Class 11 History Additional Chapter 4 মধ্য ইছলামীক দেশ

Class 11 History Additional Chapter 4 মধ্য ইছলামীক দেশ Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 4 মধ্য ইছলামীক দেশ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 4 মধ্য ইছলামীক দেশ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 4 মধ্য ইছলামীক দেশ Notes for All Subject, You can practice these here.

Chapter – 4

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। একৈছ শতিকাত সোমোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা মুছলমানৰ সংখ্যা কিমান আছিল?

উত্তৰঃ একৈছ শতিকাত সোমোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা মুছলমানৰ সংখ্যা এশকোটি আছিল।

২। ইছলামীয় সভ্যতাৰ চাবেক ভূমি বুলি কোন খিনি সময়ক কোৱা হয়?

উত্তৰঃ ইছলামীয় সভ্যতাৰ চাবেক ভূমি বুলি ৮০০ খ্ৰীঃৰ পৰা ১২০০ খ্ৰীঃলৈ এই সময়খিনিক কোৱা হয়।

৩। আৰৱী ভাষাত জনজাতিসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ আৰৱী ভাষাত জনজাতিসকলক কাবিলা বুলি কোৱা হৈছিল।

৪। ইছলামৰ প্ৰকৃত ইতিহাস ৰচনা কাৰ্যৰ সূচনা কোনে কৰিছিল?

উত্তৰঃ ইছলামৰ প্ৰকৃত ইতিহাস ৰচনা কাৰ্যৰ সূচনা জাৰ্মানী আৰু নেদাৰলেণ্ডৰ অধ্যপকসকলে ঊনবিংশ শতিকাত সূচনা কৰিছিল।

৫। খালিফাসকল কোন আছিল?

উত্তৰঃ খালিফাসকল মুছলমানসকলৰ ধৰ্মগুৰুৰ সহায়ক আছিল।

৬। উমৈইডসকলৰ পিছত কোন ৰাজবংশই শাসন কৰিছিল?

উত্তৰঃ উমৈইডসকলৰ পিছত আচবাদিছ নামে আন এটি নতুন ৰাজবংশই শাসন কৰিছিল।

৭। ইছলামীয় ৰাষ্ট্ৰৰ শাসনকালটো কাক কাক লৈ গঠিত হৈছিল?

উত্তৰঃ ইছলামীয় ৰাষ্ট্ৰৰ শাসনকালটো কুৰেছ নামৰ শ্ৰেণীটোক লৈ গঠিত হৈছিল।

৮। মুছলমান লোকসকলে পৰিশোধ কৰা কৰ ব্যৱস্থাক কি বুলি জনা যায়।

উত্তৰঃ মুছলমান লোকসকলে পৰিশোধ কৰা কৰ ব্যৱস্থাক খেৰাজ আৰু জিজিয়া কৰ বুলি জনা যায়।

৯। ছাচানিয়ান সাম্ৰাজ্যই কোন ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল?

উত্তৰঃ ছাচানিয়ান সাম্ৰাজ্যই জোৰাথুষ্ট ধৰ্মক পৃষ্ঠপোষকতা কৰিছিল।

১০। কোৰাণখন কিহৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল?

উত্তৰঃ কোৰাণখন ৬১০-৬৩২ খ্ৰীঃৰ ভিতৰত আল্লাই মহম্মদক দিয়া এলানি বাণীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল।

১১। দ্বিতীয় ধৰ্মযুদ্ধ বা ক্ৰুছেদ কোন চনত সংঘটিত হৈছিল?

উত্তৰঃ দ্বিতীয় ধৰ্মযুদ্ধ বা ক্ৰুছেদ ১১৪৫-৪৯ খ্ৰীঃৰ ভিতৰত সংঘটিত হৈছিল।

১২। প্ৰথম ধৰ্মযুদ্ধ বা ক্ৰুছেদ যুদ্ধখন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ প্ৰথম ধৰ্মযুদ্ধ বা ক্ৰুছেদ যুদ্ধখন ১০৯৫-১২৯১ খ্ৰীঃৰ সংঘটিত হৈছিল।

১৩। বৰ্তমানৰ পেলেষ্টাইন দেশখন পূৰ্বৰ কোন সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল?

উত্তৰঃ বৰ্তমানৰ পেলেষ্টাইন দেশখন পূৰ্বৰ বাইজানটাইন সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।

১৪। ফিৰদুচী কোন আছিল?

উত্তৰঃ ফিৰদুচী গজনীৰ ৰাজদৰবাৰৰ এজন বিশিষ্ট কবি আছিল।

১৫। মুছলমানৰ শিক্ষা ব্যৱস্থা গঢ়ি উঠা প্ৰথম চহৰখনৰ নাম লিখা।

উত্তৰঃ মুছলমানৰ শিক্ষা ব্যৱস্থা গঢ়ি উঠা প্ৰথম চহৰখনৰ নাম বাদদাদ হ’ল মুছলমান শিক্ষা-সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ।

১৬। চিত্ৰকলাক ইছলাম ধৰ্মই কিয় গ্ৰহণ কৰা নাছিল?

উত্তৰঃ কাৰণ: কোৰাণে এনে ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

১৭। আবু বক্কৰ কোন আছিল?

উত্তৰঃ আবু বক্ক ইছলামসকলৰ প্ৰথমজন খলিফা আছিল।

১৮। গজনণীত চুলতানী আমোলাৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ গজনণীত চুলতানী আমোলাৰ প্ৰতিষ্ঠাতা আলপ্তগীন আছিল।

১৯। প্ৰথম মহিলা ছুফীসন্ত গৰাকী কোন আছিল?

উত্তৰঃ প্ৰথম মহিলা ছুফীসন্ত গৰাকী সন্ত সন্ন্যাসী ৰাবিয়া আছিল।

২০। ইছলামীয় মুদ্ৰাত আৰবী লিপি ব্যৱহাৰ কৰা খলিফাজনৰ নাম লিখা।

উত্তৰঃ ইছলামীয় মুদ্ৰাত আৰবী লিপি ব্যৱহাৰ কৰা খলিফাজনৰ নাম হ’ল- উমায়ত আব্বাছী।

২১। ‘দাৱা’ কি?

উত্তৰঃ দাৱা হ’ল এক সুসংগঠিত আন্দোলন। এই আন্দোলনে আব্বাছিদ সকলৰ শাসন প্ৰতিষ্ঠা কৰিছিল।

২২। মকামত কি?

উত্তৰঃ মকামত হ’ল এখন সাহিত্য বিষয়ক গ্ৰন্থ।

২৩। পয়গম্বৰ মহম্মদে কাক বিয়া কৰাইছিল?

উত্তৰঃ পয়গম্বৰ মহম্মদে খদিজাক বিয়া কৰাইছিল।

২৪। মংগোলসকলে বাগদাদ কেতিয়া জয় কৰে?

উত্তৰঃ মংগোলসকলে বাগদাদ ১২৫৮ চনত।

২৫। ৭৫১ চনত ছমৰখণ্ডৰ মুছলমান ৰাজ্যপালে কিমান আক্ৰমণকাৰীক আটক কৰি ৰাখিছিল?

উত্তৰঃ ৭৫১ চনত ছমৰখণ্ডৰ মুছলমান ৰাজ্যপালে ২০,০০০ চীন আক্ৰমণকাৰীক আটক কৰি ৰাখিছিল।

২৬। মুছলমান আইনৰ মুখ্য উৎস কি?

উত্তৰঃ মুছলমান আইনৰ মুখ্য উৎস হ’ল- কোৰাণ।

২৭। মুছলমান শব্দৰ তত্ত্ব কি?

উত্তৰঃ হজৰত মহম্মদৰ তত্ত্ব যিয়ে গ্ৰহণ আৰু অনুসৰণ কৰিছিল তেওঁকেই মুছলমান বুলি কোৱা হয়।

২৮। কোনে আৰু কেইখন চহৰক লৈ মিছৰ নামৰ ঠাইখনৰ সৃষ্টি কৰিছিল?

উত্তৰঃ ইৰাকৰ কুফা আৰু বাচৰা আৰু ইজিপ্তৰ ফুষ্টাট আৰু কাইৰোক লৈ মিছৰৰ জন্ম হৈছিল।

২৯। ফ্ৰেংকসকল কোন আছিল?

উত্তৰঃ ফ্ৰেংকসকল এটি জাৰ্মান জনজাতিৰ লোক আছিল।

৩০। ইগনাজ গলজিহাৰ কোন আছিল?

উত্তৰঃ ইগনাজ গলজিহাৰ এজন হাংগাৰিয়ান ইহুদী লোক আছিল।

৩১। ছিয়া আৰু চুন্নী বুলিলে কি বুজা?

উত্তৰঃ ছিয়া আৰু চুন্নী বুলিলে মুছলমানসকলৰ দুটা বিপৰীতমুখী সম্প্ৰদায়।

৩২। মকামত কি?

উত্তৰঃ মকামত হ’ল- এখন সাহিত্য বিষয়ক গ্ৰন্থ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top