Class 11 Political Science Important Chapter 1 সংবিধান প্রস্তুতকৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 1 সংবিধান প্রস্তুতকৰণ Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.
Class 11 Political Science Important Chapter 1 সংবিধান প্রস্তুতকৰণ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.
সংবিধান প্রস্তুতকৰণ
Chapter: 1
| প্রথম খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
খালী ঠাই পূৰ কৰা-
১। ভাৰতীয় সংবিধান ১৯৫০ চনৰ __________ তাৰিখে কাৰ্যকৰী হয়।
উত্তৰঃ ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী হয়।
২। সংবিধান সভাৰ সভাপতি আছিল _____________।
উত্তৰঃ সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্র প্রসাদ।
৩। সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল _______________।
উত্তৰঃ সংবিধানৰ খচৰা কমিটিৰ সভাপতি আছিল ডা° বি আৰ আম্বেদকাৰ।
৪। সংবিধান সভাই মুঠ ____________ টা অধিবেশন অনুষ্ঠিত কৰিছিল।
উত্তৰঃ সংবিধান সভাই মুঠ ১৬৫ টা অধিবেশন অনুষ্ঠিত কৰিছিল।
৫। সংবিধান সভাৰ গঠন ______________ আঁচনি অনুসৰি কৰা হৈছিল।
উত্তৰঃ সংবিধান সভাৰ গঠন কেবিনেট মিশ্বন আঁচনি অনুসৰি কৰা হৈছিল।
সত্য/অসত্য-
১। সংবিধান হ’ল এখন মৌলিক আইন।
উত্তৰঃ সত্য।
২। সংবিধান সভাৰ গঠন ১৯৪৭ চনত হৈছিল।
উত্তৰঃ অসত্য।
৩। সংবিধানক এখন অলিখিত দলিল বুলি কোৱা হয়।
উত্তৰঃ অসত্য।
৪। সংবিধানত চৰকাৰৰ ক্ষমতা সীমাবদ্ধ কৰা হয়।
উত্তৰঃ সত্য।
৫। ভাৰতবৰ্ষৰ নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা কার্যকৰী হয়।
উত্তৰঃ সত্য।
চুটি প্রশ্ন উত্তৰ-
১। সংবিধান বুলিতে কি বুজা যায়?
উত্তৰঃ সংবিধান হ’ল এখন লিখিত মৌলিক দলিল, যিয়ে চৰকাৰ গঠন, ক্ষমতা আৰু নাগৰিকৰ অধিকাৰ নিৰ্ধাৰণ কৰে।
২। সংবিধানৰ উদ্দেশ্য কি?
উত্তৰঃ সংবিধানৰ উদ্দেশ্য হ’ল ৰাষ্ট্ৰৰ ৰাজনৈতিক কাঠামো নিৰ্ধাৰণ, চৰকাৰৰ ক্ষমতা সীমিত কৰা আৰু নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা।
৩। সংবিধান সভাৰ গঠন কেনেদৰে হৈছিল?
উত্তৰঃ সংবিধান সভাৰ গঠন কেবিনেট মিশ্বন আঁচনিৰ অধীনত হৈছিল, য’ত প্ৰদেশৰ বিধানসভাই সদস্য নিৰ্বাচন কৰিছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



