Class 11 Political Science Important Chapter 2 মৌলিক অধিকাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 2 মৌলিক অধিকাৰ Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.
Class 11 Political Science Important Chapter 2 মৌলিক অধিকাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.
মৌলিক অধিকাৰ
Chapter: 2
| প্রথম খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
খালী ঠাই পূৰ কৰা-
১। _____________ সাংবিধানিক আত্মা বুলি কোৱা হয়।
উত্তৰঃ সাংবিধানিক নিৰাময় অধিকাৰক সাংবিধানিক আত্মা বুলি কোৱা হয়।
২। ১৯৭৮ চনত সম্পত্তিৰ অধিকাৰত ____________ ৰ পৰা বাদ দিয়া হয়।
উত্তৰঃ ১৯৭৮ চনত সম্পত্তিৰ অধিকাৰত মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হয়।
৩। Right to Freedom সংবিধানৰ _____________ অনুচ্ছেদত আছে।
উত্তৰঃ Right to Freedom সংবিধানৰ ১৯-২২ অনুচ্ছেদত আছে।
৪। ____________ অনুচ্ছেদত অস্পৃশ্যতা বৰ্জন নিশ্চিত কৰা হৈছে।
উত্তৰঃ ১৭ অনুচ্ছেদত অস্পৃশ্যতা বৰ্জন নিশ্চিত কৰা হৈছে।
৫। শিশু সকলৰ শিক্ষাৰ অধিকাৰ সংযোজন হয় ___________ অনুচ্ছেদত।
উত্তৰঃ শিশু সকলৰ শিক্ষাৰ অধিকাৰ সংযোজন হয় ২১ (ক) অনুচ্ছেদত।
সত্য/অসত্য-
১। মৌলিক অধিকাৰসমূহ বাদযোগ্য নহয়।
উত্তৰঃ অসত্য।
২। ‘অধিকাৰ বিধেয়ক’ৰ জৰিয়তে নাগৰিকসকলৰ অধিকাৰৰ ওপৰত চৰকাৰ, ব্যক্তি বা সংস্থাই হস্তক্ষেপ কৰিব পাৰে।
উত্তৰঃ অসত্য।
৩। সংবিধানৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত অধিকাৰক ‘অধিকাৰ বিধেয়ক’ (Bill of Rights) বোলা হয়।
উত্তৰঃ সত্য।
৪। ভাৰতবৰ্ষৰ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা আছে।
উত্তৰঃ সত্য।
৫। ভাৰতবৰ্ষৰ নাগৰিকক সংবিধানে প্রদান কৰা মৌলিক অধিকাৰসমূহক কেন্দ্ৰীয় সংসদে সংবিধান সংশোধনৰ জৰিয়তে সীমাৱদ্ধ কৰিব পাৰে।
উত্তৰঃ সত্য।
চুটি প্রশ্ন-উত্তৰ:
১। মৌলিক অধিকাৰক সাধাৰণতে কিহৰ অংশ বুলি গণ্য কৰা হয়?
উত্তৰঃ মৌলিক অধিকাৰক সাধাৰণতে পৌৰ অধিকাৰ বুলি গণ্য কৰা হয়, যি নাগৰিকৰ স্বতন্ত্রতা আৰু প্ৰতিভা বিকাশৰ অধিকাৰ নিশ্চিত কৰে।
২। অধিকাৰ বিধেয়ক (Bill of Rights) কাক বোলে?
উত্তৰঃ সংবিধানত স্বীকৃত নাগৰিকৰ অধিকাৰসমূহক অধিকাৰ বিধেয়ক (Bill of Rights) বোলা হয়, যাৰ দ্বাৰা চৰকাৰ, ব্যক্তি বা সংস্থাই সেই অধিকাৰ হৰণ কৰিব নোৱাৰে।
৩। মৌলিক অধিকাৰক সাধাৰণ অধিকাৰৰ পৰা পৃথক কৰাৰ মূল কাৰণ কি?
উত্তৰঃ মৌলিক অধিকাৰ সংবিধানত লিপিবদ্ধ থাকে আৰু ই ন্যায়ালয়ৰ জৰিয়তে বলবৎ কৰিব পৰা যায়, কিন্তু সাধাৰণ অধিকাৰক আইনসভাই প্ৰণয়ন কৰা আইন হয় আৰু ই সংশোধনযোগ্য আৰু বাতিলযোগ্য হয়।
৪। কিয় সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰঃ নাগৰিকৰ ব্যক্তিস্বাধীনতা আৰু সমতাৰ নিশ্চয়তা দিয়াৰ লগতে সামাজিক, অৰ্থনৈতিক ন্যায় নিশ্চিত কৰাৰ বাবে সংবিধানত মৌলিক অধিকাৰ অন্তর্ভুক্ত কৰা হৈছে।
৫। সংবিধানত মৌলিক অধিকাৰসমূহ ক’ত লিপিবদ্ধ আছে?
উত্তৰঃ সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ আছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



