Class 11 History Additional Chapter 8 সংস্কৃতিৰ সংঘাত

Class 11 History Additional Chapter 8 সংস্কৃতিৰ সংঘাত Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 8 সংস্কৃতিৰ সংঘাত Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 8 সংস্কৃতিৰ সংঘাত

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 8 সংস্কৃতিৰ সংঘাত Notes for All Subject, You can practice these here.

Chapter – 8

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। কলম্বাচে কেতিয়া পশ্চিমলৈ সাগৰীয় যাত্ৰা আৰম্ভ কৰে?

উত্তৰঃ কলম্বাচে ১৪৯২ চনত পশ্চিমলৈ সাগৰীয় যাত্ৰা আৰম্ভ কৰে।

২। ইনকা নগৰ মাছু পিছুক পুনৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ইনকা নগৰ মাছু পিছুক পুনৰ ১৯১১ চনত আৱিষ্কাৰ কৰা হৈছিল।

৩। ইনকাসকলে দক্ষিণ আমেৰিকাৰ কোন অঞ্চলত শাসন কৰিছিল?

উত্তৰঃ ইনকাসকলে পেৰুৰ উপকূলীয় উচ্চ ভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ ভূমি অঞ্চল, উত্তৰ চিলি, বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেন্টিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত শাসন কৰিছিল।

৪। কেতিয়া পতুৰ্গীজ আৰু স্পেইনৰ ভ্ৰমনকাৰীসকল দক্ষিণ আমেৰিকালৈ আহিছিল?

উত্তৰঃ ১৫ আৰু ১৬ শ শতিকাৰ ভিতৰত এই দুই ভ্ৰমনকাৰী দল আমেৰিকালৈ আহিছিল।

৫। ইউৰোপীয়সকলে দক্ষিণ আমেৰিকালৈ ক’ৰ পৰা দাসসকলক আমদানি কৰিছিল?

উত্তৰঃ ইউৰোপীয় বনিকসকলে আফ্ৰিকা মহাদেশৰ পৰা দাসসকলক আমদানি কৰিছিল।

৬। কলম্বাচ কোন আছিল?

উত্তৰঃ স্পেইনৰ সম্ৰাটে কলম্বাচক সাগৰীয় পথ আৱিষ্কাৰৰ কাৰণ অৰ্থ সাহায্য প্ৰদান কৰিছিল। কলম্বাচ এজন ইটালীৰ ভ্ৰমণকাৰী আছিল।

৭। কেতিয়া স্পেইন আৰু পৰ্টুগালৰ উপনিৱেশবোৰে স্বাধীনতা লাভ কৰিছিল।

উত্তৰঃ ওঠৰ শতিকাৰ ভিতৰত স্পেইন আৰু পৰ্টুগালৰ উপনিৱেশবোৰে স্বাধীনতা লাভ কৰিছিল।

৮। দক্ষিণ আমেৰিকাৰ ভৌগোলিক পৰিসৰ কেনেধৰণৰ আছিল?

উত্তৰঃ পেৰু অঞ্চলৰ উচ্চ ভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ পাহাৰীয়া অঞ্চল, উত্তৰ চিলি, পশ্চিম বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেন্টিনাৰ পশ্চিম অংশক লৈ দক্ষিণ আমেৰিকা অৱস্থিত আছিল।

৯। টুপিনাম্বা নামৰ জনগোষ্ঠীটো ক’ত বাস কৰিছিল?

উত্তৰঃ টুপিনাম্বা নামৰ জনগোষ্ঠীটো দক্ষিণ আমেৰিকাৰ পূব-উপকূলত তেওঁলোকে বাস কৰিছিল।

১০। আৰাৱাকিয়ান লুকাইছ নামৰ জনগোষ্ঠীটো ক’ত বাস কৰিছিল?

উত্তৰঃ কেৰিবিয়ান সাগৰৰ বৰ্তমানৰ বাহমাজ আৰু বৃহৎ এন্টিলিছ দ্বীপত আৰৱাকিয়ান লুকাইছসকল বাস কৰিছিল।

১১। দক্ষিণ আমেৰিকাৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ কি কি খাদ্য সম্ভাৰ আমদানি কৰা হৈছিল।

উত্তৰঃ আলু, ধঁপাত, চেনী, ৰবৰ আদি সামগ্ৰীবোৰ আমদানি কৰা হৈছিল।

১২। কলম্বাচে প্ৰথমে দক্ষিণ আমেৰিকাৰ কোন ঠাইত স্পেইনৰ পতাকা উৰুৱাছিল?

উত্তৰঃ গুৱানা হানি নামৰ ঠাইত কলম্বাচে স্পেইনৰ পতাকাখন উৰুৱাছিল।

১৩। কোনে প্ৰথমে পতুৰ্গালসকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল?

উত্তৰঃ এলভাৰিছ কেব্ৰেলে প্ৰথমে পতুৰ্গাল সকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল।

১৪। স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম লিখা।

উত্তৰঃ স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম হ’ল- মেক্সিকো, শুৱাটেমলো, নিকাৰাশুৱা আৰু হন্দুৰাজ।

১৫। মণ্টিজুমা কোন আছিল?

উত্তৰঃ মণ্টিজুমা আজটেক ৰাজ্যৰ এজন প্ৰসিদ্ধ ৰজা আছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top