Class 11 Geography Important Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি

Class 11 Geography Important Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 20

পঞ্চম গোট: জলমণ্ডল
IMPORTANT QUESTION AND ANSWER

১। জলচক্র কাক বোলে?

উত্তৰঃ পানী এক গতিশীল সম্পদ। একেখিনি পানীকে ভিন ভিন অৱস্থাত ভিন ভিন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। সমুদ্রকে আদি কৰি ভূ-পৃষ্ঠৰ সৰুবৰ জলাশয়সমূহ, ভূমি-স্তৰ, বায়ুমণ্ডল আৰু জীৱজগত প্রভৃতি পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক উপকৰণসমূহৰ মাজেৰে এক চক্ৰীয় প্রণালীৰে (Cyclic system) অহৰহ গতিত পানীৰ পাৰস্পৰিক বিনিময় ঘটি থাকে। গোটেই পৃথিৱী ব্যাপী পৰিচালিত পানীৰ এই চক্রীয় সঞ্চালন প্রক্রিয়াটোক জলচক্র (Hydrological cycle) বোলে।

২। এটল কি?

উত্তৰঃ ক্রান্তীয় মণ্ডলৰ সমুদ্রত প্রবাল পোকৰ কংকালেৰে গঠিত সমুদ্রপৃষ্ঠৰ সমপ্রায় উচ্চতাৰ ঘূৰণীয়া আকৃতিৰ দ্বীপক এটল বোলে।

৩। গভীৰতাৰ ভিত্তিত সাগৰতলিক কেইটা খণ্ডত বিভক্ত কৰা হয়? সেই খণ্ডসমূহ কি কি?

উত্তৰঃ গভীৰতাৰ ভিত্তিত সাগৰতলিক চাৰিটা খণ্ডত বিভক্ত কৰা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

সেই খণ্ডসমূহ হ’ল–

(i) মহীসোপান।

(ii) মহীঢাল।

(iii) গভীৰ সমুদ্রতল অথবা বিতল।

(iv) সমুদ্র খাত।

৪। মহীসোপান বুলিলে কি বুজা?

উত্তৰঃ তটভূমি স্পর্শ কৰি থকা অথচ স্থায়ীভাৱে সমূদ্রৰ পানীৰ তলত সোমাই থকা অগভীৰ সমুদ্রতলিক মহীসোপান বোলে।

৫। পৃথিৱীৰ সমুদায় পৰিৱেশত সর্বমুঠ প্রায় কিমান পৰিমাণৰ পানী আছে?

উত্তৰঃ কিন্তু পৃথিৱীৰ সমুদায় পৰিৱেশত সর্বমুঠ প্রায় ২৬৬১৮ নিযুত ঘন কিঃমিঃ পৰিমাণৰ পানী আছে।

৬। পৃথিৱী নামৰ গ্ৰহটোক কি নামেৰে অভিহিত কৰা হয়?

উত্তৰঃ পৃথিৱী নামৰ গ্ৰহটোক নীলাভ গ্রহ নামেৰে অভিহিত কৰা হয়।

৭। সামুদ্রিক জলৰাশিৰে নিমজ্জিত ভূ-ত্বকপৃষ্ঠক কি বোলে?

উত্তৰঃ সামুদ্রিক জলৰাশিৰে নিমজ্জিত ভূ-ত্বকপৃষ্ঠক সাগৰতলি বোলে।

৮। পৃথিৱীত পানীৰ গড় গভীৰতা কিমান?

উত্তৰঃ পৃথিৱীৰ সাগৰৰ গড় গভীৰতা প্ৰায় ৩.৮ কিলোমিটাৰ।

৯। পানীৰ উপস্থিতিৰ ওপৰত কিহৰ তীব্রতা নিৰ্ভৰ কৰে?

উত্তৰঃ পানীৰ উপস্থিতিৰ ওপৰত জৈৱিক আৰু ৰাসায়নিক প্ৰতিক্ৰিয়াৰ তীব্রতা নিৰ্ভৰ কৰে।

১০। সামুদ্ৰিক পানীৰ পৰা কিমান শতাংশ পানী অলৱণীয়?

উত্তৰঃ সামুদ্ৰিক পানীৰ পৰা মাত্ৰ প্ৰায় ২.৫ শতাংশ পানী অলৱণীয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। মহীসোপানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ তটভূমি স্পর্শ কৰি থকা অথচ স্থায়ীভাৱে সমুদ্ৰৰ পানীৰ তলত সোমাই থকা অগভীৰ সমুদ্রতলিক মহীসোপান বোলে। তটভূমিৰ পৰা আৰম্ভ কৰি প্ৰায় ২০০ মিটাৰ গভীৰতালৈ বিস্তৃত সাগৰতলিৰ এইটো অংশৰ ঢাল সর্বোচ্চ ১ ডিগ্রী। মহীসোপানৰ গভীৰতম অৱস্থানৰ পৰাই সাগৰতলিৰ কৌণিক ঢাল তৎক্ষণাৎ বৃদ্ধি পায়। মহীসোপানৰ বিস্তৃতি ঘাইকৈ এই অঞ্চলৰ শিলাৰ গঠন, মাটিৰ ঢাল, ঢৌৰ প্রাবল্য আদিৰ ওপৰত নিৰ্ভৰ কৰে। গড় হিচাবে উপকূল ৰেখাৰ পৰা ৮০ কি.মি. দূৰত্বলৈকে মহীসোপান অংশ বিস্তৃত হৈ থাকে। অৱশ্যে অৱস্থান ভেদে ইয়াৰ বিস্তৃতি সংকীর্ণ অথবা অধিক প্রশস্ত হ’ব পাৰে। অৱস্থান অনুসৰি এনেবোৰ মহীসোপান ১-২ কিলোমিটাবৰ পৰা ১৫০০ কিলোমিটাৰ পৰ্যন্ত বহল হোৱা দেখা যায়। চিলি-উপকূল আৰু সুমাত্রা দ্বীপৰ পশ্চিম উপকূলত মহীসোপান নিচেই ঠেক। আনহাতে, চাইবেৰিয়াৰ উত্তৰে অৱস্থিত উত্তৰ মহাসাগৰৰ মহীসোপান ঠায়ে ঠায়ে ১৫০০ কিলোমিটাৰপর্যন্ত বহল।

সাগৰৰ মহীসোপান পৃষ্ঠত নদ-নদী, হিমবাহ, বতাহ প্রভৃতিয়ে মহাদেশৰ পৰা কঢ়িয়াই অনা অৱক্ষয়সমূহৰ উপৰিও সাগৰৰ সোঁত আৰু ঢৌৱে কঢ়িয়াই অনা নানা তবহৰ পদার্থৰ অৱক্ষেপ পৰে। এনেদৰে অৱক্ষেপ পৰাৰ ফলত কেতিয়াবা কিছুমান অৱস্থানত গেদীয় শিলাৰ যথেষ্ট গভীৰ স্তৰ সৃষ্টি হোৱা দেখা যায়। ঠায়ে ঠায়ে এনে জাতীয় গেদীয় শিলাৰ মাজত জীৱাশ্ম ইন্ধন (fossil fuel) সঞ্চিত হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top