Class 11 Economics Important Chapter 5 বজাৰ ভাৰসাম্য

Class 11 Economics Important Chapter 5 বজাৰ ভাৰসাম্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 5 বজাৰ ভাৰসাম্য Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.

Class 11 Economics Important Chapter 5 বজাৰ ভাৰসাম্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 5

ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়
IMPORTANT QUESTION AND ANSWER

১। পূৰ্ণ প্রতিযোগিতামূলক বজাৰত ভাৰসাম্য কেতিয়া লাভ হয়?

উত্তৰঃ যেতিয়া বজাৰ চাহিদা আৰু যোগান সমান হয়।

২। ভাৰসাম্য দাম আৰু পৰিমাণ কোন ৰেখাৰ কটাকটি বিন্দুত নিৰ্ধাৰিত হয়?

উত্তৰঃ চাহিদা (DD) আৰু যোগান (SS) ৰেখাৰ কটাকটি বিন্দুত।

২। এটা উৎপাদন প্ৰতিষ্ঠানে কিমান পৰ্যন্ত শ্ৰম নিয়োগ কৰে?

উত্তৰঃ যেতিয়ালৈকে শ্ৰমৰ প্রান্তিক আয়মূল্য (Marginal Value Product of Labour) মজুৰিৰ হাৰৰ সমান নহয়, তেতিয়ালৈকে প্ৰতিষ্ঠানে শ্ৰম নিয়োগ কৰি থাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হ’লে ভাৰসাম্য দামত কি হয়?

উত্তৰঃ চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হ’লে ভাৰসাম্য দাম বৃদ্ধি পায়।

৪। যোগান ৰেখা সোঁফালে স্থানান্তৰিত হ’লে ভাৰসাম্য দামত কি হয়?

উত্তৰঃ যোগান ৰেখা সোঁফালে স্থানান্তৰিত হ’লে ভাৰসাম্য দাম হ্ৰাস পায়।

৫। চাহিদা আৰু যোগান ৰেখা যদি একে দিশত স্থানান্তৰিত হয়, তেন্তে কাক অধিক প্ৰভাৱ কৰে?

উত্তৰঃ চাহিদা আৰু যোগান ৰেখা যদি একে দিশত স্থানান্তৰিত হয়, তেন্তে ভাৰসাম্য পৰিমাণৰ ওপৰত অধিক প্ৰভাৱ কৰে।

৬। চাহিদা আৰু যোগান ৰেখা বিপৰীত দিশত স্থানান্তৰিত হ’লে কাক অধিক প্ৰভাৱ কৰে?

উত্তৰঃ চাহিদা আৰু যোগান ৰেখা বিপৰীত দিশত স্থানান্তৰিত হ’লে ভাৰসাম্য দামৰ ওপৰত অধিক প্ৰভাৱ কৰে।

৭। ভাৰসাম্য দামৰ তলত দামৰ সীমা আৰোপ কৰিলে কি সৃষ্টি হয়?

উত্তৰঃ ভাৰসাম্য দামৰ তলত দামৰ সীমা আৰোপ কৰিলে অতিৰিক্ত চাহিদা সৃষ্টি হয়।

৮। ভাৰসাম্য দামৰ ওপৰত দামৰ সীমা আৰোপ কৰিলে কি সৃষ্টি হয়?

উত্তৰঃ ভাৰসাম্য দামৰ ওপৰত দামৰ সীমা আৰোপ কৰিলে অতিৰিক্ত যোগান সৃষ্টি হয়।

৯। সদৃশ প্ৰতিষ্ঠান থকা বজাৰত ভাৰসাম্য দাম কি হ’ব?

উত্তৰঃ সদৃশ প্ৰতিষ্ঠান থকা বজাৰত ভাৰসাম্য দাম প্ৰতিষ্ঠানৰ নিম্নতম গড় ব্যয়ৰ সমান হ’ব।

১০। ভাৰসাম্য দামৰ তলত দামৰ উচ্চতম সীমা আৰোপ কৰাৰ ফলত কি হয়?

উত্তৰঃ ভাৰসাম্য দামৰ তলত দামৰ উচ্চতম সীমা আৰোপ কৰাৰ ফলত অতিৰিক্ত চাহিদাৰ উদ্ভৱ হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। বজাৰ ভাৰসাম্য কি? বুজাই লিখা।

উত্তৰঃ‌ বজাৰ ভাৰসাম্য হৈছে তেনে এটা অৱস্থা, য’ত বজাৰত বিক্ৰী কৰিবলৈ দিয়া সামগ্ৰীৰ পৰিমাণ (যোগান) আৰু কিনিবলৈ ইচ্ছা কৰা সামগ্ৰীৰ পৰিমাণ (চাহিদা) একে হয়। এই অৱস্থাত প্ৰতিষ্ঠান আৰু উপভোক্তা উভয় পক্ষই সন্তুষ্ট থাকে। ভাৰসাম্য অৱস্থাত যি দামে সামগ্ৰী বিক্ৰী হয়, তাক ভাৰসাম্য দাম (Equilibrium Price) আৰু যিমান পৰিমাণ সামগ্ৰী বিক্ৰী হয় তাক ভাৰসাম্য পৰিমাণ (Equilibrium Quantity) বোলে। এই অৱস্থাত বজাৰ যোগান আৰু চাহিদা সম্পূৰ্ণ ৰূপে সমান থাকে। ধৰি লওক, এটা চিত্রত DD ৰেখাই চাহিদা আৰু SS ৰেখাই যোগান বুজাইছে। এই দুয়ো ৰেখা য’ত কটাকটি কৰে, সেই বিন্দুতে (p,q) বজাৰ ভাৰসাম্য গঠিত হয়। যদি বজাৰৰ দাম pতকৈ বেছি হয় (যেনে p₂), তেতিয়া যোগান অধিক হ’ব আৰু চাহিদা কম হ’ব —এই অৱস্থালৈ কোৱা হয় অতিৰিক্ত যোগান (Excess Supply)। তেন্তে, প্ৰতিষ্ঠানে দাম কমাবলৈ বাধ্য হয় আৰু দাম হ্ৰাস পায়। আনহাতে, যদি দাম pতকৈ কম হয় (যেনে p₁), তেতিয়া চাহিদা অধিক হ’ব আৰু যোগান কম হ’ব —এই অৱস্থালৈ কোৱা হয় অতিৰিক্ত চাহিদা (Excess Demand)। এই ক্ষেত্ৰত দাম বাঢ়ে। এনে পৰিস্থিতিত বজাৰ নিজৰ শক্তিৰে দাম পৰিৱৰ্তন কৰি p ভাৰসাম্যত উপনীত হয়। সেয়া হৈছে বজাৰ স্বাভাৱিক ভাৰসাম্য গঠনৰ এক প্ৰক্ৰিয়া, যি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দেখা যায়। এইদৰে, ভাৰসাম্য হ’ল বজাৰৰ এনে এক অৱস্থা, য’ত চাহিদা আৰু যোগান সমান হৈ থাকে আৰু কোনো অতিৰিক্ততা নাথাকে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top