🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Assamese Chapter 15 বিষাদ যোগ Short Type Question Answer

Class 10 Assamese Chapter 15 বিষাদ যোগ Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select the one. SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ can be of great value to excel in the examination.

Class 10 Assamese Chapter 15 বিষাদ যোগ

Class 10 Assamese Chapter 15 বিষাদ যোগ Short Type Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 15 বিষাদ যোগ and select needs one.

বিষাদ যোগ

Group – B গদ্যাংশ

১। মহাৰথী কাক বোলে?

উত্তৰঃ যিজন যোদ্ধাই একেলগে দহ হাজাৰ ধানুকী অৰ্থাৎ ধনুৰ্দ্ধৰ বীৰ লৈ যুদ্ধ কৰে তেওঁকেই মহাৰথী বোলে।

২। কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা।

উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতি সকল হ’ল— গুৰু দ্রোণ, ভীষ্ম, কৰ্ণ, কৃপাচার্য, অশ্বত্থমা, বিকর্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।

৩। সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোত্‍সৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল।

৪। আততায়ী কাক বোলে?

উত্তৰঃ আততায়ী মানে শত্রু। যিজনে ঘৰত জুই দি, বিহ দি, ধন, ভাৰ্যা হৰণ কৰে আৰু আনক প্ৰাণে মাৰিবলৈ ইচ্ছা কৰে তেওঁকেই আততায়ী বোলে।

৫। কুলক্ষয় দোষ কি?

উত্তৰঃ যি দোষে কুল ক্ষয় বা ধ্বংস কৰে সেয়ে কুলক্ষয় দোষ।

৬। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা।

নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধৱ।

উত্তৰঃ নিপুন – পাৰ্গত।

সমীপ – কাষত, ওচৰত।

বিস্তৰ – বিসদ, বহুত।

সহস্ৰ – হাজাৰ।

সদৃশ – সাদৃশ্য, মিল।

বাদ্য – বাজনা।

কৰ-চৰণ – হাত-ভৰি।

চর্ম – ছাল।

শ্রুতি – শ্লোক।

বিমংগল – মংগলহীন, বিপদ।

বান্ধৱ – সখি, বন্ধু।

৭। তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ লিখা।

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।

উত্তৰঃ হুয়া – হৈ।

কহা – কোৱা।

চক্ষু – চকু।

কৰিলা – কৰিলে।

চাঞো – চাওঁ।

মঞি – মই।

বুলিলা – কবলৈ ধৰিলে।

খাস – আচল, প্রকৃত।

ফুঙ্কিলা – ফুৱালে।

বাইলা – বজালে।

ৰহিবে – থাকিব।

ৰহো – থাকো।

অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্ন ১। পাণ্ডৱ সেনাৰ কেইজনমান মহাৰথীৰ নাম উল্লেখ কৰা। 

উত্তৰ:- সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ, যুধামন্যু, দ্রৌপদীৰ পাঁচ পুত্ৰ এইকল পাণ্ডৱসেনাৰ মহাৰথী আছিল।

প্রশ্ন ২। কৌৰৱ সেনাৰ বিশিষ্ট সেনাপতি কেইজনমানৰ নাম উল্লেখ কৰা। 

উত্তৰ:- গুৰু দ্রোণ, পিতামহ ভীষ্ম, মহাৰথী কর্ণ, কৃপাচার্য, অশ্বত্থামা, বিকর্ণ, সোমদত্ত পুত্র ভূৰিশ্রৱা আদি কৌৰৱ সেনাৰ বিশিষ্ট সেনাপতি আছিল।

প্রশ্ন ৩। শ্ৰীকৃষ্ণ আৰু পাণ্ডৱসকলৰ কাৰ শঙ্খৰ কি নাম আছিল লিখা।

উত্তৰ:- 

শ্ৰীকৃষ্ণপাঞ্চজন্য।
অর্জুনদেৱদত্ত।
ভীমপৌণ্ড্রক।
যুধিষ্ঠিৰঅনন্ত।
নকুলসুঘোষ
সহদেৱমণিপুষ্পক।

প্রশ্ন ৪। কপিধ্বজ কোন? তেওঁৰ কিয় এই নাম হৈছে লিখা।

উত্তৰ:- কপিধ্বজ হৈছে অৰ্জুনৰ এটা নাম। কপি মানে বান্দৰ আৰু ধ্বজ মানে পতাকা। অর্জুনৰ পতাকাত বান্দৰৰ ছবি অঁকা আছিল। সেই কাৰণে তেওঁক কপিধ্বজ বোলা হয়।

প্রশ্ন ৫। পাঠটিত ব্যৱহাৰ কৰা শ্ৰীকৃষ্ণক বুজোৱা শব্দবোৰ লিখা। 

উত্তৰ:- পাঠটিত থকা শ্ৰীকৃষ্ণক বুজোৱা শব্দবোৰ ক্ৰমে — হৃষীকেশ, ভগৱন্ত, অচ্যুত, গোবিন্দ, জনার্দন, মাধৱ ।

প্রশ্ন ৬। ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখা। 

উত্তৰ। ভট্টদেৱৰ সম্পূর্ণ নাম – কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top