰহকাৰী বেংকে এই ক্ষেত্ৰত মূল্য বাবদ অধিকাৰী হিচাপে সংগ্ৰহ কাৰ্য কৰিলে কোনো কাৰণত চেকৰ প্ৰত্যাখ্যান হলে বেংকে নিজে বিপদৰ সন্মুখীন হব লাগিব পাৰে।মূল্য বাবদ অধিকাৰী কাৰ্য কৰিলে বেংকাৰে আইনগত সুৰক্ষা নাপাবও পাৰে বাবে দাবীও কৰিব নোৱাৰে।

দীঘল  প্ৰশ্ন উত্তৰ

প্ৰশ্ন ২০।মুকলি  চেক আৰু ৰেখিত চেকৰ পাৰ্থক্য বৰ্ণনা কৰা।

উত্তৰ :- (i) যি চেক বেংকৰ কাউণ্টাৰত জমা দি নগদ ধন লব পৰা যায় তেনে চেকক মুকলি চেক বোলে।

আনহাতে, যি চেকৰ ওপৰত বাওঁফালে দুডাল সমান্তৰাল ৰেখা আঁকি তাৰ ভিতৰত এণ্ডকং লিখি অথবা নিলিখাকৈ গ্ৰাহকক প্ৰদান কৰে তেনেকুৱা চেককে ৰেখাংকিত চেক বোলা হয়।

(ii) মুকলি চেকৰ ধন কোনো বেংকত প্ৰাপকৰ হিচাপত ক্ৰেডিট কৰি পিছত পৰিশোধ কৰাৰ অৱশ্যক নহয়।কিন্তু ৰেখিত চেকৰ ধন প্ৰথমতে প্ৰাপকৰ হিচাপও বেংকে জমা কৰে আৰু পাছত অন্য চেকৰ দ্বাৰাহে তেওঁৰ হিচাপৰ ধন আদায় দিয়ে। 

(iii) মুকলি চেকৰ ধন বেংকৰ কাউণ্টাৰৰ পৰা পোনপটীয়াকৈ লব পাৰি।কিন্তু ৰেখিত চেকৰ ধন পোনপটীয়াকৈ বেংকৰ কাউণ্টাৰৰ পৰা লব নোৱাৰি।

(iv) মুকলি চেক অব্যৱসায়ী লোকৰ বাবে বেছি জনপ্ৰিয়।আনহাতে ৰেখিত চেক ব্যৱসায়ী লোকৰ মাজত বেছি জনপ্ৰিয়।

(v) মুকলি চেক হেৰাই গলে বা চুৰি হলে  অকতৃত্ব শিল লোকে বেংকৰ পৰা টকা উলিয়াই নিব পাৰে।কিন্তু ৰেখিত চেক হেৰাই গলেও ইয়াৰ ধন প্ৰকৃত প্ৰাপকৰ হিচাপতহে জমা হব।

প্ৰশ্ন ২১।এখন বাহক চেকৰ সুবিধা অসুবিধা সমূহ লিখা। 

উত্তৰ :- এখন বাহক চেকৰ সুবিধা সমূহ হল  –

(ক) বেংকে বিনাচৰ্তেই পইচা আদায় দিয়ে।

(খ) বাহকে যিকোনো সময়তে কেৱল হস্তাক্ষৰ কৰি ইয়াক আদায় লব পাৰে।  

বাহক  চেকৰ অসুবিধা সমূহ হল :- (ক) টকা প্ৰদানৰ সময়ত বেংকে কোনো পইচা পৰিচয় পত্ৰ নিবিচাৰে।

(খ) বহু ক্ষেত্ৰত বেলেগ ব্যক্তি এজনে বদমচি কৰি বেলেগৰ ধন আদায় লোৱা দেখা যায়।

প্ৰশ্ন ২২।ৰেখাংকন কি ? ইয়াৰ বিভিন্ন প্ৰকাৰ বোৰ কি কি ?

উত্তৰ :- যি চেকৰ ওপৰত বাওঁফালে দুডাল সমান্তৰাল ৰেখা আঁকি তাৰ ভিতৰত ‘এণ্ডকং’ লিখি অথবা নিলিখাকৈ গ্ৰাহকক প্ৰদান কৰে তেনেকুৱা চেককে ৰেখাংকিত চেক বোলা হয়।

এনে চেকৰ প্ৰাপকে বেংকৰ কাউণ্টাৰত জমা দিয়েই নগদ ধন লব নোৱাৰে।

এই চেক হেৰাল বা চুৰি হলে ও নিৰ্দেশিত প্ৰাপকত বাহিৰে আন কোনো তৃতীয় পক্ষই ধন পোৱাৰ সম্ভাৱনা নাথাকে।ব্যৱসায়ী লোক বা প্ৰতিষ্ঠানৰ বাবে এনে চেকৰ লে দেনজনপ্ৰিয়, কিয়নো এনে চেকে নিৰাপত্তা প্ৰদান কৰে।এনে চেক বেংকত দাখিল কৰি কাউণ্টাৰৰ পৰা নগদ টকা লব নোৱাৰি।এনে চেকৰ ধন প্ৰাপকৰ হিচাপত জমা কৰি পুনৰ নতুন চেক দাখিল কৰিহে প্ৰাপকৰ হিচাপৰ পৰা টকা বেংকৰ পৰা আহৰণ কৰিব লাগে ফলত সময়ৰ খৰচ কৰিব লগা হয়।

চেক দুই ধৰণে ৰেখাংকন কৰা হয় যেনে সাধাৰণ ৰেখাংকন আৰু বিশেষ ৰেখাংকন।

প্ৰশ্ন ২৩।ধনাদেশ বা চেকৰ মৌলিক অদল – বদল  বুলিলে কি বুজা ? চমুকৈ আলোচনা কৰা। 

উত্তৰ :- চেকৰ মৌলিক অদল – ব দল বুলিলে এনে এক বস্তুগত পৰিবৰ্তনক বুজায় , যাৰ ফলত চেকৰ প্ৰায়োগিক দিশ আৰু ইয়াৰ পক্ষবোৰৰ দায়ৰ পৰিৱৰ্তন হয়।চেকৰ মৌলিক অদল  – বদলৰ ফলত পূৰ্বৰ তুলনাত ই পৃথক অৰ্থ প্ৰকাশ কৰে।মৌলিক অদল  – বদল সাধাৰণতে তলৰ বিষয়সমূহত অধিকভাৱে হয়।যেনে –

(i) চেকৰ তাৰিখ সলনি কৰিলে ইয়াৰ প্রকৃত স্বৰূপ সলনি কৰিব পাৰি। অৰ্থাৎ বাতিল বা তাৰিখোত্তৰ চেকৰ তাৰিখ পৰিৱৰ্তন কৰি তাক চলতি চেক ৰূপে পৰিৱৰ্তন কৰিব পাৰি। 

(ii) চেকৰ টকাৰ পৰিৱৰ্তন কৰিলে , গ্ৰাহকৰ মূলক আদেশৰ সলনি হয়, সেয়ে ই মৌলিক অদল – বদল।

(iii) চেক আদায় ৰ ঠাই সলনি কৰিলেও মৌলিক অদল বদল হয়।

(iv) চেকৰ পক্ষবোৰৰ সলনিও মৌলিক পৰিৱৰ্তন।

(v) চেকৰ বাহক শব্দৰ পৰিবৰ্তে হুকুম নতুন শব্দৰ পৰিবৰ্তে বাহক লিখিলে চেকৰ প্ৰকৃতি সলনি হয়।সেয়ে ই মৌলিক অদল – বদল। 

(vi) চেকৰ ৰেখাংকনৰ সাল – সলনি ও মৌলিক অদল  – বদলৰ অন্তৰ্ভুক্ত।

প্ৰশ্ন ২৪।কি কি পৰিস্থিতিত বেংকে চেক আদায় দিবলৈ বাধ্য ?

উত্তৰ :- কোনো এজন যোগ্য ব্যক্তি বেংকৰ গ্ৰাহক হোৱাৰ লগে লগে গ্ৰাহকৰ উপযুক্ত চেক বেংকে সন্মান কৰাতো বিধিসন্মত দায়িত্ব হৈ পৰে।অৱশ্যে গ্ৰাহকৰ চেকৰ উপযুক্ত তা কেইটামান চৰ্তৰ ওপৰত নিৰ্ভৰশীল।যেনে   –

(i) গ্ৰহকলৈ বেংকে দিয়া নিৰ্দিষ্ট চেক বহিৰ চেক উপযুক্তভাবে পূৰণ কৰিহে বেংকত দাখিল কৰিব লাগে। 

(ii) চেকত উল্লেখিত তাৰিখ সঠিকভাৱে দিয়া হব লাগিব।

(iii) গ্ৰাহকৰ চহী বেংকৰ সন্দেহ মুক্ত হব লাগিব।

(iv) যিটো বেংকৰ শাখাত হিচাপ খোলা হৈছে সেই বেংকৰ সেই শাখাৰহে চেক দাখিল কৰা হব লাগিব।

(v) চেকখন বেংকৰ বেংকিং সময়ৰ ভিতৰত দাখিল কৰা হব লাগিব।

(vi) গ্ৰাহকৰ হিচাপত চেক আদায় দিবলৈ পৰ্যাপ্ত পৰিমাণৰ আদায় যোগ্য ধন থাকিব লাগিব।

(vii) চেকত উল্লেখ কৰা ধন সংখ্যা আৰু আখৰেৰে স্পষ্টভাৱে উল্লেখ কৰা থাকিব লাগিব। 

(viii) যুটীয়া গ্ৰাহক হলে প্ৰতিজন গ্ৰাহকৰে চহী যথাযথ ভাবে দিয়া হব লাগিব।উক্ত চৰ্তসমূহ পূৰণ হলে বেংকে গ্ৰাহকৰ চেক পৰিশোধ কৰিবলৈ বাধ্য থাকিব।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top