Class 11 Political Science Important Chapter 3 প্রতিনিধিত্বমূলক গণতান্ত্রিক পদ্ধতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 3 প্রতিনিধিত্বমূলক গণতান্ত্রিক পদ্ধতি Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.
Class 11 Political Science Important Chapter 3 প্রতিনিধিত্বমূলক গণতান্ত্রিক পদ্ধতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.
প্রতিনিধিত্বমূলক গণতান্ত্রিক পদ্ধতি
Chapter: 3
| প্রথম খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
খালী ঠাই পূৰণ কৰা:
১। ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচনত সাধাৰণতে __________ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচনত সাধাৰণতে প্ৰথম চেৰাই যোৱা পদ পদ্ধতি ব্যৱহাৰ কৰা হয়।
২। ভাৰতবৰ্ষত ১৮ বছৰ বয়সত ভোটাধিকাৰৰ যোগ্যতা লাভ কৰা হয়, যাক ____________ বোলা হয়।
উত্তৰঃ ভাৰতবৰ্ষত ১৮ বছৰ বয়সত ভোটাধিকাৰৰ যোগ্যতা লাভ কৰা হয়, যাক সার্বজনীন ভোটাধিকাৰ বোলা হয়।
৩। ৰাজ্যসভাৰ সদস্যসকলক ____________ পদ্ধতি অনুসৰি নিৰ্বাচিত কৰা হয়।
উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলক সমানুপাতিক প্রতিনিধিত্ব পদ্ধতি অনুসৰি নিৰ্বাচিত কৰা হয়।
৪। ভাৰতবৰ্ষৰ সংবিধানত __________ নং অনুচ্ছেদত স্বাধীন নির্বাচন আয়োগৰ বিষয়ে উল্লেখ আছে।
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত ৩২৪ নং অনুচ্ছেদত স্বাধীন নির্বাচন আয়োগৰ বিষয়ে উল্লেখ আছে।
৫। সংবিধানত কেৱল অনুসূচিত ____________ ৰ বাবে সমষ্টি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
উত্তৰঃ সংবিধানত কেৱল অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সমষ্টি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
সত্য/অসত্য-
১। ভোটাৰসকলে সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত প্রার্থীসকলক ভোট দিয়ে।
উত্তৰঃ অসত্য।
২। ভাৰতৰ নিৰ্বাচন আয়োগে পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন পৰিচালনা কৰে।
উত্তৰঃ অসত্য।
৩। ‘প্ৰথম চেৰাই যোৱা পদ পদ্ধতি’ অতি সহজ আৰু জনসাধাৰণে সহজে বুজি পায়।
উত্তৰঃ সত্য।
৪। মহিলাসকলৰ বাবে লোকসভাত ইতিমধ্যে এক-তৃতীয়াংশ আসন সংৰক্ষণ কাৰ্যকৰী হৈছে।
উত্তৰঃ অসত্য।
৫। নির্বাচন আয়োগে আচৰণ বিধি জাৰী কৰাৰ ক্ষমতা ৰাখে।
উত্তৰঃ সত্য।
চুটি প্রশ্ন-উত্তৰ-
১। নির্বাচন কাক বোলে?
উত্তৰঃ নির্বাচকবৰ্গে কোনো ব্যক্তিক বা দলক ভোটৰ মাধ্যমেৰে বাছনি কৰাৰ প্রক্রিয়াক নির্বাচন বোলে।
২। গণতন্ত্ৰত ভোটাধিকাৰ কাক বোলে?
উত্তৰঃ ৰাষ্ট্ৰৰ সকলো প্রাপ্তবয়স্ক নাগৰিকক ভোট দিয়াৰ অধিকাৰক ভোটাধিকাৰ বোলে।
৩। ‘প্ৰথম চেৰাই যোৱা পদ পদ্ধতি’ত ভোট কিদৰে গণনা কৰা হয়?
উত্তৰঃ প্ৰথম চেৰাই যোৱা পদ পদ্ধতি’ত যিজনে আটাইতকৈ বেছি সংখ্যক ভোট পায়, তেওঁক বিজয়ী হিচাপে ঘোষণা কৰা হয়। প্ৰতিটো ভোটত সমান মূল্য থাকে, আৰু ভোটাৰসকলে যিকোনো এজন প্ৰাৰ্থীক ভোট দিয়ে।
৪। সমানুপাতিক প্রতিনিধিত্ব পদ্ধতিত কাক ভোট দিয়া হয়?
উত্তৰঃ এই পদ্ধতিত জনতাই প্ৰাৰ্থীৰ পৰিৱর্তে ৰাজনৈতিক দলক ভোট দিয়ে।
৫। ভাৰতবৰ্ষত কেতিয়া ১৮ বছৰৰ ভোটাধিকাৰ ব্যৱস্থা আৰম্ভ হয়?
উত্তৰঃ ভাৰতবৰ্ষত ১৯৮৯ চনৰ পৰা ১৮ বছৰৰ ভোটাধিকাৰ ব্যৱস্থা আৰম্ভ হয়।
৬। স্বাধীন নির্বাচন আয়োগ কেতিয়া গঠন কৰা হয়?
উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি স্বাধীন নির্বাচন আয়োগ ১৯৫০ চনৰ ২৫ জানুৱাৰী তাৰিখে গঠন কৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



