Class 11 Political Science Important Chapter 4 সংসদীয় পদ্ধতিত কার্যপালিকা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 4 সংসদীয় পদ্ধতিত কার্যপালিকা Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.
Class 11 Political Science Important Chapter 4 সংসদীয় পদ্ধতিত কার্যপালিকা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.
সংসদীয় পদ্ধতিত কার্যপালিকা
Chapter: 4
| প্রথম খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
খালী ঠাই পূৰণ কৰা:
১। সংসদীয় চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডল পৰস্পৰে __________।
উত্তৰঃ সংসদীয় চৰকাৰত কার্যপালিকা আৰু বিধানমণ্ডল পৰস্পৰেনিৰ্ভৰশীল।
২। ভাৰতত সংসদীয় পদ্ধতি গ্ৰহণৰ এক অন্যতম কাৰণ আছিল ১৯১৯ আৰু ১৯৩৫ চনৰ __________ আইনৰ অভিজ্ঞতা।
উত্তৰঃ ভাৰতত সংসদীয় পদ্ধতি গ্ৰহণৰ এক অন্যতম কাৰণ আছিল ১৯১৯ আৰু ১৯৩৫ চনৰ উপনিৱেশিক আইনৰ অভিজ্ঞতা।
৩। _________ জিলা ন্যায়াধীশসকলক নিয়োগ কৰে।
উত্তৰঃ ৰাজ্যপালে জিলা ন্যায়াধীশসকলক নিয়োগ কৰে।
৪। মন্ত্রীসভা গঠন কৰাৰ সময়ত ৰাষ্ট্ৰপতিয়ে __________ ৰ উপদেশ অনুসৰি মন্ত্রী নিযুক্ত কৰে।
উত্তৰঃ মন্ত্রীসভা গঠন কৰাৰ সময়ত ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রীৰ উপদেশ অনুসৰি মন্ত্রী নিযুক্ত কৰে।
৫। সংসদীয় পদ্ধতিত __________ হৈছে চৰকাৰ গঠনৰ মুখ্য ব্যক্তি।
উত্তৰঃ সংসদীয় পদ্ধতিত প্রধানমন্ত্রী হৈছে চৰকাৰ গঠনৰ মুখ্য ব্যক্তি।
সত্য/অসত্য-
১। ভাৰতত সংসদীয় পদ্ধতি গ্ৰহণ কৰা হৈছে।
উত্তৰঃ সত্য।
২। সংসদীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল একে সংস্থাৰ অধীনত থাকে।
উত্তৰঃ অসত্য।
৩। ভাৰতৰ ৰাষ্ট্রপতি হৈছে দেশৰ সাংবিধানিক সভাপতি।
উত্তৰঃ সত্য।
৪। সংসদীয় পদ্ধতিত মন্ত্রীসভাই ৰাষ্ট্ৰপতিক উপদেশ দিয়ে।
উত্তৰঃ সত্য।
৫। ভাৰতৰ সংসদত কেৱল এজন অধ্যক্ষ থাকে।
উত্তৰঃ অসত্য।
চুটি প্রশ্ন-উত্তৰ-
১। ভাৰতবৰ্ষত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰাৰ মূল উদ্দেশ্য কি আছিল?
উত্তৰঃ জনসাধাৰণৰ আশা-আকাংক্ষা বাস্তবায়িত কৰাৰ বাবে আৰু তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিসকলক অস্বেচ্ছাছাৰীমূলক কৰাৰ সুবিধা সৃষ্টিৰ বাবে ভাৰতবৰ্ষত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছিল।
২। সংসদীয় পদ্ধতিত ‘সাংবিধানিক মুৰব্বী’ৰ প্ৰয়োজন কিয়?
উত্তৰঃ মন্ত্রী-পৰিষদে যদি সংখ্যাগৰিষ্ঠতা হেৰুৱায় বা কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা নাপায়, তেনেস্থলত নতুন মন্ত্রী-পৰিষদ গঠনৰ বাবে সাংবিধানিক মুৰব্বীৰ প্ৰয়োজন হয়।
৩। ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰার্থী হ’বলৈ কিমান বয়স হ’ব লাগিব?
উত্তৰঃ ৰাষ্ট্ৰপতি পদৰ প্ৰার্থী হ’বলৈ ব্যক্তিজনৰ বয়স কমেও ৩৫ বছৰ হ’ব লাগিব।
৪। সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে?
উত্তৰঃ সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে।
৫। সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ক্ষমা, দণ্ড হ্ৰাস বা দণ্ড পৰিৱৰ্তন কৰাৰ ক্ষমতা আছে?
উত্তৰঃ সংবিধানৰ ৭২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ক্ষমা, দণ্ড হ্ৰাস বা দণ্ড পৰিৱৰ্তন কৰাৰ ক্ষমতা আছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



