Class 11 Finance MCQ Chapter 12 বেংকৰ গ্ৰাহক আৰু বেংকিং লোকপাল Question Answer in Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Finance Multiple Choice Solutions and select need one. Class 11 Finance MCQ Chapter 12 বেংকৰ গ্ৰাহক আৰু বেংকিং লোকপাল Notes Download PDF. AHSEC Class 11 Banking Objective Type Solutions.
Class 11 Finance MCQ Chapter 12 বেংকৰ গ্ৰাহক আৰু বেংকিং লোকপাল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Finance Objective Type Solutions are part of All Subject Solutions. Here we have given HS 1st Year Banking Multiple Choice Question and Answer, HS First Year Banking MCQ Solutions in Assamese Medium for All Chapters, You can practice these here.
বেংকৰ গ্ৰাহক আৰু বেংকিং লোকপাল
Chapter: 12
MCQ |
১। কোনো সামগ্রী বা সেৱা ভোগ কৰা জনক সাধাৰণ অৰ্থত কি বুলি কোৱা হয়?
(ক) ব্যৱসায়ী।
(খ) গ্ৰাহক।
(গ) উৎপাদক।
(ঘ) উপভোক্তা।
উত্তৰঃ (খ) গ্ৰাহক।
২। ‘গ্রাহক’ শব্দটো কোনটো ভাষাৰ পৰা উদ্ভৱ হৈছে?
(ক) লেটিন।
(খ) গ্ৰীক।
(গ) ফ্ৰান্স।
(ঘ) ইংৰাজী।
উত্তৰঃ (ঘ) ইংৰাজী।
৩। ‘গ্রাহক’ শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে?
(ক) Custom.
(খ) Cost.
(গ) Customer.
(ঘ) Consume.
উত্তৰঃ (ক) Custom.
৪। ছাৰ জন পেগেটৰ মতে বেংকৰ গ্রাহক হ’বলৈ হ’লে কেইটা চৰ্ত গ্রাহকজনে পূৰণ কৰিব লাগিব?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
৫। ছাৰ জন পেগেটৰ মতে বেংকৰ গ্ৰাহক হ’বলৈ কি পূৰণ কৰিব লাগিব?
(ক) বেংকৰ লগত চুক্তি কৰিব লাগিব।
(খ) বেংকৰ লগত নিয়মিত লেনদেনৰ অভ্যাস থাকিব লাগিব।
(গ) বেংকৰ লগত আলোচনা কৰিব লাগিব।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) বেংকৰ লগত নিয়মিত লেনদেনৰ অভ্যাস থাকিব লাগিব।
৬। কাৰ মতে বেংকৰ গ্ৰাহক হ’ল তেনে এজন ব্যক্তি যাৰ নামত বেংকৰ সৈতে এটা হিচাব থাকে আৰু যাৰ নামত বেংকে অভ্যাসগতভাবে কাৰ্য্য কৰাৰ দায়িত্ব বহন কৰে?
(ক) ছাৰ জন পেগেট।
(খ) আৰ এন কৰবেট।
(গ) এফ আৰ স্মিথ।
(ঘ) এইচ এল হাৰ্ট।
উত্তৰঃ (ঘ) এইচ এল হাৰ্ট।
৭। বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্য কি?
(ক) পুঁজিৰ বিনিয়োগ।
(খ) মিতব্যয়িতা উন্নয়ন।
(গ) জনসাধাৰণক বেংকৰ লগত জড়িত কৰি জমা সংগ্ৰহ কৰা।
(ঘ) ব্যৱসায়িক লগতীয়া গঢ়া।
উত্তৰঃ (গ) জনসাধাৰণক বেংকৰ লগত জড়িত কৰি জমা সংগ্ৰহ কৰা।
৮। বেংকত হিচাব খুলিবলৈ খোজা ব্যক্তিয়ে কি মানি চলিব লাগিব?
(ক) বেংকৰ চৰ্ত আৰু নিয়মাৱলী।
(খ) বেংকৰ লগত চুক্তি।
(গ) বেংকৰ লগত ব্যৱসায়িক সম্পৰ্ক।
(ঘ) বেংকৰ লগত পুঁজিৰ অংশীদাৰিত্ব।
উত্তৰঃ (ক) বেংকৰ চৰ্ত আৰু নিয়মাৱলী।
৯। কোনো ব্যক্তি বা প্রতিষ্ঠানে বেংকত নিজ নামত যিকোনো এক প্ৰকাৰৰ হিচাব খুলি সু-সম্পর্ক বজাই ৰাখি লেনদেন কৰে, তাক কি বোলে?
(ক) বেংকৰ কৰ্মচাৰী।
(খ) বেংকৰ অংশীদাৰ।
(গ) বেংকৰ গ্ৰাহক।
(ঘ) বেংকৰ পৰিচালক।
উত্তৰঃ (গ) বেংকৰ গ্ৰাহক।
১০। সাধাৰণতে বেংকৰ গ্ৰাহকক কেইভাগত বিভক্ত কৰিব পাৰি?
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (ক) দুই।
১১। সাধাৰণতে যি ব্যক্তিৰ বয়স ১৮ বছৰ পূৰ্ণ হোৱা নাই, তেওঁলোকক কি বুলি কোৱা হয়?
(ক) অশিক্ষিত ব্যক্তি।
(খ) নাবালক।
(গ) অভিভাৱক।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) নাবালক।
১২। ভাৰতীয় প্রাপ্তবয়স্ক আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
(ক) ১৮৫৭ চনত।
(খ) ১৮৬৯ চনত।
(গ) ১৮৭৫ চনত।
(ঘ) ১৯৫০ চনত।
উত্তৰঃ (গ) ১৮৭৫ চনত।
১৩। ভাৰতীয় চুক্তি আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
(ক) ১৮৭২ চনত।
(খ) ১৮৭৫ চনত।
(গ) ১৯১০ চনত।
(ঘ) ১৯৫০ চনত।
উত্তৰঃ (ক) ১৮৭২ চনত।
১৪। ভাৰতীয় চুক্তি আইন ১৮৭২ চনৰ কিমান নং ধাৰা অনুসৰি নাবালক এজনে কোনা ধৰণৰ বৈধ চুক্তি সম্পাদনা কৰিব নোৱাৰে?
(ক) ১০ নং ধাৰা।
(খ) ১১ নং ধাৰা।
(গ) ১২ নং ধাৰা।
(ঘ) ১৩ নং ধাৰা।
উত্তৰঃ (খ) ১১ নং ধাৰা।
১৫। অশিক্ষিত ব্যক্তিৰ নামত হিচাব খোলাৰ সময়ত বেংকে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে?
(ক) স্বাক্ষৰ পৰীক্ষা নকৰা।
(খ) আদালতৰ অনুমতি লোৱা।
(গ) এফালৰ পৰা সিদ্ধান্ত লোৱা।
(ঘ) যথেষ্ট সতর্কতামূলক ব্যৱস্থা লোৱা।
উত্তৰঃ (ঘ) যথেষ্ট সতর্কতামূলক ব্যৱস্থা লোৱা।