Class 11 History Additional Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.
Class 11 History Additional Chapter 6 পৰিৱৰ্তিত ঐতিহ্য
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Notes for All Subject, You can practice these here.
পৰিৱৰ্তিত ঐতিহ্য
Chapter – 6
ELECTIVE HISTORY
ADDITIONAL QUESTION ANSWER
অতি চমু প্ৰশ্নোত্তৰঃ
১। পশ্চিম ৰোমান সাম্ৰাজ্য বিভক্ত কেতিয়া হৈছিল?
উত্তৰঃ পশ্চিম ৰোমান সাম্ৰাজ্য বিভক্ত পঞ্চম শতিকালৈ বিভক্ত হৈছিল।
২। ‘খাত’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘খাত’ শব্দৰ অৰ্থ হ’ল জমিদাৰী ব্যৱস্থা।
৩। ‘নাইট’ৰ উপাধি কাক দিয়া হৈছিল?
উত্তৰঃ ‘নাইট’ৰ উপাধি অশ্বাৰোহী বা সামৰিক পদমৰ্যদা প্ৰাপ্ত সামন্ত নেত সকলক প্ৰদান কৰিছিল।
৪। দ্বাদশ শতিকাৰ ফ্ৰান্সত নিৰ্মাণ কৰা গীৰ্জাবোৰক কি বুলি কোৱা হৈছিল?
উত্তৰঃ দ্বাদশ শতিকাৰ ফ্ৰান্সত নিৰ্মাণ কৰা ডাঙৰ ডাঙৰ গীৰ্জাবোৰকে কেথেড্ৰেল বুলি কোৱা হয়।
৫। পেৰিশ শব্দই কি বুজাইছিল?
উত্তৰঃ পেৰিশ শব্দই একোজন পুৰোহিতৰ তত্ত্বাৱধানত থকা একোটা অঞ্চলক বুজায়।
৬। পাইকানা মাটি বুলিলে কি বুজা?
উত্তৰঃ পাইকানা মাটি বুলিলে সামন্ত প্ৰভু সকলে নাইটসকলক কিছু মাটি প্ৰদান কৰিছিল।
৭। উইলিয়াম শ্বেক্সপিয়াৰ কোন আছিল?
উত্তৰঃ উইলিয়াম শ্বেক্সপিয়াৰ (১৫৬৪-১৬১৬) ইংলেণ্ডৰ এজন কবি নাট্যকাৰ, ঔপন্যাসিক আছিল।
৮। কোনে, কি যুদ্ধত, কেতিয়া মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ বাবৰে পানিপথৰ প্ৰথম যুদ্ধত ১৫২৬ চনত, জয়লাভ কৰি মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল।
৯। চেণ্ট বোনডিক্ট্ৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মঠ দুটা কি কি?
উত্তৰঃ চেণ্ট বোনডিক্ট্ৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই বিখ্যাত মঠ দুটা হ’ল এবেজ বা মঠ আৰু ইটালিত স্থাপন কৰা অন্য এটি মঠ। সকলো পুৰুষ আৰু মহিলা ভিক্ষুকৰ বাবে এই মঠ খোলা আছিল।
১০। খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ ইটালীত গঢ়ি উঠা দুখন নগৰ ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ এই দুখন নগৰ ৰাষ্ট্ৰ হ’ল ফ্লোৰেঞ্চ আৰু ভেনিচ।
১১। চাৰ্লমেগান কোন আছিল?
উত্তৰঃ চাৰ্লমেগান ফ্ৰান্সৰ সম্ৰাট আছিল।
১২। সামন্তবাদ শব্দটো ক’ৰ পৰা আহিছে?
উত্তৰঃ সামন্তবাদ শব্দটো ‘জাৰ্মান শব্দ ‘Feud’ ৰ পৰা আহিছে।
১৩। সামন্ত যুগত মাটিৰ মালিক সকলৰ তলত কোনে খেতি কৰিছিল?
উত্তৰঃ সামন্ত যুগত মাটিৰ মালিক সকলৰ তলত চাৰ্ফ বা দাস সকলে খেতি কৰিছিল।
১৪। মুক্তদান কি আছিল?
উত্তৰঃ মুক্তদান ধনীলোক সকলে নিজৰ মংগলৰ কাৰণে তেওঁলোকৰ মৃত আত্মীয় লোকৰ মংগলৰ কাৰণে গীৰ্জা সমূহক কিছুমান দান দিছিল।
১৫। কোন শ্ৰেণীক লৈ প্ৰথম শ্ৰেণীটো গঠিত হৈছিল?
উত্তৰঃ পুৰোহিত বা গীৰ্জাৰ বিচপ সকলক লৈ প্ৰথম শ্ৰেণীটো গঠন হৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

