Class 11 History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ

Class 11 History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 9 আধুনিকীকৰণৰ দিশে ঔদ্যোগিক বিপ্লৱ Notes for All Subject, You can practice these here.

Chapter – 9

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। ‘প্ৰথম ঔদ্যোগিক বিপ্লৱ’ বুলিলে কি বুজা?

উত্তৰঃ ১৭৮০ আৰু ১৮৫০ চনৰ দশকৰ সময়ছোৱা বৃটেইনৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত যি ৰূপান্তৰ ঘটালে তাকে ‘প্ৰথম ঔদ্যোগিক বিপ্লৱ’ বুলি কোৱা হয়।

২। কৃষি বিপ্লৱ কাক বোলে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৮ শতিকাত ইংলণ্ডৰ অৰ্থনীতি এক বৃহত্তৰ পৰিৱৰ্তনৰ মাজেদি আগবাঢ়িছিল। পিছত ইয়াক কৃষি বিপ্লৱ বুলি কোৱা হয়।

৩। ইংলেণ্ডত প্ৰথমে কোনটো উদ্যোগত শিল্প বিপ্লৱ আৰম্ভ হৈছিল?

উত্তৰঃ ইংলেণ্ডত প্ৰথমে হস্ততাঁত বা বস্ত্ৰ উদ্যোগত শিল্প বিপ্লৱ আৰম্ভ হৈছিল।

৪। ওঠৰ শতিকাত ইংলেণ্ডৰ কোনকেইটা উদ্যোগে বিশেষ প্ৰসাৰ লাভ কৰিছিল?

উত্তৰঃ ওঠৰ শতিকাত ইংলেণ্ডৰ লো উদ্যোগ, কপাহী আৰু বয়ন উদ্যোগ আৰু বাষ্পীয় উদ্যোগসমূহে বিশেষ প্ৰসাৰ লাভ কৰিছিল।

৫। লো উদ্যোগ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ লো উদ্যোগ আব্ৰাহাম ডার্বিয়ে প্ৰতিষ্ঠা কৰিছিল।

৬। ভাতী উদ্যোগ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ভাতী উদ্যোগ আব্ৰাহাম ডার্বিয়ে (১৬৭৭-১৭১৭) চনত নিৰ্মাণ কৰিছিল।

৭। বাষ্প ইঞ্জিনৰ পিতৃ-পুৰুষ বুলি কোনজন ব্যক্তিক কোৱা হয়?

উত্তৰঃ জৰ্জ ষ্টিফেনছনক বাষ্প ইঞ্জিনৰ পিতৃ-পুৰুষ বুলি কোৱা হয়।

৮। উৰণীয়া মাকোৰ তাঁতশাল কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ উৰণীয়া মাকোৰ তাঁতশাল জন কে (১৭০৪-৬৪) চনত নিৰ্মাণ কৰিছিল।

৯। উদ্যোগ বুলিলে কি বুজা?

উত্তৰঃ যি বিলাক উদ্যোগক শক্তিশালী মেচিনৰ দ্বাৰা নিয়ন্ত্ৰণ বা চলোৱা হৈছিল তাকে উদ্যোগ বুলি কোৱা হয়।

১০। কোনে আৰু কেতিয়া ইংলেণ্ডৰ ছেভেন নৈৰ ওপৰত বিশ্বৰ প্ৰথমখন দলং নিৰ্মাণ কৰিছিল?

উত্তৰঃ তৃতীয়জন আব্ৰাহাম ডার্বিয়ে (১৭৫০-৯১) চনত ছেভেন নৈৰ ওপৰত বিশ্বৰ প্ৰথমখন দলং নিৰ্মাণ কৰিছিল।

১১। কোন চনত ইংলেণ্ডত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৮২৫ চনত ইংলেণ্ডত প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল।

১২। কোন দুখন ঠাইৰ মাজত, কেতিয়া প্ৰথম ৰেল চলিছিল?

উত্তৰঃ ১৮২৫ খ্ৰীঃত পোনপ্ৰথমবাৰৰ বাবে ষ্টকটন আৰু ডালিংটনৰ মাজত ৰেল চলিছিল।

১৩। কেতিয়া আৰু কোনে ইংলেণ্ডৰ প্ৰথমটো খাল খান্দিছিল?

উত্তৰঃ জেমছ ব্ৰিন্দলীয়ে ১৭৬১ খ্ৰীঃত ৱৰ্চাল নামৰ ঠাইত ইংলেণ্ডৰ প্ৰথমটো খাল খান্দিছিল।

১৪। পুৰণি দুৰ্নীতি বুলিলে কি বুজা?

উত্তৰঃ ইংলেণ্ডৰ প্ৰতিবাদকাৰীসকলে এই দুটা শব্দ প্ৰয়োগেৰে ৰজা আৰু সংসদৰ কিছুমান বিশেষ অধিকাৰৰ বিৰুদ্ধে কটাক্ষ কৰিছিল।

১৫। শিল্প উদ্যোগ গঢ়ি উঠাৰ ফলত জন্ম লাভ কৰা দুটা অৰ্থনৈতিক ব্যৱস্থাৰ নাম উল্লেখ কৰা।

উত্তৰঃ শিল্প উদ্যোগ গঢ়ি উঠাৰ ফলত জন্ম লাভ কৰা দুটা অৰ্থনৈতিক ব্যৱস্থাৰ নাম হ’ল- ঔপনিৱেশিকতাবাদ আৰু ধনতন্ত্ৰবাদ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top