Class 10 Assamese Chapter 13 কানাইৰ – চাতুৰী Short Type Question Answer

Class 10 Assamese Chapter 13 কানাইৰ – চাতুৰী Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter 13 কানাইৰ – চাতুৰী can be of great value to excel in the examination.

Class 10 Assamese Chapter 13 কানাইৰ – চাতুৰী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Class 10 Assamese Chapter 13 কানাইৰ – চাতুৰী Short Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 13 কানাইৰ – চাতুৰী and select needs one.

কানাইৰ – চাতুৰী

Group – B পদ্যাংশ

১। কৃষ্ণক টোপনিৰপৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।

২। কৃষ্ণই কিমান দিন টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰঃ কৃষ্ণই চাৰি-পাঁচদিন টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।

৩। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

৪। কপিল মুনিৰ মাতৃ কোন আছিল?

উত্তৰঃ কপিল মুনিৰ মাতৃ দেৱহুতি।

৫। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

৬। তলত দিয়া শব্দবোৰৰ অধুনিক ৰূপ লিখা।

(ক) আসি।

(খ) খেড়ি।

(গ) পুহাইল।

(ঘ) নুজুৰাই।

(ঙ) হন্তে।

(চ) বিগুটিয়া।

উত্তৰঃ (ক) আসি — আহি।

(খ) খেড়ি – খেলা।

(গ) পুহাইল – পুৱাল।

(ঘ) নুজুৰাই – জুৰ নপৰে।

(ঙ) হস্তে – পৰা।

(চ) বিগুটিয়া – ঠাট্টা কৰা।

১১। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিবৰ্তন কৰা।

(ক) সুন্দৰী।

(খ) মাতৃ।

(গ) মামা।

উত্তৰঃ (ক) সুন্দৰী – সুন্দৰ।

(খ) মাতৃ – পিতৃ।

(গ) মামা – মামী।

১২। বিপৰীত শব্দ লিখা।

(ক) বিশ্বাস।

(খ) দোষ।

(গ) আনন্দ।

(ঘ) অপমান।

(ঙ) অমৃত।

উত্তৰঃ (ক) বিশ্বাস – অবিশ্বাস।

(খ) দোষ – গুন।

(গ) আনন্দ – নিৰানন্দ।

(ঘ) অপমান – মান।

(ঙ) অমৃত – গৰল/বিহ।

অতিৰিক্ত প্রশ্নৰ উত্তৰ

প্রশ্ন ১। ভকত বৎসল কৃপাময় দেৱ হৰি কোন? তেওঁ কিয় দেৰিকৈ শুই আছিল?

উত্তৰ:- শিশু কৃষ্ণ বা কানাই হৈছে ভগত বৎসল কৃপাময় দেৱ হৰি। তেওঁ যশোদা মাতৃৰ ওপৰত কৃত্রিম অভিমান কৰি, চাতুৰি কৰি দেৰিকৈ শুই আছিল। 

প্রশ্ন ২। যশোদা মাতৃয়ে শ্রীকৃষ্ণক টোপনিৰ পৰা কিয় জগাইছিল?

উত্তৰ:- গোপ শিশুসকলে খেলিবলৈ আহি কৃষ্ণক জগাই দিবলৈ কোৱাত ৰাতিপুৱা দেৰিলৈ শুই থকা কৃষ্ণক যশোদা মাতৃয়ে জগাইছিল।

প্রশ্ন ৩। ৰাতি পুৱাতে গোপ শিশুসকল কৃষ্ণক বিচাৰি কিয় আহিছিল? 

উত্তৰ:- খেলিবৰ বাবে গোপ শিশুসকল ৰাতিপুৱাতে কৃষ্ণক বিচাৰি আহিছিল।

প্রশ্ন ৪। টোপনিৰ পৰা জগোৱাত কৃষ্ণই যশোদা মাতৃক কি উত্তৰ দিছিল? 

উত্তৰ:- টোপনিৰ পৰা জগোৱাত কৃত্রিম অভিমান দেখুৱাই কৃষ্ণই যশোদা মাতৃক উত্তৰ দিছিল যে ভাত-পানী নাখাই, গৰু নচৰাই কৃষ্ণ চাৰি-পাঁচ দিনলৈ শুৱেই থাকিব।

প্রশ্ন ৫। শ্ৰীকৃষ্ণই নিজ ৰূপেৰে কি কৰা বুলি যশোদা মাতৃক শুনাইছে? 

উত্তৰ:- নিজ ৰূপেৰে শ্ৰীকৃষ্ণই লীলাৰে অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি কৰি সমস্ত জগতকে আত্মাৰূপে প্রতিপাল কৰি থকা বুলি যশোদা মাতৃক শুনাইছে। 

প্রশ্ন ৬। নাৰায়ণ ৰূপে শ্রীকৃষ্ণই কি কৰিছিল?

উত্তৰ:- শ্ৰীকৃষ্ণই নাৰায়ণৰূপে অনন্ত শয্যাত পানীত শয়ন কৰি নাভিপদ্মৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কৰি তিনিও ভুৱন সৃষ্টি কৰিছিল।

প্রশ্ন ৭। অসুৰৰ ভয়ত ভয়াৰ্ত্ত দেৱতাসকলক শ্ৰীকৃষ্ণ‍ই কি ৰূপে দেখা দিছিল?

উত্তৰ:- অসুৰৰ ভয়ত ভয়াৰ্ত্ত দেৱতাসকলক শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপে দেখা দিছিল।

প্রশ্ন ৮। কপিল স্বৰূপে কৃষ্ণই কাৰ ঘৰত অৱতাৰ লৈছিল? সেই অৱতাৰত তেওঁ কি কৰিছিল?

উত্তৰ:- কৃষ্ণ‍ই কপিল স্বৰূপে কৰ্দমৰ ঘৰত অৱতাৰ লৈছিল। সেই অৱতাৰত তেওঁ তত্ত্ব বিচাৰ কৰি দেৱহুতি মাতৃক তাৰণ বা ৰক্ষা কৰিছিল। 

প্রশ্ন ৯। মহেশ কোন? তেওঁ কাক বাটতে পাই কি কৰিছিল?

উত্তৰ:- মহেশ হৈছে জটাধৰ শিৱ। শ্ৰীকৃষ্ণই ভৰিৰ নখেৰে কঠিন আভৰণ ফুটাই পৱিত্র গঙ্গাক মৰ্ত্যলৈ নমাই অনাত শিৱই বাটতে পাই সেই জলধাৰা শিৰৰ জটাৰে ধৰি বোৱাই আনিছিল।

প্রশ্ন ১০। কৃষ্ণই মাতৃ যশোদাৰ ধনত কিয় জুই লাগিব বুলি কৈছে? 

উত্তৰ:- ৰাজৰাণী হৈয়ো মাত্র ছয়ৰতি সোণ খৰচ কৰি কৃষ্ণক বাঁহী এটা গঢ়াই নিদি কৃপনালি কৰি পেৰা-পেটাৰিত সুমাই ৰখা আৰু গাঁতত পুতি ৰখা ধনত জুই লাগিব বুলি শিশু কৃষ্ণই আক্ষেপ আৰু অভিমান কৰি যশোদা মাতৃক কৈছে। 

প্রশ্ন ১১। যশোদা মাতৃয়ে সেইবাৰলৈ তেওঁৰ দোষ ক্ষমা কৰিবলৈ অনুৰোধ কৰাত কৃষ্ণ‍ই কি কৰিলে?

উত্তৰ:- যশোদা মাতৃয়ে সেইবাৰলৈ তেওঁৰ দোষ ক্ষমা কৰি, আগলৈ কিবা দোষ কৰিলে গালি পাৰিব বুলি কৃষ্ণক কাতৰ অনুৰোধ কৰাত কৃষ্ণই মনত বৰ সন্তোষ পালে আৰু একে জাপে গৈ মাকৰ কোলাত উঠি স্তন্য পান কৰিবলৈ ধৰিলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top