Class 11 History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ

Class 11 History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Notes for All Subject, You can practice these here.

Chapter – 9

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। ‘প্ৰথম ঔদ্যোগিক বিপ্লৱ’ বুলিলে কি বুজা?

উত্তৰঃ ১৭৮০ আৰু ১৮৫০ চনৰ দশকৰ সময়ছোৱা বৃটেইনৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত যি ৰূপান্তৰ ঘটালে তাকে ‘প্ৰথম ঔদ্যোগিক বিপ্লৱ’ বুলি কোৱা হয়।

২। কৃষি বিপ্লৱ কাক বোলে?

উত্তৰঃ ১৮ শতিকাত ইংলণ্ডৰ অৰ্থনীতি এক বৃহত্তৰ পৰিৱৰ্তনৰ মাজেদি আগবাঢ়িছিল। পিছত ইয়াক কৃষি বিপ্লৱ বুলি কোৱা হয়।

৩। ইংলেণ্ডত প্ৰথমে কোনটো উদ্যোগত শিল্প বিপ্লৱ আৰম্ভ হৈছিল?

উত্তৰঃ ইংলেণ্ডত প্ৰথমে হস্ততাঁত বা বস্ত্ৰ উদ্যোগত শিল্প বিপ্লৱ আৰম্ভ হৈছিল।

৪। ওঠৰ শতিকাত ইংলেণ্ডৰ কোনকেইটা উদ্যোগে বিশেষ প্ৰসাৰ লাভ কৰিছিল?

উত্তৰঃ ওঠৰ শতিকাত ইংলেণ্ডৰ লো উদ্যোগ, কপাহী আৰু বয়ন উদ্যোগ আৰু বাষ্পীয় উদ্যোগসমূহে বিশেষ প্ৰসাৰ লাভ কৰিছিল।

৫। লো উদ্যোগ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ লো উদ্যোগ আব্ৰাহাম ডার্বিয়ে প্ৰতিষ্ঠা কৰিছিল।

৬। ভাতী উদ্যোগ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ভাতী উদ্যোগ আব্ৰাহাম ডার্বিয়ে (১৬৭৭-১৭১৭) চনত নিৰ্মাণ কৰিছিল।

৭। বাষ্প ইঞ্জিনৰ পিতৃ-পুৰুষ বুলি কোনজন ব্যক্তিক কোৱা হয়?

উত্তৰঃ জৰ্জ ষ্টিফেনছনক বাষ্প ইঞ্জিনৰ পিতৃ-পুৰুষ বুলি কোৱা হয়।

৮। উৰণীয়া মাকোৰ তাঁতশাল কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ উৰণীয়া মাকোৰ তাঁতশাল জন কে (১৭০৪-৬৪) চনত নিৰ্মাণ কৰিছিল।

৯। উদ্যোগ বুলিলে কি বুজা?

উত্তৰঃ যি বিলাক উদ্যোগক শক্তিশালী মেচিনৰ দ্বাৰা নিয়ন্ত্ৰণ বা চলোৱা হৈছিল তাকে উদ্যোগ বুলি কোৱা হয়।

১০। কোনে আৰু কেতিয়া ইংলেণ্ডৰ ছেভেন নৈৰ ওপৰত বিশ্বৰ প্ৰথমখন দলং নিৰ্মাণ কৰিছিল?

উত্তৰঃ তৃতীয়জন আব্ৰাহাম ডার্বিয়ে (১৭৫০-৯১) চনত ছেভেন নৈৰ ওপৰত বিশ্বৰ প্ৰথমখন দলং নিৰ্মাণ কৰিছিল।

১১। কোন চনত ইংলেণ্ডত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৮২৫ চনত ইংলেণ্ডত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল।

১২। কোন দুখন ঠাইৰ মাজত, কেতিয়া প্ৰথম ৰেল চলিছিল?

উত্তৰঃ ১৮২৫ খ্ৰীঃত পোনপ্ৰথমবাৰৰ বাবে ষ্টকটন আৰু ডালিংটনৰ মাজত ৰেল চলিছিল।

১৩। কেতিয়া আৰু কোনে ইংলেণ্ডৰ প্ৰথমটো খাল খান্দিছিল?

উত্তৰঃ জেমছ ব্ৰিন্দলীয়ে ১৭৬১ খ্ৰীঃত ৱৰ্চাল নামৰ ঠাইত ইংলেণ্ডৰ প্ৰথমটো খাল খান্দিছিল।

১৪। পুৰণি দুৰ্নীতি বুলিলে কি বুজা?

উত্তৰঃ ইংলেণ্ডৰ প্ৰতিবাদকাৰীসকলে এই দুটা শব্দ প্ৰয়োগেৰে ৰজা আৰু সংসদৰ কিছুমান বিশেষ অধিকাৰৰ বিৰুদ্ধে কটাক্ষ কৰিছিল।

১৫। শিল্প উদ্যোগ গঢ়ি উঠাৰ ফলত জন্ম লাভ কৰা দুটা অৰ্থনৈতিক ব্যৱস্থাৰ নাম উল্লেখ কৰা।

উত্তৰঃ শিল্প উদ্যোগ গঢ়ি উঠাৰ ফলত জন্ম লাভ কৰা দুটা অৰ্থনৈতিক ব্যৱস্থাৰ নাম হ’ল- ঔপনিৱেশিকতাবাদ আৰু ধনতন্ত্ৰবাদ।

১৬। খালজ্বৰ কি?

উত্তৰঃ জাহাজৰ জৰিয়তে সামগ্ৰী কঢ়িয়াই নিয়াৰ কাৰণে প্ৰথমে ইংলেণ্ডত খাল বা কেনেল খন্দাৰ ব্যৱস্থা কৰা হৈছিল। ১৭৯০-১৮১০ চনৰ ভিতৰত হোৱা এনে প্ৰচেষ্টাকে খালজ্বৰ বুলি কোৱা হয়।

১৭। ইংলণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পৰ্যায় কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ ইংলণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পৰ্যায় ১৮৩০ চনৰ পৰা আৰম্ভ হয়।

১৮। যন্ত্ৰচালিত তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ যন্ত্ৰচালিত তাঁতশাল ১৮৭৫ খ্ৰীঃত কাৰ্টৰাইটে আৱিষ্কাৰ কৰিছিল।

১৯। মিউল নামৰ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ মিউল নামৰ যন্ত্ৰটো ছামুৱেল ক্ৰমটাউনে আৱিষ্কাৰ কৰিছিল।

২০। বাণিজ্য পথ হিচাপে “চুৱেজখাল” কোন চনত মুকলি কৰা হয়?

উত্তৰঃ ১৮৬৯ খ্ৰীঃত মুকলি কৰা হয়।

২১। ১৮০০ চনত জাহাজত কিমানজন নাৱিকে কাম কৰিছিল?

উত্তৰঃ ১৮০০ চনত জাহাজত ১ লাখ নাৱিকে কাম কৰিছিল।

২২। বেংক অৱ ইংলেণ্ড কেতিয়া স্থাপিত কৰা হৈছিল?

উত্তৰঃ বেংক অৱ ইংলেণ্ড ১৬৯৪ চনত স্থাপিত কৰা হৈছিল।

২৩। ১৮৪০ চনত বৃটিছ ভাপ ইঞ্জিনবোৰে কিমান অশ্বশত্তি উৎপাদন কৰিছিল?

উত্তৰঃ ১৮৪০ চনত বৃটিছ ভাপ ইঞ্জিনবোৰে ৭০% অশ্বশত্তি উৎপাদন কৰিছিল।

২৪। ১৭৬০ চনৰ পৰা ১৭৯০ চনৰ ভিতৰত কিমানটা নতুন প্ৰকল্প নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ ১৭৬০ চনৰ পৰা ১৭৯০ চনৰ ভিতৰত ২৫ টা নতুন প্ৰকল্প নিৰ্মাণ কৰা হৈছিল।

২৫। প্ৰথম ভাপত চলা ৰেল ইঞ্জিনখনৰ নাম কি?

উত্তৰঃ প্ৰথম ভাপত চলা ৰেল ইঞ্জিনখনৰ নাম হ’ল- ‘ষ্টিফেন্চনৰ ৰকেট’।

২৬। ‘ষ্টিফেন্চন ৰকেট’ কেতিয়া নিৰ্মিত কৰা হৈছিল?

উত্তৰঃ ‘ষ্টিফেন্চন ৰকেট’ ১৮১৪ চনত নিৰ্মিত কৰা হৈছিল।

২৭। ইংলেণ্ডত ‘Bank of England’ কোন চনত প্ৰতিষ্ঠা হয়?

উত্তৰঃ ইংলেণ্ডত ‘Bank of England’ ১৬৯৪ খ্ৰীঃত প্ৰতিষ্ঠা হয়।

২৮। ঊনৈশ শতিকাত গঢ়ি উঠা ইউৰোপৰ চহৰ সমূহৰ ভিতৰত কোনখন চহৰ ডাঙৰ আছিল?

উত্তৰঃ ইউৰোপৰ চহৰ সমূহৰ ভিতৰত লণ্ডন চহৰখন সবাতোকৈ ডাঙৰ।

২৯। কেতিয়া কোনে টেলিফোন আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ১৮৭৬ চনত আলেকজেণ্ডাৰ গ্ৰাহামবেলে টেলিফোন আৱিষ্কাৰ কৰিছিল।

৩০। বেলজিয়াম আৰু জাৰ্মানীত কেতিয়া শিল্প বিপ্লৱ সংঘটিত হৈছিল?

উত্তৰঃ বেলজিয়াম আৰু জাৰ্মানীত ১৮৩০ খ্ৰীঃত আৰু ১৮৫০ খ্ৰীঃত শিল্প বিপ্লৱ সংঘটিত হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top