Class 11 Finance Important Chapter 5 বাণিজ্যিক বেংক

Class 11 Finance Important Chapter 5 বাণিজ্যিক বেংক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 5 বাণিজ্যিক বেংক Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.

Class 11 Finance Important Chapter 5 বাণিজ্যিক বেংক

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 5

গোট – ২: বেংকৰ অৰ্থ আৰু বিভিন্ন প্ৰকাৰৰ বেংক
IMPORTANT QUESTION AND ANSWER

চুটি প্রশ্ন-উত্তৰ:

১। বাণিজ্যিক বেংক কাক বোলে?

উত্তৰঃ বাণিজ্যিক বেংক হৈছে এনে এখন বিত্তীয় প্ৰতিষ্ঠান যি জনসাধাৰণৰ পৰা ঋণ আমানত গ্ৰহণ কৰে আৰু বিনিয়োগৰ বাবে ধন আগবঢ়ায়।

২। বাণিজ্যিক বেংকৰ দুটা প্ৰাথমিক কার্য কি কি?

উত্তৰঃ বাণিজ্যিক বেংকৰ দুটা প্ৰাথমিক কার্য হৈছে – 

(i) আমানত গ্ৰহণ কৰা, 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) ঋণ আৰু অগ্রিম মঞ্জুৰ কৰা।

৩। তাগিদা জমা কাক বোলে?

উত্তৰঃ যিবোৰ জমা গ্ৰাহকৰ দাবীত যিকোনো সময়তে উলিয়াব পৰা যায়, সেইবোৰ হৈছে তাগিদা জমা।

৪। ম্যাদী জমা কাক কোৱা হয়?

উত্তৰঃ যিসকল জমা নিৰ্দিষ্ট সময়ৰ বাবে ৰখা হয় আৰু ম্যাদ পূৰ্ণ হোৱাৰ পিছতহে উলিয়াব পৰা যায় তাক ম্যাদী জমা কোৱা হয়।

৫। চলিত হিচাপৰ সুবিধা কি?

উত্তৰঃ এই হিচাপত যিকোনো সময়তে টকা জমা বা উলিয়াব পাৰি আৰু অধিক লেনদেনৰ সুবিধা থাকে।

৬। সঞ্চয়ী হিচাব খোলাৰ উদ্দেশ্য কি?

উত্তৰঃ মানুহৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাটো এই হিচাব খোলাৰ মুখ্য উদ্দেশ্য।

৭। স্থায়ী জমা হিচাবত কি সুবিধা থাকে?

উত্তৰঃ এই হিচাবত উচ্চ সূতৰ হাৰত লাভ হয় আৰু ই অধিক নিৰাপদ।

৮। পৌনঃপুনিক জমা হিচাবৰ বৈশিষ্ট্য কি?

উত্তৰঃ ই এক নির্দিষ্ট সময়ৰ বাবে নিয়মীয়া আৰু বাধ্যতামূলক সঞ্চয় জমা কৰিবলৈ হয়।

৯। অধিবিকর্ষ কি?

উত্তৰঃ অধিবিকর্ষ হৈছে চলিত হিচাবৰ পৰা জমা উদ্বৃত্ততকৈ অধিক টকা উলিয়াবৰ সুবিধা।

১০। নগদ ঋণ কাক বোলে?

উত্তৰঃ এইটো এক স্থায়ী ঋণ ব্যৱস্থা য’ত গ্রাহকে এক নিৰ্দিষ্ট সীমালৈকে যেতিয়া-খুচৰাকৈ টকা উলিয়াব পাৰে।

১১। বিল বাট্টাকৰণ কি?

উত্তৰঃ বিল বাট্টাকৰণ হৈছে- বেংকে বিনিময় বিল কম মূল্যত কিনি পুঁজিৰ অভাৱ পূৰণ কৰাৰ এক পদ্ধতি।

১২। তলবী ঋণ কি?

উত্তৰঃ খুব কম সময়ৰ (এদিনৰ পৰা ১৪ দিন) বাবে দিয়া অতি হ্রস্বম্যাদী ঋণ।

১৩। উপভোক্তা ঋণৰ উদ্দেশ্য কি?

উত্তৰঃ গ্ৰাহকে টিভি, ফ্ৰিজ, চিকিৎসা আদি ব্যক্তিগত কাৰ্যৰ বাবে টকা ল’বলৈ এই ঋণ দিয়া হয়।

১৪। প্রতিনিধিত্বমূলক সেৱা ক’ত ব্যৱহৃত হয়?

উত্তৰঃ চেক সংগ্ৰহ, বিল পৰিশোধ, ষ্টক ক্ৰয়-বিক্ৰয় আদি ক্ষেত্ৰত।

১৫। সুৰক্ষিত জমা লকাৰৰ সুবিধা কি?

উত্তৰঃ মূল্যবান সামগ্রী সুৰক্ষিতভাৱে ৰখাৰ বাবে বেংকে লকাৰ সুবিধা দিয়ে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top