Class 11 History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Class 11 History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Notes for All Subject, You can practice these here.

Chapter – 2

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। জুইৰ ব্যৱহাৰৰ নিদৰ্শন কিমান লাখ বছৰৰ পূৰ্বে পোৱা হৈছে?

উত্তৰঃ জুইৰ ব্যৱহাৰৰ নিদৰ্শন ৫৬ লাখ বছৰৰ পূৰ্বে পোৱা হৈছে।

২। মৌর্য্য সাম্রাজ্যৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?

উত্তৰঃ মৌর্য্য সাম্রাজ্যৰ প্ৰতিষ্ঠা ৩২১ খ্ৰী: পূ: ত হৈছিল।

৩। ‘On the origin of Species’ নামৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ ‘On the origin of Species’ নামৰ গ্ৰন্থখনৰ লেখক চালৰ্চ ডাৰউইন।

৪। স্পেইনৰ আল্‌ল্টামিবা গুহাটো কোন চনত আবিষ্কাৰ হয়?

উত্তৰঃ স্পেইনৰ আল্‌ল্টামিবা গুহাটো ১৮৭৯ চনত আবিষ্কার হয়।

৫। মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা কিমান আছিল?

উত্তৰঃ মাৰীৰ ৰাজকাৰেঙৰ কোঠাৰ সংখ্যা ২৬০ টা আছিল।

৬। স্বাধীন বেলিনৰ শেষৰ জন ৰজা কোন আছিল?

উত্তৰঃ স্বাধীন বেলিনৰ শেষৰ জন ৰজা নব’নিদাচ আছিল।

৭। কেতিয়াৰ পৰা ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল?

উত্তৰঃ খ্ৰী: পূ: ৭০০ – ৬০০ ৰ ভিতৰত ইজিপ্তত লোৰ ব্যৱহাৰ হৈছিল।

৮। আলেকজেণ্ডাৰে কেতিয়া বেবিলন আক্রমণ কৰিছিল?

উত্তৰঃ আলেকজেণ্ডাৰে ৩৩১ খ্ৰী: ত বেবিলন আক্রমণ কৰিছিল।

৯। জীৱাশ্ম কি?

উত্তৰঃ জীৱাশ্ম (fossil) হ’ল বহুত পুৰণি উদ্ভিদ, জন্তু বা মানুহৰ শিলালৈ ৰূপান্তৰিত অৱশেষ। এইবোৰ সাধাৰণতে শিলাখণ্ডৰ মাজত লাখ লাখ বছৰ ধৰি সংৰক্ষিত হৈ থাকে।

১০। প্ৰাইমেটসকল কোন গোটৰ অন্তৰ্ভুক্ত?

উত্তৰঃ প্ৰাইমেটসকল এক বৃহৎ স্তন্যপায়ী গোটৰ অন্তৰ্ভুক্ত।

১১। মেছোপটেমিয়া নামটো কৰ পৰা আহিছে?

উত্তৰঃ মেছোপটেমিয়া নামটো গ্ৰীক শব্দ Mesos আৰু Potamos ৰ পৰা আহিছে। Mesos শব্দৰ অৰ্থ হল মধ্য আৰু Potamos শব্দৰ অৰ্থ হল নদী।

১২। মেছোপটেমিয়া লিখন পদ্ধতি আৰু সাহিত্য কেতিয়া আৰু ক’ত বিস্তাৰিত হৈছিল?

উত্তৰঃ মেছোপটেমিয়া লিখন পদ্ধতি আৰু সাহিত্য ২০০০ খ্ৰী:পূৰ্বৰ পিছত ভূমধ্যসাগৰ, উত্তৰ চিৰিয়া আৰু তুৰস্ক অঞ্চললৈ বিস্তাৰিত হৈছিল।

১৩। মেছোপটেমিয়াত কেতিয়া পুৰাতাত্বিক গৱেষণা আৰম্ভ হয়?

উত্তৰঃ ১৮৪০ দশকত।

১৪। বাইবেলৰ মতে ভগৱানে কাক জীৱৰ ধাৰাবাহিকতাৰ বাবে ৰাখিছিল? তেওঁ কি কৰিছিল?

উত্তৰঃ বাইবেলৰ মতে ভগৱানে নৱাক জীৱৰ ধাৰাবাহিকতাৰ বাবে ৰাখিছিল। 

তেওঁ জীৱৰ ধাৰাবাহিকতাৰ বাবে এখন ডাঙৰ নাও নিৰ্মান কৰি প্ৰত্যেক প্ৰজাতিৰ জীৱ একোযোৰা নাৱত ৰাখি থলে।

১৫। মেছোপটেমিয়া খনিজ সম্পদত চহকী আছিল নে দুখীয়া আছিল?

উত্তৰঃ মেছোপটেমিয়া খনিজ সম্পদত দুখীয়া আছিল।

১৬। কিউনিফৰ্ম (Cuneiform) শব্দটো কৰ পৰা লোৱা হৈছে?

উত্তৰঃ কিউনিফৰ্ম (Cuneiform) শব্দটো লেটিন cuneus পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ আগজোঙা।

১৭। লিখন পদ্ধতি (System of Writing) বিষয়ে চমুকৈ লিখা।

উত্তৰঃ যি ধ্বনিৰ বাবে কিউনিফর্ম (কীলাক্ষৰ বা কাঁড় লিপি) চিহ্নবোৰ প্ৰয়োগ কৰা হৈছিল, তাৰ ব্যঞ্জন বা স্বৰবৰ্ণ ( যেনে ইংৰাজী বর্ণমালাৰ ‘m’ বা ‘a’-ৰ দৰে নিজস্ব উচ্চাৰণ নাছিল। কিন্তু শব্দাংশহে (syllables) যেনে ইংবাজী ‘put’, ‘La’ বা ‘−in—’ আছিল। এইদৰে মেছোপটেমিয়াৰ এজন লিপিকাৰে শ–শ চিন চিনি পাব লাগে। সেয়ে লিখন প্ৰক্ৰিয়াটো এটা দক্ষ লোকৰ শিল্প আৰু ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই এক বৌদ্ধিক কৃতি, দৃশ্যমান ৰূপত এটা ভাষাৰ ধ্বনি ব্যৱস্থাৰ এক প্রতিফলন।

১৮। সাক্ষৰতা বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মেছোপটেমিয়ান সকলৰ খুডব কমেইহে লিখা-পঢ়া জানিছিল। কেৱল তেওঁলোকে শ-শ চিহ্নহে শিকিব লাগিছিল এনে নহয়, সিবিলাক যথেষ্ট জটিল আছিল। এজন ৰজাই যদি পঢ়িব জানিছিল, তেওঁ সেই কথা সগৌৰৱে শিলালিপিত ৰেকৰ্ড কৰিছিল। অৱশ্যে বেছি ভাগ লিখনিয়ে কথা পতাৰ ধৰণ প্ৰতিবিম্বিত কৰিছিল।

১৯। লিপিৰ ব্যৱহাৰ (Use of Writing) বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উৰোকৰ প্ৰথম শাসক সকলৰ এজন এনমাৰ্কাৰ (Enmerkar) – ৰ বিষয়ে লিখা এটা দীঘল মহাকাব্যিক চুমেৰীয় কবিতাত নগৰীয়া জীৱন বাণিজ্য আৰু লেখকৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ আছে। মেছোপটেমিয়া ঐতিহ্যমতে উৰোক এখন অতি উত্তম নগৰ আছিল আৰু মহানগৰ বুলিয়ে ই জনাজাত আছিল।

২০। মাৰীৰ বৃহৎ ৰাজকাৰেংটো কিমান মাটি আৱৰি আছিল? ৰাজকাৰেংটোত কিমানটা কোঠা আছিল?

উত্তৰঃ মাৰীৰ বৃহৎ ৰাজকাৰেংটো ২.৪ হেক্টৰ মাটি আৱৰি আছিল। ৰাজকাৰেংটোত ২৬০ টা কোঠা আছিল।

২১। গিলগামেচ মহাকাব্যত কেইটা টেবলেট লিখা হৈছিল?

উত্তৰ গিলগামেচ মহাকাব্যত ১২ টা টেবলেট লিখা হৈছিল।

২২। এনমাৰ্কাৰৰ পিছত কোনে উৰোক শাসন কৰিছিল?

উত্তৰ এনমাৰ্কাৰৰ পিছত গিলগামেছে উৰোক শাসন কৰিছিল।

২৩। এটি প্রাচীন পুথিভঁড়ালৰ বিষয়ে লিখা।

উত্তৰঃ এছিৰীয়ান ৰজাসকল আছিল প্ৰব্ৰজনকাৰী; তেওঁলোকে দক্ষিণৰ বেবিলনীয়াক উন্নত সাংস্কৃতিক কেন্দ্ৰ হিচাপে স্বীকাৰ কৰিছিল। তেওঁলোকৰ শেষৰজন শাসক অছবর্নিপালে উত্তৰ ফালে তেওঁৰ ৰাজধানী নিনেৱেহত (Nineveh) এটা পুথিভঁড়াল স্থাপন কৰিছিল। তেওঁ ইতিহাস, মহাকাব্য, ভৱিষ্যৎবাণী সম্পৰ্কীয় সাহিত্য (Omen) জ্যোতির্বিদ্যা, পদ্য, স্তুতিগীত আদিৰ ফলি সংগ্ৰহ কৰিছিল। কাৰণ, দক্ষিণাঞ্চলৰ লেখকসকলক স্কুলত লিখা পঢ়াৰ প্ৰশিক্ষণ দিয়া হৈছিল। এই বিদ্যালয়বোৰত তেওঁলোকে ওজন হিচাপত ফলি কপি কৰিব লাগিছিল। বেবিলনীয়াৰ কিছুমান নগৰত বহুত লোক তেনে ফলি সংগ্ৰহ কৰি বিখ্যাত হৈছিল। যদিও ১৮০০ খ্রী পূঃ লৈ চুমেৰীয় ভাষা কোৱাটো বন্ধ হৈ গৈছিল; ইয়াক বিদ্যালয়ত শব্দ-সম্ভাৰ পুথি (Vocabulary), চিহ্ন তালিকা, দ্বিভাষী (চুমেৰীয় আৰু অক্কাদীয়) ফলি আদিৰে শিকোৱা হৈছিল। সেয়ে আনকি ৬৫০ খ্ৰীঃ পূঃত ২০০০ খৃীঃ পূর্বত লিখা কিউনিফ’র্ম ফলিবোবো বোধগম্য হৈছিল। অছু বৰ্নিপালৰ মানুহে ক’ত ক’ত এনে ফলি বা তাৰ কপি পোৱা যায় জানিছিল।

গিলগামেজ মহাকাব্যৰ দৰে পুথিৰ কপি কৰা হৈছিল আৰু কপি বিলাকত লিখকৰ নাম আৰু লিখাৰ সময় লিপিবদ্ধ আছিল। কিছুমান ফলিত অছুৰ্বনিপালৰ প্ৰসঙ্গ উল্লেখ কৰিছিল। এনেদৰে-

‘মই অছুৰ্বনিপাল, জগতৰ ৰজা, এচিৰীয়াৰ ৰজা, যাৰ ওপৰত ভগৱানে অশেষ জ্ঞান অর্পণ কৰিছে, যিজনে পাণ্ডিত্যৰ গভীৰ জ্ঞান পাবলৈ সক্ষম হৈছে। মই দেৱতাৰ বুদ্ধি-বিবেক ফলি বিলাকত লিখিছোঁ। আৰু মই ফলিবোৰ পৰীক্ষা কৰি সংগ্ৰহ কৰোঁ। মই সেইবোৰ নিনেৱেহত স্থিত মোৰ ইষ্টদেৱতা নবুৰ মন্দিৰৰ পুথিভঁড়ালত ভৱিষ্যতৰ সুবিধাৰ বাবে, মোৰ জীৱন আৰু আত্মাৰ ভালৰ বাবে আৰু মোৰ ৰাজ সিংহাসনৰ ভেটি শক্তিশালী কৰিবলৈ গাঁচি থৈছোঁ।’

পুথিৰ তালিকাও পদ্ধতিগতভাৱে ৰখা হৈছিল। ফলিৰ এটা বাকচৰ ওপৰত মাটিৰ লেবেল লগাই তাত লিখা হৈছিল – যেনে ধৰা হওক ‘X’ – এ লিখা ভূত-প্রেত সম্পৰ্কীয় অমুক সংখ্যক ফলি’ অছুৰ্বনিপালৰ পুথিভঁড়ালত প্ৰায় ৩০,০০০ ফলিৰে ১০০০ খন পুথি বিষয় অনুসৰি ভাগ ভাগ কৰি ৰখা হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top