Class 11 Economics Important Chapter 6 অ-প্রতিযোগিতামূলক বজাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 6 অ-প্রতিযোগিতামূলক বজাৰ Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.
Class 11 Economics Important Chapter 6 অ-প্রতিযোগিতামূলক বজাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.
অ-প্রতিযোগিতামূলক বজাৰ
Chapter: 6
| ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় |
| IMPORTANT QUESTION AND ANSWER |
১। একচেটীয়া বজাৰত কিমানজন বিক্ৰেতা থাকে?
উত্তৰঃ একচেটীয়া বজাৰত কেৱল এজন বিক্ৰেতা থাকে।
২। একচেটিয়া বজাৰ কি?
উত্তৰঃ একচেটিয়া বজাৰ হ’ল এনে এক বজাৰ ব্যৱস্থা য’ত বিক্রেতা এজন কিন্তু ক্রেতাৰ সংখ্যা বৃিহৎ আকাৰৰ আৰু উৎপাদিত সামগ্রীত কোনো ঘনিষ্ট বিকল্প নাথাকে।
৩। একচেটিয়া বজাৰৰ এটা বৈশিষ্ট লিখা।
উত্তৰঃ একচেটিয়া বজাৰৰ এটা বৈশিষ্ট হ’ল-
(i) একচেটিয়া বজাৰত কেৱল এজনে বিক্রেতা থাকে।
৪। একচেটীয়া বজাৰত গড় বিক্ৰী আয় (AR) ৰেখা কেতিয়া নিম্নমুখী হৈ পৰে?
উত্তৰঃ একচেটীয়া বজাৰত যেতিয়া প্ৰান্তিক বিক্ৰী আয় (MR) গড় বিক্ৰী আয় (AR) অপেক্ষা কম থাকে, তেতিয়া গড় বিক্ৰী আয় ৰেখা নিম্নমুখী হয়।
৫। একচেটীয়া বজাৰত চাহিদা ৰেখাৰ আকৃতি কিদৰে থাকে?
উত্তৰঃ একচেটীয়া বজাৰত চাহিদা ৰেখাৰ আকৃতি গড় বিক্ৰী আয়ৰ ৰেখাৰ সমান থাকে।
৬। একচেটীয়া বজাৰত মুঠ বিক্ৰী আয় ৰেখাৰ আকৃতি কিদৰে থাকে?
উত্তৰঃ গড় বিক্ৰী আয় ৰেখাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।
৭। একচেটীয়া বজাৰত চাহিদা ৰেখা স্থিতিস্থাপক হয় কেতিয়া?
উত্তৰঃ যেতিয়া প্ৰান্তিক বিক্ৰী আয়ৰ মান যোগাত্মক হয়।
৮। একচেটীয়া বজাৰত গড় বিক্ৰী আয় ৰেখা কেনে থাকে?
উত্তৰঃ একচেটীয়া বজাৰত গড় বিক্ৰী আয় ৰেখা নিম্নমুখী থাকে।
৯। একচেটীয়া বজাৰত মুঠ বিক্ৰী আয় ৰেখাৰ আকৃতি কেনে হয়?
উত্তৰঃ মুঠ বিক্ৰী আয় ৰেখাৰ আকৃতি গড় বিক্ৰী আয় ৰেখাৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।
১০। একচেটীয়া বজাৰত প্ৰান্তিক বিক্ৰী আয় ঋণাত্মক হ’লে চাহিদা ৰেখাৰ স্থিতিস্থাপকতাৰ মান কেনে হয়?
উত্তৰঃ যেতিয়া একচেটীয়া বজাৰত প্ৰান্তিক বিক্ৰী আয় (MR) ঋণাত্মক হয়, তেতিয়া চাহিদাৰ মূল্য-স্থিতিস্থাপকতাৰ মান ১তকৈ কম হয়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। “পূৰ্ণ প্রতিযোগিতাত দাম কেনেকৈ হ্ৰাস পায় আৰু তাৰ ফলত উৎপাদন আৰু লাভত কি প্ৰভাৱ পৰে? উপযুক্ত উদাহৰণৰে বাখ্যা কৰা।”
উত্তৰঃ পূৰ্ণ প্রতিযোগিতামূলক বজাৰত অসংখ্য প্ৰতিষ্ঠান থাকে যিসকলে একে ধৰণৰ সামগ্ৰী উৎপাদন আৰু বিক্ৰি কৰে। এই প্ৰতিষ্ঠানসমূহ দাম নিয়ন্ত্ৰণ নকৰে, বৰঞ্চ বজাৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি দাম গঠিত হয়। যদি কোনো এজন বিক্ৰেতাই অধিক লাভৰ আশাৰে উচ্চ দাম ল’ব খোজে, তেন্তে আন বিক্ৰেতাসকলে কম দামত বিক্ৰী কৰি তেওঁক প্ৰতিযোগিতাৰ পৰা আঁতৰাই দিয়ে।
উদাহৰণস্বৰূপে, যদি এজন কুঁৱাৰ মালিকে প্রতিগোট পানীৰ দাম ৫ টকা ৰাখে আৰু লাভৰ লক্ষ্য ৰাখে, তেন্তে আন কুঁৱাৰ মালিকে দাম ৪ টকা ৰাখিব। ফলত, ভোক্তাসকলে কম দামৰ কুঁৱাৰ পৰা পানী কিনিব। তাৰ পিছত আন এজন বিক্ৰেতাই আকৌ দাম ৩ টকালৈ নমাই অধিক বিক্ৰী কৰিবলৈ চেষ্টা কৰিব। এইদৰে দাম কমি কমি যোৱা অৱস্থাত এক সময়ত এনে অৱস্থা আহে, যেতিয়া প্ৰতিষ্ঠানসমূহে কেৱল নিজৰ গড় ব্যয় পূৰণ কৰিব পাৰে কিন্তু লাভ পাব নোৱাৰে।
এই অৱস্থাত উৎপাদন হয় যদিও লাভ শূন্য হৈ পৰে। কিন্তু ভোক্তাসকলে কম দামত অধিক পৰিমাণ সামগ্ৰী পায়। সেয়ে, পূৰ্ণ প্রতিযোগিতাত দাম কম হয়, উৎপাদন বৃদ্ধি পায় আৰু লাভ শূন্য হৈ পৰে। এই ব্যৱস্থাই ভোক্তাসকলৰ মঙ্গল সাধন কৰে আৰু সমগ্ৰ সমাজৰ মুঠ মঙ্গল (social welfare) বঢ়ায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


