Class 11 History Additional Chapter 4 মধ্য ইছলামীক দেশ Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 4 মধ্য ইছলামীক দেশ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.
Class 11 History Additional Chapter 4 মধ্য ইছলামীক দেশ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Notes for All Subject, You can practice these here.
মধ্য ইছলামীক দেশ
Chapter – 4
ELECTIVE HISTORY
ADDITIONAL QUESTION ANSWER
অতি চমু প্ৰশ্নোত্তৰঃ
১। একৈছ শতিকাত সোমোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা মুছলমানৰ সংখ্যা কিমান আছিল?
উত্তৰঃ একৈছ শতিকাত সোমোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা মুছলমানৰ সংখ্যা এশকোটি আছিল।
২। ইছলামীয় সভ্যতাৰ চাবেক ভূমি বুলি কোন খিনি সময়ক কোৱা হয়?
উত্তৰঃ ইছলামীয় সভ্যতাৰ চাবেক ভূমি বুলি ৮০০ খ্ৰীঃৰ পৰা ১২০০ খ্ৰীঃলৈ এই সময়খিনিক কোৱা হয়।
৩। আৰৱী ভাষাত জনজাতিসকলক কি বুলি কোৱা হৈছিল?
উত্তৰঃ আৰৱী ভাষাত জনজাতিসকলক কাবিলা বুলি কোৱা হৈছিল।
৪। ইছলামৰ প্ৰকৃত ইতিহাস ৰচনা কাৰ্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ ইছলামৰ প্ৰকৃত ইতিহাস ৰচনা কাৰ্যৰ সূচনা জাৰ্মানী আৰু নেদাৰলেণ্ডৰ অধ্যপকসকলে ঊনবিংশ শতিকাত সূচনা কৰিছিল।
৫। খালিফাসকল কোন আছিল?
উত্তৰঃ খালিফাসকল মুছলমানসকলৰ ধৰ্মগুৰুৰ সহায়ক আছিল।
৬। উমৈইডসকলৰ পিছত কোন ৰাজবংশই শাসন কৰিছিল?
উত্তৰঃ উমৈইডসকলৰ পিছত আচবাদিছ নামে আন এটি নতুন ৰাজবংশই শাসন কৰিছিল।
৭। ইছলামীয় ৰাষ্ট্ৰৰ শাসনকালটো কাক কাক লৈ গঠিত হৈছিল?
উত্তৰঃ ইছলামীয় ৰাষ্ট্ৰৰ শাসনকালটো কুৰেছ নামৰ শ্ৰেণীটোক লৈ গঠিত হৈছিল।
৮। মুছলমান লোকসকলে পৰিশোধ কৰা কৰ ব্যৱস্থাক কি বুলি জনা যায়।
উত্তৰঃ মুছলমান লোকসকলে পৰিশোধ কৰা কৰ ব্যৱস্থাক খেৰাজ আৰু জিজিয়া কৰ বুলি জনা যায়।
৯। ছাচানিয়ান সাম্ৰাজ্যই কোন ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল?
উত্তৰঃ ছাচানিয়ান সাম্ৰাজ্যই জোৰাথুষ্ট ধৰ্মক পৃষ্ঠপোষকতা কৰিছিল।
১০। কোৰাণখন কিহৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল?
উত্তৰঃ কোৰাণখন ৬১০-৬৩২ খ্ৰীঃৰ ভিতৰত আল্লাই মহম্মদক দিয়া এলানি বাণীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল।
১১। দ্বিতীয় ধৰ্মযুদ্ধ বা ক্ৰুছেদ কোন চনত সংঘটিত হৈছিল?
উত্তৰঃ দ্বিতীয় ধৰ্মযুদ্ধ বা ক্ৰুছেদ ১১৪৫-৪৯ খ্ৰীঃৰ ভিতৰত সংঘটিত হৈছিল।
১২। প্ৰথম ধৰ্মযুদ্ধ বা ক্ৰুছেদ যুদ্ধখন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ প্ৰথম ধৰ্মযুদ্ধ বা ক্ৰুছেদ যুদ্ধখন ১০৯৫-১২৯১ খ্ৰীঃৰ সংঘটিত হৈছিল।
১৩। বৰ্তমানৰ পেলেষ্টাইন দেশখন পূৰ্বৰ কোন সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল?
উত্তৰঃ বৰ্তমানৰ পেলেষ্টাইন দেশখন পূৰ্বৰ বাইজানটাইন সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
১৪। ফিৰদুচী কোন আছিল?
উত্তৰঃ ফিৰদুচী গজনীৰ ৰাজদৰবাৰৰ এজন বিশিষ্ট কবি আছিল।
১৫। মুছলমানৰ শিক্ষা ব্যৱস্থা গঢ়ি উঠা প্ৰথম চহৰখনৰ নাম লিখা।
উত্তৰঃ মুছলমানৰ শিক্ষা ব্যৱস্থা গঢ়ি উঠা প্ৰথম চহৰখনৰ নাম বাদদাদ হ’ল মুছলমান শিক্ষা-সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

