Class 11 History Additional Chapter 5 অঘৰী সাম্ৰাজ্য

Class 11 History Additional Chapter 5 অঘৰী সাম্ৰাজ্য Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 5 অঘৰী সাম্ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 5 অঘৰী সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 5 অঘৰী সাম্ৰাজ্য Notes for All Subject, You can practice these here.

Chapter – 5

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। অঘৰীসকল কোন আছিল?

উত্তৰঃ অঘৰীসকল সাধাৰণতে যাযাবৰী লোকসকলকে কোৱা হৈছিল।

২। বৰ্বৰ শব্দটো কোনটো শব্দৰ পৰা অহা হৈছে?

উত্তৰঃ বৰ্বৰ শব্দটো গ্ৰীক barbaros শব্দৰ পৰা অহা হৈছে।

৩। আচা বুলিলে কি বুজা?

উত্তৰঃ আচা বুলিলে- মংগোলসকলৰ আইনবিধি। ইয়ে মংগোল শাসন ব্যৱস্থাৰ নিয়ম বিধিও প্ৰস্তুত কৰিছিল।

৪। প্ৰথম শতিকাত হুনসকলক কোনটো মংগোল জনগোষ্ঠীয়ে পৰাভূত কৰিছিল?

উত্তৰঃ জিনবিন্ত নামৰ মংগোল নেতাজনে হুনসকলক পৰাভূত কৰিছিল।

৫। মংগীখান কোন আছিল?

উত্তৰঃ মংগীখান জেংগিছ খাঁৰ মাতৃ আছিল।

৬। মংগোল সাম্ৰাজ্য পতনৰ এটি মুখ্য কাৰণ উল্লেখ কৰা।

উত্তৰঃ মংগোল সাম্ৰাজ্য পতনৰ এটি মুখ্য কাৰণ হ’ল- পিছৰ কালৰ শাসকসকলৰ দুৰ্বলতা আছিল।

৭। কোবলাই খানে তেওঁৰ ৰাজসভা ক’লৈ স্থানান্তৰিত কৰিছিল?

উত্তৰঃ কোবলাই খানে তেওঁৰ ৰাজসভা বেইজিংলৈ তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল।

৮। কোনজন ইটালীৰ পৰিব্ৰাজক কোবলাই খানৰ ৰাজদৰবাৰলৈ আহিছিল?

উত্তৰঃ মাৰ্কোপলো নামৰ ইটালীৰ পৰিব্ৰাজকজন কোবলাই খানৰ ৰাজদৰবাৰলৈ আহিছিল।

৯। য়াম কি?

উত্তৰঃ য়াম হ’ল- সামগ্ৰী সৰবৰাহ কৰা এটি পথ বা যোগাযোগ ব্যৱস্থা।

১০। মুংগক খান কোন আছিল?

উত্তৰঃ মুংগক খান জেংগিছখাঁৰ নাতি আছিল।

১১। চীনৰ সংস্কৃতি সম্পৰ্কে কুবলাই খানৰ দৃষ্টিভংগী কেনে আছিল?

উত্তৰঃ কুবলাইখানে চীনা সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁৰ শাসন কালত চীনৰ নাট্য অনুষ্ঠান সমূহৰ তেওঁ পৃষ্ঠপোষকতা আগবাঢ়াইছিল।

১২। Al-Qanum Fial-Tibb কিতাপখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ Al-Qanum Fial-Tibb কিতাপখন ইবনচিনা নামৰ লেখকজনে ৰচনা কৰিছিল।

১৩। মংগোল সকলক পৰিশোধ কৰিবলগীয়া দুবিধ কৰৰ নাম লিখা।

উত্তৰঃ মংগোল সকলক পৰিশোধ কৰিবলগীয়া দুবিধ কৰৰ নাম হ’ল- পাইজা আৰু বাজ।

১৪। চেংগিজখাই কেতিয়া নিশাপুৰ নামৰ ঠাইখন দখল কৰিছিল?

উত্তৰঃ চেংগিজখাই ১২২১ খ্ৰীঃত নিশাপুৰ নামৰ ঠাইখন দখল কৰিছিল।

১৫। জৱানী কোন আছিল?

উত্তৰঃ জৱানী তেৰ শতিকাৰ এজন পাৰ্চিয়ান বুৰঞ্জীবিদ লোক আছিল।

১৬। টেমুজিনৰ চেংগিজ খামঙ্গোলসকলৰ সাৰ্ব্বজনীন শাসক কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১২০৬ খ্ৰীঃত টেমুজিনৰ চেংগিজ খামঙ্গোলসকলৰ সাৰ্ব্বজনীন শাসক ঘোষণা কৰা হৈছিল।

১৭। চেংগিজ খাঁৰ পিছৰ মংগোল সম্প্ৰসাৰণ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ চেংগিজ খাঁৰ পিছৰ মংগোল সম্প্ৰসাৰণ দুটা ভাগত ভগাব পাৰি।

১৮। টেমুজিনৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ টেমুজিনৰ জন্ম প্ৰায় ১১৬৭ চনত হৈছিল।

১৯। মংগোলীয় গণতন্ত্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ মংগোলীয় গণতন্ত্ৰ ১৯২১ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

২০। চেংগিজ খাঁৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰঃ চেংগিজ খাঁৰ ১২২৭ চনত হৈছিল।

২১। সাম্ৰাজ্য বুলিলে কি বুজা?

উত্তৰঃ সাম্ৰাজ্য শব্দটি এক বৈষয়িক অৱস্থানৰ লগতে জটিল সামাজিক আৰু অৰ্থনৈতিক গাঁথনিৰ পৰা উদ্ভৱ হোৱা এক স্থায়ী অস্তিত্বৰ কথা জড়িত হৈ আছে। ইয়াকে সাম্ৰাজ্য বুলি কোৱা হয়।

২২। কোন মংগোল জনগোষ্ঠীয়ে মধ্য এছিয়া আৰু দক্ষিণ পূব ইউৰোপৰ তুণভূমি অঞ্চলত শাসন ব্যৱস্থা পৰিচালনা কৰিছিল?

উত্তৰঃ কিচান নামে এটি প্ৰাচীন মংগোলীয় জনজাতিৰ লোকে মধ্য এছিয়া আৰু দক্ষিণ পূব ইউৰোপৰ তৃৰ্ণভূমি অঞ্চলত শাসন ব্যৱস্থা পৰিচালনা কৰিছিল।

২৩। ইউৰছিয়া বুলিলে কি বুজা?

উত্তৰঃ ইউৰোপ আৰু এছিয়া মহাদেশক ইউৰেছিয়া বুলি কোৱা হয়।

২৪। ষ্টেলিন কোন আছিল?

উত্তৰঃ ষ্টেলিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি আছিল।

২৫। অঘৰী মানে কি বুজা?

উত্তৰঃ অঘৰী বা যাযাবৰীসকল হ’ল এক অসংগঠিত ৰূপত বাস কৰা লোক।

২৬। মংগোলসকল কোন আছিল?

উত্তৰঃ মংগোলসকল মধ্য এছিয়াৰ এটি শক্তিশালী বহুধাবিভক্ত জনগোষ্ঠীৰ লোক আছিল।

২৭। মংগোল সাম্ৰাজ্যত কোনে ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ মংগোল সাম্ৰাজ্যত জেংগিচ খাই ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

২৮। মুংগকেৰ নেতৃত্বত ইংৰাজ আৰু চীনৰ বিৰুদ্ধে অভিযান কেতিয়া হৈছিল?

উত্তৰঃ মুংগকেৰ নেতৃত্বত ইংৰাজ আৰু চীনৰ বিৰুদ্ধে অভিযান ১২৫৩-৫৫ চনত হৈছিল।

২৯। মংগোলসকলৰ প্ৰধান অস্ত্ৰ কি আছিল?

উত্তৰঃ মংগোলসকলৰ প্ৰধান অস্ত্ৰ ধনু আছিল।

৩০। চীনৰ ফুৰান ৰাজবংশ কেতিয়া পতন হৈছিল?

উত্তৰঃ চীনৰ ফুৰান ৰাজবংশ ১৩৬৮ চনত পতন হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top