Class 11 Economics Important Chapter 2 উপভোক্তাৰ আচৰণৰ তত্ত্ব

Class 11 Economics Important Chapter 2 উপভোক্তাৰ আচৰণৰ তত্ত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Economics Important Chapter 2 উপভোক্তাৰ আচৰণৰ তত্ত্ব Solutions in Assamese and select need one. Class 11 Economics Additional Solutions Assamese Medium Download PDF. HS 1st Year Economics Important Question Answer Assamese Medium.

Class 11 Economics Important Chapter 2 উপভোক্তাৰ আচৰণৰ তত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Economics Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Economics Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 2

ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয়
IMPORTANT QUESTION AND ANSWER

১। বাজেট সংহতি কি?

উত্তৰঃ বাজেট সংহতি হৈছে সমস্ত টোপোলাৰ এক সংগ্ৰহ, যিবিলাক উপভোক্তাজনে তেওঁৰ আয়ৰ সমান পৰিমাণৰ ব্যয়ে প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে। বাজেট ৰেখাডাল সেইসমূহ টোপোলাৰ দ্বাৰা গঠিত হয় যিবোৰৰ উপভোগৰ ব্যয় উপভোক্তাজনৰ আয়ৰ সমান থাকে।

২। বাজেট ৰেখাডালৰ ঢাল কিদৰে থাকে?

উত্তৰঃ বাজেট ৰেখাডাল ঋণাত্মক ঢালযুক্ত থাকে, অৰ্থাৎ, যদি একে পৰিমাণৰ আয়ৰ ভিতৰত দুইবিধ দ্রব্যৰ দৰ বা উপভোক্তাজনৰ আয় পৰিৱৰ্তিত হয়, তেন্তে বাজেট সংহতিৰ পৰিৱৰ্তন হ’ব।

৩। চাহিদা ৰেখাডাল কেনেকৈ গঠন কৰা হয়?

উত্তৰঃ চাহিদা ৰেখাডাল সাধাৰণতে নিম্নগামী ঢালযুক্ত থাকে। এই ৰেখা দেখুৱায় যে একে দৰ আৰু উপভোক্তাজনৰ আয় আৰু ৰুচি আৰু অগ্রাধিকাৰ অপৰিৱৰ্তিত অৱস্থাত, উপভোক্তা কেনেকৈ একে দ্ৰব্যৰ বিভিন্ন পৰিমাণৰ বাছনি কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। অপৰিৱৰ্তনীয় অগ্রাধিকাৰ কেনেকৈ উপস্থাপন কৰা হয়?

উত্তৰঃ অপৰিৱৰ্তনীয় অগ্রাধিকাৰবোৰ নিৰপেক্ষ মানচিত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয়। এই মানচিত্ৰই, উপভোক্তাজনৰ অগ্রাধিকাৰবোৰ দেখুওৱা হয়।

৫। চাহিদাৰ স্থিতিস্থাপকতা কি?

উত্তৰঃ চাহিদাৰ স্থিতিস্থাপকতা হৈছে চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্রব্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত। ই এক বিশুদ্ধ সংখ্যা হয়।

৬। স্বাভাৱিক আৰু নিকৃষ্ট দ্রব্যৰ চাহিদাৰ মাজত কি পাৰ্থক্য থাকে?

উত্তৰঃ স্বাভাৱিক দ্রব্যৰ চাহিদা উপভোক্তাজনৰ আয় বৃদ্ধিৰ লগত বাঢ়ে, আৰু নিকৃষ্ট দ্রব্যৰ চাহিদা উপভোক্তাজনৰ আয় বৃদ্ধি ঘটাৰ লগত কমি যায়।

৭। উপভোক্তাজনৰ কাম্য টোপোলা ক’ত অৱস্থিত থাকে?

উত্তৰঃ উপভোক্তাজনৰ কাম্য টোপোলা বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখাৰ স্পৰ্শ কৰা বিন্দুত অৱস্থিত থাকে।

৮। এক দ্ৰব্যৰ বজাৰ চাহিদা ৰেখা কেনেকৈ গঠন হয়?

উত্তৰঃ এক দ্ৰব্যৰ বজাৰ চাহিদা ৰেখা দ্রব্যৰ বিভিন্ন দৰত বজাৰত সকলো উপভোক্তাৰ সামূহিক চাহিদাৰ সংমিশ্ৰণৰ পৰা গঠিত হয়।

 ৯। চাহিদাৰ স্থিতিস্থাপকতা আৰু দ্রব্যটোত কৰা ব্যয়ৰ মাজত কি সম্পর্ক থাকে?

উত্তৰঃ চাহিদাৰ স্থিতিস্থাপকতা আৰু দ্রব্যটোত কৰা ব্যয়ৰ মাজত গভীৰ সম্পর্ক থাকে। সাধাৰণতে, যিমান বেছি স্থিতিস্থাপকতা থাকে, সিমান বেছি ব্যয়ৰ পৰিৱৰ্তন দেখা যায়।

১০। মুঠ উপযোগিতা কাক বোলে?

উত্তৰঃ এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্ৰব্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমাণৰ উপযোগিতা পায় তাক মুঠ উপযোগিতা বোলা হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ: 

১। উপভোক্তাৰ ভাৰসাম্য মানে কি?

উত্তৰঃ উপভোক্তাৰ ভাৰাসাম্য মানে হ’ল এনে এক অৱস্থা য’ত উপভোক্তা এজনে সর্বোচ্চ সন্তোষ্টি বা উপযোগিতা লাভ কৰে আৰু য’ৰ পৰা তেওঁ লৰচৰ কৰিব নিবিচাৰে।

আনকথাত উপভোক্তাৰ ভাৰাসাম্য এনে এক অৱস্থা য’ত উপভোক্তা জনে নিজৰ আয় বিভিন্ন দ্রব্য সামগ্রী ক্রয়ত এনেদৰে ব্যয় কৰে। যাৰ পৰা তেওঁ সর্বাধিক সন্তোষ্টি লাভ কৰে। উপভোক্তাৰ ভাৰাসাম্য চর্থটো হ’ল যে প্রান্তিক উপযোগিতা দৰ সমান হব লাগিব।

২। মুঠ উপযোগিতা আৰু প্রান্তিক উপযোগিতা মাজৰ সম্পৰ্ক?

উত্তৰঃ এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্ৰব্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমাণৰ উপযোগিতা পায় তাক মুঠ উপযোগিতা বোলা হয়।

আনহাতে এজন উপভোক্তাই এটা দ্ৰব্যৰ অতিৰিক্ত এটা গোট উপভোগ কৰি যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায় তাক প্রান্তিক উপযোগিতা বোলা হয়। অর্থাৎ প্রান্তিক উপযোগিতা হ’ল এটা দ্ৰব্যৰ প্ৰান্তিক গোটটো উপভোগ কৰি পোৱা উপযোগিতা।

তলত মুঠ উপযোগিতা আৰু প্রান্তিক উপযোগিতা মাজৰ সম্পৰ্ক উল্লেখ কৰা হ’ল-

(i) প্ৰথম একক বস্তু ব্যৱহাৰৰ সময়ত মুঠ উপযোগিতা আৰু প্রান্তিক উপযোগিতা সমান হয়।

(ii) যেতিয়ালৈকে প্রান্তিক উপযোগিতা ধনাত্মক থাকে, তেতিয়ালৈকে মুঠ উপযোগিতা বৃদ্ধি পায়।

(iii) যেতিয়া প্রান্তিক উপযোগিতা শূন্য হয়, তেতিয়া মুঠ উপযোগিতা সর্বাধিক হয়।

(iv) যেতিয়া প্রান্তিক উপযোগিতা ঋণাত্মক হয়, তেতিয়া মুঠ উপযোগিতা কমিবলৈ ধৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top