Class 11 Economics Important Chapter 4 পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব

Class 11 Economics Important Chapter 4 পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 4 পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.

Class 11 Economics Important Chapter 4 পূর্ণ প্রতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠানৰ তত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 4

ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়
IMPORTANT QUESTION AND ANSWER

১। পূর্ণ প্রতিয়োগিতাৰ বজাৰ মানে কি?

উত্তৰঃ পূর্ণ প্রতিয়োগিতাৰ বজাৰ হ’ল এনে এক বজাৰ ব্যৱস্থা য’ত বৃহৎ সংখ্যক বিক্রেতায়ে বৃহৎ সংখ্যক ক্রেতাকে সমগুণ সম্পন্ন সামগ্রী বিক্রী কৰে।

২। পূৰ্ণ প্রতিযোগিতামূলক বজাৰত, ব্যৱসায় প্রতিষ্ঠানসমূহ কি ৰূপে কাম কৰে?

উত্তৰঃ পূৰ্ণ প্রতিযোগিতামূলক বজাৰত, ব্যৱসায় প্রতিষ্ঠানসমূহ দাম গ্ৰহণ কৰোতা হিচাপে ৰূপে কাম কৰে।

৩। এক দাম গ্ৰহণ কৰোতা প্ৰতিষ্ঠানৰ গড় বিক্ৰী আয় কাৰ সমান?

উত্তৰঃ এক দাম গ্ৰহণ কৰোতা প্ৰতিষ্ঠানৰ গড় বিক্ৰী আয় বজাৰ দামৰ সমান।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। দাম গ্ৰহণ কৰোতা প্ৰতিষ্ঠানৰ প্ৰান্তিক বিক্ৰী আয় কাৰ সমান হয়?

উত্তৰঃ দাম গ্ৰহণ কৰোতা প্ৰতিষ্ঠানৰ প্ৰান্তিক বিক্ৰী আয় বজাৰ দামৰ সমান।

৫। পূৰ্ণ প্রতিযোগিতামূলক বজাৰত ব্যৱসায় প্ৰতিষ্ঠানটোৱে সম্মুখীন হোৱা চাহিদা ৰেখাৰ ৰূপ কেনেকুৱা?

উত্তৰঃ আনুভূমিক সৰল ৰেখা (সম্পূর্ণ স্থিতিস্থাপক)।

৬। এক প্ৰতিষ্ঠানৰ লাভ কিদৰে গণনা কৰা হয়?

উত্তৰঃ মুঠ বিক্ৰী আয় – মুঠ ব্যয়।

৭। হ্রস্বকালত লাভসর্বোচ্চ উৎপাদনৰ এটা চৰ্ত কি?

উত্তৰঃ হ্রস্বকালত লাভসর্বোচ্চ উৎপাদনৰ এটা চৰ্ত হ’ল p = SMC।

৮। দীর্ঘকালত লাভসর্বোচ্চ উৎপাদনৰ এটা চৰ্ত কি?

উত্তৰঃ দীর্ঘকালত লাভসর্বোচ্চ উৎপাদনৰ এটা চৰ্ত হ’ল p = LRMC।

৯। হ্রস্বকালত প্ৰতিষ্ঠানৰ যোগান ৰেখা ক’ৰ পৰা আৰম্ভ হয়?

উত্তৰঃ নিম্নতম AVC ৰ পৰা ওপৰলৈ থকা SMC ৰেখাৰ অংশ।

১০। সামগ্ৰীটোৰ যোগানৰ দাম স্থিতিস্থাপকতা কি?

উত্তৰঃ বজাৰ দামৰ ১% পৰিৱৰ্তনত যোগানৰ শতাংশ পৰিৱৰ্তন।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। পূর্ণ প্রতিযোগিতা কাক বোলে? সংজ্ঞাসূচক বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ পূৰ্ণ প্রতিযোগিতা (Perfect Competition) বুলিলে তেনে এখন বজাৰ পৰিৱেশক, য’ত বহুতো ক্রেতা আৰু বিক্রেতা থাকে, আৰু সকলো বিক্রেতাই একে ধৰণৰ অপৃথকীকৃত (homogeneous) সামগ্ৰী বিক্ৰী কৰে। এই ধৰণৰ বজাৰত কোনো এক বিক্রেতাই নিজৰ ইচ্ছামতে মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে, অৰ্থাৎ সকলো বিক্রেতাই হৈছে দাম গ্ৰহণ কৰোতা (price taker)।

পূৰ্ণ প্রতিযোগিতাৰ সংজ্ঞাসূচক বৈশিষ্ট্যসমূহ হ’ল-

(i) বহুতো ক্রেতা আৰু বিক্রেতা থাকে: বজাৰখনত ইমান সংখ্যক বিক্ৰেতা আৰু ক্রেতা থাকে যে কোনো এটা বিক্ৰেতাই সামগ্ৰীৰ মুঠ যোগান বা মূল্যত প্ৰভাৱ পেলাব নোৱাৰে।

(ii) অপৃথকীকৃত সামগ্ৰী (Homogeneous Product): বজাৰখনৰ সকলো বিক্ৰেতাই একে গুণসম্পন্ন সামগ্ৰী বিক্ৰী কৰে। ক্ৰেতাই বিক্ৰেতাৰ ভেদ নকৰে।

(iii) দাম গ্ৰহণ কৰোতা (Price Taker): বিক্ৰেতা আৰু ক্ৰেতা উভয়েই বজাৰত প্ৰচলিত মূল্য গ্ৰহণ কৰে। কোনো বিক্ৰেতাই নিজৰ খুচৰাকৈ মূল্য স্থিৰ কৰিব নোৱাৰে।

(iv) বজাৰত প্ৰৱেশ আৰু বাহিৰ হোৱাৰ স্বাধীনতা: নতুন বিক্ৰেতা সহজে বজাৰত প্ৰৱেশ কৰিব পাৰে আৰু যিকোনো সময়ত বাহিৰ হ’ব পাৰে।

(v) পূৰ্ণ তথ্যৰ প্ৰাপ্যতা (Perfect Knowledge): বজাৰত থকা সকলো অংশগ্ৰহণকাৰীৰ বজাৰৰ অৱস্থা, মূল্য আৰু সামগ্ৰীৰ গুণসম্পর্কে সমান জ্ঞান থাকে।

(vi) স্থানীয় বা ভৌগোলিক ব্যতিক্ৰম নাই: বজাৰখনত স্থানভেদে মূল্য বা সামগ্ৰীৰ কোনো ভিন্নতা নাথাকে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top