Class 10 Assamese Chapter 11 অৰণ্যযাত্ৰা Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter 11 অৰণ্যযাত্ৰা can be of great value to excel in the examination.
Class 10 Assamese Chapter 11 অৰণ্যযাত্ৰা
Class 10 Assamese MCQ Chapter 11 অৰণ্যযাত্ৰা Short Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 11 অৰণ্যযাত্ৰা and select needs one.
অৰণ্যযাত্ৰা
Group – A গদ্যাংশ
১। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?
উত্তৰঃ পল নৱম শ্ৰেণী আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।
৩। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
উত্তৰঃ বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধুলি মচা, ঘৰ সৰা, নিজৰ কাপোৰ-কাণি জাপি থোৱা আদি কামবোৰ ছোৱালীৰ বুলি পলে পাহিক কৈছিল।
৪। লর্ড কার্জন কোন?
উত্তৰঃ লর্ড কার্জন বৃটিছ ভাইচৰয় আছিল।
৫। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপীৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডী কার্জনক গড় দেখুৱাইছিল।
৬। বাক্য ৰচনা কৰা।
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উত্তৰঃ ককাই- ভনী: ককাই-ভনী দুয়োটাই নিজৰ ব্যৱহাৰৰ বাবে সকলোৰে আদৰ পায়।
টুলুং-ভুটুং: পানীৰ মাজত নাওখন টুলুং-ভুটুং কৰাত আটাইকেইটা ল’ৰাই ভয়ত চিঞৰিবলৈ ধৰিলে।
চিঞৰ-বাখৰ: ল’ৰা-ছোৱালীবোৰৰ চিঞৰ- বাখৰত কাৰো মাত কোনেও নুশুনা হ’ল।
মানুহ-দুনুহ: সৌ হাবিতলীয়া পথটোৰে মানুহ-দুনুহ বৰকৈ নাযায়।
তিতি-বুৰি: পাচলি বজাৰ কৰি থাকোঁতেই বৰষুণজাক অহাত ৰমেশ তিতি-বুৰি জুৰুলি-জুপুৰি হল।
১২। মূৰ্দ্ধণ্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা:
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বত পূর্ণ
উত্তৰঃ অৰণ্য: ‘ৰ’- ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ থকাৰ বাবে পিছত ‘ণ’ হৈছে।
অৰ্পণ: ‘ৰ’ – ৰ পিছত ব্যৱধায়ক হিচাপে প আৰু
স্বৰবৰ্ণ ‘অ’ থকাৰ বাবে পিছত ‘ণ’ হৈছে।
কণ্ঠ: ‘ঠ’ – ৰ লগত যুক্ত হোৱা বাবে ‘ণ’ হৈছে।
ওৰণি: ‘ৰ’ – ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ ‘অ’ থকাৰ বাবে পিছত ‘ণ’ হৈছে।
পোৰণি: ‘ৰ’ – ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ ‘অ’ থকাৰ বাবে পিছত ‘ণ’ হৈছে।
আড়ম্বৰপূৰ্ণ: ‘ৰ’ – ৰ ঠিক পিছতে ‘ণ’ হয়।
অতিৰিক্ত প্রশ্নোত্তৰ

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


