Class 11 History Additional Chapter 3 সাম্ৰাজ্য

Class 11 History Additional Chapter 3 সাম্ৰাজ্য Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 3 সাম্ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 3 সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 3 সাম্ৰাজ্য Notes for All Subject, You can practice these here.

Chapter – 3

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰৰ নাম লিখা।

উত্তৰঃ ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম হ’ল- ভূ-মধ্য সাগৰ।

২। কোন দুটা নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ ৰাইন আৰু ডানিয়ুৱ নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল।

৩। কোন মৰুভূমিৰ মাজত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল?

উত্তৰঃ চাহাৰা মৰুভূমিৰ মাজত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল।

৪। ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা কি আছিল।

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা লেটিন আৰু গ্ৰীক আছিল।

৫। ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্তবংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্তবংশৰ লোকসকলে গ্ৰীক ভাষা ব্যৱহাৰ কৰিছিল।

৬। ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজন কোন আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজন আগষ্টাছ আছিল।

৭। ৰোমান সাম্ৰাজ্যৰ মুখ্য নাগৰিক কোন আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ মুখ্য নাগৰিক ৰোমান সম্ৰাট আছিল।

৮। ডায়োক্লেটিয়ান ৰাজত্ব কালৰ সময়সীমা কি আছিল?

উত্তৰঃ ডায়োক্লেটিয়ান ৰাজত্ব কালৰ সময়সীমা ২৮৪-৩০৫ খ্ৰীঃৰ সময়ছোৱা আছিল।

৯। লেটিন ভাষাত মুখ্য প্ৰশাসনীয় বিষয়াজনক কি বুলি কোৱা হৈছিল?

উত্তৰঃ লেটিন ভাষাত মুখ্য প্ৰশাসনীয় বিষয়াজনক ‘প্ৰিঞ্চেপছ’ বুলি কোৱা হৈছিল।

১০। ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কি আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম চিনেট আছিল।

১১। পাপিৰাছ বুলিলে কি বুজায়।

উত্তৰঃ পাপিৰাছ বুলিলে ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।

১২। ৬৩০ খ্ৰীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূ-খণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ৬৩০ খ্ৰীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূ-খণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্যৰ নাম ৰোমান সাম্ৰাজ্য আৰু ইৰানীয় সাম্ৰাজ্য।

১৩। ৰোমান সাম্ৰাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক কি বুলি কোৱা হৈছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক ‘মাপালিয়া’ বুলি কোৱা হৈছিল।

১৪। স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম লিখা।

উত্তৰঃ স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম ড্ৰেজেল ২০ নামৰ পাত্ৰ।

১৫। ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে কি পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে এম্ফোৰাই নামৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।

১৬। ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষা কি আছিল?

উত্তৰঃ ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো কোপতিক আছিল।

১৭। ৰোমানসকলে কাক ‘বৰ্বৰ’ বুলি আখ্যা দিছিল?

উত্তৰঃ ৰোমানসকলে বিদেশী বা আভ্যন্তৰীণ আক্ৰমণকাৰীসকলক ‘বৰ্বৰ’ বুলি আখ্যা দিছিল।

১৮। কেতিয়াৰ পৰা ৰোমান সাম্ৰাজ্যৰ পতন আহি পৰিছিল?

উত্তৰঃ তৃতীয় শতিকাৰ পৰা ৰোমান সাম্ৰাজ্যৰ পতন আহি পৰিছিল।

১৯। ৰোমান সাম্ৰাজ্যত বছৰটোৰ কিমান দিন ৰাজহুৱা উৎসৱ-পাৰ্বণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ বছৰটোৰ ১৭৬ দিন ৰাজহুৱা উৎসৱ-পাৰ্বণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছিল।

২০। ৰোমান সাম্ৰাজ্যৰ সমাজ ব্যৱস্থা কেইটা শ্ৰেণীত বিভক্ত আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ সমাজ ব্যৱস্থা তিনিটা শ্ৰেণীত বিভক্ত আছিল।

২১। ৰোমান সাম্ৰাজ্যৰ সেনাসকলে দেশৰ কাৰণে কিমান বছৰ সেৱা আগবঢ়াব লাগিছিল।

উত্তৰঃ প্ৰায় পঁচিশ বছৰকাল সেনাসকলে দেশৰ কাৰণে সেৱা দিব লাগিছিল।

২২। কনষ্টান্টিনপোলৰ বৰ্তমানৰ নাম কি?

উত্তৰঃ কনষ্টান্টিনপোলৰ বৰ্তমানৰ নাম ইষ্টানবুল।

২৩। জুডাইজিম কাক কোৱা হৈছিল?

উত্তৰঃ ইহুদীসকলৰ উপাসনা বিধিক জুডাইজিম বুলি কোৱা হয়।

২৪। কোন চনত জাষ্টিনিয়ানে ভান্দালসকলৰ পৰা আফ্ৰিকা পুনৰ দখল কৰিছিল?

উত্তৰঃ ৫৩৩ খ্ৰীঃত জাষ্টিনিয়ানে ভান্দালসকলৰ পৰা আফ্ৰিকা পুনৰ দখল কৰিছিল।

২৫। বাইজানটিয়াম কোনখন সাম্ৰাজ্যৰ নাম আছিল?

উত্তৰঃ বাইজানটিয়াম ৰোমান সাম্ৰাজ্যৰ নাম আছিল।

২৬। ৰোমান যুগত অভিজাত শ্ৰেণীটোৱে নিজৰ খাট বা নামৰ পৰা বাৰ্ষিক কিমান পাউণ্ড পৰিমাণৰ সোণ লাভ কৰিছিল?

উত্তৰঃ তেওঁলোকে বাৰ্ষিক হিচাপত ৪,০০০ পাউণ্ড সোণ খাট বা পামৰ পৰা লাভ কৰিছিল।

২৭। ৰোমান যুগৰ শেষৰ কালছোৱা কোনখিনি সময়ক কোৱা হয়?

উত্তৰঃ ৰোমান যুগৰ শেষৰ কালছোৱা চতুৰ্থ শতাব্দীৰ পৰা সপ্তম শতাব্দীৰ এই সময়ছোৱাক কোৱা হয়।

২৮। ৰোমান যুগৰ সমাজৰ সন্মানীয় শ্ৰেণী বুলি কাক কোৱা হৈছিল?

উত্তৰঃ ৰোমান যুগৰ সমাজৰ সন্মানীয় শ্ৰেণী বুলি মধ্যবিত্ত শ্ৰেণীটোক কোৱা হৈছিল।

২৯। ৰোমান যুগৰ সমাজ ব্যৱস্থা কেইটাভাগত বিভক্ত আছিল?

উত্তৰঃ ৰোমান যুগৰ সমাজ ব্যৱস্থা ছয়টা ভাগত বিভক্ত আছিল।

৩০। Natural History ৰ লেখকজনক কোন আছিল?

উত্তৰঃ Natural History ৰ লেখকজনক জ্যেষ্ঠ প্লিনিয় আছিল।

৩১। ৰোমান যুগৰ এজন প্ৰখ্যাত লেখকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ৰোমান যুগৰ এজন প্ৰখ্যাত লেখকৰ নাম কালুমেল্লা।

৩২। ৰোমান সম্ৰাট আগষ্টাচৰ শাসন কালত কিমান লোকে দাস হিচাপে থাকিব লগা হৈছিল?

উত্তৰঃ ৰোমান সম্ৰাট আগষ্টাচৰ শাসন কালত মুঠ জনসংখ্যা প্ৰায় তিনি মিলিয়ন লোকে দাস হিচাপে থাকিব লগা হৈছিল।

৩৩। ‘প্ৰাচীন বিশ্ব’ বুলি কাক কোৱা হৈছিল?

উত্তৰঃ ‘প্ৰাচীন বিশ্ব’ বুলি ৰোমান সাম্ৰাজ্যকে কোৱা হৈছিল।

৩৪। ৰোমান সাম্ৰাজ্যৰ কোনজন সম্ৰাটে কনষ্টন্টিনোপলত দ্বিতীয় ৰাজধানী প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ডায়োক্লেটিয়ানে কষ্টান্টিনোপলত দ্বিতীয়খন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল।

৩৫। আগষ্টাচৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ আগষ্টাচৰ পূৰ্বৰ নাম অক্টোভিয়ান আছিল।

৩৯। চুলিদুচ নামে মুদ্ৰাৰ প্ৰচলন কোনজন ৰজাই কৰিছিল?

উত্তৰঃ ডায়োক্লেটিয়ানে চুলিদুজ নামে মুদ্ৰাৰ প্ৰচলন ঘটাইছিল।

৪০। কোনটো লেটিন শব্দৰ পৰা ইংৰাজী ‘city’ শব্দটো আহিছে?

উত্তৰঃ লেটিন শব্দ ‘civitas’ শব্দৰ পৰা ইংৰাজী শব্দ ‘city’ টোৰ পৰা আহিছে।

৪১। কোনখন দেশত প্ৰথম নগৰৰ উৎপত্তি হৈছিল?

উত্তৰঃ বৰ্তমান ইৰাকৰ এটা অংশ মেছোপটেমিয়াত বিশ্বৰ প্ৰথমখন নগৰৰ উৎপত্তি হৈছিল।

৪২। কেতিয়া প্ৰথম নগৰৰ উৎপত্তি হৈছিল?

উত্তৰঃ খ্ৰীঃ পূঃ ৩,৫০০ চনত মেছোপটেমিয়াত নগৰৰ উৎপত্তি হৈছিল।

৪৩। কেতিয়া পুৰতাত্ত্ববিদসকলে মেছোপটেমিয়াৰ ‘উৰ’ নামে নগৰীখন আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৯৩০ চনত পুৰতাত্ত্ববিদসকলে মেছোপটেমিয়াৰ ‘উৰ’ নামে নগৰীখন আৱিষ্কাৰ কৰিছিল।

৪৪। মেছোপটেমিয়া যুগত পৰিয়াল সম্পৰ্কে কেনে ধাৰণা আছিল?

উত্তৰঃ সেই সময়ত যৌথ পৰিয়ালৰ ধাৰণা আছিল।

৪৫। প্ৰাচীন ইৰাণৰ পবিত্ৰ গ্ৰন্থসমূহৰ ভাষাটো কি আছিল?

উত্তৰঃ প্ৰাচীন ইৰাণৰ পবিত্ৰ গ্ৰন্থসমূহৰ ভাষাটো হ’ল- পহ্লবী ভাষা আছিল।

৪৬। ইতিহাসৰ কোনটো যুগত হেলনিক যুগ বুলি কোৱা হয়?

উত্তৰঃ ইতিহাসৰ খ্ৰীঃপূঃ ৩২৩ চনৰ পিছত বা আলেকজেণ্ডাৰ মৃত্যুৰ পিছৰ কালক হেলনিক যুগ বুলি কোৱা হয়।

৪৭। প্ৰাচীন ভাৰত ভ্ৰমণ কৰা এজন চীনা পৰিব্ৰাজকৰ নাম লিখা।

উত্তৰঃ প্ৰাচীন ভাৰত ভ্ৰমণ কৰা এজন চীনা পৰিব্ৰাজকৰ নাম হ’ল চীনা পৰিব্ৰাজক হিউয়েন চাং।

৪৮। টেচিটাচ কোন আছিল?

উত্তৰঃ টেচিটাচ এজন প্ৰখ্যাত ৰোমান ইতিহাসবিদ আছিল।

৪৯। আব্বাছিদ বিদ্ৰোহ ক’ত হৈছিল?

উত্তৰঃ আব্বাছিদ বিদ্ৰোহ খোৰাচান প্ৰদেশত আৰম্ভ হৈছিল।

৫০। পেপিৰ লজিষ্ট বুলি কাক কোৱা হয়?

উত্তৰঃ পেপিৰ লজিষ্ট বুলি প্ৰাচীন সাহিত্য অকীয়নাক কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top