Class 11 Economics Important Chapter 7 পাতনি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 7 পাতনি Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.
Class 11 Economics Important Chapter 7 পাতনি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.
পাতনি
Chapter: 7
| অৰ্থনীতিৰ বাবে পৰিসংখ্যা |
| IMPORTANT QUESTION AND ANSWER |
১। অৰ্থনীতি বিজ্ঞান কিহৰ অধ্যয়ন?
উত্তৰঃ অৰ্থনীতি বিজ্ঞান হৈছে মানুহে দৈনন্দিন জীৱনত সম্পদ ব্যৱহাৰ কৰি কিদৰে অভাৱ পূৰণ কৰে তাৰ অধ্যয়ন।
২। অৰ্থনীতিত “নাটনি” বুলিলে কি বুজা যায়?
উত্তৰঃ অৰ্থনীতিত “নাটনি” বুলিলে তেনে অৱস্থাক বুজোৱা হয় য’ত সীমিত সম্পদৰে মানুহৰ অসীম চাহিদা পূৰণ সম্ভৱ নহয়। প্ৰকৃততে, মানুহৰ চাহিদা সদায় বৃদ্ধি পায়, কিন্তু সেই চাহিদা পূৰণৰ বাবে উপলব্ধ সম্পদ, যেনে- ভূমি, শ্রম, পুঁজি আৰু উদ্যোগ সীমিত।
৩। এজন ব্যক্তিক কেতিয়া ‘উপভোক্তা’ বুলি কোৱা হয়?
উত্তৰঃ যেতিয়া এজন ব্যক্তি নিজৰ প্ৰয়োজন পূৰণৰ বাবে সামগ্ৰী ক্ৰয় কৰে, তেতিয়া তেওঁক উপভোক্তা বুলি কোৱা হয়।
৪। উৎপাদক কাক বোলে?
উত্তৰঃ যিজনে সামগ্ৰী বা সেৱা উৎপাদন কৰে, তেওঁক উৎপাদক বুলি কোৱা হয়।
৫। উৎপাদনৰ অধ্যয়নৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ উৎপাদনৰ অধ্যয়নে উৎপাদকক লাভজনকভাৱে উৎপাদন কৰিবলৈ সহায় কৰে। উৎপাদকজনে বজাৰৰ চাহিদা, উপলব্ধ সম্পদ আৰু খৰচৰ ভিত্তিত কোন সামগ্ৰী কিমান পৰিমাণত উৎপাদন কৰিব সেয়া নিৰ্ধাৰণ কৰে। সঠিক সিদ্ধান্ত লোৱাৰ বাবে উৎপাদনৰ অধ্যয়ন প্ৰয়োজনীয়।
৭। তথ্যৰ প্ৰকাৰ কেইটা?
উত্তৰঃ তথ্যৰ প্ৰকাৰ তিনিটা।
৮। পৰিসংখ্যা বিজ্ঞানভিত্তিক সিদ্ধান্ত গ্ৰহণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ পৰিসংখ্যা বিজ্ঞানভিত্তিক সিদ্ধান্ত গ্ৰহণৰ এটা উদাহৰণ হ’ল-
(i) জনসংখ্যা বৃদ্ধিৰ হাৰত ভিত্তি কৰি পৰিয়াল পৰিকল্পনা নীতি প্ৰণয়ন কৰা।
৯। পৰিসংখ্যা বিজ্ঞানে কি কৰে?
উত্তৰঃ অর্থনীতিবিদৰ বাবে পৰিসংখ্যাবিজ্ঞান হ’ল এক অপৰিহাৰ্য অস্ত্র যিয়ে তেওঁক অর্থনৈতিক সমস্যা উপলব্ধি কৰাত সহায় কৰে।
১০। GDP-ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰঃ GDP-ৰ সম্পূৰ্ণ ৰূপ হ’ল- Gross Domestic product.
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। পৰিসংখ্যা বিজ্ঞান মানে কি?
উত্তৰঃ পৰিসংখ্যা বিজ্ঞান হৈছে এক বৈজ্ঞানিক পদ্ধতি যাৰ জৰিয়তে তথ্য সংগ্ৰহ, পৰিমাপ, বিশ্লেষণ, ব্যাখ্যা আৰু উপস্থাপন কৰা হয়। ই বিভিন্ন পৰিঘটনা বা সমস্যাৰ ওপৰত যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে। এই বিজ্ঞানৰ মূল উদ্দেশ্য হৈছে বিভিন্ন তথ্য আৰু সংখ্যাত্মক তথ্যসমূহক বিশ্লেষণ কৰি তাৰে ভিত্তিত কোনো সিদ্ধান্ত বা অনুমানলৈ উপনীত হোৱা।
পৰিসংখ্যা বিজ্ঞান দুটা ভাগত বিভক্ত—
(i) বর্ণনামূলক পৰিসংখ্যা (Descriptive Statistics): বর্ণনামূলক পৰিসংখ্যাৰ সহায়ত সংগৃহীত তথ্যসমূহৰ গড়, মধ্যম, প্ৰবণতা ইত্যাদি নিৰ্ণয় কৰা হয়।
(ii) নিৰ্ণায়ক পৰিসংখ্যা (Inferential Statistics): নিৰ্ণায়ক পৰিসংখ্যাৰ সহায়ত কোনো জনসংখ্যাৰ বিষয়ে নমুনাৰ ভিত্তিত অনুমান কৰা হয়।
পৰিসংখ্যা বিজ্ঞান আজিৰ যুগত বহুতো ক্ষেত্ৰত ব্যৱহৃত হৈছে— যেনে অৰ্থনীতি, চিকিৎসা, শিক্ষা, জীৱবিজ্ঞান, ব্যৱসায়, ৰাজনীতি আদি। উদাহৰণস্বৰূপে, কোনো ৰাজনৈতিক নিৰ্বাচনৰ আগতে জনমত যাচাই কৰা, কোনো ঔষধৰ ফলাফল পৰীক্ষা কৰা, বা শিক্ষাৰ মান বিশ্লেষণ কৰাটো পৰিসংখ্যা বিজ্ঞানৰ সহায়তেই সম্ভৱ হয়।
২। অর্থনীতি পৰিসংখ্যা বিজ্ঞানৰ গুৰুত্বসমূহ লিখা।
উত্তৰঃ অর্থনীতি পৰিসংখ্যা বিজ্ঞানৰ গুৰুত্বসমূহ হ’ল―
(i) ৰাষ্ট্র এখনৰ উন্নয়নৰ হাৰ আৰু গতি বিশ্লেষন কৰিবলৈ বিভিন্ন তথ্যপাতিৰ প্রয়োজন হয়।
(ii) পৰিসংখ্যা বিজ্ঞানৰ সহায়ত অর্থনীতিৰ সমস্যাসমূহ চিত্রৰ সহায়ত আকর্ষনীয় ৰূপত উপস্থাপন কৰিব পাৰি।
(iii) অসংখ্য তথ্যসমূহক পৰিসংখ্যক সুত্রৰ সহায়ত সংক্ষিপ্ত ৰূপত প্রকাশ কৰিব পাৰে।
(iv) বিভিন্ন অর্থনৈতিক গোট বা চলক আৰু পষিঘটনা সমূহৰ মাজত সম্পর্ক অধ্যয়ন কৰাত পৰিসংখ্যা বিজ্ঞানে সহায় কৰিব পাৰে।
(v) অর্থনৈতিক পৰিকল্পনা পৰিসংখ্যা পৰিকল্পনা বিভিন্ন আচনিসমূহৰ ৰূপায়ণৰ পৰিসংখ্যা বিজ্ঞান প্রয়োজন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


