Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Short Type Question Answer

Class 10 Assamese VSA Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই can be of great value to excel in the examination.

Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Short Type Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই and select needs one.

ধৰ ঝাড়ু ধৰ ভাই

Group – B পদ্যাংশ

১। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰঃ ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

২। সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ সময়ৰ তৰপে তৰপে গোট খাই থকা জাবৰ- জোঁথৰ, মলি, ভেৰণি অর্থাৎ সময়ে সময়ে বান্ধি ৰখা পৰাধীনতাৰ কালিমাৰে সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে।

৩। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

৪। কৰিয়ে চাই থাকোঁতে মূখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰঃ কবিয়ে চাই, থাকোঁতে কাজল-ছাই অর্থাৎ পৰাধীনতাৰ কলঙ্ক, কালিমাৰে মুখ ভৰি পৰিল বুলি কৈছে।

৫৷ তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা।

(ক) হীনে-ঘিনে।

(খ) ধাৰে-ঋণে।

(গ) ঘৃণা-ঘৃণি।

(ঘ) জাহি – জাবৰ।

(ঙ) সাৰি-পুছি।

(চ) মলি-মামৰ।

উত্তৰঃ (ক) হীনে-ঘিনে: ভাৰতীয়সকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি হীনে-ঘিনে পৰৰ গোলামি কৰিছিল।

(খ) ধাৰে-ঋণে: ধাৰে-ঋণে হ’লেও ল’ৰা-ছোৱালীক পঢ়ুৱাই শুনাই পিতৃ-মাতৃৰ কৰ্তব্য পালন কৰিব লাগে।

(গ) ঘৃণা-ঘৃণি: পৰস্পৰৰ মাজত ঘৃণা-ঘৃণি কৰাতকৈ একতাৰ দোলেৰে বান্ধ খাই থাকিলে জীৱনত উন্নতি কৰিব পাৰি।

(ঘ) জাহি-জাবৰ: পৰস্পৰৰ মাজত থকা ঘৃণা-ঘৃণি, হিংসা-বিদ্বেষ, স্বাৰ্থপৰতা এইবোৰ আচলতে মনৰ মাজত থকা জাহি-জাবৰ।

(ঙ)সাৰি-পুছি: পৰস্পৰৰ মাজত থকা হিংসা-বিদ্বেষ, ঘৃণা-ঘৃণি ইত্যাদি জাহি-জাবৰবোৰ সাৰিপত্ৰি মনটো চিকুণাই থ’ব লাগে।

(চ) মলি-মামৰ: পৰস্পৰৰ মাজত থকা হিংসা-বিদ্বেষ, ঘৃণা-ঘৃণি স্বাৰ্থপৰতা এইবোৰ আচলতে মলি-মামৰৰ দ’ম।

৬। তলৰ শব্দবোৰত মূর্ধণ্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা।

(ক) সোণ।

(খ) ঘৃণা।

(গ) ঋণ।

উত্তৰঃ (ক) সোণ: ‘সোণ’ শব্দটো সংস্কৃত ‘সুৱৰ্ণ’ শব্দৰ অসমীয়া তদ্ভৱ ৰূপ। ণত্ব বিধিৰ নিয়ম অনুসৰি মূল শব্দত মূর্ধণ্য ‘ণ’ থকা তদ্ভৱ শব্দত ঋ বা ৰ নাথাকিলেও মূর্ধণ্য ‘ণ’ হয়।

(খ) ঘৃণা: ‘ঋ’, ‘ৰ’ আৰু ‘ষ’ ৰ পিছত থকা দন্ত্য ন মূর্ধণ্য ণ হয়। ‘ঘৃণা’ শব্দত ‘ঋ’ ৰ পিছত থকা দন্ত্য ন মূর্ধণ্য ণ হৈছে। এয়া ণত্ব বিধিৰ নিয়ম।

(গ) ঋণ: ণত্ব বিধির নিয়ম অনুসৰি ঋ, ৰ আৰু ষ – ৰ পিছত থকা দান মূর্ধণ্য হয়। ‘ঋণ’ শব্দত ঋ ৰ পিছত থকা দন্ত্যন সেইবাবে মূর্ধণ্য ণত পৰিণত হৈছে।

২৭। বিপৰীতশব্দ লিখা:

ক) ঘূর্ণা।

(খ) স্মার্থ।

(গ) জীৱন।

(ঘ) বীৰ।

উত্তৰঃ (ক) ঘৃণা – শ্রদ্ধা, ভক্তি।

(খ) স্বার্থ – নিশ্বাৰ্থ, পৰাৰ্থ।

(গ) জীৱন – মৰণ।

(ঘ) বীৰ – কাপুৰুষ।

৮। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত জন্ম হয়?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ১৮৮৫ চনত বৰপেটাত জন্ম হয়।

৯। অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল? 

উত্তৰঃ কৃষ্ণৰাম ৰায়চৌধুৰী।

১০। অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ দেৱকী দেৱী।

১১। অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত মৃত্যু হয়?

উত্তৰঃ ১৯৬৭ চনত।

১২। কিমান চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল?

উত্তৰঃ ১৯৬৭ চনত৷

১৩৷ ‘ধৰ ঝাড়ু ঘৰ ভাই কবিতাটো কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰা বাবে বৃটিছে অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্রম কাৰাদণ্ড বিহিছিল। জেলত থাকোঁতে তেওঁক পায়খানা চাফা কৰা কাম দিয়া হৈছিল। ঝাড়ু হাতত লৈ এই কাম কৰা সময়ত কবিয়ে কবিতাটো ৰচনা কৰিছিল।

১৪। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিমান চনত আৰু ক’ত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল?

উত্তৰঃ ১৯৫০ চনত অসম সাহিত্য সভাৰ মাৰ্ঘেৰিট। অধিবেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top