Class 11 Assamese MIL Important Chapter 15 ৰাজপথ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Assamese MIL Important Chapter 15 ৰাজপথ Solutions and select need one. Class 11 Assamese Additional Solutions Download PDF. HS 1st Year Assamese MIL Important Question Answer.
Class 11 Assamese MIL Important Chapter 15 ৰাজপথ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Assamese Important Solutions for All Chapters, You can practice these here.
ৰাজপথ
Chapter: 15
| গোট ৩: কবিতা |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। কবিয়ে কিহৰ কেন্দ্ৰ কৰি আধুনিক সভ্যতাৰ অৱক্ষয় দেখুৱাইছে?
উত্তৰঃ কবিয়ে ‘ৰাজপথ’ক কেন্দ্ৰ কৰি আধুনিক সভ্যতাৰ অৱক্ষয় দেখুৱাইছে।
২। ৰাজপথৰ বুকুৰ ওপৰেদি কি কি যানবাহন চকুত পৰে?
উত্তৰঃ ৰাজপথৰ বুকুৰ ওপৰেদি ট্রাম, বাছ, টেক্সি আৰু ৰিক্সা চকুত পৰে।
৩। নিশাৰ অন্ধকাৰত ৰাজপথটো কেনেকুৱা ঠাই হৈ উঠে?
উত্তৰঃ নিশাৰ অন্ধকাৰত ৰাজপথটো উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰৰ ঠাই হৈ উঠে।
৪। কেৰাণীসকলে শ্ৰমৰ পাছত কি কৰে?
উত্তৰঃ কেৰাণীসকলে অফিচৰ পৰা উভতি আহি বজাৰৰ আমোদ উপভোগ কৰে।
৫। ভদ্র নাৰীয়ে আন্ধাৰ ৰাতিত কি উদ্দেশ্যে ৰাজপথত বিচৰণ কৰে?
উত্তৰঃ ভদ্র নাৰীয়ে জীৱিকাৰ সন্ধানত ৰাজপথত বিচৰণ কৰে।
৬। ৰাজপথৰ বিপৰীতে কেনেকুৱা দৃশ্য দেখা যায়?
উত্তৰঃ ৰাজপথৰ বিপৰীতে ফুটপাথত ভিক্ষাৰ্থীৰ শূন্য পাত্ৰ লৈ শুই থকা সৰ্বহাৰাৰ দৃশ্য দেখা যায়।
৭। গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্রয় কি?
উত্তৰঃ গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্রয় হৈছে ‘ৰাজপথ’।
৮। ভৱানন্দ দত্ত ক’ত জন্মগ্ৰহণ কৰে?
উত্তৰঃ ভৱানন্দ দত্ত যোৰহাটত জন্মগ্ৰহণ কৰে।
৯। ভৱানন্দ দত্তে ক’ৰ পৰা এম.এ. ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ ভৱানন্দ দত্তে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লাভ কৰিছিল।
১০। ভৱানন্দ দত্তৰ উল্লেখযোগ্য গ্ৰন্থ এটাৰ নাম লেখ।
উত্তৰঃ ‘Philosophy and India’ হৈছে ভৱানন্দ দত্তৰ উল্লেখযোগ্য গ্ৰন্থ এটাৰ নাম।
খালী ঠাই পূৰণ কৰা:
১। ‘ৰাজপথ’ কবিতাটি প্ৰথমে ‘জয়ন্তী’ পত্রিকাত ___________ ছদ্মনামত প্ৰকাশ পাইছিল।
উত্তৰঃ নচিকেতা।
২। কবিতাটিত ট্রাম, বাছ, টেক্সি আৰু ___________ ৰাজপথৰ উদাৰ বুকুৰ ওপৰেৰে চলে।
উত্তৰঃ ৰিক্সা।
৩। ফুটপাথত শুই থকা গৃহহীনলোকক কবিয়ে “__________ কংকালৰ শাৰী” বুলি বৰ্ণনা কৰিছে।
উত্তৰঃ মৃতপ্ৰায়।
৪। “অর্গেনত ___________-সংগীত” শ্ৰৱণে দালানৰ ওপৰ তলাৰ বিলাসী সাংস্কৃতিক পৰিৱেশ প্ৰকাশ পায়।
উত্তৰঃ ৰবীন্দ্ৰ।
৫। কবিতাটিত “____________ আউটৰ অন্ধকাৰময় ৰাজপথ” শব্দবন্ধে যুদ্ধকালীন নগৰজীৱনৰ আতংক সূচায়।
উত্তৰঃ ব্লেক।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


