Class 11 Economics Important Chapter 3 উৎপাদন আৰু ব্যয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 3 উৎপাদন আৰু ব্যয় Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.
Class 11 Economics Important Chapter 3 উৎপাদন আৰু ব্যয়
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.
উৎপাদন আৰু ব্যয়
Chapter: 3
| ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় |
| IMPORTANT QUESTION AND ANSWER |
১। উৎপাদন ফলন কাক বুজায়?
উত্তৰঃ উৎপাদন ফলন উপাদানৰ বিভিন্ন জোঁটৰ পৰা উৎপাদন কৰিব পৰা উৎপন্নৰ সৰ্বাধিক পৰিমাণ বুজায়।
২। হ্রস্বকালত উপাদানবোৰৰ কি অৱস্থা থাকে?
উত্তৰঃ হ্রস্বকালত কিছুমান উপাদান স্থিৰ থাকে, অৰ্থাৎ সিহঁত পৰিৱৰ্তন কৰিব নোৱাৰি।
৩। দীর্ঘকালৰ বৈশিষ্ট্য কি?
উত্তৰঃ দীর্ঘকালত সকলো উপাদান পৰিৱৰ্তন কৰিব পাৰি।
৪। মুঠ উৎপাদন কোন ক্ষেত্ৰত পৰিমাপক হয়?
উত্তৰঃ এটা পৰিৱৰ্তনশীল উপাদান আৰু উৎপাদনৰ মাজৰ সম্পৰ্কত, আন সকলো উপাদান স্থিৰ থাকোতে।
৫। গড় উৎপাদন ৰেখাৰ সৰ্বোচ্চ বিন্দুত কি ঘটে?
উত্তৰঃ সেই বিন্দুত প্রান্তিক উৎপাদন ৰেখাই ওপৰৰ পৰা ছেদ কৰে।
৬। একেটা উৎপাদন পৰিমাণ লাভ কৰিবলৈ প্ৰতিষ্ঠানে উপাদানৰ কোন ধৰণৰ জোঁট বাছি লয়?
উত্তৰঃ একেটা উৎপাদন পৰিমাণ লাভ কৰিবলৈ প্ৰতিষ্ঠানে সেই উপাদানৰ জোঁট বাছি লয় যাৰ দ্বাৰা উৎপাদন খৰচ ন্যূনতম হয়, যাতে লাভ বেছি কৰা যায়।
৭। গড় ব্যয় কেনেদৰে গণনা কৰা হয়?
উত্তৰঃ গড় ব্যয় = গড় স্থিৰ ব্যয় + গড় পৰিৱৰ্তনশীল ব্যয়।
৮। গড় স্থিৰ ব্যয় ৰেখাৰ ঢাল কিদৰে হয়?
উত্তৰঃ গড় স্থিৰ ব্যয় ৰেখা নিম্নমুখী বা নিম্ন ঢালযুক্ত হয়।
৯। হ্রস্বকালীন গড় ব্যয় ৰেখাৰ আকাৰ কেনে হয়?
উত্তৰঃ ই U আকৃতিৰ হয়।
১০। হ্রস্বকালত মুঠ ব্যয় কিদৰে গঠন হয়?
উত্তৰঃ মুঠ ব্যয় = মুঠ স্থিৰ ব্যয় + মুঠ পৰিৱৰ্তনশীল ব্যয়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মুঠ উৎপাদান, প্রান্তীক উৎপাদন আৰু গড় উৎপাদান কাক বোলে?
উত্তৰঃ মুঠ উৎপাদান: অন্যান্য উপাদান সমুহ একে ৰাখি পৰিৱর্তশীল এটা নির্দিষ্ট একক ব্যৱহাৰ কৰি পূৱা উৎপাদনৰ পৰিমানট মুঠ উৎপাদন বোলে। মুঠ উৎপাদান হ’ল প্রান্তীক উৎপাদান সমূহৰ যোগাফল অথাৎ tp = EMP
প্রান্তীক উৎপাদন: পৰিৱর্তনশীল উপাদান এটাৰ এটা অতিৰিক্ত একক ব্যৱহাৰ কৰি লাভ কৰা অতিৰিক্ত উৎপাদানক প্রান্তীক উৎপাদান বোলো অর্থাৎ সেহতিয়া এক একক উপাদানৰ পৰা পোৱা উৎপাদানৰ পৰিমানক প্রান্তীক উৎপাদান বোলে।
Mp = TPn – Tpn – 1
গড় উৎপাদান (Average product): মুঠ উৎপাদানক উপাদানৰ পৰিমানে ভাগ কৰিলে গড় উৎপাদান অর্থাৎ AP= YP/L
২। হ্রস্বকাল আৰু দীর্ঘকাল বিষয়ে লিখা।
উত্তৰঃ হস্বকাল হৈছে এনে এক সময়ৰ অন্তৰাল যি সময় চোৱাত উৎপাদনৰ সকলো বিলাক উপাদান পৰিৱর্তন কৰিব নোৱাৰি। এই সময় চোৱাত কিছুমান উপাদানহে পৰিৱর্তন কৰিব পাৰি আৰু কিছুমান স্থিৰহিচাপে থাকে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

