Class 11 History Additional Chapter 8 সংস্কৃতিৰ সংঘাত

Class 11 History Additional Chapter 8 সংস্কৃতিৰ সংঘাত Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 8 সংস্কৃতিৰ সংঘাত Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 8 সংস্কৃতিৰ সংঘাত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 8 সংস্কৃতিৰ সংঘাত Notes for All Subject, You can practice these here.

Chapter – 8

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। কলম্বাচে কেতিয়া পশ্চিমলৈ সাগৰীয় যাত্ৰা আৰম্ভ কৰে?

উত্তৰঃ কলম্বাচে ১৪৯২ চনত পশ্চিমলৈ সাগৰীয় যাত্ৰা আৰম্ভ কৰে।

২। ইনকা নগৰ মাছু পিছুক পুনৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?

উত্তৰঃ ইনকা নগৰ মাছু পিছুক পুনৰ ১৯১১ চনত আৱিষ্কাৰ কৰা হৈছিল।

৩। ইনকাসকলে দক্ষিণ আমেৰিকাৰ কোন অঞ্চলত শাসন কৰিছিল?

উত্তৰঃ ইনকাসকলে পেৰুৰ উপকূলীয় উচ্চ ভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ ভূমি অঞ্চল, উত্তৰ চিলি, বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেন্টিয়াৰ উত্তৰ-পশ্চিম অঞ্চলত শাসন কৰিছিল।

৪। কেতিয়া পতুৰ্গীজ আৰু স্পেইনৰ ভ্ৰমনকাৰীসকল দক্ষিণ আমেৰিকালৈ আহিছিল?

উত্তৰঃ ১৫ আৰু ১৬ শ শতিকাৰ ভিতৰত এই দুই ভ্ৰমনকাৰী দল আমেৰিকালৈ আহিছিল।

৫। ইউৰোপীয়সকলে দক্ষিণ আমেৰিকালৈ ক’ৰ পৰা দাসসকলক আমদানি কৰিছিল?

উত্তৰঃ ইউৰোপীয় বনিকসকলে আফ্ৰিকা মহাদেশৰ পৰা দাসসকলক আমদানি কৰিছিল।

৬। কলম্বাচ কোন আছিল?

উত্তৰঃ স্পেইনৰ সম্ৰাটে কলম্বাচক সাগৰীয় পথ আৱিষ্কাৰৰ কাৰণ অৰ্থ সাহায্য প্ৰদান কৰিছিল। কলম্বাচ এজন ইটালীৰ ভ্ৰমণকাৰী আছিল।

৭। কেতিয়া স্পেইন আৰু পৰ্টুগালৰ উপনিৱেশবোৰে স্বাধীনতা লাভ কৰিছিল।

উত্তৰঃ ওঠৰ শতিকাৰ ভিতৰত স্পেইন আৰু পৰ্টুগালৰ উপনিৱেশবোৰে স্বাধীনতা লাভ কৰিছিল।

৮। দক্ষিণ আমেৰিকাৰ ভৌগোলিক পৰিসৰ কেনেধৰণৰ আছিল?

উত্তৰঃ পেৰু অঞ্চলৰ উচ্চ ভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ পাহাৰীয়া অঞ্চল, উত্তৰ চিলি, পশ্চিম বলিভিয়াৰ পশ্চিম অংশ আৰু আৰ্জেন্টিনাৰ পশ্চিম অংশক লৈ দক্ষিণ আমেৰিকা অৱস্থিত আছিল।

৯। টুপিনাম্বা নামৰ জনগোষ্ঠীটো ক’ত বাস কৰিছিল?

উত্তৰঃ টুপিনাম্বা নামৰ জনগোষ্ঠীটো দক্ষিণ আমেৰিকাৰ পূব-উপকূলত তেওঁলোকে বাস কৰিছিল।

১০। আৰাৱাকিয়ান লুকাইছ নামৰ জনগোষ্ঠীটো ক’ত বাস কৰিছিল?

উত্তৰঃ কেৰিবিয়ান সাগৰৰ বৰ্তমানৰ বাহমাজ আৰু বৃহৎ এন্টিলিছ দ্বীপত আৰৱাকিয়ান লুকাইছসকল বাস কৰিছিল।

১১। দক্ষিণ আমেৰিকাৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ কি কি খাদ্য সম্ভাৰ আমদানি কৰা হৈছিল।

উত্তৰঃ আলু, ধঁপাত, চেনী, ৰবৰ আদি সামগ্ৰীবোৰ আমদানি কৰা হৈছিল।

১২। কলম্বাচে প্ৰথমে দক্ষিণ আমেৰিকাৰ কোন ঠাইত স্পেইনৰ পতাকা উৰুৱাছিল?

উত্তৰঃ গুৱানা হানি নামৰ ঠাইত কলম্বাচে স্পেইনৰ পতাকাখন উৰুৱাছিল।

১৩। কোনে প্ৰথমে পতুৰ্গালসকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল?

উত্তৰঃ এলভাৰিছ কেব্ৰেলে প্ৰথমে পতুৰ্গাল সকলৰ কাৰণে ব্ৰাজিলখন দাবী কৰিছিল।

১৪। স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম লিখা।

উত্তৰঃ স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম হ’ল- মেক্সিকো, শুৱাটেমলো, নিকাৰাশুৱা আৰু হন্দুৰাজ।

১৫। মণ্টিজুমা কোন আছিল?

উত্তৰঃ মণ্টিজুমা আজটেক ৰাজ্যৰ এজন প্ৰসিদ্ধ ৰজা আছিল।

১৬। ব্ৰাজিল নামটো ক’ৰ পৰা আহিছে?

উত্তৰঃ ব্ৰাজিল নামটো গছৰ পৰা আহিছে।

১৭। আজটেক আৰু ইন্কা সভ্যতাৰ এটি উমৈহতীয়া বৈশিষ্ট্যৰ কথা উল্লেখ কৰা।

উত্তৰঃ দুয়োটা সভ্যতাৰ মাজত সমাজত শ্ৰেণী বিভাজন প্ৰথা চলি আহিছিল।

১৮। ইনকা সকলৰ হিচাপ ৰখা পদ্ধতিটোক কি বুলি কোৱা কৈছে।

উত্তৰঃ ইনকা সকলৰ হিচাপ ৰখা পদ্ধতিটোক ‘কুইপা’ বুলি কোৱা হয়।

১৯। ইনকা সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোন আছিল?

উত্তৰঃ ইনকা সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট মানকোকাপাকো আছিল।

২০। ইনকা সভ্যতাৰ বিকাশ ক’ত হৈছিল?

উত্তৰঃ ইনকা সভ্যতাৰ বিকাশ দক্ষিণ আমেৰিকাৰ পেৰু অঞ্চলত দ্বাদশ শতিকাৰ প্ৰথম ভাগত ইনকা সভ্যতাৰ বিকাশ ঘটিছিল।

২১। কেতিয়া আৰু ক’ত মায়া সভ্যতাৰ বিকাশ ঘটিছিল?

উত্তৰঃ একাদশ আৰু চতুৰ্দশ শতিকাৰ মাজভাগত মেক্সিকোত মায়া সভ্যতাৰ বিকাশ ঘটিছিল।

২২। আজটেক সভ্যতাৰ কেতিয়া পতন হৈছিল?

উত্তৰঃ আজটেক সভ্যতাৰ ষোড়শ শতিকাৰ প্ৰথম ভাগত আজটেক সভ্যতাৰ পতন ঘটিছিল।

২৩। আজটেক সাম্ৰাজ্যৰ শিক্ষানুষ্ঠানক কি বুলি কোৱা হয়?

উত্তৰঃ আজটেক সাম্ৰাজ্যৰ শিক্ষানুষ্ঠানক কেলমেকা বুলি কোৱা হয়।

২৪। আজটেক আৰু ইনকা সভ্যতা বৰ্তমান কোন দেশৰ অন্তৰ্ভুক্ত?

উত্তৰঃ আজটেক আৰু ইনকা সভ্যতা বৰ্তমান কোন দেশৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত।

২৫। মন্টেজুমাই ক’টিজ কোন দেশৰ লোক আছিল?

উত্তৰঃ মন্টেজুমাই ক’টিজ স্পেইন দেশৰ লোক আছিল।

২৬। ক্ৰছেদ বা ধৰ্মযুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?

উত্তৰঃ ক্ৰছেদ বা ধৰ্মযুদ্ধ তুৰ্কী আৰু খ্ৰীষ্টানসকলৰ মাজত সংঘটিত হৈছিল।

২৭। সমুদ্ৰ যাত্ৰাৰ প্ৰধান বাটকটীয়া কোন কোন আছিল?

উত্তৰঃ পতুৰ্গীজ আৰু স্পেইন আছিল সমুদ্ৰ যাত্ৰাৰ প্ৰধান উদ্দেশ্য।

২৮। ‘পুঁজিবাদ আৰু দাসত্ব’ নামৰ পুথিখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘পুঁজিবাদ আৰু দাসত্ব’ নামৰ পুথিখন এৰিক উইলিয়ামছে ১৯৪০ চনত কৰিছিল।

২৯। মেক্সিকো শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰঃ মেক্সিকো শব্দটো এজেটেকসকলৰ উপাস্য দেৱতা মেক্সিট্লিৰ পৰা আহিছে।

৩০। ‘পুঁজিবাদ আৰু দাসত্ব’ নামৰ পুথিখন কোনে আৰু কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘পুঁজিবাদ আৰু দাসত্ব’ নামৰ পুথিখন এৰিক উইলিয়ামছে ১৯৪০ চনত এই পুথিখন ৰচনা কৰিছিল।

৩১। ১৬৭৬ চনত কিমানখন উপনিৱেশে ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল?

উত্তৰঃ ১৬৭৬ চনত তেৰখন উপনিৱেশে ইংৰাজৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল।

৩২। লেটিন আমেৰিকাৰ কি কি দুটা ভাষাৰ প্ৰচলন আছে?

উত্তৰঃ লেটিন আমেৰিকাৰ স্পেনিচ আৰু পতুৰ্গীজ দুটা ভাষাৰ প্ৰচলন আছে।

৩৩। স্পেনিচসকলে দক্ষিণ আমেৰিকাত কোন ঠাইত ৰূপৰ খনি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ স্পেনিচসকলে দক্ষিণ আমেৰিকাত বৰ্তমানৰ বলিভিয়াত ৰূপৰ খনি আৱিষ্কাৰ কৰিছিল।

৩৪। আফ্ৰিকাৰ ভূগোল প্ৰথমে কোনে লিখি উলিয়াইছিল?

উত্তৰঃ আফ্ৰিকাৰ ভূগোল প্ৰথমে টলেমিয়ে লিখিছিল।

৩৫। কলম্বাচ আমেৰিকাত কেতিয়া উপস্থিত হৈছিল?

উত্তৰঃ কলম্বাচ আমেৰিকাত ১৪৯২ খ্ৰীঃত উপস্থিত হৈছিল।

৩৬। অন্ধসকলৰ বাবে আঙুলিৰে পঢ়া পদ্ধতিৰ আৱিষ্কাৰ কোনে কৰিছিল?

উত্তৰঃ অন্ধসকলৰ বাবে আঙুলিৰে পঢ়া পদ্ধতিৰ আৱিষ্কাৰ লুইচ ব্ৰেলীয়ে কৰিছিল।

৩৭। কোন চনত মাচুপিচুৰ ইনকা নগৰ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৯১১ চনত মাচুপিচুৰ ইনকা নগৰ আৱিষ্কাৰ কৰিছিল।

৩৮। জড়োপাসকল কোন আছিল?

উত্তৰঃ জড়োপাসকল আছিল পুৰোহিত শ্ৰেণীৰ লোক।

৩৯। ইণ্ডিজলৈ অহা সাগৰীয় পথটো কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ইণ্ডিজলৈ অহা সাগৰীয় পথটো স্পেইনৰ সম্ৰাটৰ অৰ্থ সাহায্য লৈ খ্ৰীষ্টোফাৰ কলম্বাচ নামৰ এজন ইটালীয়ান লোকে ১৪৯২ খ্ৰীঃত আৱিষ্কাৰ কৰিছিল।

৪০। ব্ৰিটিছ সংসদৰ সদন দুখনৰ নাম লিখা।

উত্তৰঃ ব্ৰিটিছ সংসদৰ সদন দুখনৰ নাম হ’ল হাউচ অব্ লৰ্ডচ্ আৰু হাউচ্ অব্ কমন্স।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top