Class 11 History Additional Chapter 1 প্ৰাৰম্ভিক সমাজ Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 1 প্ৰাৰম্ভিক সমাজ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.
Class 11 History Additional Chapter 1 প্ৰাৰম্ভিক সমাজ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Notes for All Subject, You can practice these here.
প্ৰাৰম্ভিক সমাজ
Chapter – 1
ELECTIVE HISTORY
ADDITIONAL QUESTION ANSWER
অতি চমু প্ৰশ্নোত্তৰঃ
1. হার্মান ছাফাউচেন কোন আছিল?
উত্তৰঃ হার্মান ছাফাউচেন জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল।
2. আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল?
উত্তৰঃ ভগৱানৰ সৃষ্টি বুলি বিশ্বাস কৰা হৈছিল।
3. ‘পিথেকচ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘পিথেকচ’ শব্দৰ অৰ্থ হল নেগুৰ বিহীন বান্দৰ।
4. কোনে প্রথমে শিলৰ অস্ত্ৰ তৈয়াৰ কৰিছিল?
উত্তৰঃ হ’ম হেবিলিচ (অষ্টালপিকেথাচ) সকলে প্রথমে শিলৰ অস্ত্ৰ তৈয়াৰ কৰিছিল।
5. ইউৰোপ মহাদেশত উদ্ধাৰ হোৱা দুবিধ প্রাচীনতম জীৱাশ্মৰ নাম লিখা।
উত্তৰঃ হ’ম নিয়েণ্ডাৰ্থেলেন্চি আৰু চ্হিডেল বার্গেনচিচ।
6. তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ প্ৰায় 2.5 নিযুত বছৰ পূৰ্বে।
7. শেল আৰু ধনু কাঁড়ৰ ব্যৱহাৰ কেতিয়া হৈছিল?
উত্তৰঃ প্রায় 35000 বছৰ আগতে৷
8. অষ্ট্ৰাল’পিথকাচ্ আৰু হ’ম নামৰ জীৱাশ্ম দুবিধৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ অষ্ট্ৰালপিথেকাতকৈ হ’মৰ মগজু ডাঙৰ। কিন্তু থুতৰি আৰু দাঁত সৰু।
9. অষ্ট্ৰালপিথেকাচ জাতৰ প্ৰাচীতম হমিনিডৰ জীৱাশ্ম কেতিয়া আৰু ক’ত পোৱা হৈছিল?
উত্তৰঃ এইবিধ প্রাচীনতম জীৱাশ্ম 56 নিযুত বর্ষ পূর্বে পূব আফ্ৰিকাত পোৱা গৈছিল।
10. এল. বি. এছ লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম উল্লেখ কৰা।
উত্তৰঃ পৃথিৱীত প্রাচীনতম মানৱৰ আৱিষ্কাৰ।
11. পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আবির্ভাব কেতিয়া হৈছিল?
উত্তৰঃ আজিৰ পৰা প্ৰায় 5.6 নিযুত বর্ষ পূর্বে হৈছিল বুলি কোৱা হয়।
12. প্রাইমেট্বোৰ কি?
উত্তৰঃ বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা।
13. মেৰী আৰু লুই লিকি কোন আছিল?
উত্তৰঃ মেৰী আৰু লুই লিকি দুয়োজন প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল।
14. ‘প্ৰজাতিৰ মূল’ নামৰ পুথিখন কেতিয়া লিখা হৈছিল?
উত্তৰঃ 1859 চনৰ 24 নৱেম্বৰ তাৰিখে লিখা হৈছিল।
15. ‘প্ৰজাতিৰ মূল’ পুথিখনৰ লিখক কোন?
উত্তৰঃ চাৰ্লছ ডাউইন।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

