Class 11 Assamese MIL Important Chapter 1 ধনৰ ব্যৱহাৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Assamese MIL Important Chapter 1 ধনৰ ব্যৱহাৰ Solutions and select need one. Class 11 Assamese MIL Additional Solutions Download PDF. HS 1st Year Assamese MIL Important Question Answer.
Class 11 Assamese MIL Important Chapter 1 ধনৰ ব্যৱহাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Assamese Important Solutions for All Chapters, You can practice these here.
ধনৰ ব্যৱহাৰ
Chapter: 1
| গোট ১: গদ্য |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। লেখকে কোন বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে?
উত্তৰঃ লেখকে ধনৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
২। ধনে মানুহৰ জীৱনত কেনেদৰে সহায় কৰে?
উত্তৰঃ ধনে মানুহৰ সুখ-সুবিধাৰ আধাৰ হিচাপে কাম কৰে।
৩। কৃপণসকলে ধন কেনেকৈ ব্যৱহাৰ কৰে?
উত্তৰঃ কৃপণসকলে ধনৰ খৰচত অতিশয় সঙ্কোচ দেখুৱায়।
৪। কৃপণতাৰ ফলত কি ক্ষতি হয়?
উত্তৰঃ কৃপণতাৰ ফলত নিজৰ সুখ-সুবিধা আৰু পৰিয়ালৰ মনোবল ক্ষতিগ্ৰস্ত হয়।
৫। ধোঁৱাখুলীয়া লোকসকলে কেনেকৈ খৰচ কৰে?
উত্তৰঃ ধোঁৱাখুলীয়া লোকসকলে বিনা প্ৰয়োজনতে অবাধে খৰচ কৰে।
৬। ধনৰ সঠিক ব্যৱহাৰৰ মূলমন্ত্র কি?
উত্তৰঃ ধনৰ সঠিক ব্যৱহাৰৰ আয় অনুসৰি ব্যয় কৰা।
৭। আয়তকৈ বেছি খৰচ কৰিলে কি হয়?
উত্তৰঃ আয়তকৈ বেছি খৰচ দৰিদ্ৰতা আৰু ঋণৰ সংকট হয়।
৮। সমাজত ঋণক কেনেকৈ দেখা হয়?
উত্তৰঃ সমাজত ঋণক নিন্দাৰ দৃষ্টিৰে দেখা হয়।
৯। ঋণৰ ফলত কি হানি হয়?
উত্তৰঃ ঋণৰ ফলত মান-সম্মান হানি আৰু মানসিক চাপ বৃদ্ধি পায়।
১০। ধনৰ অবিবেচক ব্যৱহাৰে কি হ’ব পাৰে?
উত্তৰঃ ধনৰ অবিবেচক ব্যৱহাৰে মানুহক অসুবিধাত পেলাব পাৰে আৰু জীৱনৰ স্থিতি বিপন্ন কৰিব পাৰে।
খালী ঠাই পূৰণ কৰা:
১। সত্যনাথ বৰা গুৱাহাটীৰ ____________ জন্ম গ্ৰহণ কৰিছিল।
উত্তৰঃ সত্যনাথ বৰা গুৱাহাটীৰ ভৰলুমুখত জন্ম গ্ৰহণ কৰিছিল।
২। তেওঁ ___________ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষাত উত্তীর্ণ হৈছিল।
উত্তৰঃ তেওঁ ১৮৮৯ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষাত উত্তীর্ণ হৈছিল।
৩। তেওঁ গুৱাহাটীৰ _____________ অধ্যাপনা কৰিছিল।
উত্তৰঃ তেওঁ গুৱাহাটীৰ আৰ্ল-ল কলেজ আৰু কটন কলেজত অধ্যাপনা কৰিছিল।
৪। ধনৰ ব্যৱহাৰত দুটা ধৰণ থাকে সুখ-সম্পদৰ আহিলা-পাতি আৰু আনৰ __________ সাধন।
উত্তৰঃ ধনৰ ব্যৱহাৰত দুটা ধৰণ থাকে সুখ-সম্পদৰ আহিলা-পাতি আৰু আনৰ উপকাৰ সাধন।
৫। যি মানুহ ধনৰ কাৰ্য নকৰে তাক সাধাৰণতে ___________ বুলি কোৱা হয়।
উত্তৰঃ যি মানুহ ধনৰ কাৰ্য নকৰে তাক সাধাৰণতে নিধনী বুলি কোৱা হয়।
৬। কৃপণৰ ধন, ধন নহয়, সেয়া _____________ বুলিও কোৱা হৈছে।
উত্তৰঃ কৃপণৰ ধন, ধন নহয়, সেয়া ল’ৰাই ওমলা খোলাকটি বুলিও কোৱা হৈছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


