Class 11 Economics Important Chapter 8 তথ্য সংগ্ৰহ

Class 11 Economics Important Chapter 8 তথ্য সংগ্ৰহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 8 তথ্য সংগ্ৰহ Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.

Class 11 Economics Important Chapter 8 তথ্য সংগ্ৰহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 8

অৰ্থনীতিৰ বাবে পৰিসংখ্যা
IMPORTANT QUESTION AND ANSWER

১। খাদ্য শস্যৰ উৎপাদনৰ পৰিৱৰ্তনবোৰক কি বুলি কোৱা হয়?

উত্তৰঃ খাদ্য শস্যৰ উৎপাদনৰ পৰিৱৰ্তনবোৰক চলক বুলি কোৱা হয়।

২। কোনো প্রতিনিধিয়ে সংগ্ৰহ আৰু প্ৰণালীকৃত কৰে, তাক কি বুলি কোৱা হয়?

উত্তৰঃ কোনো প্রতিনিধিয়ে সংগ্ৰহ আৰু প্ৰণালীকৃত কৰে, তাক গৌণ তথ্য বুলি কোৱা হয়।

৩। তথ্য কি?

উত্তৰঃ তথ্য হ’ল এটা আহিলা যিয়ে খবৰৰ যোগান ধৰি সমস্যাবোৰক বুজি পোৱাত সহায় কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। খাদ্যশস্যৰ উৎপাদনৰ পৰিৱৰ্তন জানিবলৈ ভাৰতবৰ্ষত খাদ্যশস্য উৎপাদনৰ ওপৰত কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ খাদ্যশস্যৰ উৎপাদনৰ পৰিৱর্তন জানিবলৈ পৰিসংখ্যাত্মক তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ প্ৰয়োজন হয়।

৫। তথ্য সংগ্রহৰ মৌলিক উপায় কেইটা?

উত্তৰঃ তথ্য সংগ্রহৰ মৌলিক উপায় চাৰিটা।

৬। পিয়ল বা সম্পূর্ণ গণনা কাক বোলে?

উত্তৰঃ যি সমীক্ষাত এটা সমষ্টিৰ প্ৰত্যেকটো উপাদানকে অন্তর্ভুক্ত কৰা হয় তাকে পিয়ল বা সম্পূর্ণ গণনা পদ্ধতি বোলে।

৭। NSSO-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ NSSO-ৰ সম্পূৰ্ণ ৰূপ হ’ল- National Sample Survey Organisation.

৮। ভাৰত চৰকাৰে আৰ্থ-সামাজিক বিষয়ৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষা চলাবলৈ কি প্রতিষ্ঠা কৰিছিল।

উত্তৰঃ ভাৰত চৰকাৰে আৰ্থ-সামাজিক বিষয়ৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষা চলাবলৈ NSSO প্রতিষ্ঠা কৰিছিল।

৯। সাধাৰণতে চলকবোৰক কি বৰ্ণৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়?

উত্তৰঃ সাধাৰণতে চলকবোৰক x, y, z বৰ্ণৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।

১০। নলবাৰী জিলাৰ কিমান শতাংশ কৃষি বনুৱা?

উত্তৰঃ নলবাৰী জিলাৰ দহ শতাংশ কৃষি বনুৱা।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। নমুনা বা প্রতিচয়ন আৰু পিয়ল পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ নমুনা বা প্রতিচয়ন পদ্ধতিত, সমগ্ৰ সমষ্টিৰ সৰু অংশ এটাক বাচি লৈ তাৰ ভিত্তিত সমষ্টিটোৰ বিষয়ে অধ্যয়ন কৰা হয়। নমুনা হৈছে এনে এখন অংশ যিটোৱে সমষ্টিটোৰ বৈশিষ্ট্য প্ৰতিফলিত কৰে আৰু তাৰ সহায়ত সমষ্টিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উদাহৰণস্বৰূপে: কোনো পাত্রত থকা চাউলৰ গুণমান জানিবলৈ এ মুঠি চাউল পৰীক্ষা কৰা।

আনহাতে, পিয়ল বা সম্পূর্ণ গণনা পদ্ধতিত, সমষ্টিৰ প্ৰতিটো উপাদান বা গোটক গণনা কৰা হয়। এই পদ্ধতিত কোনো উপাদান বাদ দিয়া নহয়, আৰু ই অধিক সময়সাপেক্ষ আৰু ব্যয়সাধ্য হয়, কিন্তু ফলাফল অধিক সঠিক হয়।

উদাহৰণস্বৰূপে: ভাৰত চৰকাৰে প্রতি ১০ বছৰত কৰা মূৰে-মূৰে জনগণনা, যাক লোকপিয়ন বোলা হয়।

২। তথ্য কিয় গুৰুত্বপূর্ণ? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ তথ্য যিকোনো দেশ, সমাজ বা প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান। তথ্যৰ দ্বাৰা আমি বাস্তৱ পৰিস্থিতি সম্পৰ্কে অৱগত হ’ব পাৰো আৰু সেই অনুসৰি যথোপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো। উদাহৰণস্বৰূপে, যদি কোনো অঞ্চলৰ খাদ্যশস্য উৎপাদনৰ তথ্য সংগ্ৰহ কৰা হয়, আৰু সময়ৰ লগে লগে উৎপাদনত হোৱা বৃদ্ধি বা হ্ৰাস সহজে ধৰিব পাৰি।  “যদি উৎপাদন হ্ৰাস পায়, তেন্তে মাটিৰ গুণৰ অবনতি, বেয়া বতৰৰ প্ৰভাৱ, শস্যৰ অভাৱ বা আন কোনো সমস্যাৰ বাবে—এই সকলো দিশ বিচাৰি উপযুক্ত পদক্ষেপ ল’ব পাৰি।” তথ্যৰ সহায়ত কেৱল কৃষি নহয়, স্বাস্থ্য, শিক্ষা, পৰিবহন, শিল্প-ব্যৱসায়ৰ ক্ষেত্ৰতো বস্তুনিষ্ঠভাৱে উন্নয়নমূলক নীতি লোৱা হয়। সেয়ে তথ্য সমাজৰ উন্নয়ন আৰু গৱেষণাৰ আধাৰ হিচাপে অতি গুৰুত্বপূর্ণ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top