Class 11 History Additional Chapter 3 সাম্ৰাজ্য

Class 11 History Additional Chapter 3 সাম্ৰাজ্য Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 3 সাম্ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 3 সাম্ৰাজ্য

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 3 সাম্ৰাজ্য Notes for All Subject, You can practice these here.

Chapter – 3

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰৰ নাম লিখা।

উত্তৰঃ ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম হ’ল- ভূ-মধ্য সাগৰ।

২। কোন দুটা নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল?

উত্তৰঃ ৰাইন আৰু ডানিয়ুৱ নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল।

৩। কোন মৰুভূমিৰ মাজত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল?

উত্তৰঃ চাহাৰা মৰুভূমিৰ মাজত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল।

৪। ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা কি আছিল।

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয় ভাষা দুটা লেটিন আৰু গ্ৰীক আছিল।

৫। ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্তবংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্তবংশৰ লোকসকলে গ্ৰীক ভাষা ব্যৱহাৰ কৰিছিল।

৬। ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজন কোন আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজন আগষ্টাছ আছিল।

৭। ৰোমান সাম্ৰাজ্যৰ মুখ্য নাগৰিক কোন আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ মুখ্য নাগৰিক ৰোমান সম্ৰাট আছিল।

৮। ডায়োক্লেটিয়ান ৰাজত্ব কালৰ সময়সীমা কি আছিল?

উত্তৰঃ ডায়োক্লেটিয়ান ৰাজত্ব কালৰ সময়সীমা ২৮৪-৩০৫ খ্ৰীঃৰ সময়ছোৱা আছিল।

৯। লেটিন ভাষাত মুখ্য প্ৰশাসনীয় বিষয়াজনক কি বুলি কোৱা হৈছিল?

উত্তৰঃ লেটিন ভাষাত মুখ্য প্ৰশাসনীয় বিষয়াজনক ‘প্ৰিঞ্চেপছ’ বুলি কোৱা হৈছিল।

১০। ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কি আছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম চিনেট আছিল।

১১। পাপিৰাছ বুলিলে কি বুজায়।

উত্তৰঃ পাপিৰাছ বুলিলে ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।

১২। ৬৩০ খ্ৰীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূ-খণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ৬৩০ খ্ৰীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্ৰাচ্যৰ ভূ-খণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্ৰাজ্যৰ নাম ৰোমান সাম্ৰাজ্য আৰু ইৰানীয় সাম্ৰাজ্য।

১৩। ৰোমান সাম্ৰাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক কি বুলি কোৱা হৈছিল?

উত্তৰঃ ৰোমান সাম্ৰাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক ‘মাপালিয়া’ বুলি কোৱা হৈছিল।

১৪। স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম লিখা।

উত্তৰঃ স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম ড্ৰেজেল ২০ নামৰ পাত্ৰ।

১৫। ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে কি পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে এম্ফোৰাই নামৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top